প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ৫ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, June 28, 2021

প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ৫ ) : Assamese Storyboard

Assamese Storyboard

 

এদিন হঠাতে এনিশাই বজাৰত কলেজৰ বন্ধু সমুদ্ৰক লগ পায় । এনিশাক দেখি চিঞৰি উঠে  সমদ্ৰই -- হেই নিশা , কি খবৰ ? ইমান দিনৰ মুৰত দেখিলো ! ( Assamese Storyboard )
: আছো দিয়া ঠিকেই , তোমাৰ কেনে ? আৰু তুমি ইয়াত  যে !
: মোৰ চাকৰি এতিয়া তোমাৰ চহৰত । এই মাহতে জইন কৰিছো । 
: কোন  ডিপাৰ্টমেন্টত কৰা  
  তুমি ?
: এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট  teaching line
: ঠিক আছে ,তোমাৰ 
  ফেমিলি ?
: মোৰ ল'ৰা এটা  ..এবছৰীয়া ..আৰু মোৰ পত্নী ..বৰ্তমান মোৰ লগতে আছে ।
: ভাল কথা , এদিন আহিবা 
  মোৰ ঘৰলৈ ..ফেমেলিৰ সৈতে ..ভালকৈ কথা পাতিম ।এতিয়া যাওঁ ..
    সমুদ্ৰই পকেটৰ পৰা উলিয়াই এনিশাক কাৰ্ড এখন দিছিল ..য'ত কনটেক্ট নাম্বাৰৰ সৈতে ঠিকনাও আছিল ।


  দেওবাৰ এটাত সমদ্ৰ আহিছিল পত্নী তমসাৰ সৈতে । এবছৰীয়া ৰোহনটো বৰ মৰম লগা ।দুপৰীয়া সাজ খোৱাকৈ আহিছিল । কেইবাবিধ ব্যঞ্জনেৰে সৈতে এনিশাই ধুনীয়াকৈ ৰান্ধি খুৱালে ।তমসা খোলা মনৰ বেছ ফুৰ্ত্বিবাজ ছোৱালী ।ভাল লাগিল এনিশাৰ । সমুদ্ৰহঁতে এনিশাৰ ঘৰৰ পৰা বিদায় লোৱা।মুহূৰ্ত্বত নিৰ্মলাই পুনৰবাৰ আহিবলৈ অনুৰোধ কৰিছিল -- "আহি থাকিবা তোমালোক ..এনিৰ ভাল লাগিব ।"প্ৰত্ত্যুতৰত শলাগিছিল সমুদ্ৰ আৰু তমসাই । 
   মাজে মাজে।সমুদ্ৰৰ লগত কথা হয় এনিশাৰ ফোনত । ভাল লাগে এনিশাৰ । মনটো বহুত মুকলি লাগে । এদিন সমুদ্ৰই এনিশাক নিমন্ত্ৰণ দিলে ..দুপৰীয়া সাজৰ বাবে ।এনিশাই নিৰ্মলাকো লগ ধৰিলে ..কিন্তু গা ইমান ভাল নথকাত যাব নোৱাৰিলে।নিৰ্মলাই নীৰকো লগতে ৰাখি থলে .. সময়বোৰ পাৰ হ'ব ভালকৈ ।অগ্যতা অকলেই যাবলৈ ওলাল এনিশা । সৰিয়হ বুলিয়া চিফনৰ একৰঙী শাৰীখন পিন্ধিলে এনিশাই বহুত দিনৰ মুৰত । ওঁঠত পাতলকৈ গোলপীয়া ৰঙৰ লিপষ্টিক বুলালে । ষ্ট্ৰেইট চুলিকোছা ৰাবাৰ বেন্দ এদালে ঢিলাকৈ বান্ধিলে । ৰূমৰ পৰা ওলাই অহা এনিশাক শাহুৱেক নিৰ্মলাই চাই ৰ'ল । বহুতদিনৰ মুৰত তাইৰ মুখখন উজ্বল দেখিলে । শাৰীখনেও তুলি ধৰিছে এনিশাক ।সেই মুহূৰ্ত্বতে  সমুদ্ৰৰ গাড়ী অাহি ৰ'লহি এনিশাহঁতৰ গেটৰ মুখত । নিৰ্মলাক আৰু নীৰক মাত লগাই এনিশা দ্ৰাইভিং চিটৰ কাষৰ চিটতোত বহি পৰিল । ( Assamese Storyboard )


:  You are looking so beautiful ! Really dear .
সমুদ্ৰৰ কথাত এনিশাৰ ওঁঠেৰে এটি বিষাদৰ হাঁহি বাগৰি গ'ল -- "ধুনীয়া , বিউতিফুল এই শব্দবোৰৰ পৰা কেতিয়াবাই আঁতৰি আহিলো সমুদ্ৰ ..এতিয়া আৰু এইবোৰৰ কোনো প্ৰয়োজন নাই ।"
সমুদ্ৰই এনিশাৰ হাত এখনত নিজৰ  হাত থয় -- " কিয় তেনেকৈ কৈছা ? সমৰে তোমাৰ সৌন্দৰ্য্যক আওকান কৰি গুছি গলেই তোমাৰ সৌন্দৰ্য্য হেৰাই যোৱা নাই নিশা ।কলেজৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী ! এতিয়াও ধুনীয়া হৈয়ে আছা ।বৰঞ্চ আগতকৈ বেছিহে ধুনীয়া হ'লা । সমুদ্ৰৰ কথাত এটি কৰুণ হাঁহি মাৰে এনিশাই , এই কথাখিনি  সমৰৰ মুখৰ পৰা শুনিব বিচাৰিছিল তাই ।এটি দীঘল হুমুনিয়াহ সৰি পৰে এনিশাৰ । সমুদ্ৰৰ গাড়ী সমুদ্ৰৰ কোৱাটাৰত সমুখত ৰয় । গাড়ীৰ পৰা নামি সোমাই আহে তাই । সমুদ্ৰও পিছে পিছে আহে । সু সজ্জিত দ্ৰয়িং ৰূমত এনিশাক বহিবলৈ দি সমুদ্ৰ ভিতৰলৈ যায় । ক্ষন্তেক পাছতে ওলাই আহে হাতত চৰবতৰ গিলাচ লৈ । আগবঢ়াই দিয়ে সমুদ্ৰই এনিশাৰ ফালে ।


: তমসা ওলাই অহা নাইযে ! আচৰিত হয় এনিশা 
: "এস্কুৱেলি , তমসা ঘৰলৈ যাব লগা হ'ল মানে শিৱসাগৰলৈ ..সকলোখিনি এৰেঞ্জমেন্ট কৰাৰ পাছত তোমাক কেনেলৈ কওঁ নাহিবা বুলি । একো নাই মইতো আছো । তুমি আৰু মই আজি একেলগে লাঞ্চ কৰিম ।" -- খুউৱ সহজভাৱে কলে  কথাষাৰ সমুদ্ৰই । এনিশাই কিন্তু সহজ ভাৱে লব নোৱাৰিলে ।  আজি সমুদ্ৰক তাই অচিনাকী যেন লাগিল ।তাই বেছি সময় তাত থকাতো উচিত বুলি নাভাবিলে । 
: সমুদ্ৰ , আজি নহ'লে ভাত নাখাওঁ দিয়া ..তমসাও নাই ..বেলেগ এদিন আহিম ।
এনিশাৰ কথাত সমুদ্ৰ  কাষচাপি আহি এনিশাৰ হাতত ধৰি কৈ উঠে ..আজিৰ দিনটো বেলেগ এদিন নাহে জান "
জান ! আচৰিত হৈ এনিশা ।
সমুদ্ৰই এনিশাক সাৱতি ধৰি কৈ উঠে -- " অ' নিশা , তুমি মোৰ জান .মই তোমাক ভালপাওঁ ..তেতিয়াৰ পৰাই .. তুমি আগতকৈও বেছি ধুনীয়া হ'লা নিশা । 
: এৰি দিয়া মোক ! ছিঃ সমুদ্ৰ , তুমি পত্নী নথকাৰ সুযোগত এইবোৰ কি কৰিছা ? মোক যাবলৈ দিয়া প্লীজ !
.সি এনিশাক সাৱটি ধৰিবলৈ চেষ্টা কৰে ।
: টেক ইট ইজি ডিয়েৰ । মই জানো তুমিও মৰম বিচাৰা .. । মই তোমাক মৰম দিম ..খুউৱ মৰম দিম   ।। গাৰ সমস্ত শক্তিৰে থেলা মাৰি দিয়ে সমুদ্ৰক এনিশাই ..গালত পূৰ্ণহতীয়া এটা চৰ দিয়ে তাই । 


"মোৰ আজি স্বামী নাই কাৰনে এই সুবিধা লৈছ তই , স্বাৰ্থপৰ তই..মোৰ ভুল আছিল তোক বন্ধু বুলি ভাবিছিলো । কি ভাবিছ তই , মোক সমৰে এৰি গ'ল বুলিয়েই মই যাৰে তাৰে লগত .. কেনেকৈ ভাবিব পাৰিলি তই ,আজি  তমসাই তোৰ অলক্ষিতে কাৰোবাৰ লগত যদি ..
: অহ চাট আপ নিশা .তমসাক মাজলৈ নানিবা ।
: কি হ'ল , তই  সকলো কৰিব পাৰ লিগেল .ইলিগেল ..তমসাই নোৱাৰে ! কিয় তমসা তোৰ পত্নী কাৰনে ! পত্নীৰ ক্ষেত্ৰত  সেইটো হোৱাতো তই কেতিয়াও কামনা নকৰ ..কিয় পাহৰি গলি , মইও যে কাৰোবাৰ পত্নী ।নাৰীক সন্মান  কৰিবলৈ  শিক ।তোৰ এই কুকৰ্মৰ কথা তমসাই জানিলে কি হ'ব ভাবি চাইছনে ? " আৰু একো ক'ব পৰা নাছিল এনিশাই .. পাৰ্চটো লৈ ওলাই আহিছিল তাই ..কোনোমতে অট' এখন লৈ ঘৰ পাইছিলহি ।আহিয়েই বেডৰূম সংলগ্ন বাথৰুমত সোমাই চাৱাৰটো অন কৰি বহি পৰিছিল ..চাৱাৰৰ পানীৰ লগত তাইৰ চকুপানীবোৰ মিলি গৈছিল।

আগলৈ ...

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages