পৰাগে কলে, মা, দৃশানীদৃশানী হৈ গল।
কোন দৃশানী! মাকে আচৰিত ভাৱে সুধিলে।
সেইজনী দৃশানী, যাৰ পৰা ৫লাখ টকা যৌতুকত দিব নোঁৱাৰাত আমি বিবাহৰ স্হলীপৰা দৰঘৰীয়া হৈ উভতি আহিছিলো।
কিন্তু, বিবাহৰ বাবে তাইয়েটো মনা কৰি দিছিল! মাকে কলে!
আৰু তাই কি কৰিল হয়! সেই সময়ত দেউতা আৰু বৰদেউতাই তাইৰ দেউতাকক কথা শুনাই বহুত অপমানিত কৰিছিল। সেইবাবে তাই বিয়াত বহিবলৈ মনা কৰি দিছিল। পৰাগে কলে।
কিন্তু তুমি ইমান চিন্তা কিয় কৰিছা!
মা, মই কেৱল এয়া কৈছিলো যে, ডাক্টৰ আমাক দৃশানীৰ শাও লাগিল। বিয়াৰ ১২,১৩বছৰ পাৰ হৈ গল। কিন্তু সন্তানৰ মুখ দেখা পোৱা নাই। প্ৰতিবাৰে কিবা নহয় কিবা কাৰণত সন্তান নৰয়। এইবাৰ আমি সকলোৱে আনন্দিত হৈছিলো যে, এইবাৰ অন্তত সন্তানৰ মুখ দেখা পাম বুলি, কিন্তু এতিয়া এই সমস্যা আহি পৰিল। আমি দেখুৱাই থকা ডক্টৰজনে, ডক্টৰ দৃশানীৰ নামটো কলে, আৰু কলে যে এতিয়া তেওঁৱেই কিবা কৰিব পাৰিব বুলি। মা, দৃশানীয়ে ৰিপৰ্ট চাই চাইয়ে কলে, যিজনী ছোৱালীৰ দৰাই, বিবাহৰ স্হলীতে অকলশৰীয়া কে এৰি থৈ আহিল, তেওঁ কেতিয়াও আৰ্শীবাদ নকৰে! তাৰপাছত যেতিয়া তাই মূৰ দাঙি মোৰ ফালে চালে, তেতিয়া দৃশানীক দেখা পায় মোৰ মাত নাইকিয়া হৈ গল। আৰু কিছু কথা হোৱাৰ আগতে নাৰ্চে আহি দৃশানীক মাত দিলে। আৰু দৃশানী উঠি লৈ আগবাঢ়োতে, মোৰ পিঠিত হাত ৰাখি কলে, ভয় নকৰিবা, মই ডক্টৰ প্ৰথমে হওঁ। তাৰপাছত হে দৃশানী।
কিন্তু পৰাগৰ মাকে আন কিবাহে ভাৱি ৰৈছিল। সেইবাবে তেওঁ পৰাগৰ কথাত কাণ নিদিলে। কিছু সময়ৰ পাছত মাকে সুধিলে, দৃশানী, বিবাহিত নে!
পৰাগে কলে, নাই হোৱা মা। কিন্তু আপুনি এয়া কিয় সুধিছে!
পৰাগ, ভাৱাচোন! তাই এতিয়ালৈ কিয় বিয়াত বহা নাই! তাইক কোৱা যে, সন্তানটোৰ জীৱন ৰক্ষা কৰিবলৈ। বোৱাৰীৰ জীৱন ৰক্ষা নপৰিলেও কোনো কথা নাই। পৰাগে চিঞঁৰি কলে, আপুনি ইমান কঠোৰ। মই পুনৰ সেই ভুল নকৰোঁ। এবাৰ দেউতা আৰু বৰদেউতাৰ বিৰুদ্ধে একো মাত মাতিব নোঁৱাৰি মই দৃশানীৰ দৰে ছোৱালীক হেৰুৱাইছিলো। কিন্তু এতিয়া মোক মোৰ পত্নী আৰু সন্তান দুয়োকে লাগে।
আনফালে ডক্টৰ দৃশানীৰ সন্মুখত থকা বিউটিয়ে, জীৱন যুদ্ধৰ সৈতে যুঁজি আছিল। বিউটি, সেইজনৰ পত্নী আছিল, যিয়ে এসময়ত বিবাহৰ স্হলীত দৃশানীক এৰি থৈ গুচি আহিছিল। ডাক্টৰ দৃশানীৰ চকুৰ আগত সেই দিনৰ প্ৰতিটো দৃশ্যই আহি পৰিল। যিয়ে তাইৰ জীৱনৰ গতি সলনি কৰি দিছিল।
পৰাগ আৰু দৃশানী হোমৰ গুৰিত বহি আছিল। সেই সময়তে, পৰাগৰ দেউতাকে মাত দিলে, ৰবা, তাৰপাছত তেওঁ দৃশানীৰ দেউতাকক কৈছিল, এতিয়া ৫লাখ টকাৰ আৰু যোগাৰ কৰা, তেতিয়া হে বিয়াৰ কাম আগবাঢ়িব। যেতিয়া আপুনি ৫লাখ টকাৰ যোগাৰ কৰিব। দৃশানী আৰু তাইৰ পৰিয়ালৰ সকলো লোকে আচৰিত হৈ ৰৈছিল। দৃশানীৰ দেউতাক আৰু খুড়াকে পৰাগৰ দেউতাকক ওচৰত ইননি বিননি কৰিছিল। কিন্তু দৰাঘৰৰ এটাই কথা আছিল যে, ৫লাখ টকাৰ যোগাৰ কৰা, নহলে এতিয়াই দৰা উভতি যাব।
তাৰ মাজতে পৰাগৰ বৰদেউতাকে কৈছিল, অ নতুন বিয়ৈ, আপোনাৰ বাবেটো গৰ্বৰ কথা যে, আপোনাৰ হায়াৰ চেকেন্দেৰী পাচ কৰা ছোৱালীজনীৰ বাবে চৰকাৰী দৰা পাইছে। তাৰোপৰি ছোৱালীৰ বৰণো মিঠা বৰণীয়া। আপুনি ৫লাখ টকাৰ যোগাৰ কৰি দিয়ক, তেতিয়া তাইৰ ৰংটো ধাক খায় পৰিব। তাৰপাছত দেউতাকে, পৰাগক কয়, উঠা পৰাগ, আমি ইয়াৰ পৰা যাওঁ।
বহুত দেৰিৰপৰা মনে মনে শুনি থকা দৃশানী থিয় হল আৰু কলে, ই কি উঠিব, মইয়েই থিয় হৈ দিছো। এতিয়া মই এই বিয়াত নবহো। আপুনি আনন্দৰে আপোনাৰ দৰা লৈ যাব পাৰে। কিন্তু বৰ্তমানলৈ মোৰ দেউতাৰ যি খৰচ হল, সেয়া সকলোবোৰ দি থৈ যাওক। তাৰপাছত দৃশানীয়ে নিজৰ খুড়াক কৈছিল, খুড়া, আপুনি পুলিচলৈ ফোন কৰক। এতিয়ালৈ যি সিংহৰ দৰে গৰজি আছিল, সেয়া এতিম পানী ধলা মেকুৰী দৰে হৈ পৰিছিল। তেতিয়া দৰাঘৰে দৃশানীক বিয়া বহিবলৈ মিনতি কৰিলে, কিন্তু দৃশানীয়ে বিয়া কৰাবলৈ মান্তি নহল। আৰু দৰাঘৰ গুচি আহিল। দৃশানী, কোঠালৈ গৈ বিচনাত বাগৰি কান্দিবলৈ ধৰিলে। সেই সময়তে তাইৰ ৰিনা পেহীয়েক তাইৰ ওচৰলৈ গল। তেতিয়া দৃশানীয়ে পেহীয়েকক সাৱটি ধৰি কান্দিবলৈ ধৰিলে কলে, পেহী মই আগলৈ আৰু পঢ়িবলৈ বিচাৰো।( Assamese Storyboard )
তেতিয়া পেহীয়েকে, দৃশানীৰ দেউতাকক কলে, দাদা মই আগতেই কৈছিলো, এতিয়ানো মাজনীৰ বয়স হৈছে নো কিমান! কিন্তু আপোনাৰ টোকাসমূহ কেৱল, চাকৰিয়াল লৰা লাগিছিল। দেখিলেনে এতিয়া কি হল! দাদা মোৰ কোনো সন্তান নাই, সেইবাবে, দৃশানীৰ দায়িত্ব মোক দি দিয়ক, মই তাইক মোৰ লগত লৈ যাম। মই দৃশানীক আগলৈ পঢ়োৱাম। ইয়াৰ পাছত ৰিনা পেহীয়েকে, দৃশানীক নিজৰ লগত লৈ গল। সেই সময়ত দৃশানীয়ে বিজ্ঞান বিভাগত হায়াৰ চেকেন্দেৰী উৰ্ত্তীণ কৰিছিল। দৃশানীয়ে আগলৈ ডক্টৰ পঢ়িবলৈ মন মেলিলে। তেতিয়া তাইৰ পেহীয়েকে দৃশানীৰ মনৰ ইচ্ছা পুৰণ কৰিলে। দৃশানীয়্ এতিয়া বহুত কষ্ট কৰিছিল। এতিয়া দৃশানীৰ এটাই উদ্দেশ্য আছিল যে, এতিয়া জীৱনত কিবা কৰি দেখুৱাৰ। তাইৰ কষ্ট কামত আহিল আৰু দৃশানীয়ে ডক্টৰ পঢ়িবলৈ চিট পালে। দৃশানীয়ে গম পাইছিল যে, পেহীয়েকো টকা পইচাৰ ফালৰপৰা ইমান সক্ষম নাছিল, কিন্তু কিছু উপায়েৰে দৃশানীক ডক্টৰ পঢ়িবলৈ বাহিৰলৈ পথিয়ালে। দৃশানীয়ে পাছত গম পালে যে, তাইৰ পেহীয়েকে, তাইক পঢ়ুৱাবলৈ, পেহীয়েকে নিজৰ আ অলংকাৰ বিক্রি কৰি দিছিল।
সেইবাবে দৃশানীয়ে নিজৰ সহপাঠীক কলে যে, তাইৰ বাবে কিছু টিউচনৰ যোগাৰ কৰি দিয়ে, যাৰ দ্বাৰা দৃশানীয়ে পেহীয়েকেক অলপ সহায়তা কৰিব পাৰে। দৃশানীৰ সহপাঠী তাইৰ কামত আহিল। তাহাঁতৰ মাজত ডক্টৰ আয়ুষ্মানো আছিল। তাহাঁতি কিছু টিউচনৰ যোগাৰ কৰি দিলে। তাৰপৰাই দৃশানী আয়ুষ্মানৰ কিছু কাষ চাপি গল। আৰু শেষত ইমানেই ওচৰ চাপি গৈছিল যে, অৱশেষত এজনে আনজনৰ অবিহনে থাকিব নোঁৱাৰা হৈছিল। ৩বছৰৰ পাছত দৃশানী এখন নাৰ্চিং হোমৰ মালিকনী হৈ পৰিছিল। সেই নাৰ্চিং হোমৰ মালিকনী হবলৈ দৃশানীক, ডক্টৰ আয়ুষ্মানে সহায়তা কৰিছিল। এতিয়া ইমানে ডাঙৰ ডক্টৰ হৈ পৰিছিল যে, চিন্তনীয় কেচকো ঠিক কৰি দিছিল। বিউটিৰ কেচটো, তেতিয়া দৃশানীৰ ওপৰলৈ আহিল। যেতিয়া আন ডাক্টৰে হাত ডাঙি দিছিল। ডক্টৰ দৃশানীৰ বাবে, এই কেচটো সকলোতকৈ সমস্যাৰ কেচ আছিল। কাৰণ তাই নিজৰ কামত পৰাজিত হলে, বাহিৰৰ লোকে এইবুলি কব যে, তাই নিজৰ প্ৰতিশোধ ললে। তাইৰ কেৰিয়াৰো ধ্বংস হৈ যাব। দৃশানীয়ে বুজিছিল যে তাইৰ সন্মুখত থকা মহিলাগৰাকীৰ কোনো ভুল কৰা নাই। দৃশানীৰ মুখ খনি ঘামে তিয়াই পেলাইছিল।
দৃশানীৰ এনে অৱস্থা দেখা পায়, নাৰ্চে সুধিলে! ডাক্টৰ কি হল! আপুনি নিজকে নিজে চম্ভালি লওক।
দৃশানীয়ে কলে, ডক্টৰ আয়ুষ্মানক ফোন কৰক। কিছু সময়ৰ পাছত যেতিয়া নাৰ্চে কলে, কিছু সময়ৰ পাছতেই ডক্টৰ আয়ুষ্মান আহি পাবহি, তেতিয়া হে দৃশানী সাহসী হৈ উঠিল। এতিয়া হে, বিউটি দৃশানীৰ বাবে আন ৰোগীৰ দৰে হৈ পৰিল। ২ঘন্টাৰ পাছত যেতিয়া কেচুৱাঁৰ কান্দনৰ মাত ওলাল, তেতিয়া সকলো আনন্দতে জপিয়াই পৰিল। বাকী কাম নিজৰ সহায়িকাৰ ওপৰত দি ডক্টৰ আয়ুষ্মানক লগত ডক্টৰ দৃশানী বাহিৰলৈ ওলাই আহিল। বিউটি ৩দিন হস্পিটালত থাকিল। এই কেইদিনত দৃশানী আৰু পৰাগৰ দেখা দেখি নহলে। অৰ্থাৎ পৰাগে নিজে দৃশানীৰ সন্মুখলৈ নাহিল।
৩মাহ পাৰ হৈ গল। দৃশানীয়ে হস্পিটাল যাবলৈ প্ৰস্তুতি চলাই আছিল, সেই সময়তে এষাৰ মাতে তাইক আচৰিত কৰি তুলিলে। দৃশানীয়ে মাত দিয়াৰ ফালে চাই দেখা পালে যে, অ বিউটি তুমি! নিজৰ কেচুৱাঁটোক ডক্টৰ দৃশানীৰ হাতত দি বিউটিয়ে কলে, মই সকলোবোৰ গম পালো, যি এওঁ আপোনাৰ লগত কৰিলে।
মই এতিয়া সকলোবোৰ পাহৰিলো কাৰণ মই এতিয়া যত থিয় হৈ আছো, তেতিয়া মই ভাৱো, যদি সেই সময়ত মোৰ বিয়া হৈ যোৱা হলে, তেতিয়া মই জীৱনৰ এই পথত থিয় হব নোৱাঁৰিলো হয়। কিন্তু এওঁ যি কৰিলে, সেয়া ভুল! হয়, সেই সময়ত মোৰো দুখ লাগিছিল, কাৰণ পৰাগে, নিজৰ দেউতাকৰ বিৰোধিতা নকৰিছিল। তেতিয়া মোৰ এনে লাগিছিল, সেই সময়ত মোৰ বিবাহ পৰাগৰ লগত হৈ যোৱা হলে, হয়টো পাছত যৌতুকে মোৰ মৃত্যু কাৰণ হল হয়। সেইবাবে মই সেই সময়ত বিয়াৰ বাবে মান্তি নহলো।তাৰপিছত দৃশানীয়ে, বিউটিক সুধিলে, কি এতিয়াও, পৰাগ তেনেকুৱাই নি!
নহয়, তেওঁ এতিয়া সলনি হল। মোক আপোনাৰ হস্পিটালৰ নাৰ্চে কলে, সেইদিনাও মোৰ শাহুমায়ে এওঁৰ ওপৰত যোৰ দিছিল যে, ডক্টৰক কয় দিয়া যে, যদি জীৱন ৰক্ষা কৰাৰ কথা আগেই আহে, তেন্তে বোৱাৰীক নহয়! সন্তানৰ জীৱন ৰক্ষা কৰিবলৈ। তেতিয়া এওঁ মাক বহুত খং কৰিলে। পৰাগে মাক কৈছিল যে এবাৰ দেউতাৰ বিৰোধিতা নকৰি দৃশানীৰ দৰে ছোৱালীক হেৰুৱালো। কিন্তু সেই ভুল পুনৰ নকৰোঁ। তেতিয়া মই এয়া গম পোৱা নাছিলো যে, সেইজনী ছোৱালী আপুনিয়েই বুলি!
কথাটো সলনি কৰি দৃশানীয়ে সুধিলে, কণমানিটোৰ নামটো কি ৰাখিছা! আয়ুষ্মান। বিউটিয়ে কলে। সেই সময়তে ডক্টৰ আয়ুষ্মান আহি পালে।
আৰু নিজৰ নামটো শুনা পায় ডক্টৰ আয়ুষ্মানে কলে, মোৰ নামটো কিয় লোৱা হৈছে! বিউটিয়ে কলে, আমি আমাৰ সন্তানটোৰ নাম আপোনাৰ নামটোকে ৰাখিলো। ডক্টৰ আয়ুষ্মানে কলে, মোৰ নামটো নথবা। নহলে মোৰ দৰে বৰলা হৈ থাকিব। চোৱা কেনেকৈ কথা শুনাইছে, দৃশানীয়ে কলে। আজিৰ পৰা আগতে কেতিয়াও এওঁ প্ৰস্তাব নিদিলে! আৰু আজি প্ৰস্তাবো দিছে লগতে কথাও শুনাইছে।
এতিয়া কি মই সপোনত দেখা পাব লাগিছিল, আপোনাৰ লগত মোৰ কেৱল বন্ধুত্বই নহয় আন বেলেগ সম্বন্ধও আছে। ডক্টৰ আয়ুষ্মানে কোৱাৰ আগতে বিউটিয়ে কলে, বহুত সুন্দৰ। তেতিয়া দৃশানী আৰু আয়ুষ্মানে ইজনে আনজনক প্ৰস্তাবো দিলে আৰু কথাও শুনালে। এতিয়া বিবাহৰ তাৰিখো ঠিক কৰি লোৱা। বিবাহৰ তাৰিখ আমাৰ পৰিয়ালৰ লোকে ঠিক কৰিব দুয়ো একেলগে কলে। আৰু কিছু দিনৰ পাছত দৃশানী আৰু আয়ুষ্মানৰ বিয়াৰ দিন ঠিক হল। আৰু তাহাঁতৰ বিয়াত পৰাগ আৰু বিউটি মুখ্য অতিথি আছিল। দৃশানীক আজি আয়ুষ্মানৰ কইনা ৰূপে দেখি পৰাগ সুখী হৈ পৰিছিল।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Assamese Storyboard )



No comments:
Post a Comment