ক্লাছৰ পৰা ওলায়ে ফোনটো এবাৰ চালে ৰাজীৱে । তিনিটা মিছ কল ওলাই আছে তাকো ভৈৰৱৰ । ৰাজীৱে লগে লগেই ফোন কৰিলে ভৈৰৱলৈ । ( Assamese Storyboard )
: হেল্ল'.....! ভৈৰৱ দা । ফোন কৰিছিলা....?
: ক্লাছৰ পৰা ওলালা নেকি....? লাহেকৈ সুধিলে ভৈৰৱে ।
: এইমাত্ৰ ওলাইছোঁ কোৱা ।
: তুমি বাহিৰলৈ ওলাই আহাচোন...., মই গিতালী বুক ষ্টলৰ ওচৰতে ৰৈ আছো ।
: কিয় ভৈৰৱ দা....? তোমাৰ গা বেয়া লাগিছে নেকি.....!
: আহিবা নে নাহা সেইটো কোৱা....? বেছি প্ৰশ্ন কৰি নকৰিবা ।
: গৈ আছোঁ । তুমি ৰৈ থাকা । কথাষাৰ কৈয়ে ফোনটো কাটি দিলে ৰাজীৱে ।
: কাৰ লগত কথা পাতিলি ৰাজীৱ....? প্ৰশ্ন কৰিলে মন্দিৰাই
: ভৈৰৱ দাই । তহঁতে ক্লাছ কেইটা কৰিবি , মই এতিয়া ক্লাছ নকৰোঁ । কিবা নো'টছ দিলে মোক দিবি ।
: তই ক্লাছ কিয় নকৰ....?
: মোৰ কাম এটা আছে । দেৰি হৈছে মই গৈ থাকোঁ ..... কথাষাৰ আধৰুৱা কৰি খৰখেদাকৈ ৰাজীৱ কলেজৰ চৌহদৰ পৰা বাহিৰলৈ ওলাই গ'ল । গিতালী বুক ষ্টলৰ সন্মুখতে বাইকখন ষ্টেণ্ড কৰি বহি আছে ভৈৰৱ । ভয়ে ভয়ে কাষ চাপি গৈ মাত লগালে .....ভৈৰৱ দা । কোৱা কিয় মাতিছিলা....?
: উঠা ....! বুলি কৈ বাইকখন ঘূৰাই ললে ভৈৰৱে ।
: ক'ত যাবা ভৈৰৱ দা...?
: বহাচোন...! যাম ক'ৰবাত ...
বেগটো পিঠিত ওলমাই বাইকত উঠিল ৰাজীৱ । ভয় ভয় ভাব এটাই ৰাজীৱক বৰ বেয়াকৈ দহিছে । কি হৈছে একো অনুমান কৰিব পৰা নাই । ভৈৰৱেও কথাবোৰ মুখ খুলি কোৱা নাই । কেৱল মুখখন ফুলাই আছে । লাজ লাজকৈ ৰাজীৱে পাছফালৰ পৰা ভৈৰৱক সাৱটি ধৰিলে । ভৈৰৱেও একো নকলে । কলেজৰ পৰা কিছু দূৰত থকা চুকাফা উদ্যানখনৰ গেটৰ সন্মুখত বাইকখন ৰখাই টিকট দুটা কাটি দুয়ো পাৰ্কৰ ভিতৰলৈ সোমাই গ'ল । পাৰ্কখনৰ একাষে থকা ডাঙৰ পুখুৰীটোৰ পাৰত কোমল সেউজীয়া বননীখনতে বহি দিলে দুয়ো । ভৈৰৱে ৰাজীৱৰ হাত এখন নিজৰ হাত দুখনৰ মাজত সুমুৱাই এবাৰ ৰাজীৱৰ মুখনলৈ চালে । ৰাজীৱৰ কজলা চকুযুৰিৰ মাজত ভৈৰৱে যেন নিজকে বিচাৰি পালে ।
: ..... হাতখন এৰি দিয়া ভৈৰৱ দা ,মানুহে দেখিব ।
: দেখক । দেখিলে কি হ'ব...? আমিটো একো বেয়া কাম কৰা নাই ।
: সেইটো হয় । তথাপিও ভয় লাগে ।
: ৰাজীৱ , তোমাক মই ইয়ালৈ কিয় লৈ আহিছোঁ জানা....!
: ফুৰাবলৈ.....!
: নহয় , কিছুমান দৰকাৰী কথা ক'বৰ বাবেহে ইয়ালৈ লৈ আহিছোঁ ।
: ভৈৰৱ দা.....! কি দৰকাৰী কথা...?
: তুমি নিজক কিমান ভাল পোৱা ....?
: বহুত ভাল পাওঁ । কিয় সুধিলা....?
: প্ৰশ্ন নকৰিবা কেৱল উত্তৰ দিয়া ।
: ঠিক আছে । কোৱা...
: তুমি নিজকে দুৰ্বল বুলি ভাবা নেকি....?
: নাভাবোঁ ।
: তোমাক যদি কোনোবাই সলনি হ'বলৈ কয় তুমি সলনি হৈ যাবা নেকি....?
: কেতিয়াও নহওঁ । জীৱনটো মোৰ, গতিকে মই নিজৰ জীৱনটো মনে বিচৰা ধৰণে সজাই তুলিব বিচাৰোঁ ।
: good । ময়ো নিবিচাৰোঁ সলনি হবলৈ । প্ৰয়োজন হ'লে নিজকে শেষ কৰি দিম তথাপিও নিজৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিব নোৱাৰো ।
: প্লীজ....! ভৈৰৱ দা , তেনেকুৱা কথা ন'কবা । জীৱনটো বৰ ক্ষন্তেকীয়া গতিকে জীৱনৰ প্ৰতিটো পল সুন্দৰকৈ উপভোগ কৰিবলৈ শিকা ।
: সেইটো হয় ।
: ভৈৰৱ দা , তুমি আজি কিয় মন মাৰি আছা । ৰাতিপুৱাটো ঠিকেই আছিল । কোনোবাই কিবা ক'লে নেকি....?
: নাই । কোনেও একো কোৱা নাই ।
: তেন্তে...! তুমি মুখখন কিয় ফুলাই থৈছা...? সঁচা কথা কোৱা ভৈৰৱ দা ...
: সচাঁকৈ কৈছোঁ ।
: মোৰ বিশ্বাস হোৱা নাই...! মোৰ দুচকুত দুচকু থৈ ক'ব পাৰিবা নে....? কোৱা ভৈৰৱ দা.....?
: ৰাজীৱ...! কথাবোৰ তুমি সহ্য কৰিব পাৰিবা জানো...!
: মই আজিকালি সকলো সহ্য কৰিব পাৰোঁ ভৈৰৱ দা । সকলো দুখ সহ্য কৰি কৰি মোৰ হৃদয়খন শিল হৈ গ'ল ....। বৰ দুখেৰে কলে ৰাজীৱে ।
: দুখ নকৰিবা ৰাজীৱ । মই আছোঁ নহয়...!
: কথা সলাব নালাগে । আচল কথাটো কোৱা....
: একেটা কথাকে তুমি বৰ পেৰি থাকিব পাৰা দেই । অধিৰে তোমাৰ কথা বেয়াকৈ কৈছিল । সেয়ে মনটো বেয়া লাগি আছে ।
: সেইটোনো কি ডাঙৰ কথা । মিছাতেই মন বেয়া নকৰিবা ভৈৰৱ দা । এই পৃথিৱীখনত জীয়াই থাকিবলৈ হলে নিজকে অলপ শক্তিশালী কৰিব লাগিব । কথাবোৰ হজম কৰিব পাৰিব লাগিব । ভাল বেয়া সকলো যদি হজম কৰিব পাৰা তেতিয়াহে সুখী হ'ব পাৰিবা ভৈৰৱ দা ।
: সকলো কথা মই সহ্য কৰিব নোৱাৰোঁ ৰাজীৱ । তোমাক মোৰ ভাল লাগিছে সেয়ে তোমাৰ কথা কোনোবাই বেয়াকৈ কলে মোৰ খং উঠে । কথা পাতি থাকোঁতেই ভৈৰৱৰ ফোনটো বাজি উঠিল । পেন্টৰ পকেটৰ পৰা ম'বাইলটো উলিয়াই ফোনটো ৰিচিভ কৰি স্পীকাৰটো অন কৰি দিলে ভৈৰৱে । ( Assamese Storyboard )
: হেল্ল'....! কোৱা
: আজি কলেজলৈ নাই অহা নেকি....!
: নাই যোৱা ।
: কিয় অহা নাই ভৈৰৱ...?
একো উত্তৰ নিদি ফোনটো কাটি দিলে ভৈৰৱে । ....কোনে ফোন কৰিছিল ভৈৰৱ দা....?
: উপাসনাই ফোন কৰিছিল ।
: অ'...! তোমাক বহুত ভাল পাই নেকি ....?
: নাজানো...! ব'লা , কিবা এটা খাই লওঁ । ভোক লাগিছে..
: ইয়াত ক'ত খাবা ।
: খাম আৰু ক'ৰবাত...। ব'লা...
পাৰ্কৰ পৰা দুয়োটা ওলাই আহি ৰাস্তাৰ কাষতে থকা সৰু হোটেল এখনত সোমাই পেট ভৰাই খাই বাইকত উঠিল । ভৈৰৱৰ লগত দিনটো পাৰ কৰি ৰাজীৱৰ ভালেই লাগিল । সি বিচৰা ধৰণেই ভৈৰৱে তাক মৰম কৰিছে । ভৈৰৱৰ প্ৰতি এক অজান ভালপোৱাই ৰাজীৱৰ বুকুত বাঁহ সাজিছে । .....ভৈৰৱ দা, সঁচা মৰম আৰু আন্তৰিকতাৰে আমি এটা সম্পৰ্ক গঢ়ি তুলিব নোৱাৰো নে....!
: কিয় নোৱাৰিম....! পাৰিম ৰাজীৱ ।
: কিন্তু সেই সম্পৰ্কটো শাৰীৰিক আৰু মানসিক উভয় দিশৰ পৰাই সম্পূৰ্ণ হ'ব লাগিব ।
: অলপ বেছি হ'ল নেকি.....! প্ৰথমে ইজনে সিজনক ভালকৈ বুজি লওঁ । তাৰ পাছত লাহে লাহে আমি আগবাঢ়িম নে কি কোৱা....?
: ঠিক কথা কৈছা । ইজনে সিজনক বুজিবলৈ অলপ সময় লাগিব । সম্পৰ্কটো গঢ় দিয়াৰ আগতে আমি অলপ মানসিকভাবেও প্ৰস্তুত হ'ব লাগিব । যাতে সকলো বাধা নেওচি আমি আগুৱাই যাব পাৰোঁ । আবেগেৰে কিবা এটা সিদ্ধান্ত লোৱাতকৈ বিবেকেৰে সিদ্ধান্ত ল'ব লাগে নহয়নে ভৈৰৱ দা ।
: হয় । সেয়ে মই তোমাৰ পৰা অলপ সময় বিচাৰিছোঁ ।
: তুমি মোক ভাল পোৱা বা নোপোৱা তাত মোৰ কোনো আক্ষেপ নাই ভৈৰৱ দা , তোমাক মোৰ ভাল লাগে সেয়ে তোমাক দুচকুৰে হেঁপাহ পলুৱাই চাওঁ ।
: তোমাক মই ভাল নাপাওঁ বুলি কোৱা নাই । মাথোঁ অলপ সময় বিচাৰিছোঁ ।
কথা পাতি আহি থাকোঁতেই ভৈৰৱে বাইকখন তিনি আলিটোত ৰখাই দিলেহি । ৰাজীৱ বাইকৰ পৰা নমাৰ লগে লগেই ভৈৰৱ কো-কোৱাই গুচি গ'ল । বাইকখন নেদেখা হোৱালৈকে ডিঙি মেলি মেলি চালে ৰাজীৱে । বেগৰ পৰা ছাতিটো উলিয়াই এখোজ দোঁখোজকৈ ঘৰলৈ খোজ দিলে ৰাজীৱে । ভৈৰৱৰ সৈতে কটোৱা মধুৰ সময়খিনিয়ে ৰাজীৱৰ মনত আনন্দৰ জোৱাৰ তুলিলে । .....এটা সম্পৰ্ক আৰম্ভ হ'বলৈ দুটা মন , দুখন হৃদয়ৰ প্ৰয়োজন । সেইদৰে সম্পৰ্কটো জীয়াই ৰাখিবলৈ দুয়োজনৰ মাজত বিশ্বাস আৰু বুজাবুজিৰ প্ৰয়োজন । কিন্তু দুজন পুৰুষৰ মৰম ভালপোৱাক সমাজে আঁকোৱালি ল'বনে...? শাৰীৰিকভাবে মই যদিওঁ পুৰুষ মানসিকভাবে সম্পূৰ্ণ নাৰী , কিয়....? পুৰুষৰ মৰম আৰু নিৰাপত্তা অনুভৱ কৰোঁ মই.....! কথাবোৰ দেখুন ইমান সহজ নহয়.....! ভৈৰৱ দাই বুজিবনে মোৰ মনৰ অনুভৱ....! পাৰিবনে জীৱন সংগীৰূপে আঁকোৱালি ল'ব ....! নিজেকে নাৰী সজাই আজীৱন সুখ লভিব পাৰিমনে....? নে নিজৰ ইচ্ছা অনুভূতিক হত্যা কৰি আজীৱন অভিনয় কৰিম...? কথাবোৰ ভাবি ভাবি আহি থাকোঁতেই ৰাজীৱ আহি ঘৰ পালেহি । গেটখন খুলি ভিতৰলৈ সোমাই অহা লগে লগেই তৰাই প্ৰশ্ন কৰিলে ।
: আজি ইমান দেৰি হ'ল যে সোণ....?
: লাইব্ৰেৰীত কিতাপ এখন পঢ়ি আছিলোঁ । একেবাৰে পঢ়ি শেষ কৰি আহিলোঁ । সেয়ে দেৰি হ'ল মা...
: যোৱা...! ফ্ৰেচ হৈ লোৱাগৈ । মই ভাত ৰেডী কৰোঁ...
: এতিয়া ভাত নাখাওঁ মা , ভোক লগা নাই ।
: কিয় সোণ...? গা বেয়া নেকি....?
: গা বেয়া নহয় মা । আজি কেণ্টিনত খাই আহিছোঁ ।
: ঠিক আছে তেন্তে । তুমি ফ্ৰেচ হৈ ৰেষ্ট কৰা । মই অকণমান বাটে বাটে ওলাই যাওঁ ।
কথাষাৰ কৈ কাপোৰজোৰ সলাই তৰা ওলাই গ'ল । ৰাজীৱেও ফ্ৰেচ হৈ টাৱেল এখনেৰে হাত ভৰি কেইটা মোহাৰি বিচনাত উঠিল । কোমল গাৰুটো বুকুত সাৱটি কল্পনাৰ এখন ৰঙীণ পৃথিবীত নিজকে যেন উটুৱাই দিলে ৰাজীৱে ।
ক্ৰমশঃ....
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Assamese Storyboard )



No comments:
Post a Comment