অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি গুৱাহাটীৰ হাতীগাঁওস্থিত 'মাডার্ছ অ'ল্ড এজ হোম'ত উপস্থিত হৈ শেহতীয়াকৈ বৃদ্ধাৱাসখনৰ পৰিচালনাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বেমেজালিৰ বুজ লয় বিত্ত মন্ত্ৰী অজন্তা নেওগে। ( Assamese news )
পৰিচালনাৰ দ্বায়িত্বত থকা উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ সৈতে বাৰ্তালাপত মিলিত হৈ অতিশীঘ্ৰে সকলো বেমেজালিৰ ওৰ পেলাই বৃদ্ধাশ্ৰমখনত আশ্ৰয় লৈ থকা জ্যেষ্ঠ নাগৰিকসকলৰ অসুবিধাসমুহ দূৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে বিত্ত মন্ত্ৰী গৰাকীয়ে। পৰিচালকদ্বয়ে আগন্তুক দিনত সমিলমিলেৰে আইতাসকলৰ যত্ন ল'ব বুলি বিত্ত মন্ত্ৰী গৰাকীক প্ৰতিশ্ৰুতি দিয়ে।( Assamese news )/p>
বিত্ত মন্ত্ৰী অজন্তা নেওগে কয় যে, "বৃদ্ধাৱাসখন পৰিচালcনা কৰিবৰ বাবে চৰকাৰৰ তৰফৰপৰা প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ'ব। ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰ সদায় দায়বদ্ধ।"( Assamese news )



No comments:
Post a Comment