প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ৩ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, June 26, 2021

প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ৩ ) : Assamese Storyboard

  


চক খাই উঠি বহিল সমৰ ..লগতে সেই অচিনাকী নাৰীগৰাকীও ।  সমৰে লৰালৰিকৈ খালী গাত চাৰ্টটো পিন্ধি গোটাম লগাইছে ( Assamese Storyboard )।পুনৰ সজোৰে চিঞৰি উঠিল এনিশাই -- " মই এইবোৰ কি দেখিছো সমৰ ..তুমি !! ছিঃ !! কোন এই নাৰী সমৰ ? কিমান দিনৰ পৰা তোমালোকৰ মাজত এই অবৈধ সম্পৰ্ক চলি আছে ? তুমি মোক কিয় ইমানটো আঘাত দিলা ?? শেষৰফালে এনিশাৰ মাতটো কঁপি উঠিল । -"- মই তোমাক চাৰপ্ৰাইজ দিবলৈ আহিছিলো ..কিন্তু মই জনা নাছিলো ইমান এটা ডাঙৰ চাৰপ্ৰাইজ মোলৈ ৰৈ আছিল "


-- দুহাতে মুখঢাকি হুকহুকাই কান্দি উঠিল এনিশাই । নিশ্চুপ হৈ বহি ৰ'ল সমৰ । পুনৰ চিঞৰি উঠিল এনিশাই -- " মই ইয়ালৈ কিয় আহিছিলো জানা ? তোমাৰ সন্তানৰ মা হ'বলৈ ওলাইছো মই ..ভাবিছিলো ..খবৰটো তোমাক নিজ মুখে দিওঁগৈ ,আৰু তোমাক দুদিনমানৰ কাৰনে ঘৰলৈ লৈ যাম ,কিন্তু তুমি মোৰ মৰমক ..বিশ্বাসক ভৰিৰে মোহাৰি পেলালা সমৰ ..মোৰ কি ভুল হ'ল কোৱা সমৰ ? " - সমৰৰ চাৰ্টৰ কলাৰত খামুচি ধৰিলে এনিশাই   । 
"এনিশা নে কি নাম তোমাৰ ..শুনা , মই সমৰৰ পত্নী ..আমাৰ সম্পৰ্ক অবৈধ নহয় ..বহুত চিঞৰ বাখৰ কৰিলা ..now get lost "( Assamese Storyboard )


অচিনাকী নাৰীগৰাকীৰ মুখৰ পৰা ওফৰি অহা বাক্যবানে এনিশাৰ হৃদয় থকা সৰকা কৰি তুলিলে । সমৰৰ চাৰ্টৰ কলাৰত খামুচি ধৰি থকা হাতৰ মুঠিতো শিথিল হৈ আহিল এনিশাৰ ।মুখৰ পৰা মাথো এটি শব্দই ওলাল -- পত্নী !!!!!!
   সমৰক একো ক'বলৈ সুযোগ নিদি এনিশা থৰক-বৰক খোজৰে ওলাই আহিছিল সমৰৰ ৰূমৰ পৰা ।নিৰৱে সকলো দেখি শুনি থকা দ্ৰাইভাৰ উমাকান্তইও এনিশাৰ পিছে পিছে আহি দ্ৰাইভিং চিটত বহি চাবি পকালে ।


       আবেলি নিৰ্মলা বাহিৰৰ বাৰাণ্ডাতে বহি আলোচনী এখনত চকু ফুৰাই আছিল । তেনেতে তেওঁ দেখিলে -- অবিন্যস্ত চুলিৰে থৰক-বৰক খোজেৰে এনিশা পদুলিৰে সোমাই আহিছে ।আচৰিত হয়  নিৰ্মলা ... শাহুৱেকক সাৱটি ধৰি এনিশাই হুক-হুকাই কান্দি উঠে পুনৰ ।
: কি হ'ল এনি ! কিয় কান্দিছা ? তুমি উভতি আহিলাগৈ যে ! 
শাহুৱেকৰ প্ৰশ্নত এনিশাই দুগুণ জোৰেৰে কান্দি উঠে । নিৰ্মলাই এনিশাক চকি এখনত বহুৱাই দিয়ে ।গাড়ীখন গেৰেজত থৈ সোমাই অহা উমাকান্তই সকলো বিৱৰি কয় নিৰ্মলাক । থৰ হৈ পৰে নিৰ্মলা । চকুৱেদি বৈ আহে লোতক । কান্দি কান্দি ভাগৰি পৰা এনিশাক সাৱটি লয় নিৰ্মলাই ।      
   
আগলৈ...



Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages