ৰিয়া বেদান্তৰ লগত ঘৰলৈ উভতি আহিল।
কল্পনাই সিহঁতৰ বাবে অপেক্ষা কৰি আছিল," তোমালোক আহিলা, কলেজৰ প্ৰথমদিন কেনেকুৱা লাগিল?"( Assamese Storyboard )
ৰিয়া: মা বহুত ভাল লাগিল। বেদান্তৰ লগৰবোৰকো লগ পালো। সকলো বহুত ভাল।
কল্পনা: ঠিক আছে এতিয়া তোমালোকে মুখ হাত ধুই লোৱা মই খোৱাৰ যোগাৰ কৰোঁ।
বেদান্ত: অ মা, বহুত ভোক লাগিছে।
দুয়ো মুখ হাত ধুই দাইনিং টেবুলত আহিলে। কল্পনাই ৰিয়াক নিজ হাতেৰে খুৱাই দিলে।
বেদান্তই দেখি মুখ ফুলালে," মা ,তুমিতো মোক কেতিয়াও এনেকৈ হাতেৰে খুৱাই নিদিয়া। আজি ৰিয়াক কেনেকৈ খুৱাই দিছা?"
বেদান্তক জোকাই ৰিয়াই কলে," কাৰণ মায়ে তোমাতকৈ বেছি মোক মৰম কৰে।"
বেদান্তইউ সেইটো সুৰত কলে," বেছি উৰিব নালাগে। মায়ে মোক বেছি মৰম কৰে।"
দুয়োয়ে সৰু লৰা ছোৱালীৰ দৰে কাজিয়া কৰিব ধৰিলে।
কল্পনাই চিঞৰি কলে," হব আৰু দিয়া। মাকে সকলো সন্তানক সমানেই মৰম কৰে। ৰিয়া আমাৰ ওচৰলৈ এতিয়া আহিছেহে সেইকাৰণে তাই মৰম পোৱাৰ অধিকাৰ বেছি।"
"ঠিক আছে কিন্তু মোকো খুৱাই দিয়া।"
কল্পনাই মৰমেৰে দুয়োকে নিজ হাতেৰে খুৱাই দিলে। বেদান্তই দেখিলে ৰিয়াই কেনেকৈ সিহঁতৰ পৰা লুকুৱাই চকুলো মহাৰিলে।
হয়তো তাইৰ মাকলৈ মনত পৰিল।
আহাৰ গ্ৰহণ কৰাৰ পাছত কল্পনা নিজৰ ৰুমলৈ আৰাম কৰিবলৈ গুচি গল। ইফালে বেদান্তই ৰিয়াৰ মনটো ভাল লগাবলৈ কলে," ব'লা তোমাক কিবা এটা দেখুৱাম।" আৰু সি তাইক লৈ তাৰ ৰুমলৈ আহিল।
বেদান্তই ৰিয়াক লগত লৈ ৰিংকুৰ ৰূমৰফালে গুচি গল।
ৰিয়া : এইটো কাৰ ৰুম?
বেদান্ত: দাদাৰ ৰুম, আহা তোমাক তেওঁৰ ৰূমটো দেখুৱাম।
ৰিয়া অলপ সময়ৰ বাবে বহুত আনন্দিত হল আৰু হঠাৎ ৰিংকুৰ কথাখিনি তাইৰ মনত পৰিল। তাই বেদান্তক কলে," নাই বেদান্ত , মই সেইটো ৰুমলৈ যাব নোৱাৰোঁ।"
বেদান্ত: কি হল ৰিয়া? তুমি দাদাৰ ৰূমটো চাব নিবিচৰা নেকি? সেইটোতো তোমাৰো ৰুম হয়। সকলো থিক হৈ যোৱাৰ পাছত তুমি তাতেই থাকিব লাগিব।
ৰিয়া উদাস হৈ পৰিল," সকলো ঠিক হোৱাৰ পাছত, কিন্তু এতিয়া তো নহয়।"
বেদান্ত: ব'লচোন এবাৰ চাবা।
ৰিয়া: নালাগে বেদান্ত, মই তেওঁৰ ৰুমলৈ তেতিয়া যাম যেতিয়া তেওঁ মোক নিজেই লৈ যাব। মই এনেকৈ যাব নোৱাৰো।
বেদান্তইউ তাইৰ উদাস চেহেৰাটো দেখি বেছি জোৰ কৰাটো ঠিক নহব বুলি ভাবিলে," ঠিক আছে তেন্তে, তোমাৰ যি ইচ্ছা।"
ৰিয়াই কথাষাৰ সলাই কলে," পিছে তুমি এতিয়া বেলেগ কাৰোবাৰ লগতহে থাকিব লাগিছিল নেকি?"
বেদান্ত: তুমি কি কৈছা মই বুজি পোৱা নাই?
বেদান্তই ৰিয়াক বহিবলৈ কৈ আলমাৰীৰ পৰা এটা এলবাম উলিয়াই তাইক দেখুৱালে।
এলবামটোত বেদান্ত আৰু ৰিংকুৰ সৰুকালৰ ফটো আছিল। ৰিয়াই বৰ ধ্যান দি ৰিংকুৰ ফটোবোৰ চাই আছিল। কিছুমান ফটো দেখি হাঁহিও দিলে তাই। তেতিয়ালৈকে বেদান্তই আৰু এটা এলবাম আনিলে যত সিহঁতৰ বৰ্তমানৰ ফটো কিছুমান আছিল বন্ধুবৰ্গৰ লগত। তাই সেই এলবামটোও মনোযোগেৰে চাই ৰল। তাত ৰিংকু দেখিবলৈ বৰ ধুনীয়া আছিল। তাই মনে মনে ৰিংকুৰ ফটো এখন উলিয়াই ললে। বেদান্তই তাইক এনেকুৱা কৰা দেখিলে। ৰিয়াক এনেদৰে ফটোখন উলিয়াই লোৱা দেখি সি মনত ফুৰ্তি পালে।
" দাদাৰ ফটো চাই হল যদি ব'লা তোমাক আৰু বেলেগ কিবা দেখুৱাম।" বেদান্তই হাঁহি মাৰি কলে। আৰু ৰিয়াৰ হাতত ধৰি তাইক লৈ গল।
"প্ৰথমে কোৱাচোন মোক কত লৈ যাবা?" ৰিয়াই সুধিলে।
"তুমি আহাচোন" বেদান্তই কলে।
ৰিয়া : তোমাৰ এনেকুৱা লগা নাই নে যে তুমি এতিয়া উৰ্মিৰ লগত থাকিব লাগে।
বেদান্ত: অ তুমি ঠিকেই কৈছা , অৱশ্যে আজি তাই বহুত খঙত আছিল।
ৰিয়া: 'তেন্তে যোৱা আকৌ , কাৰ বাবে অপেক্ষা কৰি আছা? ' বেদান্তক ৰুমৰ পৰা ঠেলি দি কলে।
বেদান্ত : 'ঠিক আছে মোৰ মা মই যাওঁ,'হাঁহি হাঁহি সি ওলাই গল। সি আকৌ ঘূৰি চাই কলে," যদি তুমি কোৱা মোৰ ৰুমৰ পৰা চুৰ কৰি অনা বস্তুটো ফ্ৰেমত বন্ধাই দিওঁ নেকি? "
ৰিয়াই কথাষাৰ শুনি আচৰিত হল আৰু তৰফালে চকু দেখুৱাই দিয়াত সি হাঁহি মাৰি ওলাই গল।
ৰিয়াই অলপ পৰ তাক গৈ থকা চাই থাকিল। সঁচাতো এইটো আছিল যে তাই অলপ সময় অকলে থাকিব বিচাৰিছিল। তাই বেলকণিত থকা ঝুলনাখনত বহি ৰিংকুৰ ফটোখন চাই ৰল," আপুনি এই বিয়া কিয় স্বীকাৰ কৰিলে নাজানো? মোৰফালে এবাৰো ঘূৰি নাচালে। আপোনাৰ মনত কি আছে নাজানো? একোৱেইতো নাজানো মই তথাপিও নিজক বুজাব নোৱাৰো। গম পাওঁ যে আপোনাৰ মনত মোৰ প্ৰতি কোনো অনুভৱ নাই, তথাপিও আপোনাক মনত পেলাওঁ। এইটোও গম পাওঁ যে আপোনাৰ ভাৱনা বোৰত মই দূৰ দূৰলৈকে নাই। তথাপিও আপোনাৰ বাবে অপেক্ষা কৰোঁ , নাজানো কিয়? " তাই মৰমেৰে ফটোখনত হাত ফুৰালে যেন তাইৰ সন্মুখত ৰিংকু ৰৈ আছে।
ফটোখন বুকুত সাৱটি লৈ তাই চকু কেইটা বন্ধ কৰি দিলে আৰু লাহে লাহে গুণগুণাব ধৰিলে।( Assamese Storyboard )
আৰু তাই লাহে লাহে তাতেই শুই পৰিল। সন্ধিয়া যেতিয়া ৰিয়াক কল্পনাই তলত দেখা নাপালে তেওঁ তাইৰ ৰুমলৈ গল। তেওঁ তাইক বিচাৰি বেলকণীলৈ আহি দেখিলে যে ৰিয়া তাতেই শুই আছে। তেওঁ লাহেকৈ তাইৰ মূৰত হাত ফুৰাই দিলে। তাৰ পাছত তেওঁৰ চকু সেই ফটোখনত পৰিল যিখন লৈ ৰিয়াই বুকুত সাৱটি শুই আছিল। তেওঁ লাহেকৈ ফটোখন দাঙি দেখিলে," আৰে এইখন চোন ৰিংকুৰ ফটো।" তেওঁ মনতে কলে। ৰিয়াক এনেদৰে ফটোখন সাৱটি থকা দেখি তেওঁৰ মনত দুখ লাগিল। তেওঁ আকৌ ফটোখন থৈ তললৈ আহিল।
কল্পনাই নিজৰ ৰুমলৈ গৈ আলমাৰীৰ পৰা সেই মংগলসূত্ৰ ডাল উলিয়ালে যিডাল ৰিংকুয়ে যোৱাৰ সময়ত তেওঁৰ হাতত দি থৈ গৈছিল। তেওঁ কিবা ভাবি ঘৰতে থকা মন্দিৰলৈ আহিল। তেওঁ মংগলসূত্ৰ ডাল ভগৱানৰ মূৰ্তিৰ চৰণত থৈ কলে," দেবীমা তুমিতো জানাই যে মই প্ৰথমৰ পৰাই ৰিয়াক মোৰ বোৱাৰী বনাব বিচাৰিছিলোঁ। প্ৰথমৰ পৰাই আমি তাইক ৰিংকুৰ কইনাৰূপে ভাবিছিলো। কিন্তু ৰিংকুয়ে কি কব বুলি ভাবি মনে মনে আছিলোঁ। কিন্তু সেইদিনা যেতিয়া বেদান্তই মোক কলে....... কল্পনাই সেইদিনবোৰৰ কথা ভাবিব ধৰিলে।
বেদান্ত: মা ,আজি মই বহুত সুখী।
কল্পনা: কিয় কি হল?
বেদান্ত: মা , মই আজি ৰিয়াক প্ৰেম প্ৰস্তাৱ দিলো।
কল্পনাই কথাষাৰ শুনি দুখ পালে। তাক ভয় ভয় কৰি সুধিলে," তাই কি উত্তৰ দিলে?"
বেদান্ত: তাই মান্তি হল মা।
সি আগলৈ কলে," মা, তাই মোক কথা দিছে যে তাই নিজ হাতেৰে ৰাশি বনাই পঠিয়াব। মা, এতিয়া মোৰ হাততো ৰাশি থাকিব।
কল্পনাই কথাবোৰ শুনি অলপ ফুৰ্তি পালে । তেওঁ নিজৰ ভাৱনাবোৰক চম্ভালি লাহেকৈ কলে," মইতো তাইক এইখন ঘৰৰ বোৱাৰী বনাব বিচাৰো। তুমিতো তাইক ভন্টি বনাই ললা। কিন্তু ৰিংকু তাইক বিয়া কৰাবলৈ মান্তি হয় নে নহয় ঠিক নাই?"
বেদান্ত: তেন্তে ইয়াত চিন্তা কৰিবলগীয়া কি কথা আছে? দাদাৰতো এতিয়ালৈকে কোনো প্ৰেমিকা নাই গতিকে ৰিয়াৰ লগত দাদাৰ বিয়া কৰাই দিম। তাৰ পাছত তাই এইখন ঘৰৰ বোৱাৰী হৈ যাব।
কল্পনা: উম , এইটোও ঠিকেই আছে, আমি এইটোৱেই কৰিম।
বেদান্ত তেতিয়া দশম শ্ৰেণীত আছিল। ৰিয়াও দশম শ্ৰেণীত আছিল। ৰিংকুয়ে সেই বছৰেই স্নাতকত নাম ভৰ্তি কৰিছিল।
কল্পনা বৰ্তমানলৈ ঘূৰি আহিল," মই মইও ভাবিছিলো যে হয়তো ৰিয়াৰ ইমান অমায়িক স্বভাৱে ৰিংকুৰ খঙটো কম কৰি দিম। আমি ঠিক কৰিলোঁ যে উপযুক্ত সময়ত আমি প্ৰশান্ত দাৰ লগত ৰিয়াৰ বিয়াৰ কথা পাতিম। কিন্তু হঠাৎ তেওঁ ৰিয়াৰ বিয়া বেলেগ এঠাইত ঠিক কৰাত আমি নিৰাশ হলো। কিন্তু যেতিয়া বিয়াত এনেকুৱা এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হল আমিও স্বাৰ্থপৰ হৈ পৰিলোঁ আৰু ৰিংকুৰ লগত ৰিয়াৰ বিয়া কৰাই দিলোঁ। মা মোৰ বিশ্বাস আছিল যে আপুনি একো ভুল হব নিদিয়ে। কিন্ত মা সকলো খেলিমেলি হৈ গল।"
কিছুসময় ৰৈ কল্পনাই পুনৰ দেবীমাৰ সন্মুখত হাত যোৰ কৰি কলে," মা, যিকোনো পৰিস্থিতিতে মই মোৰ ছোৱালীৰ সুখ ঘূৰাই বিচাৰো। তেওঁলোক দুজনৰ মিলন কৰাই দিয়া মা। এতিয়া সকলো তোমাৰ হাতত।" কল্পনাই কথাখিনি কৈ কান্দিব ধৰিলে।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment