বেলকণিত বহি থকা লখিমীয়ে চাহৰ জুতি লৈ বাহিৰত থকা সোণাৰু গছজোপা আৰু তাৰ পিছফালৰ পৰা ওলোৱা সূৰ্য্যতোলৈ চাই আছিল( Assamese Storyboard )। হালধীয়া পাতেৰে সোণাৰুজোপা আৰু তাৰ পিছফালৰ পৰা উদয় হোৱা ৰঙা সূৰ্য্য, চৰাইৰ মিঠা মাতে কাণত মধুৰতা ঢালি দিছিল। সচাই বৰ মনোৰম দৃশ্য আছিল। তেওঁৰ বিয়াৰ ইমান বছৰ পাৰ হল, তেওঁ শাহু হল কিন্তু তেওঁ ভাবিবই পৰা নাছিল যে তেওঁৰ বেলকণীৰ পৰা ইমান মনোৰম দৃশ্য উপভোগ কৰিব পাৰি।
আজি ইমান বছৰৰ পাছত শান্তিপূৰ্ণ ৰাতিপুৱাই তেওঁৰ মনটো প্ৰফুল্লিত কৰিলে । তেওঁ মনৰ মাজতে এই ধুনীয়া ৰাতিপুৱাতোৰ বাবে নিজৰ ছোৱালীৰ দৰে বোৱাৰী ৰিমঝিমক ধন্যবাদ জ্ঞাপন কৰিলে।
লখিমী তেওঁৰ পুৰণা দিনবোৰলৈ উভতি গল।
লখিমীৰ মাক দেউতাকে কৈছিল যে," আমাৰ লখিমীয়ে বহুত ভাল ঘৰ এখন পাইছে। তাইৰ কপাল বহুত ভাল। ৰাজ কৰিব আমাৰ ছোৱালীয়ে।"
কিন্তু মইনো কেতিয়া ৰাজ কৰিব পাৰিলো?
বিয়া হৈ অহাৰ পাছতেই শাহুয়েকে সকলো দায়িত্ব লখিমীৰ হাতত গতাই দিলে। শহুৰ, শাহুৰ, ননদ , দেওৰ সকলোৰে ভৰি পৰা এটা যৌথ পৰিয়াল। তেওঁ গোটেই দিন চকৰিৰ দৰে ঘূৰিয়েই থাকিব লাগে। সমীৰ , লখিমিৰ স্বামী, তেওঁ কোনো দিন লখিমীক বুজিবলৈ চেষ্টা নকৰিলে। সমীৰও বাকীবোৰ পুৰুষতকৈ বেলেগ নাছিল। পুৰুষ হোৱাৰ দম্ভ তেওঁৰ মাজত ভৰি আছিল। তেওঁৰ দৃষ্টিত ' নাৰীৰ কাম হল ঘৰ চম্ভালা আৰু ঘৰৰ কাম নো কি থাকে।মাত্ৰ ভাত ৰান্ধিবহে লাগে তাত নো কিহৰ ভাগৰ? সকলো নাৰীয়েইটো কৰে এইবোৰ কাম তাত নো তুমি আছুটিয়াকৈ আৰু কি কৰা?'
বিয়াৰ সময়ত লখিমীক মাক দেউতাকে এইটো শিক্ষা দি পঠাইছিল যে শহুৰৰ ঘৰখনত মিলাপ্ৰীতি বজাই ৰাখিব লাগে। মোৰটো গোটেই জীৱনটো সকলো মিলাই থাকোতেই গল। মইতো পাহৰিয়েই পেলালো যে মোৰো কিবা অস্তিত্ব আছে। মোৰ মনত আছে যেতিয়া মই পোৱা ৫ বজাতেই উঠিব লগা হৈছিল। সকলোৰে চাহ, জলপান সকলোৰে পছন্দৰ ধ্যান ৰখা। কাম কৰি কৰি কেতিয়া ১২ বাজে গমকে নাপাওঁ। কোনেও মোক এবাৰ নোসোধে মই কিবা খালোঁ নে নাই বুলি। সকলোকে খুৱাই হোৱাৰ পাছত যেতিয়া মই নিজৰ প্লেটখন লওঁ বাঢ়িবলৈ তেতিয়া মোৰো মন যায় , মোকো যদি কোনোবাই গৰম গৰম ৰুটি সেকি দিলে হয়। কিন্তু এইবোৰ সুখতো কেৱল মাৰ ঘৰত আছিল।
মাকৰ কথা মনত পৰি চকুলো বৈ আহে লখিমীৰ। যেতিয়া মনটো বিচলিত হয় তেতিয়া এনে লাগে যেন সকলোকে দোষাৰ মান শুনাই দিওঁ। সকলোকে কবলৈ মন যায় যে এই যে দুখন ৰুটি মই খাও , দিনটো কষ্ট কৰি মই খাবলৈ পাও।
চাওঁতে চাওঁতে কেনেকৈ নো সময় পাৰ হল ধৰিবই নোৱাৰি। আজি শাহুৰ, শহুৰ স্বৰ্গবাসী হল। ননদ আৰু দেউৰেকো নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ পৰিল। কিন্তু সমীৰৰ স্বভাৱ আজিও তেনেদৰেই আছে। মোৰো দুটা সন্তান ডাঙৰ হল। মোৰ ছোৱালী নিজৰ শহুৰৰ ঘৰখনত বহুত সুখী, ভগৱানৰ কৃপাত তাই মোৰ দৰে ঘৰ এখন নাপালে। তাইৰ জীৱন সংগী আৰু পৰিয়ালতো বহুত সহজ সৰল চিন্তাধাৰাৰ মানুহ। মোৰ ছোৱালীক নিজৰ ছোৱালীৰ দৰে ভাবে।( Assamese Storyboard )
যেতিয়া মোৰ লৰাই অশোকে তাৰ পছন্দৰ কথা মোৰ ওচৰত কলে তেতিয়া সমীৰে বহুত খং কৰিলে। কিন্তু লৰাৰ পছন্দৰ সন্মুখত তেওঁ সেও মানিব লগা হল। যেতিয়া মই অশোকৰ বিয়াৰ প্ৰস্তুতিত ব্যস্ত আছিলো তেতিয়া বহুত মানুহে মোক কলে যে ,' লখিমী এতিয়া তুমিও শাহু হব গৈ আছা। গোটেই জীৱন প্ৰথমে শাহুৰ গোলামী কৰিব লাগে আৰু তাৰ পাছত বোৱাৰীৰ গোলামী । এতিয়া তুমিও এইবোৰতেই লাগি থাকিব লাগিব।'
লখিমীয়ে ভাবিলে এতিয়া তো মোৰ এইবোৰ কৰি কৰি অভ্যাস হৈ পৰিল। জীৱনটোৰ পৰা আৰু একো বস্তুৰে আশা নকৰো। জীৱনৰ এই সময়ছোৱাও হাঁহিমুখেৰে পাৰ কৰিম। ৰিমঝিম , মোৰ অশোকৰ পছন্দ সঁচাকৈয়ে বহুত বিশাল হৃদয়ৰ গৰাকী। ৰিমঝিম এজনী চাকৰি কৰা ছোৱালী। অৱশ্যে আজিকালি ছোৱালীবোৰ নিজৰ কেৰিয়াৰ লৈ বহুত সজাগ আৰু হবও লাগে। কিয়নো ইমান কষ্টেৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰে আৰু সেই শিক্ষাৰ লাভ উঠোৱা আৰু তাৰ সঠিক ব্যৱহাৰ কৰিব তেওঁলোকে জানে। মইও সুখী আছিলো কাৰণ মোৰ বোৱাৰীয়ে সেইবোৰ সহিব নালাগে যিবোৰ মই সহিলো। মই সদায় অশোকক এইটো শিক্ষা দি আহিছো যে,' সোণটো,সদায় নাৰীৰ ভাবনাবোৰৰ সন্মান কৰিবা। তেওঁলোকক সেইখিনি সন্মান দিবা যিমানৰ তেওঁলোক অধিকাৰি।' মই সম্পূৰ্ণ চেষ্টা কৰিছিলো যাতে অশোক সমীৰৰ দৰে নহয় আৰু হয়তো মই সফল হলো কাৰণ অশোকে মোকো বহুত সন্মান কৰিছিল। যিবোৰ লৰাই নিজৰ মাকক বহুত মৰম আৰু সন্মান দিয়ে তেওঁলোকে নিজৰ পত্নীকো বহুত সন্মান দিয়ে। মোৰ মায়ে এনেদৰে কৈছিল।
ৰিমঝিম বহুত ভাল ছোৱালী। মই তাইক সোনকালে কোনো কাম কৰিব নিদিওঁ কাৰণ মই ভাবো তাই নিজৰ জীৱনটো খোলা মনেৰে যাতে জীয়াই থাকিব পাৰে। এদিন ঘৰৰ বেলটো বজাত ওলাই আহি দেখিলো ৰিমঝিমে এজনী কাম কৰা মানুহ লগত লৈ আহিছে। তাই আহিয়েই মোক কলে,"মা, আপুনি বহুত কাম কৰিলে, এতিয়াৰ পৰা আপুনি আৰাম কৰিব। এইয়া মণি হয়, আজিৰে পৰা তাই আমাৰ ঘৰত থাকিব আৰু ঘৰৰ সকলো কাম তাইয়েই চোৱা চিতা কৰিব। ৰন্ধা বঢ়াৰ কামো তাইয়েই কৰিব।" ৰিমঝিমে মণিৰ ফালে দেখুৱাই কলে।
"কিন্তু মাজনী এওঁক তো দৰমহা বহুত দিব লাগিব, অশোকে কেতিয়াও মানি নলব।"
"মা, মই আছো নহয়, এই সকলোবোৰ মই চাই লম। মই ইমান টকা ঘটো কিয়? মা , আপুনি যেতিয়া মোক নিজৰ ছোৱালী মানিছে গতিকে মইও আপোনাক মনৰ পৰা মোৰ মা বুলি মানিছো। যেতিয়া আপুনি মোৰ ভাবনাবোৰৰ ইমান ধ্যান ৰাখে ,তেন্তে এইয়া মোৰো কৰ্তব্য যে মই আপোনাৰ ভাবনাবোৰৰ ধ্যান ৰাখো। মই আৰু একো শুনিব নিবিচাৰো।
আৰু অ মণি, তুমি মাক দুই টাইম গৰম গৰম ৰুটি সেকি খুৱাবা।" কথাখিনি কৈ ৰিমঝিম অফিচলৈ গল আৰু লখিমিৰ চকুলো বৈ আহিল। মনৰ মাজতে ৰিমঝিমৰ বাবে এবুকু মৰম উপচি পৰিল। লখিমীয়ে ৰিমঝিমক আলিংগন কৰি কলে,"ধন্যবাদ মাজনি।"
ৰিমঝিমে কলে," ধন্যবাদ কৈ মোক পৰ কৰি নিদিব মা।"
"অ মাজনী সুখী হোৱা, সুভাগ্যবটি হোৱা।" লখিমীয়ে অনেক আশীৰ্বাদ আৰু মৰম বোৱাৰীয়েকৰ ওপৰত বোৱাই দিলে।
কোনে কয় যে বোৱাৰী বেয়া বুলি? এবাৰ বোৱাৰীক নিজৰ ছোৱালী বুলি ভাবি চাওক , মনৰ পৰা আপুন কৰি লওক। এই যে বোৱাৰীৰ পৰা হোৱা ছোৱালীবোৰে যদি আপোনাৰ জীৱন স্বৰ্গ বনাই নোতোলে তেতিয়া কব। প্ৰতিখন ঘৰতেই বেলেগ কাহিনী থাকে, কৰবাত শাহু বেয়া আৰু কৰবাত বোৱাৰী বেয়া। দুয়োৰে মাজত যদি বেয়া গুন আছে তেন্তে দুয়োৰে মাজত ভাল গুণও আছে। আমাৰ বাবে ভাল এইটোৱেই হব যে আমি বেয়াবোৰ নেদেখাৰ ভাও জুৰি এৰি দিব লাগে আৰু ভালগুণবোৰ চাব লাগে। তেনেকুৱা কৰিলে আমি ইজনে আনজনক স্বীকাৰ কৰিবলৈ সহজ হৈ পৰিব আৰু জীৱন স্বৰ্গতকৈ সুন্দৰ হব।
এবাৰ এনেকুৱা কৰিটো চাওক, নিশ্চয় জীৱনটো সহজ হৈ পৰিব।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment