তাইৰ চৰিত্ৰ সঁচায়ে বেয়া আছিল নেকি ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 29, 2021

তাইৰ চৰিত্ৰ সঁচায়ে বেয়া আছিল নেকি ? Storyboard

Storyboard

"চৰিত্ৰহীন...চৰিত্ৰহীন...চৰিত্ৰহীন"

অভয়ে কোৱা এই শব্দয়ে হাতুৰীৰে মৰা ধপ ধপ শব্দৰ দৰে তাইৰ হৃদয়ত নিৰন্তৰভাৱে আঘাত কৰি আছে ।( Storyboard )

সি বুজি নাপায় যে,যিটো শব্দ তাই শুনিলেই অপমান কৰা বুলি বিবেচনা কৰে। যিটো চৰিত্ৰৰ সন্মান ৰক্ষাৰ্থে তাই কিমান ত্যাগ কৰিব লগা হৈছিল।আজি সেই চৰিত্ৰহীন শব্দ তাইৰ কাৰণে????

"চৰিত্ৰহীন হয় তাই"?

ৰিয়ায়ে খঙতে  দাঁত কৰচি আছিল আৰু  ঘৃণা কৰিছিল তাই নিজৰ চকুৰ পৰা উলোৱা চকু পানীলৈ। 

কিয় এই চকু পানী??? অনুতাপ নে খঙৰ?


মোৰ পঢ়াশুনাৰ সময়ত মই শুনিছিলো আৰু বুজিছিলো এইটো শব্দ,"চৰিত্ৰহীন"। মায়ে বুজাইছিল আৰু নবৌয়েও। তাই কেতিয়াও ল'ৰা লগত একো সম্পৰ্কয়ে ৰখা নাছিল যাতে তাইক কোনেও "চৰিত্ৰহীন" বুলি নকয়। কিশোৰ অৱস্থাত কেতিয়াবা মনটোক ভালকৈ প্ৰস্তুত কৰি যেতিয়া তাই নিজেই ভাবি লোৱা স্বামীৰ প্ৰতিলিপিটো কল্পনা কৰিছিল তেতিয়া তই মনতে হাঁহি উঠিছিল। সি তাইৰ হাতত ধৰি নিজৰ ওচৰত বহাব  আৰু তাই লাজ কৰিব। লাজতে হয়তো তাই তাকে সাবতি.......

ভাবিলেই তাইৰ লাজকুৰীয়া হাঁহি এটা মুখত বিৰিঙী পৰে।

ষান্মাসিকত পঢ়ি থাকোঁতেই তাই লগত বহুত ল'ৰাই কথা পাতিব বিচাৰিছিল । কিন্তু তাই গম্ভীৰ হৈ থাকে।


ষান্মাসিকৰ শেষৰ বছৰৰ পৰাই তাইৰ বাবে সম্পৰ্ক বিচাৰিবলৈ আৰম্ভ কৰিলে। পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে  তাইৰ বিকাশৰ সৈতে বিবাহ ঠিক কৰা হৈছিল।

মাকহঁতৰ পৰা আঁতৰি যোৱা দুখ আৰু স্বামীৰ প্ৰেমৰ কল্পনাৰ মায়াজালৰ কথা চিন্তা কৰি তাই বিকাশৰ ঘৰলৈ আহিল। তাইৰ মনত আছে তাই মনত যে কিমানটা কল্পনা লৈ অকলে কোঠাত বহি আছিল।

ভনিয়েকে তাইক বহায় থৈ গৈছিল। সেই একেটা কোঠাতে তাইৰ মাক-দেউতাকৰ ঘৰৰ পৰা দিয়া সামগ্ৰীও আছিল।

বহুত দেৰি বহি  বহি তাইৰ টোপনি আহিবলৈ ধৰিলে। বিচনাতে বহি বহি তাই টোপনি গ'ল।

খটকৈ শব্দ হ'লত তাই চক খাই উঠি থিয় হ'ল । বিকাশে দুৱাৰ বন্ধ কৰিছিল।

নিজৰ সপোনৰ ৰাজকুমাৰ আৰু প্ৰথম প্ৰেমক দেখি তাই কঁপিবলৈ আৰম্ভ কৰিলে।

সি চোলেই অলপতে লাজতে মৰহি যাব তাই।শৰীৰত,মনত তাইৰ সংগীত বাজি থকা দৰে হৈছিল।

বিকাশ তাইৰ ওচৰলৈ আহি  বিচনাত বহিলে।

তাই থিয় হৈ থকা দেখি সি তাইৰ হাতত ধৰি জোৰে টান মাৰি আনিলে।যিটো ৰিয়াই আশা কৰা নাছিল।


জোৰে তাই বিচনাত পৰি গ'ল আৰু পেটত বিচনাৰ কোণ এটা সোমাই গ'ল। আহ উলাল। বেকা বিচনাখনত পৰি গৈছিল তাই। বিকাশে তাইৰ ভৰিত ধৰি টানিলে তললৈ পৰি থকা ৰিয়াক চিধা কৰিবলৈ, "আহ মোৰ চুলি " তাইৰ চুলিবোৰ ওচৰত থকা টেবুল এখনৰ ওপৰত থকা লেম্পটোত লাগি ধৰিছিল। বেয়াকৈ টানি আছিল।

কিন্তু তাই তাৰ আগত কিছুমান কাহিনী আছিল। বিকাশৰ এখন হাত তাইৰ মুখত আৰু ইখন‌ হাত তাইৰ শৰীৰত।

সেই দিনাও চকু পানী উলাইছিল তাইৰ।

বুজি পোৱা নাছিল তাই এইটো চুলি লাগি ধৰা বিষ আছিল নে চুলি ছিঙা???? নে ৰাজকুমাৰৰ কল্পনা ভগা বিষ।

তাৰ পাছত

সদায়ে এই কাৰ্য এনেকৈ চলি আছিল।

বিকাশৰ ৰুমলৈ অহা আৰু তাইৰ লগত অধিকাৰ জমোৱা।

ৰিয়ায়ে মনতে সেইবোৰ স্বামীৰ প্ৰেম বুলি ভাবিবলৈ আৰম্ভ কৰিলে।

এটা কথাই মনত দুখ দিয়ে তাইক বিকাশে কিবা ক'ব লগা থাকিলে চিধাকে নকয় মাকক কৈছিল। 

তাৰ কিবা খাব লগা থাকিলে মাকক কৈছিল।মাকে ৰিয়াক কৈছিল ।আজি এইটো বনাই দিবা বিকাশৰ বাবে ।

কেইবাবাৰ মানো দূৰত মা থাকিলেও মায়ে আকৌ মোক কয়। 

এইয়া হয়তো বিকাশৰ উচ্চ সংস্কাৰ।

তাই মনে বিচাৰে বিকাশে তাইৰ লগত কথা পতাটো।


মৰমেৰে হাতত ধৰক তাইৰ,মৰমেৰে সাবতি ধৰক তাইক কিন্তু.........।

বিকাশে এদিন তাৰ কোম্পানীৰ সফলতাৰ বাবে বহুত সুখত আছিল।ঘৰত সকলোৰে লগত হাঁহি মাতি আছিল ।খোৱা সময়ত তাইৰ নাম লৈছিল,"ৰিয়া,অলপ পায়স আৰু দিয়া"।

তাই ওচৰলৈ গলত তাইৰ ফালে চালেও,  ৰিয়াৰ বিকাশৰ চকুত চাই প্ৰেমৰ অনুভৱ হ'ল।

কিয়নো নহ'ব  বিকাশ তাইৰ প্ৰথম প্ৰেম হয়।

মনতো আজি আকৌ কল্পনাত ডুবি পৰিল। 

সকলো কাম সামৰি তাই ৰুমলৈ গ'ল আৰু বিকাশেও তাৰ কাম কাজবোৰ সামৰি আছিল।

তাইও ওচৰলৈ গৈ থিয় হ'ল। 

নিজৰ কামৰ মাজে মাজে ৰিয়াৰ ফালে  এবাৰ দুবাৰ চালে, কিন্তু একো নকলে।

কাম কৰি হ'লত তাইৰ হাতত ধৰি বিচনা ফালে আগবাঢ়ি ক'লে ,"ব'লা "।

বহুত সাহস গোটাই ৰিয়ায়ে ক'লে,"শুনা , কেতিয়াবা মোৰ মন যায় যে তোমাক সাবতি ধৰো ।"

 থপক...... জোৰে চৰ মাৰি দিলে ৰিয়াৰ কাণৰ  তলত,"চালা নিজৰ মনৰ কথা কবি তই",সেইদিনা বিকাশে নিজৰ মতে ৰিয়াক শাস্তিও দিলে।


ৰিয়ায়ে আজিলৈকে নাজানিলে যে তাইৰ কি ভুল আছিল। নিজৰ মনৰ কথা স্বামীক নকয় কাক কম?????

এনেকৈ এবছৰ হৈ গ'ল।

এদিন তাই পাকঘৰত কাম কৰি থাকোঁতেই জোৰে কিবা এটা পৰা শব্দ শুনিলে। দৌৰি বাহিৰলৈ আহি দেখিলে যে শাহুমা পূজাৰ থাল খন লৈ অচেতন হৈ পৰি আছে। 

ঘৰত কোনো নাছিল।তাই জানিছিল যে ইয়াৰ পৰা তিনি নম্বৰ ঘৰটো ডাক্তৰ অভয়ৰ আছিল। তেওঁ আহে ইয়ালৈ কেতিয়াবা কেতিয়াবা।

দৌৰি গ'ল তেওঁক মাতিবলৈ। ডাক্তৰ জনে শাহুৱেকক উঠোৱাত সহায় কৰি বেমাৰৰ দৰবো দিলে।

কিছুমান টেষ্ট কৰিবলৈও দিলে। 

বিকাশো অলপ দেৰি পাছত আহিল।মাৰ সকলো টেষ্ট কৰোৱা হ'ল। তেওঁৰ ডাইবেটিচ বুলি উলাল। ধ্যান নিদিয়া বাবে বেছিকৈ বাঢ়ি গৈছিল।এতিয়া সদায় বেজী ল'ব লাগিব ডাক্তৰে ক'লে।

ডাক্তৰ অভয় আহে সদায় ৰাতিপুৱা বেজী দিবলৈ। তেওঁ যিমান দেৰি মাকৰ ওচৰত থাকে ।তাই সিমান খিনি সময়তে চাহ বনাই আনে। তেওঁ সদায়েই কয়," আপুনি কিয় চাহ বনাই সদায় কষ্ট কৰিব লাগে। চাহৰ নো কি দৰকাৰ।"

কথাতো সৰু যদিও ৰিয়ায়ে তেওঁ তেনেকৈ ক'লে ভাল পাইছিল।

এতিয়াটো চাহ দিয়া সময়ত তাইৰ কাণ উচ্চুক হৈ থাকে ডাক্টৰ অভয়ৰ কথা শুনিবলৈ।


এইবোৰ প্ৰায় ২০ দিন মান চলিল। এতিয়াটো অভয়ক চোৱা আৰু শুনা অভ্যাস হৈ গৈছিল তাইৰ।

এদিন অভয়ৰ ফোন আহিল। তেওঁ ক'লে, ৰিয়া মা আহিল যদি তুমি মোৰ ঘৰলৈকে লৈ আহা। মই যাব নোৱাৰোঁ ।

মাক ক'লত মা সোনকালেই সাজু হ'ল ।

দুয়োজনী যেতিয়া সিহঁতৰ ঘৰত আছিল । তেতিয়া সৰু ছোৱালী এজনীৰ মাত আহি আছিল।

"নাই নাই নাই , মই বেনীয়ে গোঁঠিম।"

অভয়ে তাইক কিবা বুজায় আছিল।

তেওঁলোক তাত গৈ পালত তেওঁ বেজী সাজু কৰি আছিল। তেতিয়াই ৰিয়ায়ে ৰুমৰ ভিতৰলৈ জুমি চাই দেখে যে এজনী ৮ বছৰীয়া মৰম লগা ছোৱালীয়ে নিজৰ চুলি ফণীয়ে মেৰিয়াই আছিল আৰু সেইটো দেখি তাইৰ হাঁহি উঠি গ'ল।

উঠি ভিতৰলৈ গ'ল আৰু সুধিলে ,"কি কৰি আছা"???

"আপুনি কোন , ছোৱালীজনীয়ে মৰম লগাকৈ ক'লে।

"মই ৰিয়া"।

"ৰিয়া চোৱা না মই বেনী গোঁঠিব বিচৰো কিন্তু দেউতায়ে নিদিয়ে।" 

মুখখন ফুলাই তাই  ক'লে।

"তেতিয়া মাক কোৱা।"ৰিয়ায়ে হাঁহি ক'লে।

"মা নাই , ভগৱানৰ ওচৰলৈ গ'ল।"

"হেই ৰাম" , কৈ ৰিয়ায়ে সাবতি ধৰিলে ছোৱালীজনীক।

তাৰ পাছত ওচৰত বহায় বেনী গোঁঠি দিলে।

ধন্যবাদ,ৰিয়া বুলি কৈ গালত হিয়ায়ে চুমা খালে।

কথাৰ মাজতেই তাই নিজৰ নাম কৈ দিলে।

"এতিয়া মই যাঁও",বুলি ৰিয়া উঠি থিয় হ'ল।

তাইৰ হাতত ধৰি হিয়ায়ে চকুলে চাই সৰুকে ক'লে ,"কাইলৈও আহিব নে বেনী গোঁঠিবলৈ?"  

" অ' আহিম", মনা কৰিব নোৱাৰিলে তাইক ৰিয়ায়ে।

সদায় কাম সামৰি ৰিয়ায়ে হিয়াৰ ওচৰলৈ আহে।

তাইৰ বেনী গোঁঠে আৰু তাইৰ সৰু সৰু কামবোৰ কৰি দিয়ে।

দুয়োজনীয়ে লগত খেলে।

হাঁহি ধেমালি কৰে।

হিয়ায়ে তাইক নাম কাঢ়ি ৰিয়া বুলিয়ে মাতে।

বহুত বাৰ অভয়ে শিকালে খুৰী বুলি মাতা। 

"নাই ৰিয়া মাতিম", হিয়ায়ে এইটোৱে উত্তৰ দিয়ে।

কেতিয়াবা কেতিয়াবা তাই হিয়াৰ পচন্দ বস্তু বনাই দিয়ে আৰু আহোঁতে যাঁওতে অভয় লগতো দুই চাৰিটা কথা পাতে।

ৰিয়াৰ অভয়ৰ কথা,অভয়ৰ চকুত সন্মান বহুত ভাল লাগে।

এফালৰ পৰা চাবলৈ গ'লে হিয়া আৰু অভয় তাই জীৱনৰ অংশ হৈ গৈছিল।

এদিন তাই যাওঁতে অভয়ে কিবা পঢ়ি আছিল।


হিয়া শুই আছিল আৰু হিয়ায়ে কালি মগুদাইল খাম বুলি কৈছিল।  তাই পাকঘৰত গৈ প্ৰস্তুত কৰিবলৈ ল'লে।

মিক্সাৰটো তাই লগালে।ওপৰৰ পৰা উলমি থকা তাঁৰ ডাল কাট খাই আছিল। কান্ধত লাগি গৈছিল আৰু তাই চিঞৰি উঠিল তাঁৰ ডালত  তাই লাগি ধৰিলে। 

অভয়ে তাই মাত শুনি দৌৰি আহি। তাঁৰ ডাল টানি এৰোৱাই দিলে।  

ৰিয়া অচেতন হৈ গ'ল। 

সহায় কৰি তাইক তলত শুৱাই দিলে।( Storyboard )

অকমান দেৰি পাছত তাই যেতিয়া চেতনা ঘূৰাই পালে। তেতিয়া ধ্যান তাইৰ কান্ধত পৰিল।

অভয়েও দেখিলে আৰু দৰব লগাই দিলে।

হিয়ায়ে তেতিয়াৰে পৰা ৰিয়া ৰিয়া কৈ কান্দি আছিল।

অভয়ে তাইক বুজায় আছিল আৰু তাই ৰিয়া মূৰতো মোঁহাৰি আছিল। এই স্পৰ্শ তাইৰ বাবে নতুন আছিল আৰু তাই ভাল পাইছিল।

অকমান দেৰি আৰাম কৰি তাই ঘৰলৈ গুছি যায়।

পাছ‌ দিনা অভয়ৰ ফোন আহিল আৰু ক'লে তুমি আহিব নালাগে মই যাম তোমাৰ মলম আৰু দৰব লগাবলৈ। কিন্তু  হিয়াৰ লগত ৰিয়াৰ থাকি ভাল লাগিছিল আৰু অভ্যাস ও হৈ গৈছিল।

তাই সেইকাৰণে ক'লে নালাগে মইয়ে যাম।


অভয়ৰ ঘৰলৈ গ'লো । অভয়ে লগে লগে চকীখনত বহায়  ফলৰ ৰস খাবলৈ দিলে।

সুধিলে কিবা খালা নে? 

লোৱা এইটো খোৱা পাছত মলম লগাম....। 

বাকচটো আনি তাইক মলম লগাবলৈ ধৰিলে। অভয়ৰ তাইৰ বাবে চিন্তা, চোৱা চিতা, নিৰ্দেশনা, তাইৰ ওপৰত অধিকাৰ দি বুজোৱা, তাৰ স্পৰ্শ তাইৰ সকলোবোৰ ভাল লাগে।

বেলেগ এখন পৃথিৱীত  উপঙি ফুৰা যেন লাগিছিল তাই।

অভয়ে হৎঠাতে ক'লে," তুমি পঢ়া আকৌ আৰম্ভ নকৰা কিয়???? তোমাৰ অকলশৰীয়া অনুভৱবোৰো নাইকীয়া হ'ব।।"

ৰিয়ায়ে চক খাই অভয়ৰ ফালে চালে ।*অকলশৰীয়া*?

অভয়েও চক খাই গ'ল। 

মানে অভয়ে চব বুজি পায়।

কিছুমান কথা ৰিয়ায়ে কোৱা নাছিল কিন্তু অভয়ে বুজি পাইছিল।

কেই ছেকেণ্ড মান শান্ত হৈ থাকি অভয়ে তাইৰ চকী পাছফালে থিয় হৈ, তাইৰ মুৰত হাত ফুৰাই ক'লে ,"চেষ্টা কৰা ৰিয়া, সময় সলনি হ'ব পাৰে। মই সদায় তোমাৰ লগত আছোঁ"।

দীঘলীয়া উশাহ ল'লে ৰিয়ায়ে, হয়তো শান্তিৰ উশাহ আছিল চাগে।

সেইদিনা বহুত দেৰি তাই তাত আছিল। বহুত কথা পাতিলে তিনিটায়ে মিলি।

এসপ্তাহৰ পাছত অভয়ে তাইৰ বাবে বি .এডৰ ফৰ্ম লৈ আহিছিল।


সি ভাবিছিল যে তাই লগৰবোৰৰ লগত থাকিলে দুখ পাহৰি যাব।

এমাহৰ পাছত তাইৰ বি.এডৰ ক্লাছো  আৰম্ভ হৈ গ'ল।

ৰিয়ায়ে যাবলৈ আৰম্ভ কৰিলে। বিকাশৰ এইবোৰ একো দৰকাৰ নাছিল।

অভয় আৰু হিয়াক লগ কৰিবলৈ তাই এতিয়াও সদায় যায়। হিয়াৰ লগতে তাই অভয়ৰ লগতো অধিকাৰৰ এক সম্বন্ধ বনাই লৈছিল।

তাই নিজৰ পঢ়াৰ কিবা সমস্যা থাকিলে অভয় লগত আলোচনা কৰিছিল। অভয়েও নিজৰ সৰু সুৰা কামবোৰ তাইক কৰি দিবলৈ কৈছিল। তাই কেতিয়াবা দুখত কান্দিলে  সি তাইৰ মুৰত হাত ফূৰাই দিয়ে ন'হবা তাইৰ হাতখন নিজৰ হাতত লৈ থপথপাই দিয়ে। 

দুখ কম নহৈছিল কিন্তু এটা সহাঁৰি পাইছিল।

এদিন কান্দি কান্দি তাই কৈছিল,"শুনা না, মোক সাবতি লোৱা।" তাৰ পাছত জোৰে জোৰে কান্দিবলে ধৰিলে।

অভয়ে অলপ দেৰি চাই থাকিল তাৰ পিছত তাই হাতত ধৰি টানি আনি তাইক সাবতি ধৰিলে। অভয়ে তাইক এনেকৈ ধৰি আছিল যেন তাই চিঁচাৰ হে জোৰে ধৰিলে ভাঙি যাব।

কিন্তু বিকাশে সদায় তাইক ভাঙিবলেই চালে।

বহুত ভাল লাগিছিল অভয়ৰ বাহুৰ মাজত।

সোমাই যাব বিচাৰিছিল তাই তাৰ বাহু মাজত।

বহুত দেৰি সিহঁতি এনেকৈয়ে থিয় দি থাকিল।

তাৰ পাছত ৰিয়ায়ে ঘূৰি নিজৰ ঘৰলৈ গুছি গ'ল।

সংকোচিত হৈ পৰিছিল এইটো কি কৈ দিলে তাই অভয়ক।

তাৰ পাছত ২ দিন তাই বিদ্যালয় আৰু অভয় ঘৰলৈ নগ'ল।

তৃতীয় দিনা অভয়ৰ ফোন আহিল আৰু ক'লে ৰিয়া,"কোৱা আহিবা নে তুমি"। তাই দৌৰি তালে গ'ল।

অভয় সন্মুখত থিয় হৈ আছিল আৰু তাক দেখি তাই ৰখি গ'ল।  অভয়ে তাইক হাত মেলি মাতিলে আৰু তাই দৌৰি গৈ তাক সাবতি ধৰিলে।  

তাই নাজানিছিল যে কি ভাল আৰু কি বেয়া। তাইৰ নিৰাস জীৱনত প্ৰেমে ভৰি পৰিছিল আজি।

কেতিয়াবা সুখত আৰু কেতিয়াবা দুখত সিহঁতি ইটোৱে  সিটোক সাবতি ধৰে।  তাৰ আগলে নাই অভয়ে কিবা বিচাৰিছিল নাই ৰিয়ায়ে। 

এদিন বিদ্যালয়ৰ পৰা অহা সময়ত একো গাড়ী পোৱা নাছিল। চাগে কিবা পথ অৱৰোধ আৰু হুলস্থূলৰ বাবে বন্ধ হৈ আছিল।

বহুত অসুবিধাত পৰিছিল তাই। বহুত দেৰি গাড়ী বিচাৰি খোজো কাঢ়িলে। 

পিছফালৰ পৰা নাজানো কেতিয়া বি.এড কৰা ল'ৰা আকাশ আহিল।

সি ক'লে আহক মই থৈ আঁহো। গাড়ী নাপায় আজি।

প্ৰথমে ভাবিলে মনা কৰি দিব তাক।

পাছত ভাবিলে যাম কেনেকৈ। তাৰ পাছত তাই আকাশৰ বাইকত বহিলে।

ঘৰৰ ওচৰত বাইকৰ পৰা নামোতে তাই অভয়ক অহা দেখিলে। সি তাইক দেখি নেদেখা ভাও ধৰি আগবাঢ়ি গ'ল।

ঘৰলৈ গৈ তাই নিজৰ খোৱা বোৱা সামৰি অভয় ঘৰলৈ গ'ল।

অভয় তাতে আছিল। নিজৰ কাপোৰ ইস্ত্ৰি কৰি।

ৰিয়ায়ে ক'লে দিয়া মই কৰি দিওঁ।

বহুত খঙেৰে সি উত্তৰ দিলে,"কোনো দৰকাৰ নাই"।

সকলো সময়তে ৰিয়াৰ চিন্তা কৰা অভয়ৰ আজি নতুন ৰূপ আছিল। 

চকুত চকু পানীৰে ভৰি পৰিছিল। একো নোকোৱাকৈ ঘৰলৈ গুছি আহিলে।

পিছদিনা ৰিয়া আৰু হিয়া বিদ্যালয়লে যোৱা নাছিল কাৰণ বিদ্যালয় বন্ধ হৈ আছিল। 

হিয়ায়ে বহুত বাৰ ফোন কৰিলে, "আহা না ৰিয়া"। গৈ দেখিলে অভয় নাছিল ঘৰত।

হিয়া লগত সময় কটায় তাইৰ মনতো পাতল হৈ গ'ল।তাই ঘৰলৈ আহিবলে লওঁতেই অভয় আহি পালে। 

সি ক'লে,"শুনা ৰিয়া, সেই ল'ৰাটোৰ লগত তুমি অহাতো মই পচন্দ নাই কৰা। আগলৈ কিবা অসুবিধা হ'লে মোক কৈ দিবা।"


কথাটো ডাঙৰ নাছিল কিন্তু  আশ্চৰ্যজনক আছিল।

তাৰ পাছতো অভয় মতে কাম কৰিবলৈ ভাল লাগিছিল তাইৰ।

তাই কেতিয়াও আকাশৰ লগত আৰু কথা নাপাতিলে।

সময় বাগৰি গ'ল আৰু পৰীক্ষা আৰম্ভ হৈ গ'ল।

বিদ্যালয়ত টপ কৰিছিল তাই।

সেই বিদ্যালয়তে তলৰ শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীক পঢ়োৱাবলৈ তাইক মাতিলে। সকলোবোৰ সম্ভৱ অভয় কাৰণে হৈছিল।অভয় বহুত আনন্দিত হৈছিল ।

বিকাশে গম পায় ও একো নক'লে তাইক।

সদায় বিদ্যালয় যোৱা আৰু নিজৰ ইনকম  , নিজৰ অস্তিত্বৰ চিনাকি পাইছিল বাবে তাইৰ আত্মবিশ্বাস আহিছিল।

তাইৰ আত্মবিশ্বাসৰ কাৰণে, বিকাশৰ তাই প্ৰতি ব্যবহাৰ ভাল হ'ল আৰু তাইক ভালকৈ কথা বতৰা কোৱা ‌হ'ল।

প্ৰায় ২বছৰ হৈ গ'ল তাই চাকৰি কৰা।

সকলোবোৰ ভালেই চলি আছিল । এদিন সিহঁতৰ বিদ্যালয়ত সকলো ক্ষেত্ৰৰ পৰা খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল।

প্ৰধান অধ্যাপিকাক মনা কৰা পাছতো খেল পতা হ'ল। সকলোবোৰ বিদ্যালয়ৰ পৰা টীম আহিলে। তাই কামত লাগি আছিল আৰু পাছফালে পৰা কোনোবাৰ চিনাকি মাত এটা শুনা গ'ল। "নমস্কাৰ, বাইদেউ"।

তাই চাই দেখিলে আকাশ।

" অ',ইয়াত কেনেকে"?

"মই নিজৰ বিদ্যালয়ৰ টীমৰ লগত আহিছোঁ।"

"কেনেকুৱা চলি আছে সকলোবোৰ" কথাবোৰ আধৰুৱা হ'ল আৰু তাই কামত লাগি গ'ল।

প্ৰতিযোগিতা ভাল দৰে হৈ গ'ল। পুৰস্কাৰ দিয়াও হয় গ'ল।

এতিয়া তাই প্ৰধান অধ্যক্ষাৰ লগত বহি প্ৰমাণ পত্ৰত চহী কৰি আছিল। সোনকালে সেইবোৰো হৈ গ'ল।

প্ৰমাণ পত্ৰ সমূহ বিদ্যালয়ৰ পৰা অহা শিক্ষকৰ হাতত দিয়া হ'ল।

সকলোবোৰ কাম শেষ হোৱাৰ পাছত তাই মনত পৰিল যে তাইৰ স্কুটীখন বেয়া হৈ আছে। অভয় ঘৰলে যোৱাৰ এইটোৱে সময়। তেওঁক কৈ দিওঁ মোক লৈ যাবলৈ বিদ্যালয়ৰ পৰা।

ফোন কৰিলত ক'লে ১০ মিনিটত গৈ আছোঁ।

১০ মিনিটৰ পাছত তাই নিজেই আহি বাহিৰত থিয় হৈ থাকিল।

আহিব এতিয়া মনে মনে বকি আছিল। তেতিয়াই তাই অভয়ৰ গাড়ীখন দেখিলে।

খোজ আগলে বঢ়াওতেই পাছফালৰ পৰা আকাশে মাতিলে ।

"আপুনি মোৰ বিদ্যালয়ৰ দুখন প্ৰমাণ পত্ৰত চহী কৰা নাই "।

" অ' কেনেবাকৈ থাকি গ'ল চাগে আপুনি মোৰ টেবুলত থৈ দিবলৈ দিয়ক। মই কাইলে কৰি আপোনাৰ বিদ্যালয়লে  পঠায় দিম।"


" অ' হ'ব বুলি কৈ আকাশ গুছি গ'ল।" তাই গাড়ীত বহিলে গৈ ।

"লাজ নালাগে তোমাৰ"?

"কেতিয়া পৰা চলি আছে এইবোৰ"?

" মনা কৰা পাছতো তাৰ লগত লগ কৰি আছা"?

অভয়ে দাঁত কৰচি খঙেৰে কৈ আছিল তাইক।

"হেই নহয়, তাক মই ২বছৰৰ মূৰত লগ পাইছোঁ আজি। বিদ্যালয়ৰ প্ৰতিযোগিতাৰ বাবে আহিছিল"। তাই  কান্দো কান্দো হৈ ক'লে।

তাই চকু পানী দেখিও নেদেখা ভাও ধৰি চিঞৰি অভয়ে ক'লে,"নাটক সকলোবোৰ তোমাৰ, সঁচা এইটো যে যিবোৰ তুমি বিকাশৰ পৰা নাপালা , সেইবোৰ ইফালে সিফালে বিচাৰি ফুৰা তুমি"।

"বাসনাৰ, ভুক তোমাৰ"। 

"চৰিত্ৰহীন,চৰিত্ৰহীন হয় তুমি।"

"অভয়"...... ইয়াৰ পাছত একো নক'লে তাই আৰু গাড়ী পৰা নামি গ'ল। খোজ কাঢ়িয়ে আগবাঢ়ি গ'ল।

এঘন্টা মান খোজ কঢ়া পাছত তাই ঘৰ গৈ পালে।

তাৰ পাছত লগে লগে বাথৰুমত সোমাল ।


টেপটোৰ তলত থিয় হ'ল । টেপটোৰ পানী আৰু চকু পানী দুয়োটাই তাইৰ মনত ৰৈ যোৱা কলংকবোৰ ধুব পৰা নাছিল । যিবোৰ অভয়ে...........

বহুত দেৰি তেনেকৈ থিয় দি থাকিল। টেপটোৰ পানীত সেই চৰিত্ৰহীন শব্দটো ধুই পেলাব যেন। 

সেইদিনা গোটেই ৰাতিটো তাই শুব নোৱাৰিলে।

ৰাতিপুৱা হোৱা লগে লগে গা ধুই মন্দিৰত সোমাই বহিল। নিজেই নিৰ্ণয় কৰা কথাটোত ভগৱানৰ সহযোগ বিচাৰিছিল।

সাজু হৈ বিদ্যালয়লে গ'ল।  তাই নিজেই নিৰ্ণয় কৰা কথাটো বিদ্যালয়ৰ কৰ্মচাৰীবোৰক ক'লে। তাই চাকৰি স্থানান্তৰৰ বাবে আবেদন কৰিছিল। হ'ব নে নহয় নাজানে কিন্তু বহুত দূৰত স্থানান্তৰৰ বাবে আবেদন কৰিছিল।

তাৰ পাছত তাই এসপ্তাহ অভয়ৰ ঘৰলৈ নগ'ল তাই। হিয়ায়ে ফোন কৰিলত তাই বেমাৰ বুলি ক'লে ।

হয়তো ভগৱানে ও এইটোৱে বিচাৰিছিল,এসপ্তাহত তাইৰ স্থানান্তৰ হৈ গ'ল আৰু যোগদানৰ বাবে চিঠিও আহিল । তাই লগৰ কৰ্মচাৰী সকল বহুত দুখত আছিল। কাইলে যাব লাগিব।


ৰাতি খোৱা পাছত তাই ৰচিদ,চাবি লৈ বিকাশৰ ওচৰলৈ গ'ল আৰু বিলবোৰ নিদিয়াকৈ তাক বুজালে। তাৰ পাছত চাবি বিকাশৰ হাতত দি ক'লে,"এই সকলোবোৰ লোৱা। এতিয়াৰ পৰা সকলোবোৰ তুমি চাবা।

মই কাইলে এই চহৰ এৰি যাব লাগিব। 

এনেই ও তোমাক মোৰ দৰকাৰ নাই।"

অবাস হৈ বিকাশে তাইৰ চেহেৰাটো ফালে চাই থাকিল।

আজি তাই বিকাশৰ চকুত নিজৰ বাবে চিন্তা দেখা পালে।

ৰাতিপুৱা যোৱা সময়ত ভাবিলে যে অভয়কো লগ কৰি যাওঁ।

ঘৰলৈ গ'ল আৰু সন্মুখতে অভয় আছিল।দাড়ি বাঢ়ি গৈছিল।

দূৰ্বল যেন লাগিছিল, তাইক দেখি হাত মেলি দিলে বাহুৰ মাজলৈ মাতিলে,"ৰিয়া, আহা তুমি যেনেকুৱা নোহোৱা লাগিলে মই সদায় লগ দিম। "

"নহয় ,অভয় নহয়" তুমি কোনো গংগা নহয় যে য'ত মই

গা ধুই পবিত্ৰ হৈ যাম।

মইটো এইটো ক'বলৈ আহিছিলো যে যাওঁ মই বহুত দূৰলৈ।  যাতে মোৰ কাৰণে তোমাৰ একো দুখ নহয়। 

তুমি মোক যি উপকাৰ কৰিলা । সেইবোৰ মই কেতিয়াও পাহৰিব নোৱাৰো আৰু লগতে তুমি দিয়া কলংক ও।

"দুখবোৰ আঁতৰাবলৈ মই তোমাক সাবতি ধৰিছিলো আৰু এতিয়া তুমি দিয়া দুখৰ দৰব একো নাই।"

"হিয়াক ভালকে চোৱা চিতা কৰিবা"।

*নিজৰ ও ধ্যান ৰাখিবা" বুলি কৈ তাই ঘূৰি দিলে।

অভয়ৰ চকুলে চাই তাই নিজকে দূৰ্বল কৰিব খোজা নাছিল। 

অভয়ে গৈ থকা ৰিয়াক চাই আছিল।

মনে কৈছিল ৰখাও তাইক, কিন্তু কি সম্বন্ধত, কি অধিকাৰত ।

নিজৰ অবিশ্বাসৰ বাবে অভয়ে অধিকাৰো হেৰুৱাই পেলাইছিল আৰু নিজৰ পবিত্ৰ প্ৰেম ও।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages