সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( অষ্টম খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, June 26, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( অষ্টম খণ্ড ) : Assamese Storyboard

Assamese Storyboard

 

গ্লাছৰ দুৱাৰখন খুলি হোটেলখনৰ ভিতৰলৈ সোমাই গ'ল ভৈৰৱ আৰু ৰাজীৱ । মেনেজাৰৰ লগত কথা পাতি তিনি নং কেবিনটো দুঘণ্টাৰ বাবে বুক কৰি ললে ভৈৰৱে ( Assamese Storyboard )। বেগৰ পৰা বেলুন কেইটা উলিয়াই ফুলাই ঘূৰণীয়া টেবুলখন ধুনীয়াকৈ সজাই তুলিলে ৰাজীৱে । বেগৰ পৰা কে'ক দুটা উলিয়াই টেবুলখনৰ মাজতে থলে ৰাজীৱে ।ৰঙা নীলা সৰু সৰু মম কেইডাল কেকটোৰ চাৰিওফালে জ্বলাই দিলে ভৈৰৱে । happy birthday to you ...., লাহে লাহে হাটচাপৰি বজাই গালে ৰাজীৱে । সৰু মমকেইডাল ফু- মাৰি নুমোৱাই প্ৰথম কেকটো কাটিলে ভৈৰৱে। চুৰিখনেৰে কেক পিচ লাহেকৈ কাটি অকণমান ৰাজীৱৰ মুখত লগাই দিলে আৰু ৰাজীৱেও ভৈৰৱৰ হাতৰ পৰা কেকপিচ লৈ ভৈৰৱৰ মুখত লগাই দিলে । 


: ভৈৰৱ দা , তোমাৰ ফ্রেণ্ড দুজন নাহিল যে...? 


: আহিল, বাহিৰতে ৰৈ আছে ।


: কিয়...?


: প্রথম কেকটো তোমাক মোক কাটিবলৈ কৈছে । সিহঁত আহিব এতিয়া । তুমি কেকটো পিচ কৰি দিয়া । মই কফি অৰ্ডাৰ দি থৈ আহোঁ । 


: ঠিক আছে ভৈৰৱ দা । 


         ভৈৰৱ ওলাই যোৱাৰ পাছতেই কেবিনৰ পৰ্দাখন দাঙি ওখ শকত পাহুৱাল ল'ৰা তিনিজন সোমাই আহিল । অচিনাকি মুখ কেইখন দেখি ৰাজীৱে অলপ অস্বস্তিবোধ কৰিছিল । ....বহকচোন ! ভৈৰৱ দা কফি অৰ্ডাৰ দিবলৈ গৈছে । 

          চকীকেইখন লাহেকৈ উলিয়াই তিনিওজন বহি ললে । মুখত মিচিকিয়া হাঁহি এটা লৈ ভৈৰৱ কেবিনটোলৈ সোমাই আহিল। ....পালাহি , 


: কফি কেইটা অৰ্ডাৰ দিলা ভৈৰৱ...?  প্ৰশ্ন কৰিলে সমুজ্জলে 


: কফি চাৰিকাপ আৰু চাহ একাপ দিবলৈ কৈছোঁ । ৰাজীৱ , এইয়া মোৰ স্কুল ফ্রেণ্ড সমুজ্জল আৰু প্ৰাণদ্বীপ । 


: নমস্কাৰ , মই ৰাজীৱ । বৰ লাহেকৈ কলে ৰাজীৱে । .... ভৈৰৱ দাই কৈছিল আপোনালোকৰ কথা । লাজ লাজকৈ সমুজ্জল আৰু প্ৰাণদ্বীপলৈ চালে ৰাজীৱে । 


: ভৈৰৱ...! ৰাজীৱ তোমাৰ বয়ফ্ৰেণ্ড নেকি....?  হাঁহি মাৰি কলে প্ৰাণদ্বীপে । 


: কি যে কোৱা নহয়...! প্ৰাণ এওঁক চিনি পোৱা নাই যে...? 


: ই মোৰ Bf হয় , গৌৰৱ ৰয় । ইঞ্জিনীয়াৰিং পঢ়ি আছে । 


: হাই...!   ভৈৰৱৰ লগত হাত মিলালে গৌৰৱে ।  গৌৰৱ আৰু প্ৰাণক দেখি আচৰিত হ'ল ভৈৰৱ । কথা বতৰা , চাল - চলন সকলো দেখোঁন পুৰুষ সুলভ , তথাপিও ইহঁত দুয়ো....! তলমূৰকৈ ভাবিবলৈ ধৰিলে ভৈৰৱে । 


: কি ভাবিছা ভৈৰৱ....? মাত লগালে প্ৰাণদ্বীপে । 


: কথা এটা ভাবি মই বৰ আচৰিত হৈছোঁ । 


: কি কথা কোৱাচোন....? 


: মই ভাবিছিলোঁ পুৰুষ হৈয়ো নাৰীসূলভ আচৰণ কৰা ল'ৰাবোৰহে সমকামী । কিন্তু গৌৰৱ আৰু তুমিটো....? খোজ কাটল, কথা বতৰা সম্পূৰ্ন পুৰুষসুলভ । তথাপিও তোমালোকৰ মাজত এই সম্পৰ্ক ....! মই বিশ্বাস কৰিব পৰা নাই । 


        কথা পাতি থাকোঁতেই ৱেটাৰ এজন আহি গৰম গৰম চাহ একাপ আৰু কফি চাৰিকাপ কেবিনত দি থৈ গ'ল । কথাৰ মাজতে চাহৰ কাপটো হাতত তুলি ললে ভৈৰৱে । 


: ভৈৰৱ , তুমি বৰ ভুল ধাৰণা এটা লৈ আছা । actually সমাজৰ বহুত মানুহেই ভাবে যে girly types লৰাবোৰ সমকামী । কিন্তু manly types ল'ৰাও সমকামী হ'ব পাৰে । মই manly প্ৰাণদ্বীপ manly তথাপিও আমি সমকামী । মই গৌৰৱক ভালপাওঁ আৰু গৌৰৱে মোক ভাল পায় । গে'  শব্দটোৱে সমলৈঙ্গিক হিচাপে বৈশিষ্ট্যথকা ব্যক্তি বিশেষক বুজায়। অৰ্থাৎ গে' সকল প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌনভাবে একে লিংগৰ প্ৰতি আকৰ্ষিত। তাত manly girly বুলি কোনো কথা নাই । 


: Thanks, প্ৰাণ । আজিহে মই clear হলোঁ । ৰাজীৱ কথা পতা আকৌ সমুজ্জল দাৰ লগত । 


: তোমালোকে কথা পাতি আছা যে তাকে শুনি আছোঁ । ময়ো আজি নজনা কথা এটা জানিলো প্ৰাণদ্বীপ দা । আপোনালোকৰ এই সম্পৰ্ক চিৰযুগমীয়া হওঁক । 


: Thanks, ৰাজীৱ । পিছে তোমাৰ কোনোবা আছে নে নাই....? 


          প্ৰাণদ্বীপৰ কথাৰ একো উত্তৰ নিদি বেকাকৈ এবাৰ ভৈৰৱলৈ চাই লাজকুৰীয়া হাঁহি এটা মাৰিলে ৰাজীৱে । ....ভৈৰৱ দা , কেকটো কাটা আকৌ ...! মমকেইডাল উলিয়াই দিয়া । মই ঠিক কৰি দিওঁ ।


       ৰঙীণ মমকেইডাল কেকটোৰ চাৰিওকাষে লগাই দিয়াশলাই মাৰি জ্বলাই দিলে প্ৰাণে । ....ভৈৰৱ , ৰাজীৱৰ ওচৰলৈ আহা । দুয়োটাই কেকটো একেলগে কাটা । ভাল লাগিল । 


: নালাগে , প্ৰাণদ্বীপ দা । ভৈৰৱ দাই কাটক । 


: সেইটো কেনেকৈ হ'ব ...! তোমাৰ Bfৰ বাৰ্থডে , তুমি কেক নাকাটিবা সেইটো কেতিয়াওঁ হ'ব নোৱাৰে । ভৈৰৱ আহাঁ আকৌ ।  ভৈৰৱ ৰাজীৱৰ ওচৰ চাপি আহিল । ভৈৰৱৰ সোঁহাতখনত চুৰিখন লগাই দিলে প্ৰাণে আৰু ৰাজীৱৰ সোঁহাতখন ভৈৰৱৰ হাতত লগাই দিলে । দুয়োটাই একেলগে ফুঁৱাই মমকেইডাল নুমোৱাই দিলে । লাহেকৈ কেক এপিচ কাটি সমুজ্জল, প্ৰাণদ্বীপ , গৌৰৱ আৰু ৰাজীৱৰ মুখত লগাই দিলে ভৈৰৱে । ( Assamese Storyboard )


: ৰাজীৱ , কেক এপিচ ভৈৰৱক খোৱাই দিয়া আকৌ । মই ফটো মাৰিম । খোৱাই দিয়া তুমি... । ৰাজীৱৰ হাতত কেক এপিচ তুলি দিলে সমুজ্জলে । লাজ লাজকৈ ৰাজীৱে ভৈৰৱৰ মুখত কেককন গুজি অকণমান গালত ঘঁহি দিলে । প্ৰাণদ্বীপে ম'বাইলতে ভৈৰৱ আৰু ৰাজীৱৰ কেইখনমান ফটো উঠালে । কে'কটো খাই হোৱাৰ পাছতেই ৱেটাৰজনে ফ্ৰাইড ৰাইচ  আৰু চিকেন কাঢ়ি আনি টেবুলত দি থৈ গ'ল । ডিছকেইখন টিছোঁ পেপাৰে মোহাৰি ফ্ৰাইড ৰাইজ খিনি ভাগ কৰি দিলে । হাঁহি ফুৰ্তি কৰি খাই বৈ আটাইকেইটাই এখন গ্ৰুপ ফটো উঠি ফেচবুকত আপলোড কৰিলে । হোটেলৰ পৰা ওলাই অহাৰ আগতে সমুজ্জলে বেগটো খুলি ভৈৰৱৰ বাবে লৈ অহা চাৰ্ট আৰু ফটো ফ্ৰেমটো আগবঢ়াই দিলে । .... Thank you সমুজ্জল । 


: Most welcome ভৈৰৱ । আমি এতিয়া গৈ থাকোঁ । 


: সমুজ্জল দা , আজি মোৰ দাদাৰো বাৰ্থডে । আমাৰ ঘৰৰ পৰা এপাক আহকগৈ ব'লক । ভাল লাগিল....। লাহেকৈ কলে ৰাজীৱে । 


: আজি নাযাওঁ দিয়া ৰাজীৱ । চিনাকী হৈছোঁ যেতিয়া , এদিন নিশ্চয় আহিম । ভৈৰৱ , আমি গৈ থাকোঁ । 


: ঠিক আছে । বাই ..., বাই...., সমুজ্জল , গৌৰৱ লগ পাই ভাল লাগিল । প্ৰাণ গৌৰৱক দুখ নিদিবি । 


: মোৰো ভাল লাগিল ভৈৰৱ । আকৌ লগ পাম....!


        ভৈৰৱ আৰু ৰাজীৱৰ পৰা বিদায় লৈ সমুজ্জল আৰু গৌৰৱহঁত গ'লগৈ । হোটেলৰ বিলটো দি ভৈৰৱ আৰু ৰাজীৱো হোটেলৰ পৰা ওলাই আহিল । হোটেলখনৰ কাষতে থকা সৰু পান দোকানখনৰ পৰা মিঠাপান এটা কিনি ৰাজীৱক খাবলৈ দি চিগাৰেট এটা জ্বলাই দীঘলকৈ টানি দিলে ভৈৰৱে । 


: ভৈৰৱ দা ....! তুমি চিগাৰেট খোৱা....! 


: কেতিয়াবা খাওঁ । তুমি বেয়া পোৱা নেকি....? 


: মই বেয়া পাওঁ বুলি কলে তুমি জানো নোখোৱাকৈ থাকিবা.....! 


: তুমি যদি বেয়া পোৱা । তেতিয়া হ'লে নাখাওঁ দিয়া ।  চিগাৰেটটো মাটিত পেলাই ভৰিৰে মোহাৰি পেলালে । Sorry ....! ৰাজীৱ , আজিৰ পৰা তুমি বেয়া পোৱা কাম একো নকৰোঁ । Promise you.. 


: সচাঁকৈ কৈছা নে ভৈৰৱ দা...? 


: সচাঁকৈ কৈছোঁ ৰাজীৱ । 


: ধন্যবাদ । ভৈৰৱ দা ....। 


: ব'লা , তোমাক ঘৰত থৈ মই সোনকালে উভতিব লাগিব । 


       বাইকখন ঘূৰাই ঘৰমুৱা হ'ল ৰাজীৱ আৰু ভৈৰৱ । ৰাজীৱৰ পদূলিত বাইকখন ৰখাই ৰাজীৱৰ পাছে পাছে ভিতৰলৈ সোমাই গ'ল ভৈৰৱ । ভৈৰৱক ড্ৰয়িং ৰূমতে বহিবলৈ দি মাকক মাতি আনি ভৈৰৱৰ সৈতে চিনাকী কৰাই দিলে । 


: মা, এইয়া ভৈৰৱ দা ।  বহাৰ পৰা উঠি মাকক নমস্কাৰ দিলে ভৈৰৱে । 


: তোমাৰ কথা ৰাজীৱৰ মুখত শুনিছোঁ । ঘৰত কোন কোন আছে তোমাৰ...? 


: মই , মা আৰু দেউতা ।  


: বৰ সুখী পৰিয়াল । বহা , মই চাহ একাপ কৰোগৈ...! ৰাজীৱ , যীশুৰ লগত চিনাকী কৰাই দে আকৌ.....! ৰহ...! মই যীশুক পঠিয়াই দিছোগৈ ।  কথাষাৰ কৈয়ে তৰা ভিতৰলৈ সোমাই গ'ল । তৰা সোমাই যোৱা কিছু সময় পাছতেই ড্ৰয়িং ৰূমৰ পর্দাখন দাঙি যীশু সোমাই আহিল । 


: দাদা , এইয়া ভৈৰৱ দা । আমাৰ কলেজৰ । 


: হাই...! ভৈৰৱ , মই যীশু । 


: ভাইটি , তই মাক অলপ হেল্প কৰি দেগৈচোন যা....! মই কথা পাতিছোঁ । 


: ঠিক আছে । ভৈৰৱ দা দাদাৰ লগত কথা পাতা । মই কিবা এটা ৰেডী কৰোগৈ । 


: একো ৰেডী কৰিব নালাগে ৰাজীৱ । চাহ একাপ হ'লেই হ'ব । 


: কিবা এটা খাই যাব লাগিব ভৈৰৱ । আজি তুমি আমাৰ ঘৰলৈ প্ৰথম আহিছা । গতিকে একো এটা নোখোৱাকৈ যাবলৈ দিব নোৱাৰোঁ নহয় । যা ভাইটি.... 


        যীশুৰ কথা শুনি ৰাজীৱ পাকঘৰলৈ সোমাই গ'ল ....



     ক্ৰমশঃ....

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages