" লোৱা বোৱাৰী,এই ক'লা সূতাডাল আঙুলিত বান্ধি লোৱা আৰু সদায় বান্ধি থবা।"
" নাই হিমা তুমি এতিয়া অফিচ যাব নালাগে নহয়। চিন্তা কিয় কৰা মই আছো নহয়। তুমি মাত্ৰ নিজৰ যত্ন লোৱা।"( Assamese Storyboard )
" চোৱা হিমাদ্রি মই কি আনিছো তোমাৰ কাৰণে। ইমানবোৰ টেঙা তেঁতেলী।"
" বোৱাৰী, এতিয়া আৰু তুমি পাকঘৰৰ কাম লৈ চিন্তা কৰিব নালাগে। আহাৰ ৰান্ধিবলৈ মানুহ ৰাখিছো।"
" তুমি এই গধুৰ বাল্টিতো কিয় দাঙিছা? এনেকুৱা সময়ত গধুৰ বস্তু দাঙিব নালাগে।"
" মাজনী, গাৰুৰ তলত লোহাৰ বস্তু এটা ভৰাই থোৱা যাতে বেয়া সপোন নেদেখা।"
সকলোৰে উপদেশ শুনি হিমাদ্রিৰ মুখত হাঁহি বিৰিঙি উঠে আৰু লাহেকৈ এখন মৰমৰ হাতেৰে পেটত হাত ফুৰাই দিয়ে। হিমাদ্রিক দেখিলেই ঘৰৰ মানুহবোৰে হাঁহি দিয়ে। আধুনিক যুগৰ হোৱাৰ পাছতো হিমাদ্রিয়ে কাৰো উপদেশ মানিবলৈ বেয়া পোৱা নাছিল। আৰু বেয়া পাব কেনেকৈ ? বিয়াৰ ৬বছৰ পাছত তেওঁলোকৰ ঘৰত এটি কণমানিৰ আগমন হবলগা আছিল।
জন্ম হোৱাৰ ২৪ বছৰলৈকে যি "হিমাদ্রি গগৈ "হিচাপে পৰিচয় আছিল আজি তাইৰ পৰিচয়"হিমাদ্রি বৰা।" সীমান্তৰ লগত বিয়া হৈ বৰা পৰিয়াললৈ অহাৰ পাছত তাই মাত্ৰ "উপাধিয়েই " এৰি থৈ অহা নহয় , আৰু বহুত কিবা এৰি থৈ আহিছিল। য'ত তাইৰ অতিত আছিল আৰু সেই অতীতৰ' এক ঘটনা' আছিল যি তাইৰ জীৱনৰ এক সময়লৈকে প্ৰতিপলতে ভাগ লৈছিল। যি সম্পৰ্কক কিছুমান ভুল কথা আৰু ভুলভুল বুজাবু চিৰদিনৰ বাবে মাৰি পেলাইছিল। অৱশ্যে প্ৰতিটো বেনাম সম্পৰ্কৰ মৃত্যুৰ এটা কাৰণ থাকেই কাৰণ অন্তৰৰ পৰা হোৱা সম্পৰ্ক এটা কেতিয়াও প্ৰাকৃতিকভাবে মৃত্যু নহয়।
হিমাদ্রিয়ে সীমান্তক স্বামী হিচাপে পায় নিজকে বহুত ভাগ্যবান বুলি ভাবিছিল। সীমান্ত আৰু তাৰ পৰিয়ালৰ পৰা তাই ইমান মৰম পালে যে তাইৰ বাবে অতীত মাত্ৰ অতীত হৈয়ে ৰৈ গল। হিমাদ্রিয়ে সোনকালেই সীমান্তৰ লগত আহিবলগীয়া দিনবোৰৰ সপোন ৰছিলে।
বিয়াৰ কেইমাহমান পাছতেই শাহুয়েকে হিমাদ্রিক প্ৰায়ে সুধিবলৈ ধৰিলে," বোৱাৰী, কিবা টেঙা খাবলৈ মন গৈছে নেকি?"
আৰু হিমাদ্রিয়ে লাহেকৈ মূৰটো লৰাই মানা কৰি দিয়ে।
মাহবোৰ বছৰত সলনি হল আৰু বছৰ বোৰ বাঢ়ি গৈ থাকিল। লাহেকৈ কোৱা কথাবোৰ এতিয়া জোৰকৈ কব ধৰিলে আৰু লাহে লাহে সেইবোৰ ঠাট্টাত পৰিণত হল। দৰব আৰু প্ৰাৰ্থনা কৰা আৰম্ভ হল। স্বাস্থ্য পৰীক্ষা, তাবিজ, প্ৰাৰ্থনা, উপদেশ সকলো একেলগতে চলি থাকিল।
হিমাদ্রিয়ে যেতিয়া অফিচলৈ যাওঁতে ৰংবিৰঙৰ পোছাক পিন্ধি লৰা ছোৱালীবোৰক স্কুললৈ যোৱা দেখে আৰু উভতি আহোতে পাৰ্কত খেলি থকা কণমানীবোৰক দেখে তেতিয়া তাইৰ এনে লাগে যেন তাইৰ জীৱন সদায় অসম্পূৰ্ণ হৈ ৰব নেকি। কিমান ৰাতি যে তাই সীমান্তৰ বুকুত মূৰ গুজি কান্দি কান্দি কটালে। সীমান্তৰ ঘৰৰ কাষতে থকা প্লে স্কুলৰ লৰা ছোৱালীবোৰৰ কোলাহলবোৰ হিমাদ্রিৰ বাবে তাইৰ মনৰ ভিতৰৰ অব্যক্ত হুলস্থুল যেন লাগিছিল।
সেইদিনা ৰবিবাৰৰ দুপৰীয়া আছিল যেতিয়া তাই বাথৰূমৰ পৰা দৌৰি বেদৰুমলৈ আহি সীমান্তক সাৱটি ধৰিলে। তাই বহুত ফুৰ্তিত আছিল। তাইৰ হাতত 'প্ৰেগ্নেঞ্চি টেষ্ট কিত 'আছিল যিয়ে কৈ আছিল যে তাইৰ গৰ্ভত এটি কণমানি ইতিমধ্যে আহিছে। কিছুসময় পাছত গোটেই বৰা পৰিয়াল আনন্দত নাচি উঠিল। এই ফুৰ্তি দুগুন হল যেতিয়া তেওঁলোকে গম পালে যে তেওঁলোকৰ ঘৰত এটা নহয়, দুটাকৈ কণমানি আলহী আহিব। হিমাদ্রি জমজ সন্তানৰ মাক হব ওলাইছে।
শাহুৱে গোটেইদিন ভগবানক ধন্য মানে আৰু হিমাদ্রিৰ বহুত যত্ন লয়। সকলোৱে তো লৰা হব নে ছোৱালী হব তাৰ বাজিও লগালে। হিমাদ্রি এতিয়া যেতিয়াই বজাৰলৈ যায় সৰু লৰা ছোৱালীৰ বস্তু পোৱা দোকানখনত এপাক সোমাই আহে। ৰাতি সীমান্তই তাইৰ পেটত কানখন থৈ বিভিন্ন কথা পাতে । দুটা সন্তানক একেলগে কেনেকৈ ডাঙৰ কৰিব তাৰ পৰিকল্পনা আৰম্ভ হল। কণমানি কেইটাৰ নাম বিচাৰি এখন দীঘল লিষ্ট বনালে। তিনি মাহতকৈ বেছি সময় পাৰ হল , হিমাদ্রিয়ে কণমানি কেইটাৰ মাত শুনিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল।
তাৰ মাজতেই এদিন হিমাদ্রিৰ ফোনটো বাজি উঠিল। ফোনটোৰ ইফালে "তেওঁ"আছিল যি হিমাদ্রিৰ বাবে এক বিচাৰ দি থৈ যোৱা অতীত আছিল। তেওঁ কৈ আছিল , তেওঁ আজি হিমাদ্রিৰ চহৰত আছে। তেওঁ বৰ কষ্টেৰে হিমাদ্রিৰ ফোন নম্বৰ বিচাৰি পালে। তেওঁ এবাৰ তাইক শেষবাৰৰ বাবে লগ পাব বিচাৰে। সকলো ভাঙি যোৱাৰ পাছতো কি জোৰ লাগি আছিল জানো যে হিমাদ্রিয়ে ইচ্ছা কৰিও তেওঁক লগ কৰিবলৈ মানা কৰিব নোৱাৰিলে।
হিমাদ্রিৰ গাড়ী গৈ হোটেল পালে। তাই নিজকে স্মৃতিৰ সাগৰত ডুব যোৱা যেন অনুভৱ কৰিছিল। লিফ্ট গৈ ৪ নম্বৰ মহলাত ৰল। ৰুম নং ৪০৪ ৰ বন্ধ দুৱাৰৰ ইপাৰে হিমাদ্রি কিছুসময়ৰ বাবে সংকুচিত হল। দুৱাৰৰ ইপাৰে যিজন ব্যক্তি আছিল তেওঁ পৃথিৱীৰ বাবে এজন বিখ্যাত সংগীতকাৰ। কিন্তু প্ৰায় ১দশকলৈকে তেওঁৰ প্ৰতিটো সুৰতেই হিমাদ্রিৰ নাম আছিল। কিমান কি যে আছিল আৰু এতিয়া কিমান কি যে এতিয়া হব নোৱাৰে। এই হোৱা নোহোৱাৰ মাজত আছিল মাত্ৰ এখন বন্ধ দুৱাৰ। দুৱাৰত মাত লগালে আৰু দুৱাৰ খোলা আছিল। বগা চাৰ্ট আৰু নীলা জিন্স , অলপ দীঘল দাড়ি একোতো সলনি হোৱা নাই। হিমাদ্রি চ'ফাট বহিল। আৰু তেওঁ ওচৰতে থকা এখন চকীত। সময় যেন ৰৈ গল। কিমান যে কবলৈ শুনিবলৈ আছিল কিন্তু শব্দ মৌন আছিল।
হিমাদ্রিয়ে কলে," ৰাহুল, তোমাৰ মোৰ ওপৰত কেতিয়াও খং নুঠে নে? ঘৃণা উপজি নাহে নে?"
ৰাহুল: প্ৰথম কেইবছৰমানত বহুত খং উঠিল কিন্তু ঘৃণা কৰিব নোৱাৰিলোঁ।
হিমাদ্রি : ' যদি আৰু দহ বছৰ পাছত লগ পালোঁ হয় তেন্তে তেতিয়াও কিবা কবলৈ থাকিব নে?'
ৰাহুল:' হয়তো থাকিব পাৰে।'
হিমাদ্রি: আৰু এই 'হয়তো' কেতিয়ালৈকে জীয়াই থাকিব?'
ৰাহুল: যেতিয়ালৈকে তোমাৰ চকুযুৰী জিলিকি থাকিব। চকুহাল কেতিয়াও বুঢ়া নহয়।(তেওঁ হাঁহি দিলে)
হিমাদ্রি : তুমি এতিয়াও তেনেদৰেই আছা মিছলিয়া। সামান্য বস্তু এটাক বিশেষ বনাবলৈ ভালকৈ জনা।
ৰাহুল: কিন্তু তুমি বহুত সলনি হলা, প্ৰথমে এনেকুৱা হোৱা হলে যাবলৈ নিদিলোঁ হয়। গোটেই সংসাৰৰ লগত লাগি গলো হয়।
হিমাদ্রি: তেন্তে কিয় যাবলৈ দিলা?
ৰাহুল: মোৰ মতে প্ৰেমত এৰি যাবলৈ বাধা দিয়াৰ প্ৰয়োজন নাই।
হিমাদ্রি: মই মাক হবলৈ ওলাইছোঁ।
ৰাহুল: ( তেওঁ আকৌ হাঁহে) কিন্তু তোমাৰ সন্তানে মোক মামা বুলি মাতিব নালাগে।
হিমাদ্রি: তুমি সচাই সলনি নহলা,তোমাৰ পত্নীৰ নাম কি ?
ৰাহুল: শপত খাই কৈছোঁ হিমাদ্রি নহয়।
হিমাদ্রি: হবই নোৱাৰে, কোৱানা ভালকৈ।
ৰাহুল: থকা হলে নিশ্চয় কলো হয়, মই এতিয়ালৈকে বিয়া নাই কৰোৱা।
হিমাদ্রি: কিন্তু কিয়?
তেওঁ মৌন হৈ পকেটৰ পৰা চিগাৰেট উলিয়ালে আৰু চিগাৰেট তো নুখুৱাকৈয়ে আকৌ থৈ দিলে। হিমাদ্রিয়ে হাঁহি দিয়ে।
ৰাহুল: কাৰণ তোমাৰ দৰে কাৰো চকু জিলিকি নাথাকে। আৰু যেতিয়া গম পালোঁ যে ভাৱনাৰ পাছত দৌৰিবলৈ বয়স নাই, সোনকালেই ভাগৰি পৰোঁ । আৰু তেতিয়ালৈকে বহুত দেৰি হৈ গল।
হিমাদ্রি: মই এতিয়া যাওঁ।
ৰাহুল: অ যোৱা, নাৰাখোঁ তোমাক।
হিমাদ্রি যাবলৈ থিয় হল। ৰাহুলে দুখোজমান আগবাঢ়ি তাইৰ মূৰত চুমা আকিলে। হিমাদ্রি শিহৰিত হৈ উঠিল, তাইৰ এনে লাগিল যেন কোনো অচিনাকি স্পৰ্শই তাইক শিহৰণ জগাইছে। তেতিয়াই তাই ৰাহুলৰ হাতৰ স্পৰ্শ তাইৰ কঁকালত অনুভৱ কৰিলে। সুৰাৰ চোকা গোন্ধই তাইক নিজৰ মাজতে বিলীন কৰি পেলালে। ৰাহুলে তাৰ ওঁঠ হিমাদ্রিৰ ওঁঠৰ ফালে বঢ়াই দিলে। ৰাহুলে সুৰাৰ নিচাত আৰু হিমাদ্রিক ইমান কাষত পাই নিজক চম্ভালিব নোৱাৰিলে। যিয়ে এক মিনিততে হিমাদ্রিৰ বিশ্বাসক ভাঙি দিলে। হিমাদ্রিয়ে জ্ঞান ঘূৰাই পালে যে তাই এতিয়া বেলেগৰ হয়। তাই সম্পূৰ্ণ গাৰ জোৰেৰে ৰাহুলক ঠেলি দিলে। কিন্তু হিমাদ্রিৰ ভৰিখন ওচৰৰ টেবুলত থকা টেলিফোনৰ তাড়ডালত লাগি ধৰিলে। তাই পেটত ভেজা দি চ'ফাট পৰি গল। মাটিত পৰাৰ লগে লগে যেন ৰাহুলৰ সকলো নিচা, উত্তেজনা নাইকীয়া হল। সি হিমাদ্রিক চম্ভালিবলৈ আগবাঢ়িল।( Assamese Storyboard )
চ'ফাট থকা কোমল স্পঞ্জ বোৰে তাইক দুখ পোৱাৰ পৰা বচালে। তাই নিজক চম্ভালি কলে," ঠিকেই কৰিলা তুমি, মোক নিজকে বেয়া পাবলৈ কাৰণ এটা দিয়াৰ বাবে।" আৰু তাই চিৰদিনৰ বাবে তাৰপৰা গুচি আহিল।
কিন্তু সেই ৰাতিটো বহুত কষ্টৰ আছিল। সেইৰাতি তাই এক অজীৱ বিষ আৰু কষ্টেৰে শুলে। কিন্তু ৰাতি সেই বিষটোৱে নিজৰ ৰূপ সলালে। অন্তৰৰ বিষটোৱে এইবাৰ পেটত ধৰিলে। কিছুসময় পাছত তাই এই খবৰটোৰ সৈতে অচেতন হৈ পৰি আছিল যে তাইৰ গৰ্ভৰ এটা সন্তানৰ মৃত্যু হৈছে।
তাই ঘৰলৈ আহিল, এতিয়া তাইক অধিক যত্নৰ প্ৰয়োজন। কিন্তু কিয় জানো তাই নিজকে সন্তানটিৰ হত্যাকাৰী বুলি মানিব ধৰিলে। তাই কেতিয়াবা হস্পিটেলৰ নীলা ডাষ্টবিনত পৰি ৰোৱা তাইৰ অংশ তোক লৰা বুলি মানি বোৱাৰী বিচাৰিবলৈ ধৰে আৰু কেতিয়াবা ছোৱালী বুলি মানি সেই সকলোবোৰ কথা পাতে যিবোৰ তাই বেলেগৰ লগত পাতিব নোৱাৰে।
এতিয়াটো নতুন আলহী আহিবলৈ মাত্ৰ এমাহ আৰু কেইটামান দিন বাকী আছে। হিমাদ্রি আৰু সীমান্তৰ ৰূমটো কণমানি বোৰৰ ফটোৰে ভৰি আছে। হিমাদ্রিক মাত্ৰ ব্যক্তিগত কামবোৰ কৰিবৰ বাবেহে বিছনাৰ পৰা নামি উঠাৰ অনুমতি আছে। ঘৰৰ সকলো সদস্যই তাইক সুখী কৰি ৰাখিব বিচাৰে। সকলোৰে মৰম চেনেহ দেখি তাইও মনত ভাবি ললে যে হয়তো ভগবানৰ এইটোৱেই ইচ্ছা। সেইবাবেইটো দুপাহ পুষ্প দিছিল তাইৰ গৰ্ভত। তাই সকলো মমতা সেই আজন্ম শিশুতিৰ ওপৰত নিগৰাই দিলে।
তাই মাকে প্ৰায়ে কোৱা কিছুমান কথালৈ মনত পেলালে,"যেতিয়া নিজেই মা হবা তেতিয়া গম পাবা।" সঁচাইটো কৈছিল মায়ে। কিমান যে অদ্ভূত সেই পল যেতিয়া আপোনাৰ নিজৰ অংশ গৰ্ভত প্ৰতি পলতে বাঢ়ি গৈ ঠাকে। এক অদ্ভুত অনুভূতি , এক অদ্ভুত অনুভৱ।
হিমাদ্রিয়ে এতিয়া বহুত ঘণ্টা সন্তানতোক অনুভৱ কৰিব পাৰে।
সদায় তাই এক নতুন নাম দি অনুভৱ কৰে।
যেতিয়াই তাই পেটত কণমানিতোৱে লৰচৰ কৰা অনুভৱ কৰে তাই বহু সময় ধৰি পেটতোক মৰমেৰে মোহাৰি থাকে। সীমান্তই এদিন দাইপাৰৰ পেকেট আৰু গাখীৰ খোৱা বটল লৈ আহিল। শাহুমায়ে ভাগৱত শুনিব কলে। তাই ৰাতি সীমান্তৰ নাকে শব্দ নকৰালৈকে তাৰ বুকুত মূৰ গুজি আহিবলগীয়া দিনবোৰৰ পৰিকল্পনা কৰে।
ডিচেম্বৰ মাহৰ জাৰ আৰু কুঁৱলীৰে ভৰা সেইটো এটা অজিব ৰাতি আছিল। ডাক্তৰে এসপ্তাহ পাছত ডেট দিছে। দিনটো ভাগৰি পৰা সীমান্ত শুই পৰিল।এইয়া কি হিমাদ্রিৰ বিচনাত পাৰি থোৱা ধুনীয়া ফুল অঁকা চাদৰখন তাইৰ তেজেৰে ভৰি পৰিল। কিছুসময় পাছতেই হিমাদ্রি আকৌ হস্পিটেলৰ ইমাৰ্জেনচি ৱাৰ্ডত আছিল আৰু কিছুমান শব্দ তাইৰ কাণত ভাঁহি আহিল," হিমাদ্রিৰ সন্তানটো আকৌ নষ্ট হৈ গল।" ডাক্তৰে কৈছে তাইক বচাবলৈ তাইৰ গৰ্ভাশয়তো উলিয়াই পেলাব লগা হল। তাৰমানে তাই আৰু কেতিয়াও মাক......।
"ভগবান, এইবোৰ কি? বন্ধ কৰা এইবোৰ মিছা কথা।" হিমাদ্রি চিঞৰি উঠিল কিন্তু সীমান্তই মৌন হৈ শুনি থাকিল। হিমাদ্ৰীয়ে আকৌ বহুত দিন পাছত কথা কৈছে," যদি এইয়াই তেওঁৰ ইচ্ছা আছিল তেন্তে আমাক সপোন কিয় দেখুৱালে?"
"কিয় তেওঁ মোৰ গৰ্ভত মোৰ সন্তানক মাৰি পেলালে?"
" ভাল হলে ভগৱানৰ ইচ্ছা আৰু বেয়া হলে আমাৰ পাপৰ শাস্তি? মইতো মাত্ৰ প্ৰেম কৰিছিলো ন সীমান্ত? তেওঁক, তোমাক মোৰ সন্তানক। মই কিহৰ বাবে শাস্তি পালোঁ? কাঢ়ি নিবলৈ আছিল যদি দিছিল কিয়?"
সীমান্তৰ ওচৰত তাইৰ কোনো প্ৰশ্নৰ উত্তৰ নাছিল। সি ৰুমত থকা সকলো কণমানিৰ ফটোবোৰ ফালি পেলালে। ফুল থকা চাদৰখন সি সন্তানটিৰ কাৰণে আনিছিল সেইখনো ফালি পেলালে। কণমানিটোৰ বাবে অনা সকলো বস্তু পেলাই দিলে।
হিমাদ্রিয়ে ঘণ্টা ঘণ্টা ধৰি প্লে স্কুললৈ অহা লৰা ছোৱালীবোৰ খিৰিকীৰ ওচৰত বহি চাই থাকে। কেতিয়াবা তাইৰ হাতখন আপোনাআপুনি পেটলৈ গুচি যায় আৰু কেতিয়াবা তাইৰ সন্তানক স্কুললৈ যাওঁতে তাই বান্ধি দিবলৈ হাতখন উৎসুক হৈ পৰে। তাই নিজকে অপৰাধী মানিব ললে। তাইৰ এনেকুৱা লাগিল যে তাইৰ আজন্ম সন্তানকেইটাৰ হত্যাকাৰী তাই নিজেই হয়।
এতিয়া দিনবোৰ তাইৰ বাবে বেকাৰ আৰু ৰাতি ভয়ানক। এনেকুৱা এটা ৰাতিতেই হিমাদ্রিয়ে চকু বন্ধ কৰোঁতে এনেকুৱা লাগিল যেন তাইৰ সন্তানকেইটা পানীত ডুব গৈ আছে আৰু তাইক সিহঁতে মা মা বুলি মাতিছে কিন্তু হিমাদ্রিয়ে সিহঁতৰ ফালে হাত আগবঢ়াইছে যদিও তাইৰ হাতেই নাই। সিহঁতে কান্দিব ধৰিছে। হিমাদ্রিয়ে উচপ খাই উঠি বহিল,"কিমান ভয়ানক সপোন আছিল।" তাই সীমান্তক জগাই কলে কিন্তু সেই কান্দোন বন্ধ হোৱাই নাছিল।
" সীমান্ত শুনাচোন, কোনোবা কেঁচুৱাৰ কান্দি থকা মাত শুনিছোঁ।" তাই বিছনাৰ পৰা উঠি খিৰিকীৰ ফালে গৈ কলে।
" একো নাই হিমা, তোমাৰ মনৰ ধাৰণা এইবোৰ , শুই যোৱা আৰু অলপ আৰাম কৰা।" সীমান্তই মৰমেৰে কলে।
" নাই সীমান্ত , কৰবাত কোনোবা কেঁচুৱাই কান্দি আছে।" তাই কৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই গল। সীমান্ত তাইৰ পিছে পিছে গল। শব্দ প্লে স্কুলৰফালৰ পৰা আহিছিল।
দুখোজ মান গৈ তাই ৰৈ গল। প্লে স্কুলৰ গেটৰ সন্মুখত থকা নিম গছৰ তলতে এটা বাকচৰ ভিতৰত উলৰ চল আৰু গুলপীয়া টাৱেলেৰে মেৰিয়াই থোৱা আছিল কিছু ঘণ্টা পূৰ্বেই জন্মা এটি নবজাতক শিশু। শিশুতিৰ কান্দোন এতিয়া কমিব ধৰিলে। দূৰৰ পৰা কুকুৰে ভোকা শুনিবলৈ পোৱা গৈছিল।
সেই কণমানি জীৱটো কোন আছিল সেইটোতকৈ ডাঙৰ প্ৰশ্ন এইটো যে তাই কিহৰ বাবে শাস্তি পালে? এজনী ছোৱালীৰ শৰীৰত জন্ম পোৱাৰ বাবে নে কাৰোবাৰ যৌৱনৰ উত্পীড়নত জ্বলি শেষ হোৱা উত্তেজনাৰ কিছু সময়ৰ বাবে? কেনেকৈ এগৰাকী নাৰীক তেওঁৰ নাৰীত্বই অনুমতি দিলে নিজৰ তেজ, নিজৰ অংশক এনেকৈ তিলটিলকৈ ৰাস্তাৰ মাজত মৰিবলৈ এৰি থৈ যাবলৈ?
কেনেকৈ এজন পিতৃয়ে এগৰাকী মহিলাক, মাতৃক এনেকুৱা কৰিবলৈ বাধ্য কৰিব পাৰে?
হয়তো মাত্ৰ জন্ম কৰিলেই মাক হোৱা নাযায়। মা হল এক অনন্য অনুভূতি। কিন্তু হিমাদ্রিয়ে এইটো ভাবি শিহৰী উঠিল যেতিয়া এই কণমানিজনীৰ উশাহ ৰৈ যাব এই কুকুৰবোৰে তাইৰ বন্ধ হোৱা চকুলৈ চাই নিজৰ লোভ দেখুৱাব , তেতিয়া জানো এই কণমানিৰ কিবা মূল্য থাকিব? কিন্তু এই কণমানি জনী ইমানেই মৰম লগা আছিল যে কোনো জন্তু তাইক আজুৰিবলৈ আগবাঢ়ি অহা নাছিল।
সীমান্তৰ এনে লাগিল যেতিয়া কামনাৰ গলিত মানৱতাৰ মৃত্যু হয় তেতিয়াই ভগৱানে এই নৱসৃজন পুনৰাই ।
হিমাদ্রিয়ে তাইক দৌৰি গৈ কোলাত তুলি সাৱটি ললে। সেই কণমানি জীৱটো কাৰোবাৰ মৰমৰ স্পৰ্শ পাই মনে মনে থাকিল। সেই সময়ত হিমাদ্রিৰ অনুভৱ হল যে তাই এতিয়া সম্পূৰ্ন হৈ উঠিল।
কিছুসময়ৰ বাবে শিহৰী উঠা সীমান্তই মিচিকয়াই আকাশৰফালে চাই ৰল। পূব দিশে সূৰ্য্যৰ পোহৰ বিয়পি পৰিছিল যিয়ে ইংগিত দিছিল যে দুখৰ ৰাতিবোৰ এতিয়া শেষ হল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment