এবছৰ পুৰণি এই কথা।
আজি হোষ্টেলৰ কেন্টিনত বহি ববিৰ সেই ভয়ানক নিশাটোৰ কথা পুনৰ মনত পৰিল। এই বাহিৰত দি থকা বৰষুণ জাকৰ বাবে। সেইদিনাও এনেদৰে জোৰেৰে বৰষুণ দি আছিল( Storyboard )। যেতিয়া সেই ভয়ানক ঘটনাটো ববিৰ লগত ঘটিছিল। ববিৰ হোষ্টেলত থাকি নাৰ্চ পঢ়া তেতিয়া এবছৰ হৈছিল। নিজৰ মাক দেউতাকৰ পৰা বহু দূৰত। ববিৰ হোষ্টেলত ৰূমৰ নাম্বাৰ ২৩০আছিল। আৰু সেয়া হোষ্টেলৰ থাৰ্ড ফ্লৰত আছিল। ববিৰ ৰূম মেট আছিল কবিতা। হোষ্টেলৰ প্ৰতিটো ৰূমতে দুখনকৈ বিচনা আছিল। ববিৰ ৰূম থকা ফ্লৰতে, ববিৰ ৰূমৰ ওচৰতে আন এক ৰূম আছিল, ৰূম নাম্বাৰ ২২৩। ববিয়ে এই এবছৰে ২২৩ নং ৰূমত কাকো অহা যোৱা কৰা দেখা পোৱা নাছিল।
এদিন নিশা শুৱা সময়ত ববিয়ে কবিতাক সুধিলে, কবিতা, এই ২২৩ ৰূমত কোনো নাথাকে নি! কেতিয়াও কাকো অহা নেদেখো যে! কবিতাই কলে, ববি, তুমি ৰূম নাম্বাৰ ২২৩ বিষয়ে নাজানা নি! নাজানো ভালদৰে মইও নাজানো। কিন্তু মোৰ সম্বন্ধীয় বা এজনী, যি ফাইনেল ইয়েৰত আছে, সেই বায়ে কৈছিল, আমাৰ ফ্লৰ টো ভোটৰ ফ্লৰ নামেৰে জনা যায়।
কিন্তু কিয় কবিতা! ববিয়ে সুধিলে। দুজনী ছোৱালীয়ে ২২৩ নং ৰূমত আত্মহত্যা কৰিছিল আৰু যেতিয়া আন ছাত্রী আহি সেই ৰূমত থাকে, তেতিয়া তাহাঁতি কয়, সেই ৰূমত সেই ছোৱালী দুজনী এতিয়াও আছে বুলি। তেতিয়াৰপৰা সেই ৰূমটো কাকো দিয়া নহয়। ববিয়ে কলে, কবিতা, তুমি মোক এই কথা কেতিয়াও কিয় কোৱা নাই। মই ভাৱিছিলো, তুমি এই বিষয়ে জানা। কিন্তু ববি, তুমি সেই ৰূমৰ পৰা অলপ আঁতৰত থাকিবা। কবিতাই কলে। সেইদিনা ববিয়ে কবিতাক নকলে যে এইবোৰ কথা তাই বিশ্বাস নকৰিছিল।
এতিয়া ২২৩ নং ৰূমৰ বিষয়ে জনা ববিতাৰ ৩ মাহ হৈছিল। কিন্তু এতিয়ালৈ এনে একো ঘটনা ঘটা নাছিল যে, যাৰ বাবে কবিতাই কোৱাটো সচাঁ যেন লাগে। এদিন নিশা বহু জোৰেৰে বৰষুণ দি আছিল। যাৰ বাবে ববিৰ মাজ নিশা টুপনি ভাঙিল। ববিয়ে সাৰ পায় কলে, এয়া শব্দ কেনে! বৰষুণ দিছে। সময় কেইটা বাজিল। ববিয়ে ঘড়ীটোলৈ চাই দেখা পালে যে, তেতিয়া নিশা আঢ়ৈ বাজিছিল। ববিয়ে পুনৰ টুপনি যাবলৈ চেষ্টা কৰিলে, কিন্তু বহু চেষ্টা কৰাৰ পাচটো ববিৰ টুপনি অহা নাছিল। তেতিয়া ববিয়ে ভাৱিলে, অলপ ৰূমতে খোজ কাঢ়ি দিলে টুপনি আহিব। ববিয়ে ৰূমতে খোজ কাঢ়িবলৈ ধৰিলে। কিছু সময়ৰ পাছতে কবিতাই মাত দিলে, ঐ ববি, ইমান ৰাতিখন কি কৰিছা, শুই যোৱা। তোমাৰ বাবে মইও টুপনি যাব পৰা নাই।( Storyboard )
তেতিয়া ববিয়ে কলে, চৰি কবি। মই বাহিৰলৈ গৈ অলপ খোজ কাঢ়ি আহো। ইমানে কয়, ববি ৰূমৰ পৰা বাহিৰলৈ ওলাই আহিল। আৰু কৰিডৰতে খোজ কাঢ়িবলৈ ধৰিলে। যেতিয়া ববি ২২৩ নং ৰূমৰ ফালে খোজ দিবলৈ ধৰিলে, তেতিয়া ববিয়ে সেই ৰূমৰ পৰা কাৰোবাৰ হাঁহি মাত শুনা পালে। আৰু যেতিয়া ববি ৰূমটোৰ ওচৰ পালেগৈ, তেতিয়া সেই হাঁহিৰ মাত আৰু ডাঙৰ হল। যেতিয়া ববি লাহে লাহে ৰূমৰটোৰ একেবাৰে কাষ পালেগৈ, তেতিয়া ববিয়ে দেখা পালে,সেই ৰূমৰ দুৱাৰ খন অলপ খোল খায় আছিল। তাকে দেখা পায় ববিয়ে বৰ ভাল পালে। আৰু নিজকে নিজে কলে যে, ফাইনেলী, এই ৰূমত কোনোবা থাকিবলৈ আহিল। এতিয়াৰপৰা এই ভোটৰ ফ্লৰ নামটো আঁতৰিব। এনে কয় ববিয়ে ৰূমটোৰ আৰু ওচৰলৈ গল। আৰু ৰূমৰ ভিতৰলৈ চাবলৈ চেষ্টা কৰিলে।
ৰূমটোৰ ভিতৰত লাইটৰ পোহৰ বহু কম আছিল। সেইবাবে ববিয়ে ৰূমটোৰ ভিতৰি ভাগ ভালদৰে দেখা নাপালে। ববিয়ে ৰূমটোৰ ভিতৰলৈ যোৱাৰ কথা ভাৱিলে। আৰু দুৱাৰত টুকুৰিয়ালে। ববিয়ে দুৱাৰত টুকুৰিয়ালত সেই হাঁহি থকা মাত বন্ধ হৈ পৰিল। কিন্তু ভিতৰৰ পৰা কোনেও মাত নিদিলে। সেইবাবে ববিয়ে পুনৰ দুৱাৰত টুকুৰিয়ালে। তেতিয়া ৰূমৰ ভিতৰৰ পৰা মাত দিলে, ভিতৰলৈ আহি যোৱা। তাকে শুনা পায় ববি ৰূমৰ ভিতৰলৈ গল। কিন্তু ৰূমটোৰ এফালে কোনো নাছিল আৰু লাইটো বন্ধ আছিল। কিন্তু এটা কোণত লাইট জ্বলি আছিল। আৰু সেই ফালৰ পৰা মাত আহিল, আমি এইফালে আছো। তেতিয়া ববি সেইফালে গল আৰু দেখা পালে, দুজনী ছোৱালী বিচনাত বহি আছিল। নিজৰ বগা সাঁজযোৰ পিন্ধি। হাই, মই ববি হয়। আৰু তোমালোকৰ কি নাম হয়! মীৰা আৰু আশা। আপোনালোক এই ৰূমলৈ কেতিয়া আহিল! এই প্ৰশ্নত, মীৰা আৰু আশাই, ববিক কোনো উত্তৰ নিদিলে। ববিৰ ফালে কেৱল চাই ৰল। আৰু কিছু সময়ৰ পাছত মীৰাই ববিক কলে, আমি এটা খেল খেলি আছো, তুমিও আমাৰ লগত খেলিবানে! মীৰাৰ, এই কথা শুনি, ববি অলপ আচৰিত হল। কিন্তু এই বিষয়ে ববিয়ে বেছিকৈ নাভাৱি ববিও, তাহাঁত দুজনীৰ লগত খেলিবলৈ প্ৰস্তুত হল। ঠিক আছে। সেই টেবুলৰপৰা এখন কাগজ আৰু কলম এটা লৈ আনা। মীৰা আৰু আশাৰ বিচনা খনৰ কাষতে এখন টেবুল আৰু আইনা আছিল। টেবুলখনতে কাগজ আৰু কলম আছিল। ববিয়ে টেবুলৰ ফালে আগবাঢ়ি গল। টেবুলৰপৰা কাগজ আৰু কলম এটা লৈ ওভটিবলৈ লওঁতে, ববিৰ চকু আইনাখনত পৰিল। আৰু যি দৃশ্য ববিয়ে আইনাখনত দেখা পালে, তাকে দেখা পায়, ববিৰ প্ৰাণ বায়ু উৰি যোৱাৰ দৰে হল।
ববিয়ে বহুতে ভয় খালে। ববিয়ে সেই আইনাখনত এজনী ছোৱালীৰ মৃতদেহ দেখা পাইছিল। যি ফেনত উলমি আছিল। যাৰ মুখ খন বেৰৰ ফালে আছিল। আৰু লাহে লাহে সেই মৃতদেহটো ববিৰ ফালে ঘূৰিছিল। ববিয়ে চিঞঁৰিবলৈ বিচাৰিছিল, কিন্তু তাইৰ মাতটো বাহিৰলৈ ওলোৱা নাছিল। ববিয়ে তেতিয়া কেৱল আইনাখনৰ পিনে চাই ৰৈছিল। যেতিয়া সেই মৃতদেহটোৰ মুখ খন ববিয়ে দেখা পালে, তেতিয়া ববিয়ে বহু জোৰেৰে চিঞঁৰিলে। তাৰপাছত আৰু ববিৰ একো কথায় মনত নাছিল। তাই লগত সেই ৰূমত আৰু কি হৈছিল! যেতিয়া পাচদিনা ববিয়ে নিজৰ চকুহাল খুলিলে, তেতিয়া তাই হস্পিটালৰ বিচনাত আছিল।
কবিতাক সন্মুখত দেখা পায় ববিয়ে সুধিলে, মই কত আছো! হস্পিটালত আছা ববি। হস্পিটালত, কিন্তু কিয়? শিক্ষয়তী আৰু চিকৰটি গাৰ্ডে তোমাক ইয়ালৈ আনিলে। কালি ৰাতি মই তোমাৰ চিঞঁৰা মাত শুনিছিলো। তেতিয়া মই চিকৰটি এলাৰ্ম অন কৰি দিলো। আৰু তোমাক আমি ৰূম নাম্বাৰ ২২৩ ত পালো। তোমাৰ মূৰৰপৰা তেজ উলাই আছিল।কবিতাই কলে। আৰু ববিক যেতিয়া সুধিলে, তাত কি হৈছিলে! কিন্তু কিয় জানো, ববিয়ে, সেই ৰূমত কি হৈছিল, সেই বিষয়ে কবিতাক একো নকলে। আৰু কোনোদিনে সেই বিষয়ে আন কাকোৱে ববিয়ে একো নকলে।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment