যৌথ পৰিয়ালত ডাঙৰ দীঘল হোৱা, পলি বহুতে সংস্কাৰী আৰু সকলোৰে মৰমৰ আছিল। ভগৱানেও যেন তাইক ৰং ৰূপ দিবলৈ কোনো বাকী এৰা নাছিল। আইতা-ককা, বৰ্ত্তা-বৰ্মা, খুড়া-খুড়ী, ৬জনী বায়েক ভনীয়েক, পাচঁজন ককায়েক ভায়েকৰ সৈতে পলিৰ ইমান ডাঙৰ পৰিয়াল আছিল। পৰিয়ালত ইমান বেছি ছোৱালী থকাৰ বাবে যিমান পাৰি সোনকালেই ছোৱালীবোৰক বিয়া দিয়া হৈছিল।( Storyboard )
পলিও, এতিয়া বিবাহৰ যোগ্য হৈছিল। বৰ্তমান পলিৰ এতিয়া ১৯বছৰে হৈছিল। কিন্তু বিবাহৰ বাবে এতিয়া তাই নাম্বাৰ আহিছিল। ভাল ঘৰৰ পৰিয়াল আৰু ভাল ঘৰ দোৱাৰ চাই পলিৰ বিবাহ কৰি দিয়া হল। আৰু পলি নিজৰ শহুৰেকৰ ঘৰলৈ আহিল। শহুৰেকৰ ঘৰখন ইমান ডাঙৰ পৰিয়াল নাছিল, তথাপিটো শহুৰ, শাহু, এজনী নন্দেক আৰু এজন দেওৰেক আছিল। সেই ঘৰৰ ছোৱালী 'মাইনা' ঘৰখনৰ সকলোৰে মৰমৰ আছিল। নবৌয়েক অহাত মাইনাৰ এনে লাগিল, তাই যেন এগৰাকী ডাঙৰ বায়েকক পালে। মাইনাই বহু মৰমেৰে নিজৰ বৌয়েকৰ লগত থাকিছিল। পলিয়েও মাইনাক বহু মৰম কৰিছিল। মাইনাই, নিজৰ দেউতাকৰ বহুত যত্ন লৈছিল। দেউতাকৰ সকলো কাম কৰাত মাইনাই বহু সহায় কৰিছিল। যেতিয়া দেউতাকে গা ধূৱলৈ গৈছিল, তেতিয়া তেওঁ বাথৰূমলৈ যোৱাৰ আগতে, দেউতাকৰ গামোচা বাথৰূমত ৰাখিছিল। আৰু যেতিয়া দেউতাকে গা ধূই আহিছিল, তেতিয়া মাইনাই পেন্ট চাৰ্ট ইস্ত্রি কৰি বিচনাত থৈ দিছিল। দেউতাক অফিচৰপৰা অহা পাছতে, মাইনাই গৰম গৰম চাহৰ কাপ তেওঁৰ হাতত দিছিল। মাইনাই নিশাৰ আহাৰ সদায়ে দেউতাকৰ কাষতে বহি কৰিছিল।
মাইনাও এতিয়া বিবাহৰ যোগ্য হৈ পৰিছিল। আৰু কিছু দিনৰ পাছতে মাইনাৰো সম্বন্ধ ঠিক হৈছিল। এতিয়া মাইনা নিজৰ শহুৰেকৰ ঘৰলৈ গুচি যাব। এয়া ভাৱি গিৰিনৰ চকুত এনে কলা ডাৱৰে আৱৰি ধৰিলে যে, সেয়া বৰষুণৰ দৰে বৰষিবলৈ তেওঁ ৰখাব নোৱাৰিলে। তেওঁ ভাৱিছিল, মাইনা যোৱা পাছত ঘৰখন কিমান চেচাঁ হৈ পৰিব। তেওঁৰ যত্ন কোনে লব! তেওঁ মাইনাৰ অবিহনে কেনেদৰে থাকিব! এই সকলোবোৰ চিন্তাই তেওঁৰ ৰাতিৰ টুপনি কাঢ়ি নিলে। এদিন মাইনাই নিজৰ দেউতাকক কলে, পাপা, মই বিয়াত নবহো! দেউতাক আচৰিত হৈ ৰল। কি হল মাইনা! এনে কিয় কৈছা! পাপা, মই আপোনাৰ অবিহনে থকাটো কল্পনা কৰিলেই কপিঁ উঠো। মই আপোনাৰ পৰা দূৰলৈ নাযাও। আৰু মই গুচি গলে আপোনাৰ যত্ন কোনে লব! মাজনী, প্ৰতিজনী ছোৱালীয়ে এদিন নহয় এদিন বিবাহৰ বান্ধোনত বান্ধ খায় আন এখন ঘৰলৈ যাবই লাগে। ইয়াৰ কোনো বেলেগ বাট নাই।
অৱশেষত মাইনাৰ বিয়া সম্পন্ন হল। বিদায় লোৱা সময়ত যেতিয়া মাইনাই দেউতাকৰ ফালে চাইছিল, তেতিয়া দেউতাকে একো নোকোৱাকৈ তেওঁৰ চকুহালে কয় গৈছিল। এজনে আনজনৰ হৃদয়ৰ মাতক বুজি পোৱা দেউতাক আৰু জিয়েকৰ মনত বলি থকা বতাহজাকক অনুভৱ কৰি ৰৈছিল। যোৱাৰ সময়ত মাইনাই দেউতাকক সাৱটি লৈ বহুত কান্দিলে। দেউতাকেও নিজৰ চকুলোক ৰখাব নোঁৱাৰিলে আৰু মাইনাক নিজৰ স্বামী লগত স্বামী গৃহলৈ উলিয়াই দিয়া হল। ঘৰখন শান্ত আৰু নিজান হৈ পৰিল। এৰাতি পাৰ হৈ গল। পাচদিনা পুৱা যেতিয়া দেউতাকে গা ধূৱলৈ গল, তেতিয়া আনদিনাৰ দৰে তেওঁৰ গামোচা বাথৰূমত পালে। দেউতাকে আচৰিত হৈছিল। তেওঁ যেতিয়া গা ধূই বাহিৰলৈ আহে, তেতিয়া পেন্ট চাৰ্ট ইস্ত্ৰি হৈ বিচনাত তেওঁৰ বাবে অপেক্ষা কৰি আছিল। যেতিয়া আবেলি দেউতাক অফিচৰপৰা আহে, তেতিয়া তেওঁৰ বোৱাৰী পলি, মাইনাৰ দৰে, গৰম গৰম চাহৰ কাপ, পানী গিলাচৰ লগতে লৈ আহিল। ( Storyboard )
পলি ফালে চাই দেউতাকে পলিতে নিজৰ জী মাইনাক দেখা পালে। দেউতাকৰ এনে অনুভৱ হৈছিল যে, তেওঁৰ সন্মুখত যেন মাইনাই ৰৈ আছে। দেউতাকৰ দুচকুত সেই সময়ৰ সুখৰ চকুলো জিলিকি উঠিল। মাকেও এনে দৃশ্য দেখা পায় বহু সুখী হৈ পৰিছিল। মাকৰো নিজৰ বোৱাৰীয়েকৰ ওপৰত গৰ্ব হৈছিল। মাকে দেউতাকক কলে যে, আমাৰ এজনী জীক উলিয়াই দিলো কিন্তু আনজনী জী আমাৰ ওচৰলৈ সদায় বাবে আহিল। ৰাতি আহাৰ খোৱা সময় হল। সকলোৱে ভোজন কৰিবলৈ বহিল। তেতিয়া পলিক মাত লগাই কলে, পলি আহা, আমি একেলগে বহি সকলোৱে ভোজন কৰিম। পলি আচৰ্য্যজনক হৈ পৰিল। পলি আহিলে আৰু দেউতাকৰ কাষতে বহিল। তেতিয়া দেউতাকে নিজৰ কাহীঁৰপৰা প্ৰথম গঢ়া ভাত মৰমেৰে পলিক খুৱালে। আৰু পলিক কলে, আজিৰ পৰা তুমি মোৰ কাষতে বহি একেলগে আহাৰ গ্ৰহণ কৰিবা। মই নাজানিছিলো যে, মই মোৰ এজনী জীক উলিয়াই দিলো, কিন্তু আনজনী জী মোৰ কাষতে আছে।
পলিয়ে আনন্দিত হৈ কলে, অ পাপা, আজিৰ পৰা আমি দুয়ো একেলগে আহাৰ গ্রহণ কৰিম। এয়া কৈয়ে পলিয়ে ভাৱি আছিল, কোনে কয়, ছোৱালীজনী বিদায় লৈ আন এখন ঘৰলৈ যায়! মোৰ টো এনেকুৱা লাগে, এজনী ছোৱালী নিজৰ মাকৰ ঘৰৰপৰা আন এগৰাকী মাকৰ ঘৰলৈ যায়। যত মাক দেউতাক, ককায়েক ভায়েক, বায়েক ভনীয়েক, সেই ছোৱালী জনীয়ে আৰু বেছিকৈ পায়।
কিছু দিনৰ পাছত মাইনা ঘৰলৈ আহিছিল। আবেলিৰ সময় আছিল, মাইনাই, নিজৰ নতুন ঘৰখনৰ কথা সকলোৱে কয় আছিল। সেই সময়তে মাইনাৰ দেউতাক আহিল আৰু দেউতাক আহিলত মাইনাই দেখা পালে, তাইৰ দৰে পলিয়ে, চাহৰ কাপ পানীৰ গিলাচৰ লগতে লৈ আহিছিল। আৰু দেউতাকে মৰমৰে পলিৰ হাতৰ পৰা লৈছিল। এয়া দেখা পায় মনতে মাইনাই বহু সুখী হৈছিল। নিশাৰ আহাৰ খোৱাৰ সময়ত মাইনা দেউতাকৰ কাষত আহি বহিল। তেতিয়া দেউতাকে মাত দিলে, পলি আহা। আজি দেউতাকৰ এফালে, পলি আৰু আনফালে মাইনা। দুয়োয়ে দেউতাকৰ লগতে বহি আহাৰ খাইছিল। আজি এই দৃশ্য দেখা পায়, মাইনা নিচিন্ত হৈছিল যে, দেউতাকৰ যত্ন লবলৈ এতিয়া তাইৰ নবৌয়েক আছে। যিয়ে দেউতাক কেতিয়াও দুখী হবলৈ নিদিয়ে। আৰু তাইৰ নথকাৰ অনুভৱ দেউতাকক হবলৈ নিদিয়ে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment