কইনাৰ সাজত মাধুৰীয়ে নিজৰ কোঠাত স্বামীৰ বাবে অপেক্ষা কৰি আছিল। ফুলৰ সুগন্ধই তাইৰ নাকৰ পৰা গৈ অন্তৰত উগুল থুগুল লগালে।( Assamese Storyboard )
বিয়াত অহা বান্ধৱীবোৰে ফুলশয্যাৰ কাহিনীবোৰ কৈ কৈ তাইক খুব জোকালে। আৰু তাই সিহঁতৰ ওপৰত হাঁহি খং দেখুৱালে। এই সময়ত এইবোৰ কথা ভাবি ভাবি তাই খুব উৎসুক হৈ পৰিছে আৰু মনতে ভয়ো কৰিছে। তাই এইবোৰ ভাবি থাকোতেই ভৃগু ৰুমলৈ আহিল।
মাধুৰীয়ে লাজ আৰু ভয়ত কোচ খাই আহিল। তেতিয়াই ভৃগুৱে ৰুমৰ লাইটতো অফ কৰি কলে," শুই যোৱা বহুত ৰাতি হল।," ভৃগুৰ পৰা এনেকুৱা এটা ব্যৱহাৰ তাই আশা কৰা নাছিল। তথাপিও তাই কলে,' কাপোৰ সলাবলগীয়া আছিল।'
" ইয়াত কব লগীয়া কি আছে ? যোৱা সলাই লোৱা। মোৰ টোপনি ধৰিছে ।" ভৃগুৱে বিৰক্তিৰে কলে আৰু বিচনাৰ এটা চুকত গৈ শুই পৰিল।
মাধুৰীয়েও মনে মনে গৈ বাথৰূমত কাপোৰ সলাই আহি বিছনাৰ আনতো চুকত শুই পৰিল। ভৃগুৰ এনেকুৱা ব্যৱহাৰ দেখি তাই আচৰিত হল। তাইৰ সকলো আশা তেনেদৰেই থাকিল। ভাবি ভাবি তাইৰো টোপনি আহিল।
পিছদিনাৰ পৰা তাইৰ নতুন ঘৰ খনত দায়িত্ব বাঢ়িল। বহু নিয়ম হল আৰু কামৰ মাজেৰে দিনটো পাৰ হল, ৰাতিলৈকে তাই ভাগৰি পৰিল। কোঠালৈ যোৱাৰ পাছত ভৃগুৰ অসহ্যকৰ ব্যৱহাৰে মনটো একেবাৰে ভাঙি পেলাই। দিনততো তেওঁলোকে মানুহক দেখুৱাই স্বামী স্ত্ৰীৰ দৰে ব্যৱহাৰ কৰে কিন্তু ৰাতি সকলো সলনি হৈ যায়। ভৃগুৰ এই ব্যৱহাৰৰ কাৰণ মাধুৰীয়ে বুজি পোৱা নাছিল। সিহঁতৰ এৰেঞ্জ মেৰিজ যদিও বিয়াৰ আগতে বহুতবাৰ দুয়োয়ে ফোনত কথা পাতিছে। তেতিয়া কিন্তু ভৃগুৱে তাইৰ লগত ভালকৈ কথা পাতিছিল।
মাধুৰীৰ বিয়া খুব উথপথপত হৈছিল। ভৃগুৰ পৰিয়ালতো গোটেই চহৰৰ ভিতৰত প্ৰভাৱশালী আছিল। ইমান এখন ডাঙৰ ঘৰত মাধুৰীৰ বিয়াৰ কথা মাক দেউতাকে ভাবিবই পৰা নাছিল। মাধুৰীৰ বান্ধৱী এজনীৰ ঘৰলৈ যাওঁতে ভৃগুৰ মাকে তাইক দেখি পছন্দ কৰি বিয়াৰ কথা পাতিলে।
ভৃগুৰ মাকে বিয়াৰ প্ৰস্তাৱ লৈ মাধুৰীৰ ঘৰ উলালগৈ। ইমান এখন প্ৰভাৱশালী ঘৰৰ লগত সম্পৰ্ক গঢ়িবলৈ কোনে বাধা কৰিব । সোনকালেই সিহঁতৰ বিয়া কৰাই দিয়া হল। কোনেও মাধুৰীক সোধাটো প্ৰয়োজনবোধ নকৰিলে। মাধুৰীয়ে তাইৰ সহপাঠী এজনক পছন্দ কৰিছিল। হয়তো সেই লৰা জনেও তাইক পছন্দ কৰিছিল কিন্তু প্ৰেম হোৱা নাছিল। মাধুৰীয়ে যেতিয়া তাইৰ বিয়াৰ কাৰ্ড লৰাজনৰ হাতত দিলে সি উদাস হৈ তাইক তাৰ ফোন নম্বৰতো দি কলে,"তোমাৰ যেতিয়া মোলৈ মনত পৰিব মোক ফোন কৰিবা।" আৰু সি খৰকৈ তাৰ পৰা গুচি আহিল। তাৰ চকুলো সি মাধুৰীৰ পৰা লুকুৱাব নোৱাৰিলে। মাধুৰীয়ে চিৰঞ্জীতৰ নাম্বাৰ যতনে থৈ দিলে।
ভৃগুৰ এই ব্যৱহাৰে তাইক বৰ কষ্ট দিয়ে, তাই বহুতবাৰ ভৃগুৰ লগত কথা পাতিব বিচাৰে কিন্তু প্ৰতিবাৰেই সি মুখ ঘূৰাই শুই যায়।
এদিন ৰাতি মাধুৰীয়ে তাইৰ পিঠিত এক মজবুত হাতৰ স্পৰ্শ অনুভৱ কৰিলে। প্ৰথমেতো তাই আচৰিত হল কাৰণ ভৃগুৰ ব্যৱহাৰৰ পৰা তাই একো আশা কৰা নাছিল। যেতিয়াই তাই ঘূৰি চালে ভৃগুক তাইৰ ফালে চাই হাঁহি থকা দেখা পালে। মাধুৰীৰ বাবে এইয়া যেন এক সপোন কাৰণ ভৃগুৰ এনেকুৱা চেহেৰা তাইৰ বাবে একেবাৰেই নতুন। তাৰ স্পৰ্শত মাধুৰী আপুনপাহৰা হৈ গল। সেই ৰাতি দুয়োয়ে নিজক সপি দিয়াৰ মন মেলিলে। বহুতবাৰ ভৃগুৱে তাইক বেয়া ব্যৱহাৰ কৰিল যদিও তাই মনতে ভাবিলে যে অন্তত তাৰ সহ্যৰ সীমা হেৰাল। আৰু তাই সি দিয়া কষ্ট বোৰ সহ্য কৰি গৈ থাকিল। পিছদিনা ৰাতিপুৱা তাই ভৃগুক জোকাই কলে," এজনী মহিলা বিছনাত শুই থকা অৱস্থাত এজন পুৰুষে কেতিয়ালৈকে নিজক চম্ভালি ৰাখিব পাৰিব? শেষত মোৰ চিকাৰ হব লগা হলেই।"
" আঁতৰি যা, অসভ্য কৰবাৰ। তই এজনী বেশ্যা হয়। তই কি ভাবিলি যে তোৰ দাগ মোৰ পৰা লুকুৱাব পাৰিবি। যোৱাৰাতিৰ এই বগা বিছনা চাদৰ খনে তোৰ কুকৰ্ম চিঞৰি চিঞৰি কৈ আছে। এতিয়াই তোৰ ঘৰৰ মানুহক মাতিছো ৰহ। নিজৰ বয়বস্তু সামৰ আৰু ওলাই যা মোৰ ঘৰৰ পৰা।"
ভৃগুৰ চিঞৰ শুনি ঘৰৰ সকলো মানুহ তাৰ ৰুমলৈ আহিল। মাধুৰীয়ে তাৰ এই ৰূপ দেখি অবাক হল। সকলোৰে চকু বিছনাত পাৰি থোৱা চাদৰখনত আছিল। মাধুৰীয়ে লাজতে তলমূৰ কৰিলে। ভৃগুৱে যে এনেকুৱা চিন্তাধাৰা ৰাখিব পাৰে তাই ভাবিবই পৰা নাছিল। শাহুয়েকেও নিজৰ কথা শুনাই গল," মই আগৰ পৰাই গম পাইছিলো এইজনী চৰিত্ৰহীন বুলি। সেইকাৰণে মই তাইৰ মাহেকীয়া শেষ হোৱাৰ পাছত ভৃগুক তাইৰ কাষলৈ যাব কৈছিলোঁ। যদি এই সময়ত তাইৰ কাষ চাপিল হয় আমিতো একো গমেই নাপালো হয়। কোন আছিল তোৰ প্ৰেমিক ক? কাৰ লগত এই বেয়া কামবোৰ কৰি মোৰ লৰাৰ পিঠিত চুৰীৰে আঘাত কৰি আছিলি?"
এইবোৰ শুনি মাধুৰীৰ মুখখন খং আৰু লাজত ৰঙা পৰি গল। এইবোৰ জানি তাইৰ ভৃগুৰ প্ৰতি ঘৃণা উপজিল। যি লৰাই মাকৰ কথামতে পত্নীৰ ওচৰ চাপে সি নো তাইৰ কাৰণে কি কৰিব পাৰিব? ঘৰৰ সকলোৰে মুখ কোচ খাই গল আৰু মাধুৰী সেই ভুলৰ শাস্তি পোৱাৰ বাবে দুখী আছিল যিটো ভুল তাই কৰাই নাই। সন্ধিয়া মাধুৰীৰ মাক দেউতাক(বসন্ত আৰু শেৱালি) আহিল। ভৃগুৰ মাক দেউতাকে তেওঁলোকক কিমান যে কথা শুনালে। সকলোৰে কথা শুনি মাধুৰীয়ে বৰ কষ্ট পালে। তাইৰ মন মগজুত এক অদ্ভুত চিন্তা হৈছিল। তাৰ পাছত তাই অলপ সময় চিন্তা কৰি চিনাকি ডাক্তৰ এগৰাকীক ফোন কৰিলে। ডাক্তৰ গৰাকীক সোনকালে আহিবলৈ কলে। অলপ সময় পাছত স্ত্ৰী ৰোগ বিশেষজ্ঞৰ লগত চিৰঞ্জিত আহি উপস্থিত হল। যেতিয়া ডাক্তৰ গৰাকীয়ে কথাবোৰ শুনিলে তেওঁ কলে," আজিকালি বিয়াৰ প্ৰথম ৰাতি ৰক্তক্ষৰণ নোহোৱাতো বহুত সাধাৰণ কথা। কেতিয়াবা ছোৱালীবোৰে খেল ধেমালি, চাইকেল চলাই থাকিলে, নাচি বাগী থাকিলে যোনিদ্বাৰৰ গ্ৰন্থি ফাটি যায়। এনেকুৱা ধৰণৰ কথা আজিৰ দিনত কোনে মানে?"
ডাক্তৰৰ কথা শুনি সকলোৱে শান্তি পালে। কিন্তু এতিয়া বসন্তই তেওঁৰ ছোৱালী এনেকুৱা চিন্তাধাৰা ৰখা মানুহৰ ওচৰত থৈ যাব নোখোজে। কাৰণ যিসকল মানুহে নিজৰ বোৱাৰীৰ মান সন্মান এনেদৰে উদঙাই দিব পাৰে তেনেলোকৰ ঘৰত লাখ ধন সম্পত্তি থাকিলেও নাৰীয়ে সেইঘৰত সন্মান নাপায়। বসন্তই মাধুৰীৰ ফালে চাই দেখিলে তাইও দেউতাকৰ ফালেই চাই আছিল। তাৰ পাছত মাধুৰীৰ দেউতাকে কলে," বিয়নী, আমি আমাৰ ছোৱালী জনীক আপোনাৰ লৰাৰ লগত প্ৰভাৱশালী ব্যক্তি হোৱাৰ বাবে বিয়া দিছিলোঁ ঠিকেই কিন্তু আমি আপোনাৰ পৰিয়ালৰ এই ঘৃণ লগা সঁচাতো জনা নাছিলো। আপোনালোকে বিয়াৰ বাবে সহমত দিয়াত হে আমি আমাৰ ছোৱালীক বিয়া দিছিলো। আপোনাৰ ধন সম্পত্তি নাৰীৰ সন্মানতকৈ ডাঙৰ হব নোৱাৰে। আপুনি আপোনাৰ লৰাক নাৰীৰ সন্মান কৰিবলৈ শিকাব লাগিছিল। যি মানুহে নাৰীক সন্মান কৰিব নাজানে তেওঁ নিজেই চৰিত্ৰহীন। সি মোৰ ছোৱালীক কি চৰিত্ৰৰ প্ৰমাণ পত্ৰ দিব। আপুনি কি সম্পৰ্ক ভাঙিব ?আমি নিজেই এই সম্পৰ্ক ভাঙিছো আপোনাৰ লৰাৰ লগত।" এনেদৰে কৈ মাধুৰীৰ মাক দেউতাকে তাইক লগত লৈ যাব ধৰিলে।
কিছুদিনৰ পাছত মাধুৰীয়ে দিভৰ'চৰ জাননী পঠিয়ালে। ভৃগু আৰু মাধুৰীৰ মাজত দিভৰ'চৰ কেচ চলিল। ভৃগুৰ ঘৰৰ মানুহে এতিয়া তাৰ বিয়াখন বচাবলৈ চেষ্টা কৰিলে কিন্তু মাধুৰীৰ ভৃগুৰ প্ৰতি ঘৃণা উপজিব ধৰিলে। কোৱা যায় যে , মনৰ পৰা আঁতৰি পুৰুষে আকৌ মনত ঠাই লব পাৰে কিন্তু নিজৰ দৃষ্টিত তললৈ নমাৰ পাছত একো হব নোৱাৰে।
সিহঁতৰ দিভৰ'চৰ সিদ্ধান্ত শুনোৱা হল আৰু তাই মাকৰ ঘৰত আহি থাকিব ললে। দেউতাকৰ কথামতে তাই আকৌ পঢ়া আৰম্ভ কৰিলে। এতিয়া চিৰঞ্জিতে তাইক প্ৰতি খোজতে সহায় কৰিবলৈ প্ৰস্তুত থাকে। কলেজলৈ অনা নিয়া কৰাৰ দায়িত্ব চিৰঞ্জিতে ললে। যিদিনা মাধুৰী কলেজলৈ নাযায় সি তাইক নোটছবোৰ আনি দিয়ে।
পঢ়াৰ ব্যস্ততা বাঢ়ি গল। কেতিয়াবা মাধুৰীৰ ভৃগুৰ লগত কটোৱা সেই ৰাতিটোৰ কথা মনত পৰে আৰু তাই গোটেই ৰাতি সেইবোৰ মনত পেলাই থাকে । কিন্তু যেতিয়া অলপ সময় পাছত তাৰ সেই ঘৃণ লগা ৰূপটো মনলৈ আহে তাই খঙত কব নোৱাৰা হৈ পৰে। কিন্তু কেতিয়াবা তাইক শৰীৰৰ ভোকটোৱে ইমান আমনি কৰে যে তাইৰ এনেকুৱা লাগে যেন কেচ বন্ধ কৰি পুনৰ তাৰ ওচৰলৈ ঘূৰি যাব। কিন্তু পাছত আকৌ নিজৰ মনটোক বুজাই।
আজি আকৌ সিহঁতৰ কেছটোৰ বাবে কর্টত তাৰিখ আছে। কিন্তু বসন্ত আৰু তেওঁৰ পত্নী শেৱালি কিবা জৰুৰী কামত চহৰৰ বাহিৰলৈ যাব লগা হল। শেৱালিৰ যাবলৈ মন নাছিল কিন্তু মাধুৰীয়ে মাক দেউতাকক আশ্বাস দিলে যে তাই অকলেই সকলো চম্ভালিব পাৰিব। কিন্তু দেউতাকে মনত শান্তি নাপালে আৰু চিৰঞ্জীতক ফোন কৰি মাধুৰীৰ লগত যাবলৈ কলে। চিৰঞ্জীতেও সকলো চম্ভালি লোৱাৰ আশ্বাস দিলে। অলপ পাছত চিৰঞ্জিত আহি মাধুৰীক লগত লৈ কর্টলৈ গল। তাত ভৃগুৱে মাধুৰীৰ ওচৰলৈ আহি সকলোবোৰ বুজাবুজি কৰি লবলৈ কলে।কিন্তু মাধুৰীয়ে মানা কৰি দিলে আৰু ভৃগুৰ খং উঠি চিৰঞ্জীতৰ লগত তাইৰ নাম জোৰা দি বহুত কথা শুনালে। তাৰ পৰা সিহঁত ঘৰলৈ আহি থাকোঁতে চিৰঞ্জীতে মাধুৰীক দুখত থকা দেখি তাইক বুজালে। কিন্তু ঘৰলৈ আহি মাধুৰীয়ে চিঞৰি চিঞৰি কান্দিলে।
চিৰঞ্জীতে তাইক শান্ত কৰিবলৈ চেষ্টা কৰিলে আৰু তাই তাৰ ডিঙিত আহি সাৱটি ধৰিলে। চিৰঞ্জীতৰ গোটেই শৰীৰত এক শিহৰণ জাগি উঠিল। সি কি জানিছিল যে যাক সি মনৰ পৰা পাবলৈ আশা কৰিছিল তাই আজি তাৰ দুবাহুত। সি বহুত কষ্টেৰে নিজক চম্ভালিলে। ইফালে মাধুৰীৰ একেই অৱস্থা। বহুতদিনৰ পাছত আজি এক মজবুত দুবাহুয়ে তাইৰ শৰীৰত লগা জুইকুৰাক শান্ত কৰিব চেষ্টা কৰিছে। আৰু তাৰ পাছত দুয়ো নিজৰ মাজত বিলীন হৈ পৰিল।( Assamese Storyboard )
চিৰঞ্জীতৰ হাতৰ স্পৰ্শই মাধুৰীক শান্ত কৰি গৈ আছিল। এই সময় ভৃগুৰ লগত কটোৱা সময়তকৈও বেছি ভাল লাগিল মাধুৰীৰ। চিৰঞ্জীতেতো আগৰ পৰাই মাধুৰীক ভাল পাইছিল। তাৰ আকুলতাবোৰক আজি এক নাম দিবলৈ সি ব্যাকুল হৈ পৰিল। মাধুৰীৰ অৰ্ধতৃপ্ত উত্কন্ঠা আজি চিৰঞ্জিতক কাষত পাই তৃপ্ত হল। লাহে লাহে চিৰঞ্জিতৰ আলিংগন ঢিলা হল আৰু মাধুৰী উঠি যাব ললে। তেতিয়াই সি তাইক কাষলৈ টানি আনি কলে,"তুমি মোক এৰি নাযাবা মাধুৰী। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো। তুমি ভৃগুৰ দুবাহুত সহজ হব পাৰিছিলা নে? সি তো তোমাক এনেদৰেই এৰি দিছিল। কিমান ৰাতি যে মই তোমালৈ মনত পেলাই ব্যাকুল হলো।"
মাধুৰীয়ে কলে," প্লিজ চিৰঞ্জিত , অন্ততঃ মই তোমাৰ দুবাহুত থকা সময়খিনিত ভৃগুৰ নাম নলবা। আৰু বাকী থাকিল তোমাক এৰি থৈ যোৱা কথাটো, মই ভৃগুক এৰি দিছো।যদি তুমি মোক নিজৰ কৰি লব খোজা তেন্তে মোক বিয়া কৰোৱা মোৰ দিভৰ'চৰ পাছত।"
বিয়াৰ কথা শুনি চিৰঞ্জীত অলপ সংযত হল। মাধুৰীয়ে তাক কলে," তোমাৰ ঘৰৰ মানুহে মোক স্বীকাৰ কৰিব পাৰিব জানো?"
চিৰঞ্জিত : ' সঁচা কি সেইটো তুমি ভালকেই জানা। কিন্তু মই তোমাক ইতিমধ্যে স্বীকাৰ কৰিছো গতিকে তোমাক বিয়া কৰোৱাৰ বাবে মই সকলো চেষ্টা কৰিম। প্ৰথমতে মোক এটা চাকৰিৰ দৰকাৰ।"
মাধুৰী:' তোমাৰ যি কৰিব লগা আছে কৰা কাৰণ এতিয়াও তোমাৰ ওচৰত বহুত সময় আছে। মোৰো পঢ়া আৰম্ভ হৈছে গতিকে মইও চাকৰিৰ বাবে চেষ্টা কৰিম।'
চিৰঞ্জিত: তেন্তে আমি এনেদৰে লগ পাই থাকিম নে?
মাধুৰী: যেতিয়াই শৰীৰৰ পিয়াহ লাগিব আমি কাষ চাপিম কিন্তু আমি আমাৰ লক্ষ পূৰন কৰাৰ প্ৰয়াস কৰি থাকিম।'
মাধুৰীৰ কথা শুনি সি তাইক আকৌ সাৱটি ধৰি চুমা আঁকি কলে,' তোমাৰ সংগ পালে মই নিশ্চয় মোৰ লক্ষ্যত উপনীত হম।'
এতিয়া সিহঁতে লগ হলেই শৰীৰৰ ক্ষুধা পূৰণ কৰে। মাধুৰীয়েও জীৱনত আগবাঢ়ি যোৱাৰ বাট বিচাৰি পালে আৰু চিৰঞ্জীতেও বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি চলালে।
ভৃগু আৰু মাধুৰীৰ দিভৰ'চৰ কেচ চলি থাকিল আৰু ভৃগুৱেও সম্পূৰ্ন চেষ্টা কৰিলে সকলো বুজাবুজি কৰি মাধুৰীক উভতাই নিবলৈ। কিন্তু এতিয়া মাধুৰীয়ে চিৰঞ্জীতৰ লগত সপোন ৰচিব ললে। বহুতবাৰ মাধুৰীৰ মাক দেউতাকেও ভৃগুক ক্ষমা কৰি দিবলৈ তাইক বুজালে। কিন্তু মাধুৰীৰ অন্তৰে চিৰঞ্জীতৰ সংগ বিচাৰিছিল।
তাইৰ মাক দেউতাক তাইৰ এই ব্যৱহাৰৰ পৰা চিন্তিত হল। তেওঁলোকৰ এতিয়া মাধুৰীৰ ওপৰত সন্দেহ হল। যেতিয়া মাকে জোৰ কৰি তাইক সুধিলে , তাই চিৰঞ্জীতৰ লগত থকা তাইৰ সম্বন্ধটো স্বীকাৰ কৰিলে। মাক দেউতাক স্তব্ধ হৈ পৰিল। ছোৱালীয়ে তেওঁলোকে গম নোপোৱাকৈ নতুন সংসাৰ কৰাৰ প্ৰস্তুতি চলাই আছে লগতে নিজকেও সপি দিলে।
এতিয়া বাসন্তই চিৰঞ্জীতক সুধিলে,' এইবোৰ তোমালোকৰ মাজত কি চলি আছে?'
চিৰঞ্জিত,'খুড়া আপোনি চিন্তা নকৰিব, মই কাম এটা পালেই মাধুৰীক বিয়া কৰাম।
"কিন্তু তোমাৰ ঘৰৰ মানুহে তাইক স্বীকাৰ কৰিব পাৰিব নে?"
"মই নিজৰফালৰ পৰা সম্পূৰ্ন চেষ্টা কৰিম।"চিৰঞ্জীতে তেওঁক আশ্বাস দিলে।
এতিয়া চিৰঞ্জিত দেখাদেখিকৈ তাইৰ ওচৰলৈ আহে আৰু আহিবলগীয়া দিনবোৰৰ কথা ভাবি ঘণ্টা ঘণ্টা নিজৰ মাজত লিন হৈ পৰে।
ইয়াৰ মাজতে মাধুৰীৰ পৰীক্ষা আৰম্ভ হল। চিৰঞ্জীতেও কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিলে। সি তিনি মাহৰ প্ৰশিক্ষণৰ বাবে চহৰলৈ যাব লগা হল। দুয়োয়ে বিদায় ললে।
এদিন মাধুৰী কলেজৰ লাইব্ৰেৰীত বহি আছিল। তেতিয়াই তাইৰ বান্ধৱী দীপ্তি আহিল।
দীপ্তিয়ে সুধিলে," কেনে আছা মাধুৰী?"
" তুমি কোৱা,কি চলি আছে? তোমাৰ সকলো প্ৰস্তুতি সম্পূৰ্ন হল নে?" মাধুৰীয়ে ওলোটাই প্ৰশ্ন কৰিলে।
"অ প্ৰায় হৈছেগৈ। আৰু মইনো কত চাকৰি কৰিম? বিয়াৰ পাছত চাকৰি কৰাটো অসম্ভৱ যেন লাগিছে কাৰণ তেওঁলোকে চাকৰি কৰিব নিদিয়ে।" দীপ্তিয়ে লাজ কৰি কলে।
" অ হয় নেকি? কোনো কথা নাই প্ৰথমে তই ঘৰখনত গৈ সকলোৰে লগত খাপ খাই ল তাৰ পাছত চাকৰি কৰিবি।"
"তোৰ কথা শুনি বহুত বেয়া লাগিল। কিমান যে নাম থকা মানুহ আছিল তোৰ শহুৰৰ ঘৰখন। কিন্তু বোৱাৰীৰ মূল্য বুজি নাপালে। তোৰ দিভৰ'চৰ কিবা হলনে?"
" নাই অ , এতিয়াও কেচ চলি আছে আৰু তেওঁলোকে মোক উভতাই নিব বিচাৰিছে। কিন্তু এতিয়া তেওঁলোকৰ লগত থাকিবলৈ মোৰ মন নাই।"
"বাদ দে অ, যদি তেওঁলোকে সকলো মিলামিছা কৰিব খুজিছে তেন্তে কৰি ল। কি ঠিক এতিয়া তোৰ লগত ভালদৰে ব্যৱহাৰ কৰিব পাৰে?"
"উম, চাওচোন বাৰু কি হয়।"
"তই শুনিছ নে আমাৰ যে চিনিয়ৰ আছিল চিৰঞ্জিত তাৰো কৰবাত বিয়া ঠিক হৈছে।"
"কিন্তু সি তো এতিয়া কিবা প্ৰশিক্ষণত গৈছে।" মাধুৰীয়ে কলে।
"অ কিন্তু তাৰ পৰা অহাৰ পাছত লগালগ বিয়া। বহুত যৌতুক পাইছে সি। তাৰ চাকৰিটোও তেওঁলোকৰ বাবেই পাইছে।" দীপ্তিৰ এই উত্তৰটিয়ে মনটো ভাঙি পেলালে।
"ঠিক আছে"উদাস মনেৰে কলে।
দীপ্তিয়ে মাধুৰীক জোকাই কলে,"আগতে কলেজত সি তোৰ কাৰণে পাগল আছিল।"
ইফালে মাধুৰীয়ে সেমেকা হাঁহি এটা মাৰি ৰল। চিৰঞ্জীতে তাইক কিমান ডাঙৰ ডাঙৰ কথা কৈছিল। আজি তাই নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিলে , যেন সকলোৱে তাইক মাত্ৰ ব্যৱহাৰ কৰিলে নিজৰ ক্ষুধা পূৰাবলৈ। ঘৰলৈ আহি তাই ৰুমত কান্দিব ধৰিলে। কিছুসময় পাছত মাকে আহি মাত লগালে।
মাধুৰীৰ চকুত চকুলো দেখি মাকে কলে," কি হল মাধুৰী,তোৰ গা ভাল নাই নেকি?"
"মা মই আকৌ শেষ হৈ গলো।" মাধুৰীয়ে মাকক সাৱটি ধৰি কান্দিলে আৰু মাকক সকলো কথা কলে।
সকলো কথা শুনি মাক অবাক হল। দৰ্জামুখত ৰৈ থকা দেউতাকেও সকলো কথা শুনিলে। তেওঁ খঙেৰে কলে," এতিয়াই তাৰ ঘৰলৈ গৈ সকলোৰে আগত তাৰ সকলো কথা কম । চাওচোন সি কেনেকৈ বিয়া নকৰায়?"
তেতিয়াই মাধুৰীৰ মাকে কলে," মনে মনে থাকক। আপুনি তাৰ ঘৰলৈ গৈ এইবোৰ কথা কলে আমাৰ ছোৱালীৰহে বদনাম হব। সকলোৱে তাইকেই দোষ দিব। আৰু ভৃগুৰ ঘৰৰ মানুহে যি বুজাবুজিৰ কথা ভাবিছে ,সিহঁতেও এটা নতুন অজুহাত পাব। এনেকৈটো মাধুৰী চৰিত্ৰহীন হৈ পৰিব সকলোৰে দৃষ্টিত। সকলোৱে জানে নাৰীৰ শৰীৰক জোকাই লৈ এই কামবোৰৰ বাবে তাইক উদগণি এইবোৰেই দিলে। যদি ভৃগুৱে তাইক সন্তুষ্টি দিলে হয় ,তাই কিয় চিৰঞ্জীতৰ দুবাহুত সুখ বিচাৰি গল হেতেন? আৰু তেতিয়া চিৰঞ্জীতেও জানো তাইৰ সুবিধা লব পাৰিলে হয়? প্রতিটো কথাতে সমাজে নাৰীক দোষী সজাই। কিন্তু নাৰীৰ অবিহনে এইখন সমাজৰ কোনো অস্তিত্ব নাই। আজি যদি মোৰ মাধুৰী চৰিত্ৰহীন , তেন্তে তাইক চৰিত্ৰহীন বনালে কোনে? চিৰঞ্জীতৰ কথাবোৰত তো আমিও বিশ্বাস কৰিছিলোঁ। কিয়নো আমি তাইক তাৰ লগত সন্তুষ্ট দেখিছিলোঁ। আমি যেতিয়া তাক বুজি নাপালো তেন্তে তাইৰটো বুকুত জ্বলি থকা জুইকুৰা বেলেগ আছিল।"
শেৱালিৰ কথা শুনি বসন্ত শান্ত হল। তেওঁ কলে,'এতিয়া কি কৰা যায় তুমিয়েই কোৱা?'
শেৱালিয়ে কলে," কৰিবলৈ কি আছে, মাধুৰী এতিয়া ভৃগুৰ ওচৰলৈ উভতি যাব লাগে। কিন্তু এতিয়া চিৰঞ্জীতৰ কথা কোনেও গম পাব নালাগে কিয়নো ইয়াত আমাৰ সন্মান জড়িত হৈ আছে।"
মাধুৰীয়ে আচৰিত হৈ মাকৰফালে চাই কলে,"কিন্তু মা, ভৃগুৱেওতো মোক বহুত অপমান কৰিলে।"
শেৱালি: ভৃগুৰ এইটোৱেই শাস্তি। যেতিয়া তই পবিত্ৰ হৈ আছিলি তেতিয়া সি তোক চৰিত্ৰহীন বুলি কলে কিন্তু আজি এই ৰূপত তই তাৰ বাবে পবিত্ৰ। কিয়নো তাৰ বুকুৰ জুইকুৰাও আধৰুৱা হৈ আছে।"
মাধুৰী মনে মনে ৰুমলৈ গুচি গল। কিছুদিনৰ পাছত সিহঁতৰ কেচৰ ফাইনেল সিদ্ধান্ত আছিল। মাধুৰী কর্টৰ ৰুমলৈ সোমাল ভয় কৰি কৰি। আজি প্ৰথম বাৰ তাই ভৃগুৰ চকুত আতুৰতা দেখিলে। সি তাইক দেখি মিচিকয়াই দিলে কিন্তু মাধুৰীয়ে হাঁহিব নোৱাৰিলে।
দুয়ো পক্ষৰে কথা শুনাৰ পাছত ন্যায়াধীসে সিহঁতক তিনি মাহৰ বাবে লগত থাকিবলৈ কলে। ভৃগুৱে কথাটো শুনি মাধুৰীৰ ওচৰলৈ আহিল আৰু তাইৰ হাতত ধৰি কলে,' কথা দিছোঁ , এই তিনি মাহ তোমাক ইমানেই সুখ দিম যে তুমি আজীৱন মোৰ লগত থাকিব বিচাৰিবা।"
মাধুৰীয়ে একো নোকোৱাকৈ ঘৰলৈ আহিল। কর্টৰ জাননী মতে দুদিন পাছত ভৃগু আহি মাধুৰীক লগত লৈ পাহাৰৰ ফালে ফুৰাবলৈ লৈ গুচি গল। তালৈ গৈ মাধুৰীয়ে হোটেলৰ ৰুমৰ সাজ সজ্জা দেখি চিন্তাত পৰিল- " সচাই মায়ে ঠিকেই কৈছিল যে যেতিয়া মই পবিত্ৰ আছিলো তেতিয়া ভৃগুৱে মোৰ মূল্য বুজি নাপালে আৰু আজি মোৰ কুলখিত চৰিত্ৰক আপোন কৰিবলৈ ইমান টকা খৰচ কৰিছে। সচাই, শৰীৰৰ ভোকে এইবোৰ কত ভাবিবলৈ সময় দিয়ে।"
তেতিয়াই ভৃগুৱে পিছফালৰ পৰা আহি সাৱটি ধৰি তাইক বিছনাত শুৱাই দিলে আৰু নিজৰ প্ৰেমৰ প্ৰমাণ দিবলৈ চেষ্টা কৰিলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment