উপযুক্ত ল'ৰা এজন পাই মাক দেউতাকে কম বয়সতে ছোৱালীজনীক বিয়া দিলে । ঘৰখন উদং উদং হৈ পৰিল । ( Storyboard )এদিনৰ কাৰণেও মাক দেউতাকক এৰি নথকা ছোৱালীজনীৰ হঠাতে বিয়া হৈ যোৱাত মাক দেউতাকে মনত বৰ দুখ পালে । এতিয়াতো তাই আনৰ ঘৰৰ বোৱাৰী , আহিম বুলি আহিব নোৱাৰে, যাম বুলিও যাব নোৱাৰে । ইফালে জোৱায়েকৰ সময়ৰ অভাৱ , ওচৰতে হলেও বেলেগ কথা আছিল । দূৰ ঠাই কাৰণে যাও বুলিলেও শহুৰৰ ঘৰলৈ পত্নীক লৈ যাব নোৱাৰে । তাৰ মাজতে বিয়াৰ কেইদিনমান পিছত দুয়োজনে এদিনৰ কাৰণে গৈ আহিল ।
ন বোৱাৰীয়ে ফোনেৰেই যোগাযোগ কৰি থাকিল মাক দেউতাকৰ লগত । ইফালে শাহুৱেকেও বোৱাৰীৰ মনৰ অৱস্থা ভালদৰে বুজি পালে । কম বয়সতে বিয়া হৈ আহি নতুন ঘৰখনত প্ৰথমতে বেয়া লগাতো স্বাভাৱিক কথা । সেয়ে শাহুৱেকে বোৱাৰীক ক'লে যে তোমাৰ যেনেকৈ সুবিধা হয় ঘৰলৈ যাবা , মাৰাৰ ঘৰত যিমান দিন থাকা থাকিবা , মোৰ আপত্তি নাই । তুমি জানাই ,বাবাৰ সময় নাথাকে । নহলে তোমাৰ দাদাক মাতি পঠিয়াবা , লৈ যাব ।
কিছুদিন বোৱাৰীৰ ককায়েকেও আহিবলৈ সুবিধা পোৱা নাই । বোৱাৰী জনীৰ মনৰ দুখ বুজি অৱশেষত শহুৰেকে এদিন নিজেই গৈ বোৱাৰীক মাকৰ ঘৰত থৈ আহিল । মাক দেউতাকক পাই ছোৱালীজনী আপোন পাহৰা হৈ পৰিল । বিয়া হোৱা ছোৱালীজনী মাকৰ ঘৰলৈ অহা খবৰ পাই ওচৰৰ খুৰী , জেঠাই , আইতাহতে খবৰ কৰিবলৈ আহিল আৰু সুধিলে জোৱাই গ'লেই নেকি মাইনা ?
--' নাই নাই , মোক দেউতাই থৈ গৈছে । তেওঁৰ সময়ে নাই । " গুণগুণণি উঠিল , নিজৰ মানুহজন থাকোতে শহুৰেকে কিয় থবলৈ আহে ? কিবা লাগিছে নেকি !! তেওঁলোকৰ মতে মাইনা ক্ষীণাইছেও , কষ্ট হয় চাগে । কিন্তু মাইনাই নিজকে বাৰে বাৰে আইনাৰ সন্মুখত থিয় হৈ চাই , তাইৰ চেহেৰা দেখোন আগতকৈ ভালহে হৈছে । কত ক্ষীণোৱা দেখিলে ?
কিছুদিন যোৱাৰ পাছত আকৌ নতুন কথা ওলাল । মাইনা অহাৰ ভালেমান দিন হ'ল দেখোন , নাযায় নেকি , সিহতে বাৰু খা খবৰ লৈ আছেনে । কথাবোৰ শুনি মাইনাৰ গা বেজবেজাই যায় । মানুহবোৰৰ হৈছে কি ? কিছুদিন মাকৰ ঘৰত থকাকৈ তাইক শাহুৱেকেই আহিব দিছিল । কিন্তু ওচৰৰ মানুহবোৰে তাইক শান্তিৰে থাকিব নিদিয়ে । মাইনাই ফোন কৰি গিৰিয়েকক জৰুৰী মাতি পঠিয়ালে আৰু দুদিন পিছত তাইক লৈ গ'ল ।( Storyboard )
আকৌ গুণগুণণি , মাইনাক হঠাতে আহি জোৱায়েকে লৈ গ'ল যে ! তাইটো কিছুদিন থকাকৈ আহিছিল । মাইনাৰ শাহুৱেক গৰাকী বৰ কাঢ়া চাগৈ । ল'ৰাইও মাকৰ কথা পেলাব নোৱাৰি একেদিনাই আহি মাইনাক লৈ গ'ল ।
শহুৰৰ ঘৰতো গুণগুণণি। ওচৰৰ তিৰোতাসকল আহি শাহুৱেকক উপদেশ দিয়ে , বোৱাৰীক ইমান স্বাধীনতা দিয়া ভাল নহয় , ইমান দিন থকাকৈ যাব লাগেনে । অলপ শাসন কৰিব , ন'হলে আপোনাৰ মূৰত উঠিব , আজিকালিৰ যিহে ছোৱালী , পাট্টাই নিদিব আপোনাক । শাহুৱেকে হাঁহি মাৰি পাতল কৰি দিয়ে কথাবোৰ ।
দিনবোৰ গৈ থাকিল ----–
কিছুদিন পাছত আকৌ গুণগুণণি। কাষৰ তিৰোতা আহি মাইনাৰ শাহুৱেকৰ লগত কথা পাতে --
" বোৱাৰীৰ কিবা ভাল খবৰ আছেনে ?"
--" মানে , কি ভাল খবৰৰ কথা কৈছে বা --"" মানে বোৱাৰীৰ মাহেকীয়া হৈয়েই আছেনে ?"
--"" হয় হৈ আছে , কিয় সুধিলে বা ? "
-- "" নহয় মানে , বিয়া হোৱাৰ ভালেমান দিন হ'ল দেখোন , ভাল খবৰ পাব লাগে দিয়কচোন , নে কিবা --- । "
--" কিবা মানে কি কব খুজিছেনো "
--'" দেখাই শুনাই ধুনীয়া হ'লে কি হ'ব , ভিতৰত কিবা দোষ থাকিবও পাৰে " ।
আলহীক চাহ দিবলৈ আহোতেই মাইনাই কথাখিনি শুনা পালে । তাই মনৰ ভিতৰতে বিৰক্তিৰে আওৰালে " চিহ , কি যে হ'ব , মানুহবোৰৰ পৰা আৰু শান্তি নাই দেই ।"
তৃপ্তিৰে চাহকাপ খাই ওচৰৰ খুৰীগৰাকী যাবলৈ ওলাল । মাইনাই দুৱাৰমুখলৈ তেখেতক আগবঢ়াই থবলৈ আহিল । শাহুৱেক ওচৰত নথকা দেখি খুৰীয়ে মাইনাৰ কানৰ কাষত সৰু সৰুকৈ ক'লে ---" শাহুৱেৰাৰ পৰা অলপ সাৱধানে থাকিবা দেই । তেওঁ খুব এটা থিক নহয় , তুমি তোমাৰ মতেই চলিবা "
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমলেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment