তুমি মোক কিমান ভাল পোৱা ৰাজীৱ....?
: বাখ্যা কৰিব নোৱাৰিম ভৈৰৱ দা...
: কোৱা না.....! জানিবলৈ বৰ মন গৈছে মোৰ ।
: মই নাজানো ভৈৰৱ দা ...., জানো মাত্ৰ ভাল পাওঁ তোমাক । বহুত...., বহুত....., বহুত.....। যি ভাল পোৱাক মই কাৰো লগত তুলনা কৰিব নোৱাৰো , তুলনা কৰিব নিবিচাৰোওঁ( Assamese Storyboard )
: যদি মই কেতিয়াবা হেৰাই যাওঁ তুমি কাৰোবাক আকোৱালি ল'বা নে.....?
: কি আবোল তাবোল বকিছা ভৈৰৱ দা ....! কি হৈছে তোমাৰ...? তুমি হেৰাই যোৱাৰ পাছত কাকোৱেই আঁকোৱালি ল'ব নোৱাৰিম ।
: হি:...! হি:....! পাগলটো মোৰ , ভয় খালা নি....? মই তোমাক ধেমালি কৰিছিলোঁ ।
: এনেকুৱা ধেমালি নকৰিবা মোৰ লগত ।
: ইস: ....! মোৰ শুনামুৱাটো...., মই মৰিলেও সদায় তোমাৰ লগত ভূত হৈ থাকিম দেই......! চাওঁ ....! চাওঁ...! গালতে চুমা এটা খাওঁ ।
: পাগল নেকি....? মানুহে দেখিব ।
হঠাৎ সাৰ পাই গ'ল ৰাজীৱ । চকুদুটা মোহাৰি মোহাৰি বিচনাৰ পৰা নামি আহি ফোন লগালে ভৈৰৱলৈ ।
: হেল্ল'....! ভৈৰৱ দা
: কোৱা ৰাজীৱ ।
: বৰ ভয় লগা সপোন এটা দেখিলো ভৈৰৱ দা । সেয়ে তোমালৈ ফোন কৰিলোঁ । কি কৰিছা...?
: চাহকাপ খাই পঢ়িবলৈ লৈছোঁ । তুমি....?
: মই শুই আছিলোঁ । /p>
: অ'....! কি সপোন দেখিলানো....?
: নকওঁ দিয়া । ভালকৈ থাকিবা । কালিলৈ কলেজ যাবা নহয়...!
: যাম..., যাম...! তুমি..?
: ময়ো যাম ।
পঢ়িবলৈ লৈ ফোনত কাৰ লগত কথা পাতি আছা....? চাই আছোঁ তোমাক , তুমি অলপ সলনি হৈছা । জাঙুৰ খাই উঠিল উৰ্বশী ।
: হেল্ল'...! মই তোমাক পাছত ফোন কৰি আছোঁ । ফোনটো কাটি দিলে ভৈৰৱে । ....লগৰ এজনে ফোন কৰিছিল । কালিলৈ কলেজ যাম নে নাই তাকে সুধিছিল...?
: হয়নেকি...! ধুনু কোন হয় তোমাৰ....? প্ৰশ্ন কৰিলে উৰ্বশীয়ে
: মোৰ ভাইটি ।
: মোক মিছা কথা কৈছা ...!
: সচাঁকৈ কৈছোঁ মা...।
: এতিয়া তোমাৰ পঢ়াৰ সময় । গতিকে যাৰ তাৰ লগত অদৰকাৰী কথা পাতি সময় নষ্ট নকৰিবা । ফোনটো দিয়াচোন....! কাৰ লগত কথা পাতিছিলা চাওঁ....?
: ৰাজীৱে ফোন কৰিছিল ।
: ফোনটো লগাই দিয়াচোন । কোন ৰাজীৱ , মই কথা পাতোঁ...।
..... বাবা , দুবাৰখন খোলা । দেউতাকৰ মাতটো শুনি দুৱাৰখন খুলি দিলে উৰ্বশীয়ে ।
: পালেহি...? আজি ইমান দেৰি হ'ল যে....?
: অফিচৰ পৰা আহি থাকোঁতে বাটতে শইকীয়াক লগ পালো । কথা পাতি থাকোঁতে দেৰি হৈ গ'ল ।
: ঠিক আছে । ফ্ৰেচ হৈ লওঁক । মই চাহ কৰোগৈ.. কথাষাৰ কৈ পাকঘৰলৈ সোমাই গ'ল উৰ্বশী । সীমান্তই বেগটো বিচনাত পেলাই পেন্টৰ জেপৰ পৰা চকলেটতো উলিয়াই ভৈৰৱৰ হাতত দিলে । ....বাবা , এইটো লোৱা ।
: ধন্যবাদ দেউতা । দেউতা..., মোক পইছা অলপ দৰকাৰ হৈছিল ।
: কিয় বাবা...?
: মোৰ প্ৰয়োজনীয় বস্তু কেইটামান কিনিবলৈ আছে ।
: কি লাগে মোক কৈ দিবা মই লৈ আহিম ।
: আপুনি আনিব নালাগে দেউতা । মই নিজেই কিনিম ...। পৰহিলৈ যে মোৰ জন্মদিন পাহৰিলে নেকি...?
: তোমাৰ জন্মদিন..., মই পাহৰিম । কি কথা কৈছা...!
: লগৰ সকলোকে পাৰ্টি দিৱ লাগিব ।
: তোমাৰ লগৰ সকলোকে ইনভাইট কৰি দিবা । মই সকলো যোগাৰ কৰিম ।
: দেউতা....! আজিকালি সকলোৱে বাৰ্টথডে পাৰ্টি নামি দামী হোটেলত দিয়ে । ঘৰত বাৰ্টথডে পাৰ্টি ভাল নালাগে । মই মোৰ লগৰবোৰক ৰেষ্টুৰেন্টত পাৰ্টি দিম দেউতা । আপুনি মোক পইচা দিলেই হ'ব ।
: কিমান লাগিব বাবা..?
: পাঁচ হাজাৰ টকা দিলেই হ'ব । বাকী ঘৰত আপুনি যি আয়োজন কৰে কৰিব ।
: ঠিক আছে । কিন্তু মাৰক এইবোৰ কথা নকবা....! তুমি এতিয়া পঢ়া । মই সকলো ঠিক কৰি দিম । কথাষাৰ কৈ কাপোৰ কেইটা সলায় বাহিৰলৈ ওলাই গ'ল সীমান্ত....। দেউতাক ৰূমটোৰ পৰা ওলাই যোৱাৰ লগে লগেই ৰাজীৱলৈ ফোন লগালে ভৈৰৱে ।
: হেল্ল'....! ৰাজীৱ , কি কৰিছা...?
: পঢ়ি আছোঁ । কোৱা ভৈৰৱ দা....
: পৰহিলৈ মোৰ জন্মদিন ।
: হয়নেকি....! আগতীয়াকৈ কৈ দিলা ভালেই কৰিলা । কিবা এটা মেনেজ কৰিব পাৰিম । ( Assamese Storyboard )
: মই মোৰ বিশেষ দিনটো তোমাৰ লগত কটাব বিচাৰোঁ । তুমি আৰু মই ক'ৰবাত ফুৰিবলৈ যাম ।
: ক'ত ফুৰিবলৈ যাবানো....!
: তুমি য'ত যাওঁ বুলি কোৱা তালৈকে যাম..। ক'ত যাবা কোৱা...?
: কোনোবা নামঘৰ বা মন্দিৰলৈকে যাম ওলাবা । তোমাৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম । তুমি যেন সদায় সুখী হৈ থাকিব পাৰা ভৈৰৱ দা ।
: কোন মন্দিৰ যাবা কোৱা ৰাজীৱ...?
: জগন্নাথ মন্দিৰলৈকে ওলাবা । সেইদিনা কলেজ নাযাওঁ দিয়া । তোমাৰ লগতে দিনটো পাৰ কৰি দিম ।
: উম....! ভালেই হ'ব । ময়ো জগন্নাথ মন্দিৰলৈ যোৱা নাই । দুয়োটা একেলগে যাব পাৰিম ।
: উম....! বহুত ভাল লাগিব ।
: বাৰ্থডেত তুমি মোক কি গিফট দিবা...?
: এতিয়া নকওঁ দিয়া । মোৰ ভাল লগা কিবা এটা তোমাক উপহাৰ দিম । পৰহিলৈ মোৰ দাদাৰো বাৰ্থডে ।
: হয়নেকি...! তেতিয়াহলে পাৰ্টি ডাঙৰেই হ'ব ।
: আমাৰ একো পাৰ্টি নহয় ভৈৰৱ দা । দাদা আহিব নোৱাৰে , পৰীক্ষা আছে । তোমাৰ বাৰ্টডে বুলিয়েই অলপ এনজয় কৰিম আৰু....!
: হ'ব ...। মন্দিৰাহঁতক এইবোৰ কথা ন'কবা । এতিয়া ৰাখিছোঁ দিয়া । কালিলৈ কলেজত লগ পাম দিয়া ।
: ঠিক আছে ভৈৰৱ দা । বাই....., ফোনটো কাটি দিলে ভৈৰৱে । ফোনটো কাটি বিচনাত বাগৰ দিলে ভৈৰৱে । ....দিনক দিনে দেখোঁন ৰাজীৱক মোৰ আপোন আপোন লগা হৈছে । ৰাজীৱৰ দৰে এজন ল'ৰা যদি মোৰ জীৱন সংগী হৈ আহে তেতিয়া হ'লে মোৰ জীৱনটো বৰ সুখৰ হৈ পৰিব । আনৰ চকুত ৰাজীৱ বেয়া হ'লেও মোৰ দৃষ্টিত ৰাজীৱ বুকুৰ আপোন । ৰাজীৱৰ অবিহনে দেখোঁন মই আধৰুৱা ....! কথাবোৰ ভাবি থাকোতেই হাতত গাখীৰৰ গিলাচটো লৈ উৰ্বশী সোমাই আহিল । ....বাবা, গাখীৰ গিলাচ খাই লোৱা ।
: মোৰ একো খাবলৈ মন যোৱা নাই মা...!
: কিয় বাবা....?
: গাটো ভাল লগা নাই মা । মোক অলপ অকলশৰে থাকিবলৈ দিয়াচোন.....! প্লীজ...!
: বাবা, তোমাক কথা এটা ক'বলৈ পাহৰিছিলোঁৱেই । শইকীয়া খুড়াই কি কৈছে জানা....! খুড়াৰ একমাত্ৰ জীয়েক অলংকৃতাৰ লগত তোমাৰ বিয়া পাতি দিম বুলি কৈছে । তুমি বি.এ. পাছ কৰাৰ পাছতেই তোমাৰ বিয়াখন পাতি দিম বুলি ভাবিছোঁ .....!
: মই বিয়াৰ কথা ভবা নাই মা । তোমালোকে মিছাতেই সেইবোৰ কথা নাপাতিবা এতিয়া....।
: চোৱা বাবা, তুমি আমাৰ একমাত্ৰ সন্তান । তোমাৰ অবিহনে আমাৰ কোনো নাই । গতিকে তুমিয়ে আমাৰ বংশ ৰক্ষা কৰিব লাগিব ।
: মা....!
: হ'ব , এতিয়াও সময় আছে । তুমি গাখীৰ গিলাচ খাই লোৱা । মই দেউতাক অলপ হেল্প কৰি দিওঁগৈ ।
উৰ্বশী ৰূমৰ পৰা ওলাই যোৱা লগে লগেই মোবাইলত থকা ৰাজীৱৰ ফটোখন জুম কৰি চালে ভৈৰৱ । ....বাৰ্থডে দিনাই ৰাজীৱক মনৰ কথাবোৰ কৈ দিব লাগিব । ৰাজীৱৰ অবিহনে দেখোঁন মোৰ সকলো আধৰুৱা যেন লগা হৈছে । এইয়াই নেকি ভালপোৱা....! সত্যই সৌন্দৰ্য , অন্তৰত সুন্দৰতা নাথাকিলে সকলো সৌন্দৰ্য ম্লান পৰি যায় । চকুৱে মানুহক দৃষ্টি শক্তি প্ৰদান কৰে সঁচা । কিন্তু আমি কেনেকৈ চাওঁ সেয়া আমাৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে । ৰাজীৱক মই ভাল পালে হয়তো মানুহে মোক সমকামী বা গে বুলি হাঁহিব । ভালপোৱাৰ জানো কিবা লিঙ্গ আছে....? দুখন হৃদয়ৰ সঁচা মিলনেই যদি ভালপোৱা তেন্তে ৰাজীৱক ভাল পোৱাটো জানো দোষ....? নহয়...! ই কেতিয়াও দোষ হ'ব নোৱাৰে । মই জানো সমাজে আমাৰ সম্পৰ্কটো মানি লবলৈ টান পাব ....! সমাজটো মানুহৰেই সমষ্টি ..... কথাবোৰ ভাবি থাকোঁতেই ভৈৰৱৰ দুচকুলৈ টোপনি নামি আহিল । লুইতৰ পাৰত হাতত এপাহ ৰঙা গোলাপ লৈ অকলে বহি আছে ভৈৰৱ । লুইতৰ বুকুত ৰাঙলী বেলি ৰঙীণ হৈ জিলিকি আছে । এটা দীঘল হুমুনিয়াহ এৰিলে ভৈৰৱে । ৰাজীৱ আৰু নাই....! এটা কাৰ এক্সিডেণ্টত ৰাজীৱ হেৰাই গ'ল । নিথৰ হৈ পৰি ৰ'ল ৰাজীৱৰ দেহ...., তেজেৰে লুতুৰী পুতুৰী হৈ থকা ৰাজীৱৰ মৃতদেহটো বুকুত সাৱতি চিঞৰি চিঞৰি কান্দিলে ভৈৰৱে । বিচনাত বাগৰি চিঞৰ বাখৰ কৰি থকা শুনি সীমান্ত উধাতু খাই আহিল । .....বাবা, ঐ বাবা....! কি হৈছে তোমাৰ....? কিয় এনেকৈ চিঞৰিছা...? দেউতাকৰ মাতষাৰ শুনি উচপ খাই উঠিল ভৈৰৱ...../p>
: দেউতা...., ৰাজীৱ...., ৰাজীৱ আৰু নাই....!
: কোন ৰাজীৱ বাবা....? কিবা সপোন দেখিলা নেকি....?
: দেউতা....! বৰ ভয় লগা সপোন এটা দেখিছিলোঁ ।
: সপোনত মানুহে এনেকৈ চিঞৰে নেকি....! যোৱা মুখখন ধুই দিয়াগৈ । দেউতাকৰ কথা শুনি বিচনাৰ পৰা লাহেকৈ উঠি বাহিৰলৈ ওলাই গ'ল ভৈৰৱ....। কিবা এটা ভয় ভয় ভাবে ভৈৰৱৰ বুকুখন যেন হেঁচা মাৰি ধৰিলে।
ক্ৰমশঃ.....
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Assamese Storyboard )



No comments:
Post a Comment