প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, June 24, 2021

প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ১ ) : Assamese Storyboard

Assamese Storyboard

" অনুৰাগ তোমাৰ বাবে ..অনুভূতি তোমাৰ বাবে ..তোমাৰ দুবাহুতে সুখ মোৰ জীৱনৰে ..শৰীৰৰ শিৰে শিৰে ..বৈ আছা তুমি .." --- হেদফোন দাল লগাই একান্ত মনে গানটো শুনি আছে  এনিশাই ..ওচৰতে চাৰি বছৰীয়া ল'ৰা নীৰ শুই আছে ( Assamese Storyboard )। " এনি , নীৰ উঠিলেনে ? " -- শাহুৱেকৰ মাতত তন্ময়তা ভাঙে এনিশাৰ -- " মা , নামঘৰৰ পৰা আহিলে নেকি ? "

: নামঘৰৰ পৰা আহি কাপোৰ সাজ সলাই গোসাই ঘৰত চাকি গছ দি আহিলো । এইয়া প্ৰসাদ লোৱা ।

  এনিশাই সভক্তিৰে এমুঠি প্ৰসাস লয় পাতখিলাৰ পৰা ।



: মই চাহ বনাওগৈ ৰ'ব মা -- এইবুলি এনিশা উঠি যায় পাকঘৰলৈ । শাহুৱেক নিৰ্মলাই নাতিয়েক নীৰক জগাই দিয়ে । এনিশাই তাইলৈ আৰু শাহুৱেকৰ বাবে দুকাপ চাহ বনায় । নীৰৰ বাবে এগিলাছ গাখীৰ সাজু কৰে । চাহ খাই ৰাতি সাজৰ কাৰনে যোগাৰ কৰে এনিশাই । স্কুলৰ পৰা আহোঁতে জীয়া মাছ অলপ পাই লৈ আহিছিল তাই । নীৰৰ কাৰনে চিকেন । শাহুৱেকে মাছ ভালপায় । কাটি বাছি অনা মাছখিনি ধুই নিমখ হালধি সানি বনাবলৈ সাজু হয় তাই । লগতে চিকেন অলপ ধুই মচলা আৰু নিমখ সানি মেৰিনেট কৰি থয় । মাছৰ টেঙা বনাবলৈ বিলাহী আৰু জাতিলাও ফ্ৰীজৰ পৰা উলিয়াই লয় । শাহুৱেক আৰু এনিশাৰ মাছৰ টেঙাজোলকন খুবেই প্ৰিয় । নীৰ দেউতাকৰ দৰে চিকেন ভালপোৱা হ'ল ।( Assamese Storyboard )



মনত পৰে তাইৰ সেইদিনবোৰলৈ ..চিকেন বনাই হ'লে সমৰক আগতিয়াকৈ অকমান টেষ্ট কৰিবলৈ দিব লাগিব । তৃপ্তিৰে চিকেনৰ সোৱাদ লৈ থকা সমৰৰ পাছে পাছে ঘূৰি ফুৰে তাই -- কোৱানা কেনেকুৱা হৈছে ?? নিমখ ঠিকে আছেনে ? আঙুলিৰে বুজাই দিয়ে সমৰে কিমান টেষ্টী হৈছে । মুখৰে সোৱাদ লোৱাত ব্যস্ত যে । এটি কৰুণ হাঁহি ওঠেৰে নিগৰি আহে এনিশাৰ  । চকুপানীখিনি মচি বনোৱাত মনোযোগ দিয়ে তাই । 

    টোপনি নধৰে এনিশাৰ । বিচনাখনত ধৰফৰাই থাকে তাই ..এটি অবুজ শিশু তাইৰ কাষত টোপনিত  লালকাল । তাই আৰু সমৰৰ মৰমৰ চিন এই নীৰ । মুৰত আলফুলে হাত বুলাই দিয়ে তাই । ঘূৰি যায় এনিশা সেইদিনবোৰলৈ ..



চাৰিবছৰৰ আগত এইখন ঘৰলৈকে তাই সমৰৰ পত্নী হৈ আহিছিল দুচকুত অযুত সপোন লৈ । হিয়াখনত এসোপা মৰম লৈ সমৰৰ বাবে । হিয়া উজাৰি সমৰক মৰম ভালপোৱা দিছিল । বিনিময়ত তাইও সমৰৰ পৰা একেই মৰম ভালপোৱা পাইছিল ।  সমৰৰ মৰমত এনিশাৰ আশাবোৰে পোখা মেলিছিল ..সপোনবোৰে পাখিমেলি উৰিবলৈ লৈছিল ।আৰু সিহঁতৰ সুখত সুখৰ হাঁহি মাৰিছিল  সমৰৰ মাক তাইৰ শাহুৱেক নিৰ্মলা চৌধুৰী । কিন্তু সেই সুখত গ্ৰহণ লাগিছিল ।এনিশাৰ সপোনৰ পাখি ভাগি পৰিছিল ..জীপাল হোৱা আশাবোৰ মৰহি শুকাইছিল ।

আগলৈ ...

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages