আজি ৰাণীয়ে নিজৰ আই, পি, এচ, জীয়েক সৃষ্টি লগত নিজৰ জন্মদিন উদযাপন কৰিবলৈ বৃদ্ধাআশ্ৰমলৈ আহিছিল। সেই সময়তে বৃদ্ধাআশ্ৰমতে ৰাণীয়ে নয়নক লগ পালে।( Assamese Storyboard )
এটা সময় আছিল যেতিয়া ৰাণী নয়নৰ পত্নী আছিল। কিন্তু আজি নিজৰ স্বাৰ্থপৰ স্বভাৱৰ বাবে নয়নক আজি সময়ে বৃদ্ধাআশ্ৰমলৈ লৈ আহিল। আজি এই সংসাৰত সকলো ফালৰপৰা নয়ন অকলশৰীয়া হৈ পৰিছিল। যিজনী দ্বিতীয় পত্নী আৰু সন্তানৰ বাবে নয়নে ৰাণীক অকলশৰীয়াকে এৰি দিছিল। আজি সেই দ্বিতীয় পত্নী আৰু সন্তানে নয়নক বৃদ্ধা আশ্ৰমলৈ লৈ আহিলে।
ৰাণীক দেখা পায়ে নয়নে কলে,ৰাণী, জন্মদিনৰ আন্তৰিক শুভকামনা জনালো। নয়ন, মোৰ হাত এৰি দিয়া। এতিয়া তোমাৰ মোৰ ওপৰত কোনো অধিকাৰ নাই। ৰাণীয়ে নয়নক কলে, এনেকৈ কেনেদৰে নাই! তুমি পাহৰি গৈছা যে, সৃষ্টি মোৰো ছোৱালী হয়। তুমি মোৰপৰা এই সত্য কিয় লুকুৱাই ৰাখিলা! নয়নে কলে। অ, তুমি জানিছিলা এই কথা! ভাল লাগিলে, এই কথা শুনা পায় যে, তুমি সত্যটো জানা বুলি। কিন্তু তুমি পাহৰিছা যে, তুমিটো তাইৰ জন্ম তাৰিখটো নাজানা! মোক মাৰ ঘৰলৈ পথিয়াই তুমি একো নোকোৱাকৈ লুকুৱাই দ্বিতীয় বিবাহ কৰালা, আৰু মোলৈ ডিভোর্সৰ কাগজ পথিয়ালা। কিয়! কাৰণ তুমি ভাৱিছিলা যে, মই কেতিয়াও মাতৃ হব নোঁৱাৰিম! কেৱল বিয়াৰ ৪বছৰতে তুমি আৰু তোমাৰ পৰিয়ালে মই সন্তান জন্ম দিব নোঁৱাৰিম ভাৱিলে। সত্যটো কথা নজনাকৈয়ে।
নয়ন, এটা সচাঁ কথা যি আজিও তুমি গম নাপালা, সেইটো এয়া যে, সেইদিনা যেতিয়া মই হস্পিটালৰ পৰা ঘূৰি আহিছিলো সেইদিনা মই বহুত সুখী হৈ পৰিছিলো। আৰু সেই সুখ মই তোমাৰ লগত উপভোগ কৰিবলৈ বিচাৰিছিলো।কিন্তু সেই সময়তে মই ঘৰলৈ আহি তোমাক মাৰ লগত কথা পতা শুনা পালো যে, তুমি তোমাৰ অফিচৰে সুস্মিতাক ভালপোৱা। আৰু তাইক বিয়া কৰোৱাই নিজৰ জীৱনটো সুখী কৰিবলৈ বিচাৰা। উত্তৰত তোমাৰ মায়ে কলে, হয় নয়ন। ৰাণীয়েটো সন্তান জন্ম দিবলৈ নোৱাঁৰে আৰু তুমি মোৰ একমাত্র পুত্র। মোৰটো অন্তিম ইচ্ছা এয়ে যে, চকু দুটি বন্ধ কৰাৰ আগতে নাতি নাতিনীৰ মুখ খনি দেখা পাওঁ যেন।। পলমকৈ হলেও তুমি মোৰ কথা ৰাখিলা। তেতিয়া তুমি মৌন হৈ থাকি নিজৰ সন্মতি দিলা। তুমি মোক দেখা পায় এই কথাও জানিবলৈ ইচ্ছা নকৰিলা যে ডক্তৰে কি কলে! নয়নে কলে ঠিক আছে কোৱা, তুমি কিয় গৈছিলা হস্পিতাললৈ!
কিন্তু তুমি মোক হস্পিতালৰ বাহিৰত এৰি থৈ গুচি আহিছিলা! কিবা কাম থকাৰ বাহানা দেখুৱাই! আৰু মই ঘৰলৈ অহাত কলা যে, তুমি কিছু দিনৰ বাবে মাৰ ঘৰলৈ যোৱা, তোমাৰ ভাল লাগিব। তোমাৰ স্বাস্হ্যয়ো ভাল হৈ পৰিব। সেই নিশা মোৰ বাবে এটা ভয়লগা নিশা আছিল। যেতিয়া তুমি মোক মিছা মাতি দ্বিতীয় বিবাহ কৰাবলৈ আগবাঢ়িছিলা।
আৰু তোমাৰ মুখ মণ্ডলত কোনো ধৰণৰ দুখ নাছিল। ইয়াৰ অৰ্থ আছিল মানে, তুমিও এয়াই বিচাৰিছিলা যে, মোৰ দ্বিতীয় বিবাহ হোৱাটো!
মই নহয়, কেৱল তুমি বিচাৰিছিলা। তোমাৰ মনতে দ্বিতীয় বিবাহৰ ইচ্ছা জন্ম হৈছিল। এগৰাকী নাৰীয়ে কেতিয়াও নিবিচাৰে, তাইৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰোৱাটো। কেৱল সন্তান নোহোৱাত আমাৰ মৰম ভালপোৱা বোৰ কমি আহিছিল। মোৰ ওপৰত তোমাৰ মৰম কমি আহিছিল। তোমাৰ দৃষ্টিত মোৰ কোনো গুৰুত্ব নোহোৱা হৈছিল। তোমাৰ মনত মোৰ বাবে মৰম নাইকিয়া হৈ পৰিছিল। আৰু মই আৰু মোৰ ভালপোৱা ইমান দুৰ্বল নাছিল যে, নিজৰ গৰ্ভত থকা সন্তানৰ সহায়তা লৈ মই তোমাৰ ইচ্ছাত বাধা দিবলৈ। তুমি কথায় প্ৰতি মোক কথা শুনোৱা যে, এৰেঞ্জ মেৰিজ কৰিবলৈ নালাগে! কি ঠিক, কেনেধৰণৰ ছোৱালী পোৱা যায়। নিজে পচন্দ কৰি বিয়া পতাই ঠিক। নিজৰ পচন্দ আৰু বুজাবুজি ছোৱালী হলে গোটেই জীৱন আনন্দৰে পাৰ কৰিব পাৰি। তোমাৰ সলনি হোৱা ব্যৱহাৰে মোক বহুত বিন্ধিছিল। কিন্তু কিছু সময়ৰ পাছতে এয়া ভাৱিছিলো যে, ঈশ্বৰে সকলো ঠিক কৰি দিব।( Assamese Storyboard )
নয়নে কলে, মোক ক্ষমা কৰি দিয়া ৰাণী! মই সন্তানৰ মোহত অন্ধ হৈ পৰিছিলো। আৰু আজি সেইসকলে মোৰ কথা নুসোধে! মোৰ ঘৰতে মোৰ লগতে অচিনাকীৰ দৰে ব্যৱহাৰ কৰে। বিয়া পাছত মই গম পালো যে, সুস্মিতাৰ স্বভাৱ বহুত জেদী আৰু সৰু সৰু কথাত সন্দেহ কৰি কাজিয়া কৰা বিধৰ হয়। দুই পুত্র হোৱাত মই বহুত সুখী হলো আৰু ভাৱিলো এতিয়া সকলো ঠিক হৈ পৰিব। কিন্তু সুস্মিতাৰ স্বভাৱ আৰু ভাল নীতি শিক্ষাৰ অভাৱত দুই পুত্র বেয়া দিশৰ ফালে গতি কৰিলে। তুমি যোৱাৰ দুমাহৰ পাছত মই তোমাৰ মেডিকেল ৰিপোৰ্ট খন পালো। তেতিয়া মই গম পালো যে তুমি গৰ্ভৱতী বুলি। তুমি সেইখন সোনকালে হোৱাত নিজৰ লগত নিবলৈ পাহৰি গৈছিলা। মই তোমাৰ ঘৰলৈ যাওঁতে তোমাৰ পৰিয়ালৰ লোকে কলে, তুমি বৰ্তমান তেওঁলোকৰ লগত নাথাকা। মই হাজাৰ বাৰ সুধাটো তেওঁলোকে তোমাৰ ঠিকনাটো নিদিলে।
ৰাণীয়ে কলে, নয়ন, এতিয়া বহুত পলম হৈ গল, এতিয়া এই ক্ষমাৰ মোৰ জীৱনত কোনো মূল্য নাই। মই বহু কষ্ট সহি মোৰ ছোৱালীজনীক ডাঙৰ কৰিলো। যেতিয়া মোক সকলোতকে বেছি তোমাৰ প্ৰয়োজন হৈছিল, কিন্তু সেই সময়ত তুমি মোৰ লগত নাথাকিলা। আৰু এতিয়া মোৰ আৰু মোৰ ছোৱালীৰ জীৱনত তোমাৰ কোনো প্ৰয়োজন নাই।
নয়নে কলে, ৰাণী মই সৃষ্টিক সকলোকে কম যে তাই মোৰ ছোৱালী বুলি, তাৰপাছত চাবা তাইৰ কি সিদ্ধান্ত হব! কাৰণ তুমিটো মোৰ কথা তাইক কোৱা নাই! আজি তাইক মই সকলো সত্য কম যে, তুমি মিছা মাতি তাইক মোৰ পৰা দূৰ কৰিলা।
মিষ্টাৰ নয়ন, মোৰ মাৰ হাতখন এৰিদিয়ক।
সৃষ্টি মাজনী, মই তোমাৰ দেউতা হয়।
সৃষ্টিয়ে কলে, এই সত্য মই জানো। কিন্তু আপোনাৰ বাবে কেৱল এয়া জনাটো দৰকাৰ যে, মোৰ বাবে মোৰ মায়ে সকলো। মাও আৰু দেউতাও। মই গৰ্ব কৰোঁ যে, মই এওঁৰ জী। বলা মা।
ৰাণীয়ে কলে, তুমি আজিও সলনি নহলা নয়ন। আজিও তুমি সেয়াকে কৰিবলৈ চেষ্টা কৰিছিলা, যি আজিৰ পৰা ত্ৰীশ বছৰৰ আগতে কৰিছিলা। জীয়ৰীক আই, পি, এচ ৰূপত দেখা পায় তোমাৰ মন সুখী হল। আৰু এবাৰ তুমি নিজৰ স্বাৰ্থক দেখুৱালা। মইটো ইয়ালৈ নিজৰ জন্মদিন উদযাপন কৰিবলৈ আহিছিলো। কিন্তু তোমাৰ স্হান এই বৃদ্ধা আশ্ৰমে হয়। কাৰণ সকলো মনুষ্যকে তেওঁলোকে কৰা কৰ্মৰ ফল ইয়াতে পায়। তুমি বিয়া আৰু সম্বন্ধৰ জড়ীডালক আজিলৈকে বুজি নাপালা। বিয়া নিজে পচন্দ কৰা বা এৰেঞ্জকে হওঁক, দুইখন বিয়াতে দুজন লোকৰ মাজত মৰম ভালপোৱা আৰু বিশ্বাস থকাটো প্ৰয়োজনীয়। বিয়াৰ অৰ্থ কেৱল, সন্তান জন্ম দিয়ে নিজৰ স্বাৰ্থ পূৰ্ণ কৰা নুবুজায়। এই কথা শুনাৰ পাছত নয়নৰ মূৰ তল পৰি ৰৈ। আৰু ৰাণীয়ে সৃষ্টিক লগত লৈ তাৰপৰা আঁতৰি আহে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment