কি হব এইখন সংসাৰৰ শেষ পৰিণতি ( খণ্ড - ৪ ) ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 23, 2021

কি হব এইখন সংসাৰৰ শেষ পৰিণতি ( খণ্ড - ৪ ) ? Storyboard

Storyboard

ৰিয়াৰ নতুন আৰম্ভণি।

বেদান্ত:  ৰিয়া সোনকাল কৰা। আজি তুমি মোৰ লগত কলেজ যাব লাগিব।( Storyboard )

ৰিয়া: তুমি ইমান কিয় চিঞৰিছা? মই আহিছোয়েই।

বেদান্ত: এই ছোৱালীবোৰেও যে সাজি কাচি ওলাবলৈ কিমান সময় নষ্ট কৰে।

ৰিয়াই পাকঘৰৰ পৰা ওলাই আহি কলে,' প্ৰথমে কিবা এটা খাই লোৱা। মা দেউতা সোনকালে আহক নহলে ব্ৰেকফাষ্ট ঠাণ্ডা হৈ যাব।'

বেদান্তই আচৰিত হৈ," তুমি পাকঘৰত আছিলা! মইতো ভাবিলো তুমি মেক আপ কৰি আছা।"

দাইনিং টেবুলত সকলো গোট খালে।

কল্পনা:  মোৰ ছোৱালীক কিয় জোকাই আছা? তাইক মেক আপৰ দৰকাৰ নাই , তাই এনেকৈয়ে বহুত ধুনীয়া।

বেদান্ত: তুমি ঠিকেই কৈছা মা,

 আমাৰ ৰিয়া এনেকৈয়ে ধুনীয়া।

অমৰ : 'ৰিয়া মই অধ্যক্ষৰ লগত কথা পাতিলো তুমি বেদান্তৰ লগতে গুচি যাবা। তালৈ গৈ সকলো কাগজ পত্ৰৰ কাম কৰি লবা।' তাৰ পাছত বেদান্তৰফালে ঘূৰি চাই কলে,' ৰিয়া আজিৰে পৰা তোমাৰ লগত অহা যোৱা কৰিব গতিকে তাইৰ ধ্যান ৰাখিবা।'



বেদান্ত : হয় পাপা, ৰিয়া আজিৰে পৰা মোৰ দায়িত্ব। মই তাইৰ সম্পূৰ্ণ ধ্যান ৰাখিম।

ৰিয়া: ধন্যবাদ দেউতা।

অমৰ: ইয়াত ধন্যবাদৰ কোনো কথা নাই মাজনী। তোমাৰ সুখ তোমাৰ অধিকাৰ হয় গতিকে কেতিয়াও নিজৰ অধিকাৰ এৰি নিদিবা। বুজি পালা নহয়?

ৰিয়া: হয় দেউতা।

অমৰ: আৰু যদি কিবা অসুবিধা হয় তেন্তে কবা।

ৰিয়া: ঠিক আছে দেউতা।

বেদান্ত: চিন্তা নকৰিবা দেউতা মই সকলো চম্ভালি লম।

সি ৰিয়াক লগত লৈ কলেজলৈ ওলাই গল। অধ্যক্ষৰ ৰুমৰ পৰা ওলাই আহি সি ৰিয়াক গোটেই কলেজখন দেখুৱালে।

ৰিয়া: বেদান্ত তোমাৰ কলেজখনেই সচাই বহুত ভাল।

বেদান্ত:পছন্দ হল যদি ব'লা কেণ্টিনলৈ গৈ কিবা এটা খাই লওঁ ভোক লাগিছে।

ইফালে ক্লাছৰোমত লৰা এজনে কলে," আৰে উৰ্মি তুমি ইয়াত বহি আছা আৰু ইফালে বেদান্তই কেণ্টিনত বেলেগৰ লগত বহি কফি খাই আছে।"

উৰ্মি:চোৱা মোৰ লগত ধেমালি নকৰিবা, নহলে আকৌ পিতন দিম।

বিক্ৰম: 'মই মিছা কোৱা নাই। তুমি নিজেই গৈ চাই লোৱা কেণ্টিনত।'



তেতিয়াই আৰু এজনী ছোৱালী ক্লাছৰোমলৈ আহি কলে,' উৰ্মি বিক্ৰমে মিছা কোৱা নাই। মই এতিয়া কেণ্টিনৰ পৰাই আহিছো। সচাকৈ বেদন্তৰ লগত কোনোবা ছোৱালী এজনী আছে।'

উৰ্মি:'কি?'

বিক্ৰম:' কি যে ছোৱালী নহয়, মই আজিলৈকে ইমান ধুনীয়া ছোৱালী দেখাই নাই।'

উৰ্মিয়ে কন্দামুৱা হৈ কলে,'তোমালোকে সচাকৈ কৈছা নেকি?'

নেহা: বিশ্বাস হোৱা নাই যদি নিজেই চাই লোৱা গৈ।

উৰ্মি:'ঠিক আছে ব'লা, আজি এই বেদান্তক সুদাই নেৰু।'

নেহা: 'তুমি যোৱা আমি পিছে পিছে গৈ আছো।'

উৰ্মি:'উম ঠিক আছে।'

উৰ্মি কেণ্টিনলৈ বুলি গল আৰু বেদান্তই তাইক আহি থকা দেখা পালে।

বেদান্ত:' হে ভগবান আজি মোৰ কি হব?'

ৰিয়া: কি হল? তুমি হঠাৎ ইমান চিন্তাত যে?

বেদান্ত: সন্মুখত চোৱা, মোৰ মূৰত ব'ম ফুটিব এতিয়া।

ৰিয়াই সন্মুখত চাই দেখিলে এজনী ছোৱালী খঙেৰে সিহঁতৰ ফালে আহি আছে।

ৰিয়া: কোন হয় এইজনী? বহুত খঙত আছে যেন পাওঁ।

বেদান্ত: উৰ্মি হয়।( উৰ্মি যে বেদান্তৰ প্ৰেমিকা সেই কথা ৰিয়াই গম পাইছিল)

ৰিয়া: ৱাহ! বৰ মৰমলগা দেই।

বেদান্ত: মৰমলগা নহয় , গোটেই জনী মিছাইল হয়।

ৰিয়াই হাঁহি কলে,' আহিবলৈ দিয়া, মইও মোৰ ধৰণেৰে চিনাকি হওঁ।

উৰ্মি খংত তালৈ আহে ।বেদান্তৰ ক'লাৰত ধৰি কলে,' তোৰ সাহস কেনেকৈ হল মই থকা অৱস্থাত বেলেগক গাৰ্লফ্ৰেণ্ড বনাবলৈ?( Storyboard )



বেদান্তই কলে,' আৰে ...মোৰ...কথাটো...শুনা..।'

উৰ্মি: 'মনে মনে থাক, মোক ঠগিলি যেতিয়া তোৰ বেণ্ড বজাই দিম।'

বেদান্ত: সেইটোতো এতিয়াও বাজি আছে।

ৰিয়াই নিজৰ হাঁহিটো ডবাই ৰাখি কলে," আৰে আৰে... এইবোৰ কি অভদ্ৰামি?  দেখিছাই এজন লৰা আৰু ছোৱালীয়ে বহি কথা পাতি আছে আৰু তুমি আমাক আমনি কৰিছা।"

ৰিয়াই কথাখিনি কোৱাৰ লগে লগে উৰ্মিয়ে কান্দিব ধৰিলে,' বেদান্ত তুমি একো নোকোৱা কিয়? কোন হয় এই ছোৱালীজনী আৰু মোৰ লগত এনেদৰে কথা পাতিছে?'

ৰিয়া: প্ৰথমে তুমি কোন হয় সেইটো কোৱা? আৰু মোৰ বন্ধুৰ লগত এনেদৰে কিয় কথা পাতিচা?

বেদান্তই আচৰিত হৈ কেতিয়াবা ৰিয়াৰ ফালে চাই আৰু কেতিয়াবা উৰ্মিৰফালে। বেদান্তক এনেদৰে চিন্তাত দেখি ৰিয়াৰ আৰু হাঁহি উঠিল আৰু তাই যেনেতেনে হাঁহি ৰখালে। ইফালে বেদান্ত মনে মনে থকা দেখি উৰ্মিৰ খং বাঢ়ি গল।উৰ্মিক এনেদৰে দেখি সি আৰু সহিব নোৱাৰিলে।

বেদান্ত:উৰ্মি এইয়া ৰিয়া হয়।

উৰ্মিয়ে আচৰিত হৈ,"সচাই এইজনী ৰিয়া হয়!" উৰ্মিয়ে ৰিয়া আৰু বেদন্তৰ বন্ধুত্বৰ কথা জানিছিল।

ৰিয়া: চ'ৰি উৰ্মি, মই তোমাক আমনি কৰিলো। মই মাত্ৰ এটা সৰু ধেমালিহে কৰিলো।



উৰ্মি: চ'ৰি কব নালাগে। বেদান্তৰ দৰে মইও তোমাৰ বান্ধৱী হয়।

উৰ্মিৰ কিবা এটা মনত পৰিল আৰু তাই বেদান্তৰ ফালে চাই কলে,'১ মিনিট বেদান্ত, তুমিতো কৈছিলা যে তুমি ৰিয়াৰ বিয়াত গৈছা তেন্তে এতিয়া তাই ইয়াত এনেদৰে কিয়?'

এইবোৰ শুনি ৰিয়া উদাস হৈ পৰিল। বেদান্তই ৰিয়াৰ ফালে চাই কলে,' নাই ৰিয়া, তুমি কথা দিছিলা যে তুমি কেতিয়াও উদাস নোহোৱা।' তাৰ পাছত বেদান্তই উৰ্মিক সকলো কথা কলে।

উৰ্মিয়ে ৰিয়াৰ ফালে চাই," চ'ৰি ৰিয়া মই গম পোৱা নাছিলো।"

ৰিয়া : তুমি কিয় চ'ৰি কৈছা? এইয়াটো মোৰ ভাগ্যৰ লিখন। কিন্তু মই এতিয়া ঘৰৰ মানুহক উদাস নহওঁ বুলি কথা দিছো গতিকে তুমিও উদাস নহবা আৰু আগলৈ কি হব দেখা যাব"। উদাসতাবোৰ মিছা হাঁহিত লুকুৱাই ৰিয়াই কলে।

উৰ্মি: ঠিকেই কৰিছা ৰিয়া , তুমি সচাই বৰ সাহসী। কিন্তু বেদান্ত ৰিংকু দাই এইটো ভাল নকৰিলে। ইমান ধুনীয়া আৰু মৰমলগা ছোৱালী কত বিচাৰি পাব তেওঁ?

বেদান্ত: 'চিন্তা নকৰিবা উৰ্মি, দাদাই ৰিয়াৰ পাছত পৰিবই লাগিব।' আৰু ৰিয়াক হাঁহিবলৈ কলে। উৰ্মিয়েও ৰিয়াৰ কান্ধত হাত থৈ কলে," অ ৰিয়া , এতিয়া তো মইও তোমাৰ বান্ধৱী হয়। আমি সকলোৱে মিলি চাম চোন ৰিংকু দা তোমাৰ পৰা কিমানদিন আৰু পলাই থাকিব পাৰে।"



ৰিয়াই হাঁহি দিলে। তেনেকুৱাতে বিক্ৰম আৰু নেহা আহিল। সিহঁতে যেতিয়া উৰ্মিক বেদান্ত আৰু ৰিয়াৰ লগত হাঁহি হাঁহি কথা পাতি থকা দেখিলে সিহঁত আচৰিত হল।

নেহা: আৰে উৰ্মি... তুমিতো বহুত খঙত আহিছিলা আৰু এতিয়া ইয়াত হাঁহি আছা।

বিক্ৰম: অ উৰ্মি, ক্লাছত তো বহুত কথা কৈছিলা বেদান্তক এনেকুৱা কৰিম তেনেকুৱা কৰিম। বেদান্ত এইগৰাকী কোন? আজিলৈকে তোমাৰ লগত কোনোদিন এওঁক দেখা পোৱা নাই।

বেদান্ত: এওঁ ৰিয়া, মোৰ ন....।

ৰিয়াই কথাষাৰ সলাই কলে," বেদান্তৰ খুড়াৰ ছোৱালী ৰিয়া কলিতা।"

উৰ্মি: মোৰ আৰু বেদান্তৰ ভাল বান্ধৱী হয়।

নেহা আৰু বিক্ৰমে একেলগে কলে," অ হয় নেকি , তেন্তে আমাকো চিনাকি কৰাই দিয়া।"

বেদান্ত: ৰিয়া এইয়া বিক্ৰম আৰু নেহা মোৰ একেই ক্লাছৰ হয়। আমাৰ ভাল বন্ধু হয়। 

সিহঁতৰ ফালে চাই বেদান্তই কলে,' বিক্ৰম , নেহা ৰিয়া আজিৰ পৰা আমাৰ লগত একেলগে পঢ়িব। আজিয়েই ৰিয়াৰ আমাৰ ক্লাছত এডমিছন হৈছে।'



বিক্ৰম:  তেন্তে বহুত ভাল হব। অৱশ্যে ৰিয়া তুমি বহুত ধুনীয়া।

ৰিয়া: ধন্যবাদ , কিন্তু তুমি মোৰ লগত ফ্লাৰত কৰা নাই তো?

বিক্ৰম: নাই নাই তেনেকুৱা নহয়।

বেদান্ত: অ , আৰু তেনেকুৱা কৰিবলৈ চেষ্টাও নকৰিবা ।

ৰিয়া:  এতিয়া কোনো ক্লাছ নাই যেতিয়া ঘৰলৈ যাওঁ ব'লা বেদান্ত , মায়ে চাগে ৰৈ আছে।

বেদান্ত: অ যাওঁ ব'লা।

সকলোকে অহাকালি লগ পোৱাৰ কথা কৈ সিহঁত ঘৰলৈ গুচি গল।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages