নন্দনে প্ৰীতমক কলে, যাক আন্ধাৰটো কোনেও চাবলৈ মন নকৰে, তুমি তাইৰ লগতে বিয়া ঠিক কৰিলা! ইমান শকত শকত ওঠঁ, দুটা দাঁত বাহিৰলৈ ওলোৱা, কিদৰে পচন্দ কৰিলা তুমি তাইক! ( Assamese Storyboard )
১০বছৰ আগত কথা।
এদিন মোৰ ফোনটো বাজি আছিল, আৰু মই ফনটো ৰিচিভ কৰিলত, আনফালৰপৰা মোৰ স্বামী নন্দনে মাত দিলে, পাপৰি, আজি আবেলি ৫বজাত ওলাই থাকিবা, আজি প্ৰীতমে ছোৱালী এজনী আঙুঁঠি পিন্ধাবলৈ যাব! পাপৰিয়ে আৰু কিবা সুধাৰ আগতে আনফালৰপৰা নন্দনে ফোনটো কাটি দিলে।
সেই সময়ত পাপৰিৰ মনত বহু চিন্তা ধাৰণা আহিল। প্ৰীতম, নন্দনৰ ভাল বন্ধু। আৰু আমাৰ ঘৰলৈ প্ৰীতম আহিয়েই থাকে। কেতিয়া ছোৱালী পচন্দ কৰিলে, কেতিয়া কথা বতৰা হল, একো গমকে নাপালো! আৰু আজি আঙুঁঠি পিন্ধাইছে! বৰ আশ্বৰ্য্যজনক কথা!আজিলৈকেটো কোনো কথা মোৰ পৰা প্ৰীতমে লুকুৱাই ৰখা নাছিল! এতিয়া পাপৰিয়ে আবেলি হোৱালৈ বাট চাই ৰৈছিল আৰু নন্দন আহিলে সকলো কথা গম পোৱা যাব!
প্ৰীতম ঠিক আবেলি ৪-৩০মান বজাত ঘৰ পালেহি আৰু তেতিয়া পাপৰিয়ে সুধাত, নন্দনে কলে যে, মইও একো গম নাপাওঁ! প্ৰীতমে ফোন কৰিছিল আৰু কৈছিল যে, সকলো কথা পাছত কম। তেতিয়া নন্দনে ভাৱিলে, হব পাছতে সকলো জানি লম। পাপৰি আৰু নন্দন তৈয়াৰ হৈ প্ৰীতমৰ আঙুঁঠি পিন্ধোৱ অনুষ্ঠান পালেগৈ। আঙুঁঠি পিন্ধোৱাৰ সময়ত ছোৱালীজনী দেখা পায় নন্দন আৰু পাপৰি থৰ হৈ ৰল। প্ৰীতমে এনে এইজনীক কি পচন্দ কৰিলে, ডাঙৰ আৰু শকত ওঁঠ, দুটা দাঁত বাহিৰলৈ ওলোৱা, চকু দুটিও মুখ খনিৰ হিচাপত বহুত ডাঙৰ আৰু শৰীৰ ক্ষীণ, দুৰ্বল। প্ৰীতম বহুত ধুনীয়া আৰু স্মাৰ্ট আছিল। সেই সময়তে একো কথাকে পাপৰিহঁতে বুজিপোৱা নাছিল! কিন্তু যি হলেও নন্দনহঁতে প্ৰীতম আৰু প্ৰীতমৰ হবলগীয়া কইনাক আৰ্শীবাদ দি ঘৰলৈ আহিল।
পাপৰিয়ে মনতে ভাৱি ৰৈছিল যে, নন্দনৰ বন্ধু, প্ৰীতমৰ জীৱনৰ প্ৰতি চিন্তা অলপ বেলেগ আছিল। কিন্তু এনেধৰণৰ সিদ্ধান্ত লব বুলি মই আশা কৰা নাছিলো। যৌতুক প্ৰথাৰ একেবাৰে বিৰোধিতা কৰিছিল প্ৰীতমে। এসপ্তাহৰ পাছত প্ৰীতম পাপৰিহঁতৰ ঘৰলৈ আহিছিল। আৰু প্ৰীতম আহিলতে, দেখা পায় কলেই, কি দেখিলি তই নবৌত, যি দেখা পায়ে ইমান বলীয়া হৈ গলি?
তেতিয়া প্ৰীতমে কলে, একো দেখা নাই মই তোৰ হবলগীয়া নবৌত। কিন্তু তাইক দেখা পায় মোৰ মনে নকলে যে, তাইক না কৰোঁ।( Assamese Storyboard )
তেতিয়া নন্দনে কলে, কি কব বিচাৰিছ তই প্ৰীতম! তেতিয়া প্ৰীতমে কলে, হয় বন্ধু, মই তাইক দেখা পায় না কব নোঁৱাৰিলো। মোৰ এনে লাগিল যদি মই তাইক পচন্দ নকৰোঁ, তেতিয়া হলে তাইক আন কোনেও পচন্দ নকৰিব। তেতিয়া কি তাই তেনেদৰে থাকি যাব! তাই কি সেই সুখৰ প্ৰাপ্ত নহয়, যি আন এজনী ছোৱালীয়ে পায়। সেইবাবে মই তাইক পচন্দ কৰিলো। আৰু নন্দন, মই তাইক সকলো দিম, যি কেতিয়াও তাই সপোনটো কল্পনা কৰা নাই।
পাপৰি আৰু নন্দন থৰ লাগিল, প্ৰীতমৰ কথা শুনি। আজিৰ যুগত এনে কথাও কোনোবাই ভাৱিব পাৰে নে ? যাক বন্ধ কোঠাটো সহ্য নহয়, তেনে লোকক সমাজৰ আগত লগত লৈ ঠিয় দিয়াটো কোনো হাঁহি আৰু খেলা নহয়। কিন্তু বৰ্তমান সত্য কথাটো সন্মুখত আছিল। সেইবাবে কোৱা হয়, ভগৱানে সকলোৰে জোৰা ওপৰৰ পৰাই সাজু কৰি পথিয়াই।
আজি ১০বছৰ হল, প্ৰীতমৰ বিয়া হোৱা। এতিয়া তাৰ এটা লৰা আৰু এজনী ছোৱালী আছিল। তাৰ ছোৱালীজনী মাকৰ দৰেই আছিল আৰু লৰাটো প্ৰীতমৰ জেৰস্ক। প্ৰীতমে সমাজৰ সকলো অনুষ্ঠানতে নিজৰ পত্নী আৰু লৰা ছোৱালী দুটাক লৈ গৈছিল। আৰু এয়া এক জলন্ত প্ৰেমৰ উদাহৰণ হয়। আৰু আজিলৈকে নন্দন আৰু পাপৰিয়ে দেখা নাপালে এই ১০বছৰত প্ৰীতমৰ অলপো দুখৰ কাৰণ। এয়াকে কয় সচাঁ ভালপোৱা যি মুখৰ সুন্দৰতাক চায় নহয়, মনৰ সুন্দৰতাক চায় হে কৰা হয়।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment