তাৰ দীঘল অসংযত চুলিবোৰ,ডিঙিলৈ বৈ পৰা ডাৰিবোৰ দেখি গাওঁ খনৰ মানুহবোৰে থৰ লাগি চাই আছে | কোনোবাই ভাবিছে পাগল চাগে,,,,,( Assamese Storyboard )
- ঐ কাইটি এইজন সোপাধৰা নহয়টো ?
গাৱঁৰ ডেকা অংকুৰৰ কথাত টিঙিচকৈ বাপুকন কাইটিৰ খং উঠিল |
কথা খিনি শুনি তাৰ বুকুখন ধপ ,ধপকৈ কপিছিল |
- ঐ তোৰ মূৰটোত একো নাই নেকি অ ? মানুহ হৈ জন্ম কিয় ধৰিছ ?
- নহয় মানে কাইটি সকলো ফালে বু বু বা বা চলিছে আমাৰ ঠাই সমূহত হেনো বহুত সোপাধৰা সোমাইছে !
- ঐ সোপাধৰা মানে কি অ ? শিক্ষাখিনি মানুহক দেখাই কিয় লৈছ হয়নে ? সোপাধৰা এজন জানো এনেকে মানুহৰ মাজেৰে ধীৰ গতিত খোজ কাঢ়ি আহিব |
বাপুকন কাইটিৰ কথা খিনি স্পষ্টকৈ তাৰ কানত পৰিছিল |
গাওঁ খনৰ মানুহবোৰৰ চিনাকী মুখবোৰ সি বৈ পৰা ছুলিৰ মাজেৰে লুকাই লুকাই চাইছিল |
সি আগবাঢ়িছিল | এসময়ৰ চিনাকী ৰাস্তাটোৰে | গাৱঁৰ কেচাঁ ৰাস্তাবোৰ পকি হৈছিল | গাওঁ খনত বহুতো নতুন বোৱাৰী সোমাল যিবোৰৰ মুখ কেইখন তাৰ অচিনাকী |
তৃষ্ণাই তাৰ চলন ফুৰন ,খোজ আদিত হয়টো তাক চিনি পাইছিল | তাৰ অৱস্থা দেখি তাইৰ হৃদয় খনে কান্দি উঠিছিল | আজি তাৰ এনে অৱস্থাৰ বাবে জগৰীয়া তাই | আজি যেন তাৰ প্রতি তাইৰ মৰম উথলি উঠিছে | তাই আগুৱাই আহিছিল
- আপুনি ,,,,,,,,
তাৰ চিনাকী কণ্ঠ এটি কানত বাজিছিল | যিমান পাৰে সিমান তাৰ অসংযত ছুলিৰে মুখখন ধাকি লৈছিল | আৰু সি বেগাই খোজ দিলে |
তাই ও এৰি নিদিলে | তাই ও তাৰ পিছত খোজ ল'লে |
- ৰৱ | পলাইছে কিয় ?
এইবাৰ সি ৰৈ দিলে |
তাই তাৰ সন্মুখত থিয় দিলে |
- আপোনাৰ এনে অৱস্থা কেনেকে হ'ল ?
সি ছুলি খিনিৰ ফাকেৰে মানুহবোৰ চাইছিল |
- যোৱা তৃষ্ণা তুমি আতৰি যোৱা | তোমাৰ জীৱনত আকৌ দুখবোৰ চপাই নলবা |
- কিন্তু আপুনি !
- মই জীয়াই আছো,থাকিম |
- এয়াওঁ জীৱন হ'ল নে ?
- মই কৰা ভুল বোৰৰ অনুশোচনাত বন্দী আজি | তুমি আতৰি যোৱা !
কিন্তু নাই তাই নাযায় | যাৱ নোৱাৰে ,,,,,,
- আপুনি এনেকুৱা কিয় কৰিলে ?
সি ধৈৰ্য্য ধৰিব নোৱাৰিলে | সি স্মৃতি বোৰ আৰু মনত পেলাৱ নোখোজে | সি দেহৰ সৰ্বশক্তি প্রয়োগ কৰি তাইক ঠেলি দিলে |
তাই কিছু দুৰত চিটিকি পৰিছিল | লগে লগে তাইৰ কপালৰ পৰা তেজ বৈ আহিল|
প্রত্যক্ষদৰ্শী সমূহে লগে লগে চিঞৰি উঠিল |
- ঐ মাৰিলে ,মাৰিলে ধৰ ধৰ মাৰ মাৰ \
লগে লগে এচাম মানুহৰ তাক আক্ৰমন | কোনোবাই পাছফালৰ পৰা মাৰা এটা প্রচণ্ড গোৰত সি বাগৰি পৰিছিল | আৰু লগে লগে বৈ আহিছিল নাকৰ পৰা তেজ |
সেই অৱস্থা দেখি তৃষ্ণা ৰৈ থাকিব নোৱাৰিলে | তাই দৌৰি গৈ তাক সাৱতি ধৰি ক'লে ,,,,,,
- ৰাইজ মই আপোনালোকক হাতজোৰ কৰিছো ,তেখেতক নামাৰিব | প্লীজ নামাৰিব,,,,,,
উপস্থিত ৰাইজ আচৰিত | কিয় এজন অচিনাকী পাগল ৰ প্রতি গাৱঁৰ বোৱাৰী তৃষ্ণাৰ ইমান দৰদ |
- আপোনালোকে যিজন মানুহক সোপাধৰা,পাগল বুলি ভাৱিছে সেইজন মানুহ অইন কোনো নহয়,এইজনে নীলিম |
মানুহ বোৰে একেলগে কৈ উঠিল |
- কি ! নীলিম |
সকলোৱে তাক আগুৰি ধৰিল | কোনোবাই ক'লে
- বেচেৰা : হে ভগবান | কি হ'ল তাৰ ,সেই হেন সুুঠাম দেহৰ পৰিস্কাৰ মানুহজনৰ অৱস্থা আজি,,,,,
- মই নিজক কেতিয়াওঁ ক্ষমা কৰিব নোৱাৰিম | মই নীলিম দাক গোৰটো মাৰি বৰ ভুল কৰিলো |
গাৱঁৰ পংকজে নিজে কৈ উঠিল |
- ঐ তাক কিবা খাৱলৈ দে ,ইছ বেচেৰাটো,,,,,
গাৱঁৰ মানুহ বোৰে কোৱা কথা |
- ঐ নীলিম, নীলিম অ কি হৈ গ'লি তই,,,,,
- ভুলৰ পৰিনাম কাইটি
গাওঁৰ মানুহবোৰে চকুলো টুকিছিল |
আজিৰ পৰা তিনি বছৰ আগৰ কথা |
হাঁহি স্ফুৰ্ত্তি কৰি থকা ,এজন বেচ মৰমীয়াল মানুহ নীলিম | চৰকাৰী চাকৰিয়াল নীলিম | সৰুতে দেউতাকৰ মৃত্যুৰ পাছত মাকৰ অসীম কষ্টৰ ফলত এজন শিক্ষীত যুৱক হিচাপে নিজক পৰিচয় দিব পৰা হৈছিল | আনৰ ঘৰত কাম কৰি মাকে দিয়া শিক্ষাৰ উচিত ব্যৱহাৰ কৰিবলৈ বহুত কষ্ট স্বীকাৰ কৰিছিল |
এদিন চৰকাৰী চাকৰি তাৰ ভাগ্যত মিলিলে | সেইদিনা যেন তাতকৈ সুখী কোনো নাছিল | কাৰন তাৰ সুখৰ বাতৰিত মাকৰ মুখত হাঁহি বিৰিঙিছিল |চাকৰি বিচাৰোতে যে তাৰ বহুখিনি বয়স আগবাঢ়ি গৈছিল সি অনুভৱ কৰা নাছিলে |
- নীলিম মোক এতিয়া এজনী বোৱাৰী লাগে |
- মা ,চাকৰি পাইছো হে,ঘৰৰ যে কৰিবলগীয়া বহুত কাম আছে | গতিকে কেইদিন মান পাছত ভাৱিম এইবোৰ |
মাকৰ কথাবোৰ সি তেনেকে পেলাইছিল | মুঠৰ ওপৰত মাক থকালৈ তাৰ চিন্তা কিহৰ | আৰু বিয়া বাৰু সংসাৰ এইবোৰ জামেলাত সোমাৱ তাৰ একেবাৰে মন নাই | মুক্ত বিহংগ হৈ উৰি ফুৰিবৰ মন তাৰ |
কিন্তু নিয়তিৰ সন্মুখত যে সকলোৱে এদিন পৰাজয় স্বীকাৰ কৰে | এদিনাখন তাৰ মাতৃ বিচনাতে মৰি থাকিল |
অকলশৰীয়া হ'ল নীলিম | মাতৃৰ মৰমৰ পৰা বঞ্চিত হ'ল |
এতিয়া সি বিয়াৰ কথা চিন্তা কৰিলে | ঘৰখন চম্ভালিৱ ৰ কাৰনে কাৰোবাৰ বৰ প্রয়োজন | সি অফিচত যাওঁতে সদায় ওচৰৰ গাওঁখনৰ মৰম লগা ছোৱালী এজনী দেখিছিল | হয়টো প্রথম বাৰৰ বাবে তাল কাৰোবাক ভাল লাগিছল |
সেয়েহে গাৱঁৰ বাপুকন কাইটিৰ জড়িয়তে সি কথাটি ছোৱালীৰ বাপেকৰ কানত পেলাইছল |
চাকৰি কৰা ল'ৰা,তাতে এখন ঘৰৰ অকলে ,নাকচ কৰ কোনো কথা নাই | কথামতে কাম |
অকলশৰীয়া নীলিম আৰু ধুনীয়া তৃষ্ণাৰ বিয়াখন ধুমধামেৰে গ'ল |\
আৰম্ভ হ'ল তৃষ্ণা আৰু নীলিম ৰ বৈবাহিক জীৱন | লাহে লাহে সি মন কৰিছিল | তৃষ্ণা যেন তাৰ ওচৰত সহজ হব পৰা নাই | তাৰ লগত কথা পাতিব নিবিচাৰে | দূৰে দূৰে থাকে | কিন্তু কিয় ?সি আজি ৰৈ নাথাকে ,তৃষ্ণাক সি সুধিব কিয় তাই তাৰ পৰা আতৰত আছে ! কিয় তাই তাক বেয়া পায় |
- তৃষ্ণা কথা এটা সুধিব লগা আছিল |
- কি কওঁক ,,,,,
- কিয় তুমি মোৰ পৰা দুৰে দুৰে আছা ? কি ভুল কৰিছো মই ?
- আচলতে মই আপোনাৰ লগত সুখী নহয় !
তাৰ বুকুখন কপি উঠিছিল | কি কৈছে তাই |
- কিন্তু কিয় তৃষ্ণা,কিয় ?মোৰ কি নাই ,কি অভাৱ দিছো তোমাক ! যি লাগে বুলি কোৱা তাকে দিছো | তাৰ পিছত তুমি কৈছা তুমি মোৰ লগত সুখী নহয় ! সঁচাই নাৰীক বুজা বৰ টান |
- শুনক,টকা - পইচাঁ মানুহৰ সৰ্বস্ব নহয় | হয় মানুহ জীয়াই থকাৰ বাবে টকাৰ প্রয়োজন ,সেয়া মই জানো | কিন্তু আপুনি ভাৱি চাইছে নে ! আপোনাৰ মোৰ বয়সৰ ব্যৱধান কিমান ?
নীলিম অবাক হৈছিল | এৰা তৃষ্ণাৰ লগত তাৰ বয়সৰ ব্যৱধান প্রায় পোন্ধৰ বছৰ |
- মা - দেউতাৰ কথা পেলাৱ নোৱাৰি আপোনাৰ সৈতে বিয়াত বহিছো | কিন্তু মই মাত্র মানুহক দেখাই হে আপোনাৰ পত্নী হৈ থাকিম | আমাৰ মাজত একো সম্পৰ্ক নাথাকিব |
তাই ভিতৰত সোমাই গৈছিল | নীলিমে শব্দবোৰ হেৰাই পেলাইছল | সুখ - দুখৰ সি উপলব্ধি কৰিব পাৰে | হব ! তাই বিচাৰিছে তাইৰ সুখৰ বাবে সি তেনে এটা জীৱন পাৰ কৰিব |
আৰম্ভ হ'ল অশান্তিৰ সৈতে তাৰ এটা জীৱন |
চঞ্চলা গাভৰুজনীৰ দৰে এতিয়া হে তৃষ্ণাৰ হৃদয়ত প্রেমৰ জোৱাৰ উঠিল |একে গাওঁৰে পলাশ সিহতৰ ঘৰত সদায় গাখীৰ দিবলৈ দিব আহে |
তাই গাখিৰ চাহ খাই ভালপায়,সেয়েহে নীলিমে পলাশ হতৰ ঘৰত গাখীৰৰ ব্যৱস্থা কৰিছিল |সদায় নীলিম অফিচ যোৱাৰ পাছতে পলাশ সিহতৰ ঘৰত আহে | হয়টো দুয়ো বহু কথাই পাতে |\
- পলাশ , মই লক্ষ্য কৰিছো তুমি যে মোক এবাৰ নবৌ বুলি নামাতা ?
পলাশে তলমূৰ কৰি কৈছিল |
- মই তোমাক নবৌ বুলি মাতিব নোৱাৰো
তৃষ্ণাৰ অজনা সিহঁৰণত বুকুখন কপি গৈছিল |
- কিন্তু কিয় পলাশ ?
সি ভয় নকৰাকৈ চিধা উত্তৰ দিছিল |
- তোমাৰ প্রতি মোৰ ভালপোৱাঁৰ অনুভুতি জাগিছে |
- কি !!
সেয়াই আৰম্ভনি | সিহতৰ মাজত আৰম্ভ হ'ল অবৈধ সম্পৰ্ক | নীলিম অফিচত যোৱাৰ পাছত পলাশে গাখিৰ দিয়াৰ চলেৰে আহি প্রেম,ভালপোৱাঁৰ আদান প্রদান কৰে |
নীলিম অফিচৰ পৰা আহি আছিল ,তেনেতে ৰূপকে নীলমক ক'লে,,,,,,
- নীলিম দা কথা এটা কওঁ ,,,,,
- কি কথা ?
- তুমি মোক ভুল নুবুজাটো !
- নুবুজো কোৱা,,,,,
- তোমালোকৰ ঘৰত পলাশে দিনৰ দিনটো বহি থাকে ,,,,,,
নীলিমে ৰূপকৰ কথাটো ৰ কোনো প্রতিক্ৰিয়া নকৰাকৈ উত্তৰ দিলে |
- চোৱা ৰূপক মানুহ হ'লে মানুহৰ ঘৰত আহিব ,তাত নো কি ডাঙৰ কথা ?
- নহয় মানে তাৰ নবৌৰ লগত,,,,,,
নীলিমে আৰু নিজক নিয়ন্ত্রন কৰিব নোৱাৰিলে | সি ৰূপকৰ চাৰ্টৰ কালাৰত খামোছি ধৰিলে আৰু ক'লে -
- চোৱা ৰূপক আজি তোমাক সাৱধান কৰি দিলো,মোৰ পত্নীৰ কথা দ্বিতীয় দিন ইমান বেয়াকৈ নাভাৱা যেন | আহো,,,,,,,,,,
সি তাৰ পত্নীক কেতিয়াওঁ ইমান অবিশ্বাস কৰিব নোৱাৰে | নহব পাৰে সিহতৰ মাজত মৰমৰ আদান প্রদান | কিন্তু সি তৃষ্ণাক বহুত বিশ্বাস কৰে |
নীলিমে সদায় শুৱাৰ সময়ত এবাৰ তাইক চকুফুৰাই যায় |
আজিওঁ আহিছিল তাইক এপাক চাৱলৈ |তাই টোপনিত লালকাল | দেখিছিল কম্বল খন তাইৰ গাৰ পৰা পৰি আছিল | সি গৈ লাহে লাহে তাইৰ গাত কম্বল খন ধাকি দিছিল |আৰু এবাৰ তাইৰ মূৰত আলফুলাই দিবলৈ বৰ মন গৈছিল | হাত খন লাহে লাহে তাইৰ মূৰৰ ফালে নিছিলে | তেনেতে তৃষ্ণাৰ মোবাইলটো বাজি উঠিল | ফোনটো ভাইব্রেচনত আছিলে |
সি ফোনটো নিজৰ হাতত উঠাই লৈছিল |( Assamese Storyboard )\
" পলাশ " বুলি চেভ কৰাই আছিল ! কিয় ফোন কৰিছে এই ৰাতি,,,,,
সি ফোনটো ৰিচিভ কৰিছিল,,,,,,,
- অ পলাশ ক'
নীলিমৰ মাত শুনাৰ লগে লগে তাৰ বুকুখন কপিছিল |
- নীলিম দা,আপোনাৰ তাত লাগিছে নেকি ?
- নাই নবৌয়েৰাৰ তাত লাগিছে |
- চৰি নীলিম দা,মোৰ মোবাইল হেঙাইছে সেয়েহে ভুলতে লাগি গ'ল চাগে |
- বদমাছ ! ৰাতি শুৱ লাগে ,আৰু তই ফোনত ব্যস্ত,,,,,,
কথাখিনি কৈ নীলিমে ফোনটো কাতি দিছিল | তৃষ্ণাই সাৰ পাইছিল ,আৰু তাইৰ মোবাইলটো নীলিমৰ হাতত দেখি তাইৰ বুকুখন কপিছিল |
- আ,,,পু,,নি
- অ মই কি হ'ল ভয় খালা যে! পলাশে ফোন কৰিছিল ?
পলাশ ! তাৰমানে নীলিমে কথাবোৰ গম পালে নেকি ! কি কৰিব এতিয়া তাই !
- কিয় ফোন কৰিছিল সি ?
- নাই কৰবাত ডাইল কৰোতে হেনো তোমাৰ তাত লাগিলে ,হৈ যায় কেতিয়াবা একো ডাঙৰ কথা নহয় ,মোবাইল হে | লোৱা আৰু শুই যোৱা,,,,,,,
সি তাইক মোবাইলটো দি ৰুমৰ পৰা ওলাই গৈছিল | সঁচাই আজিৰ দিনত ইমান মূৰ্খ মানুহ থাকে নে | ইমান সহজতে সকলো বিশ্বাস কৰি লোৱা ! আচলতে নীলিম মূৰ্খ নহয় ,সি তাইক প্রয়োজনত কৈ বেছি বিশ্বাস কৰে | সেয়েহে কোনো প্রতিবাদ নকৰে |
ৰাতিপুৱাঁ নীলিম অফিচ যাৱলৈ সাজু হ'ল -
- আজি মই টাউন ত যাম |
তৃষ্ণাই নীলিম ক কৈছিল |
- কিয় ?
- দুটামান বজাৰ কৰিব লগীয়া আছে !
- মই অফিচৰ পৰা আহি সন্ধিয়া ওলাই যাম দিয়া |
- নাই নালাগে হব মই অকলে যাম |
নীলিমে আৰু বিশেষ একো নক'লে | অকলে যাৱ বিচাৰিছে যেতিয়া যাওঁক | সি বয়স হোৱা মানুহ তাৰ লগত যাৱ লাজ কৰিব ও পাৰে |সি অফিচ গ'লগৈ |\
বহুত গৰম আজি | তাৰ ঠাণ্ডা এটা খাৱ খুৱ মন গ'ল | সেয়েহে নীলিমে ঠাণ্ডা এটা খোৱাৰ উদ্দেশ্যৰে বাহিৰত ওলাই আহিল | সিহতৰ অফিচৰ সন্মুখৰ বৰুৱা দাৰ দোকানলৈ সি ওলাই আহিল |
- বৰুৱা দা ,চাওঁ ঠাণ্ডা এটা দিয়াছোন ,,,,,,
তেনেতে এজনী মহিলা আহি বৰুৱাক ক'লে -
- দাদা মাজা এটা দিবচোন
নীলিমে মহিলাজনীৰ ফালে চালে -
- তুমি
নীলিমক দেখাৰ লগে লগে তৃষ্ণা থতমত খালে |
- বজাৰ কৰিলো | আহোতে পলাশক লগ পালো ,এতিয়া তাৰ লগতে যাম |
নীলিমে পলাশৰ ফালে চোৱাৰ লগে লগে সি তলমূৰ কৰিলে |
- পলাশ ,ভাল কৰিলি ,তই নবৌয়েৰাক একেলগে ঘৰত থৈ আহিবি |
- নীলিম ,এখেত ,,,,,,,
দোকানী বৰুৱাই নীলিম ক সুধিছিল |
- এওঁ মোৰ পত্নী,আৰু সেইজন মোৰ নিজৰ ভাইটিৰ দৰে পলাশ |
কিছু সময় পাছত নীলিমে | সিহতক পঠাই তাৰ অফিচলৈ গ'ল |
এনেকে দিনৰ পাছত দিন গৈ থাকিল | এফালে তৃষ্ণা আৰু পলাশৰ প্রেম গভীৰ পৰা গভীৰ হ'ল |
আজি নীলিমে দৰকাৰী ফাইল এটা ঘৰত এৰি আহিছিল | কিন্তু এতিয়া অফিচত প্রয়োজন হ'ল | কি কৰিব এতিয়া ,সি তৃষ্ণালৈ ফোন এটা লগালে |
- তৃষ্ণা ,মোৰ টেবুলত এটা ফাইল আছে,তুমি পাৰা যদি পলাশৰ হাতত দি পঠোৱাচোন |
- পলাশ আজি ঘৰত নাই হেনো | কৰবাত ইন্টাৰভিউ দিব গৈছে |
- এহ ! হয় নেকি ,বৰ দিগদাৰ হ'ল নহয় | হব দিয়া মই কিবা এটা মেনেজ কৰিম |
সি ফোনটো কাতি দিলে | কিন্তু নাই আজি ফাইলটোৰ খুব প্রয়োজন ! সি থিৰাং কৰিলে নিজে ঘৰত যাৱ | কিছু সময় পাছত সি ঘৰ আহি পালে |
বাইক খন থৈ ঘৰত সোমাই গ'ল -
কিন্তু সি চকুৰ সন্মুখত এয়া কি দেখিছে |\
পলাশে তৃষ্ণাৰ কোচত মূৰ থৈ শুই আছে | আৰু তাই তাৰ মূৰত আলফুলাই কথা পাতি আছিলে |সি নিজৰ চকুক বিশ্বাস কৰিব পৰা নাছিলে |
তাৰ মানে ৰূপকে কোৱা কথাবোৰ সঁচা,সেইদিনা ৰাতি সি তৃষ্ণাকে ফোন কৰিছিল ,সেইদিনা এইকাৰনে তাই চহৰত পলাশৰ লগত গৈছিল | ইমান ডাঙৰ বিশ্বাস ঘাটকতা |
- তৃষ্ণা
নীলিমৰ উপস্থিতি যেন সিহতে অনুভৱে কৰা নাই | সি ধৈৰ্য্য ধৰিব নোৱাৰিলে ,সি চিঞৰি দিলে -
- তৃষ্ণা বন্ধ কৰা তোমাৰ গোপন অভিসাৰ |
তাই জাপ মাৰি উঠিছিল | নীলিমক দেখা মাত্রকে পলাশে পলাব লৈছিল | কিন্তু নীলিম তাৰ হাতত খামোছি ধৰিছিল |
- ক'ত যা,,,,,,,,,,
- আপুনি ভুল বুজিছা,,,,,,
তৃষ্ণা নীলিমক কৈছিল ,
- কি ভুল বুজিছো মই ,এইবোৰ দেখাৰ পাছত !
- নহয় ,মই আপোনাৰ ফাইল দি পঠোৱাৰ বাবে তাক ফোন কৰি মাতিছিলো | কিন্তু ইয়াত আহি সি মূৰ ঘূৰাই পৰি গ'ল তাৰ পাছত মই,,,,,,
- মৰম কৰিলা তুমি ,মৰম !
নীলিমে তৃষ্ণাৰ গালত প্রচণ্ড চৰ এটা সোধালে |
- বহুত বিশ্বাস কৰিছিলো তোমাক বহুত,কিন্তু তুমি আজি কি কৰিলা ?
- কিয় নকৰিম
এইবাৰ তাইৰ ক্ষোভৰ বহিঃপ্রকাশ ,,,,,,
- লাজ নাপায় বুঢ়া এজনে ফুলকুমলীয়া ছোৱালী এজনীক বিয়া পাতিলে,মোৰ যৌৱন শেষ কৰিলে ,মই আপোনাৰ পত্নী নহয় |
নীলিমৰ হিয়া খন টুকুৰা টুকুৰ হ'ল | এৰা বুঢ়া এজনে ফুলকুমলীয়া ছোৱালী এজনীক ,,,,,,,,
পলাশ গ'লগৈ,তাই বিচনাত বাগৰি কান্দিব ধৰিলে | নীলিম বাহিৰত ওলাই আহিল | উপযুক্ত সময়ত বিয়া নপতাৰ এয়া চৰম ভুল |
আজি দুদিন হ'ল সি একো খোৱা নাই,অফিচ যোৱা নাই | জোপোকা মাৰি বহি আছে |
- ভাত খাওঁক হি ,,,,,,
তৃষ্ণাই তাক ভাত খাৱলৈ মাতিছে |
- নাখাওঁ ,তুমি খোৱা |
জীৱনত মানুহৰ ক'ত যে কিমান ভুল হৈ যায় | সি আজি অনুতপ্ত |
সি তাইক ৰুমত গৈ চাইছিল | তাই টোপনি গৈ আছিল | \
মৰমৰ
তৃষ্ণা
পোন প্রথমে মোৰ মৰমকন গ্রহন কৰিবা | মই মোৰ ভুল বুজি পাইছো | কিন্তু কি কৰিবা ভুল হৈ গ'ল | কিন্তু সিদ্ধান্ত লৈছো | তোমাক আৰু বন্দী কৰি নাৰাখো | মই জানো মই থাকিলে তুমি অইন কাৰো সৈতে বিয়াত নবহা |
সেয়েহে মই আজি আতৰি যাৱ ওলালো | মোৰ এই ঘৰ,এই মাটি সকলো তোমাৰ | তুমি যেতিয়ালৈ কাৰো সৈতে বিয়াত নবহা মই উভতি নাহো |
তুমি ভাৱিবা মোৰ মৃত্যু হ'ল |
তুমি সদায় সুখী হোৱা | | |
ইতি
নীলিম
সি পত্র খন তাইৰ ওচৰত থৈ সেই ৰাতিয়ে আতৰি গ'ল এখন অচিনাকী চহৰত |
ৰাতপুৱাঁ শুই উঠি তাই বিচনাৰ কাষত পত্র খন পাই পঢ়ি চালে | আৰু হুকহুকাই কান্দিলে ক'ত গ'ল নীলিম | সি তাইক ইমানে অভিমান কৰিলে যে তাইৰ সুখৰ কাৰনে নিজৰ ঘৰ ,মাটি সকলো ত্যাগ কৰি গুছি গ'ল |
আজি ছমাহ হ'ল নীলিম উভতি নাহিল | এইফালে পলাশ ও আজিকালি তাইৰ ওচৰত নাহে | কি কৰিব তাই ! নাই পলাশক এবাৰ ফোন কৰিব |
- হেল্ল'
- পলাশ ক'ত আছা তুমি ?
- ঘৰতে কোৱা !
- তু্মি মোক বিয়া পাতিবা নে নাপাতা ?
- কি ! পাগল হৈছা নেকি তুমি
কি ! পলাশে তাইক পাগল ক'লে |
- মই পাগল হৈছো,তোমাৰ বাবে আজি নীলিমে মোক এৰি গুছি গ'ল | তেতিয়া হ'লে মোৰ লগত প্রেমৰ অভিনয় কি কৰিলা !
- শুনা তৃষ্ণা ,প্রেম মানে বিবাহ নহয় ,আৰু তোমাৰ দৰে বোৱাৰী এজনী মোৰ ঘৰত গ্রহন নকৰে |
কথাখিনি কৈ সি ফোনটো কাতি দিলে |
তাইৰ কান্দোনৰ চিঞৰ এটি ওলাই আহিল | আচলতে ভুল কৰিছে তাই | বিবাহৰ দৰে সম্পৰ্ক ৰ পাছত যিজন পাই সেইজনে স্বামী | তাৰ পাছত প্রেমত পৰা বোৰ ৰূপ যৌৱন,শৰীৰ চাই হে পৰে | তাই আজি নীলিমক বহুত মিছ কৰিলে | তাই এতিয়া মাত্র নীলিমৰ বাবে অপেক্ষা কৰিব |\
সুদীৰ্ঘ তিনিবছৰৰ পাছত আজি নীলিম উভতি আহিছিল |
- আপুনি মোক ক্ষমা কৰক | বলক এতিয়া আমাৰ ঘৰখনলৈ ,,,,,,,
- তাৰমানে তুমি ?
নীলিমে তাইক কৈছিল |
- অ মই আপোনাৰ বাবে অপেক্ষা কৰি আছিলো | এতিয়াৰ পৰা আমি সুখত থাকিম | মই মোৰ ভুল বুজি পাইছো | মোৰ আপোন মাত্র আপুনি হে | এতিয়া মোৰ বয়স হ'ল মই বুজিলো |
তাই নীলিমৰ হাত খনত খামোছি ধৰিলে | নীলিমে তাৰ অসংযত চুলিৰ ফাকেৰে মুখখন চালে
বেছেৰি ! আগৰ তৃষ্ণা জনী হৈ থকা নাই | তাই ও জধলা হ'ল |
দুয়ো নিজৰ আপোনঘৰ খনলৈ খোজ ল'লে |||
ধন সোণ নালাগে
হাতী ঘোৰা নালাগে
যদি দিয়া সঁচা মৰম
গোপনে গোপনে |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Storyboard ) কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



সুন্দৰ লিখনি
ReplyDelete