পুৱা চাহকাপ হাতত লৈ সংগীতাই বহিব লওঁতেই, মাজনী বৃষ্টিৰ হুৱাটচাপ মেচেজটো পালে। চৰি মা, যোৱা কালি মই ফটাফট ফোনটো থৈ দিলো( Assamese Storyboard )। বহুত মনত পৰিছে তোমালৈ, মেচেজ কৰিবলৈ মন গল, সেইবাবে মেচেজকে কৰিলো। জানানে মা, যোৱাকালি তুমি মোৰ জন্মদিনৰ শুভেচ্ছা দিওঁতে, মই বেছিকৈ কথা পাতিব নোৱাঁৰিলো কাৰণ, সকলো মোৰ লগতে আছিল। কিন্তু এইবাৰ মোৰ জন্মদিন বহুত ভালকে উদযাপন কৰা হল। আৰু তুমি কালি যে ফোনত যি ভঙাৰ মাত শুনেছিলা,সেয়া ভুলতে মোৰ হাতৰ পৰি কাচঁ এখন পৰি ভঙাৰ শব্দ আছিল। যোৱা কালি ৰাতি ১২বজাতে ৰূপকে কেক কটোৱালে। আৰু মনে মনে আমি দুয়োয়ে ফুৰ্টি কৰিলো।আৰু পুৱা হলত, জিতুৱে উপহাৰ দিলে, এটা ফুলৰ থোপা আৰু এখন ধুনীয়া কাৰ্ড। আৰু তাৰে পাছত আমি পাতলীয়া আহাৰ গ্ৰহণ কৰি ওলাই গলো ফুৰিবলৈ। আমি লগে ভাগে চিনেমা চালো, বজাৰ কৰিলো আৰু নিশাৰ আহাৰ বাহিৰতে গ্ৰহণ কৰি ঘৰলৈ আহিলো।
শাহুমায়ে এইবাৰ এডাল সোণৰ চেইন উপহাৰ দিলে আৰু দেউতাই পইচা। ৰাতি ইমান ভাগৰি পৰিলো যে, তোমালৈ ফোন কৰা নহলেই। আৰু অ মা, চোৱা মোৰ এইখন ফটো, মই শাহুমায়ে দিয়া সোণৰ চেইন ডাল পিন্ধি আছো। সংগীতাই ভালদৰে বৃষ্টিৰ ফটোখন চালে আৰু ফটোখনত তাইৰ মুখ খন ভালদৰে চকুফুৰাই চালে। কিন্তু মা যে মায়ে হয়। মাৰ পৰা কি লুকুৱাব পৰা যায়। মাকে, নিজৰ ছোৱালীজনীৰ সেই হাঁহি থকা ফটোখনৰ পাছৰ দুখক অনুভৱ কৰি ললে। বৃষ্টিৰ শুকাই থকা চকু দুটিয়ে, কালি কাচ ভঙাৰ সচাঁ কাৰণটো প্ৰকাশিত কৰিছিল। বৃষ্টিয়ে জোৰেৰে মৰা হাঁহিয়ে, বৃষ্টিৰ বিয়াৰ পাছৰ জন্মদিনৰ সত্যটো দেখুৱাই তুলিছিল।( Assamese Storyboard )
বৃষ্টিৰ ডিঙিত থকা সোণৰ চেইনডালৰ তলত থকা সেই নীলা ডাগটো মাকে দেখা পালে। সংগীতাৰ চকুলো বৈ আহিল। এতিয়া মন কৰিলেও, সংগীতাই একো কৰিব পৰা নাছিল। আৰু এতিয়া বেছিকৈ ছোৱালীৰ শহুৰৰ ঘৰৰ কথাত বেছিকৈ মাত মাতিলে কথাটো ভাল হোৱাক চাই ওলোটা বেয়া হৈ ৰয়গৈ। যেতিয়ালৈকে বৃষ্টিয়ে নিজে গ্ৰহণ কৰিব পাৰিছে, তেতিয়া লৈকে নিজে তাই গ্ৰহণ কৰিব লাগে। কাৰণ জীৱনটো বৃষ্টিয়ে তাতে অতিবাহিত কৰিব লাগিব। এইখিনি সংগীতাই বুজিছিল। কিন্তু ভিতৰি ভিতৰি সংগীতাৰ এটা বিষে খাইছিল কাৰণ ছোৱালীজনীয়ে কথা এষাৰো নকলে।
ইমান দূৰলৈ গুচি গল মোৰ বৃষ্টি! যি সৰু সৰু কথাকে মোক কৈছিল, আজি তাই মোক পৰ কৰি দিলে। সংগীতাৰ মনটো এই কথা ভাৱি ভাৱি কান্দি উঠিল আৰু কিছু ক্ষণতে নিজকে বুজালে। সেই সময়তে সংগীতাৰ স্বামী ৰিতুৱে সুধিলে, বৃষ্টিৰ মেচেজ নে? সংগীতাই ৰিতুৰ ফালে চাই লৈ হাঁহি মাৰি কলে হয়। আৰু জানানে, "আমাৰ ছোৱালী বৃষ্টি ডাঙৰ হৈ গল!"
পৰিছিল।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment