ফেচবুকত যেতিয়া গঢ় লৈ উঠে অবৈধ সম্বন্ধ : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 29, 2021

ফেচবুকত যেতিয়া গঢ় লৈ উঠে অবৈধ সম্বন্ধ : Storyboard

Storyboard

ৰাতিপুৱাবৰ সময় , অনামিকাই বিচনাখন পাৰি উঠি আহিব ললে। তেতিয়া ঘড়ীট ৫ বাজিছে আৰু এলাৰ্মটোও বাজিছে। সদায় এইটোৱেই হয়( Storyboard )। অনামিকা সদায় এলাৰ্ম বাজি উঠাৰ আগতেই সাৰ পাই উঠি যায় আৰু ঘৰৰ কামত ব্যস্ত হৈ পৰে। প্ৰায় ২০ বছৰ ধৰি এইবোৰ  দৈনিক চলি আহিছিল। ৰাতিপুৱা এলাৰ্ম বজাৰ আগতেই শুই উঠি পাকঘৰত গৈ ৰোহি আৰু অৰ্ণবৰ কাৰনে ব্ৰেকফাষ্ট আৰু দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰা আৰু স্বামীৰ টিফিনৰ কাৰণে সদায় নতুন কিবা বনোৱা। এইবোৰৰ বাদেও ঘৰখনত বিশৃংখল হৈ পৰি থকা গামোচা,চেন্ডেল, বাতৰি কাকত আদিবোৰ সামৰা কামো কৰিব লগা হয়। কেতিয়া ঘড়ীৰ কাটা ৫ বজাৰ পৰা আহি ৯ বজাত পালেহি গমেই নাপালে। আজিও ৯ বজাৰ লগে লগে লগে পল্লবে আনদিনাতকৈ জোৰত মাত লগালে, "অনামিকা,সোনকালে খাবলৈ দিয়া। পোহৰ নহুউতেই উঠা কিন্তু কিয় জানো তোমাৰ ইমান দেৰি লাগে?"

 ' এইয়া আনিলোঁ তোমাৰ ব্ৰেকফাষ্ট, চুজি আৰু গাখীৰ। গাখীৰখিনি অলপ গৰম আছিল ঠাণ্ডা কৰি আছিলোঁ।' অলপ খঙেৰে লাহেকৈ অনামিকাই কলে।  

" ইয়াত নতুনকৈ আৰু কি হব বাকী আছে। এইবোৰতো সদায় হয়। তোমাৰ ওচৰত কৰিবলৈ অকল পাকঘৰৰ কামহে আছে তাতো সদায় কিবা নহয় কিবা খেলিমেলি লগোৱা। " পল্লবে কথাবোৰ বহুত টানকৈ কলে।


"কেৱল পাকঘৰৰ কাম মানে কি ? পাকঘৰৰ কামৰ বাহিৰেও ঘৰৰ চুকে কোনে যে কাপোৰ কানি পেলাই থৈ যোৱা সেইবোৰ সামৰা, লৰা ছোৱালী কেইটাৰ বস্তুবোৰ সামৰা,কি কাম নহয়? 

 পল্লবৰ কাপুৰবোৰ অফিচলৈ যোৱাৰ আগতেই ইস্ত্রি কৰি সঠিক ঠাইত থৈ দিয়া ,ৰাতিপুৱাই গৈ গাখীৰ অনা, পল্লবক বিছনাত চাহ দিয়া আৰু লৰা ছোৱালীকেইটা?  সকলোকেতো প্ৰতিটো বস্তু হাততেই লাগে।"  মুখৰ ভিতৰতে অনামিকাই ভোৰভোৰাই পল্লবৰ  সন্মুখৰ পৰা থালখন আৰু গিলাছটো লৈ পাকঘৰলৈ গুচি গল। টিফিনটো তাই আগতীয়াকৈ দাইনিং টেবুলত থৈ দিছিল।পল্লবক টিফিন লৈ যাবলৈ মনত পেলোৱাৰ বাবে তাই পাকঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল কিন্তু তেতিয়ালৈকে সি টিফিন লৈ ওলাই গৈছিল। " আজিও নোকোৱাকৈ গুচি গল । কি হৈছে জানো আজিকালি মানুহজনৰ? আকৌ এবাৰ অনামিকা উদাস হৈ পৰিল। এই উদাসতাবোৰ তাইৰ অভ্যাস হৈ পৰিছিল। কিন্তু এতিয়া এই উদাসতাবোৰ বাঢ়িব ধৰিছে  সদায় বেছিকৈ।

 " পল্লবে ঠিকইটো কৈছে , ঘৰৰ কাম কৰি শেষ হোৱাৰ পাছত মই কিমান আজৰি সময় পাওঁ। মই আকৌ এবাৰ ডান্সৰ ক্লাছ কৰিব আৰম্ভ কৰোঁ? " মনত ভোৰভোৰাই থকা অনামিকা থমকি ৰল। "ডান্স ক্লাছ, কিন্তু যদি এওঁৰ কিবা অসুবিধা হয়।"


"এতিয়ানো কি অসুবিধা হব? পল্লব এতিয়া ইমান ব্যস্ত থাকে আৰু লৰা ছোৱালীকেইটাও ডাঙৰ হল, সিহঁতকো খোৱাৰ সময়ৰ বাহিৰে মোৰ কি প্ৰয়োজন? এতিয়া মই নাচিবলৈ শিকাম।" হয়তো প্ৰথমবাৰৰ বাবে অনামিকাই নিজে এটা সিদ্ধান্ত লৈছে। ঘৰৰ সকলো কাম শুনকালে আজৰি কৰি আজি সঠিক ৬ বজাৰ আগতেই অনামিকাই নিজক ধুনীয়াকৈ প্ৰস্তুত কৰিলে । আইনাৰ সন্মুখত গৈ যদি কেতিয়াবা নিজকে বাৰে বাৰে চাই ৰল আকৌ কেতিয়াবা পল্লবক নাচৰ ক্লাছৰ কথা কেনেকৈ কব তাৰ আখৰা কৰিলে।

 প্ৰায় ৭ বজাত ঘৰৰ বেলটো বাজি উঠিল। অনামিকাই দৌৰি আহি দুৱাৰমুখত ১ চেকেণ্ডৰ বাবে  থিয় হৈ দীঘলকৈ উশাহ ললে আৰু ৰিহাৰচল কৰাৰ দৰে এটা ধুনীয়া হাঁহি মুখত লৈ দুৱাৰ খোলিলে।

 কিন্তু পল্লবৰ যেন তাইৰ প্ৰতি লক্ষ কৰাৰ সময় নাছিল। অনামিকাই সদায়ৰ দৰে উদাস নহৈ , পল্লবৰ পিছে পিছে ভিতৰলৈ সোমাই গল। পল্লবৰ এই ব্যৱহাৰৰ, অনামিকাৰ বাবে স্বাভাৱিক হৈ পৰিছিল।

পল্লব কাপোৰ সলাবলৈ ৰুমলৈ গল আৰু অনামিকাই চাহ বনাব ললে। চাহৰ লগত পল্লবৰ পছন্দৰ পকৰিও বনালে।


অনামিকাই কোনো কাৰণতেই আজি নাচৰ ক্লাছৰ কাৰণে পল্লবৰ মুখৰ পৰা না শুনিব বিচৰা নাছিল , সেইবাবে সম্পূৰ্ণ যোগাৰ কৰি পল্লবক সুখী কৰিবলৈ সকলো চেষ্টা কৰিছে। কাপোৰ সলাই যেতিয়াই পল্লব বাহিৰলৈ আহিল টিভিৰ সন্মুখত চাহ আৰু পকৰিৰ লগতে অনামিকাৰ প্ৰশ্নৰে ভৰা চাৱনিয়ে অপেক্ষা কৰি আছিল।

 " ৱাহ, আজি চাহৰ লগত পকৰি । তোমাৰ গা ভালে আছে তো নে কিবা খৰছ কৰোৱাম বোলি ভাবিছা? "

অনামিকাইটো পল্লবক সুখী কৰিবৰ বাবে এনেকুৱা সৰু সুৰা চেষ্টাবোৰ কৰি থাকে কিন্তু পল্লবৰটো তাইক ঠাট্টা কৰাৰ অভ্যাস হৈ পৰিছিল। এখন হাতত চাহৰ কাপ আৰু আনখনত পকৰি এটা লৈ পল্লব চ'ফাত বহাৰ লগে লগে টেবুলত থৈ দিয়া মোবাইলটোত মেছেঞ্জাৰ নটিফিকেচন এটা আহিল। যিটো দেখি সি হাঁহি দিলে আৰু মোবাইলত ব্যস্ত হৈ পৰিল। অলপ সময়ৰ পাছত সাহস গোটাই অনামিকাই কলে," ভাবিছোঁ, গোটেই দিনটো এনেই থকা হয় গতিকে আকৌ নাচৰ ক্লাছ আৰম্ভ কৰি দিওঁ।" অনামিকাৰ কথাষাৰ শুনাৰ পাছত অলপ সময় ৰৈ পল্লবে তাইক ঠাট্টা মাৰি কলে, " মোৰ কোনো আপত্তি নাই কিন্তু এই বয়সত তোমাৰ ওচৰত কোন আহিব  নাচ শিকিবলৈ?  আজিকালি কোনেনো ক্লাছিকেল ডান্স শিকিব বিচাৰে?


 পল্লবৰ কথা শুনি তাইৰ খং উঠিল আৰু কলে, ' বহুত লৰা ছোৱালী আছে যিয়ে  এতিয়াও ক্লাছিকেল ডান্স শিকিব বিচাৰে ।  পৰহি দিনা মিষ্টাৰ শৰ্মাৰ পত্নীক লগ পাইছিলোঁ। তেওঁৰ ছোৱালী মৌ আৰু তাইৰ বান্ধৱী কেইজনিক কলেজ ফাংক্সন এটাৰ কাৰণে ক্লাছিকেল ডান্স শিকাবলৈ কৈছিল কিন্তু প্ৰথমে তোমাক সুধি লব খুজিছিলোঁ।' সম্পূৰ্ণ ধৈয্য সহকাৰে দিয়া অনামিকাৰ উত্তৰে পল্লবৰ অহংকাৰ নাভাঙিলে যদিও অলপ সময়ৰ বাবে সি মৌন হৈ পৰিল। পল্লবে অনামিকাক কলে,' তুমিতো বেয়াই পালা। মই কব খুজিছিলোঁ যে তোমাৰ ওচৰত ঘৰৰ ইমান কাম থাকে তুমি কেনেকৈ সকলো চম্ভালিব পাৰিবা? যদি তুমি কৰিবই খুজিছাঁ তেন্তে মোৰ কোনো আপত্তি নাই। তুমি যেতিয়াই ইচ্ছা ক্লাছ আৰম্ভ কৰিব পাৰা।' কথাখিনি শুনাৰ পাছত অনামিকা ফুৰ্তিত কব নোৱাৰা হৈ গল। ৰাতিৰ আহাৰত স্বামী আৰু লৰা ছোৱালী কেইটাৰ পছন্দৰ আহাৰ ৰান্ধি সিহঁতকো ডান্স ক্লাছৰ কথা কলে। সিহঁত দুটাও মাকৰ এই নতুন আৰম্ভণিত বহুত সুখী হল।

 পিছদিনাৰ পৰাই স্বামী আৰু লৰা ছোৱালীকেইটা গুচি যোৱাৰ পাছত ঘৰত গানৰ সুৰ শুনিব পোৱা গল। কলেজলৈ যোৱা ছোৱালীবোৰ অনামিকাৰ ওচৰত নৃত্য শিকিবলৈ আহিল আৰু গোটেই ঘৰ আনন্দৰে ভৰি পৰিল ।অনামিকাইও সম্পূৰ্ণ গুৰুত্ব সহকাৰে ছোৱালী কেইজনীক নৃত্য শিকাই আৰু সময় পালে বহুত কথা পাতে সিহঁতৰ লগত।


নিজৰ কলেজীয়া দিনবোৰৰ কথা মনত পৰি তাই আনন্দিত হৈছিল আৰু নতুন যুগৰ কলেজীয়া পৰিবেশৰ কথা ভাবি এই পৰিবেশটোৰ  লগত মিলিবলৈ চেষ্টা কৰিছিল। নৃত্য শিকিবলৈ অহা মৌৰ লগত অনামিকাৰ খুব ভাল সম্পৰ্ক আছিল। তাই মৌৰ পৰা বহুত কথা শিকিব পাইছিল।এদিন যেতিয়া মৌ নাচ শিকিবলৈ আহিলে তাইৰ চেহেৰাত এটা বেলেগ ফুৰ্তি আছিল। অনামিকাই তাইক সুধিলে," কোনোবাই প্ৰেমৰ প্ৰস্তাৱ দিছে নেকি?"( Storyboard )

 " বাইদেউ, তেনেকুৱাই বুলি ভাবক " মোবাইলটো হাতত লৈ ফেচবুক এপ্লিকেচনটো খুলি লৰা এজনৰ ফটো দেখোৱালে আৰু নিজেই এপ্লিকেচনতোৰ কথা কব ধৰিলে।

" বাইদেউ, এই ফেচবুকৰ সহায়ত আমি নিহৰ পৰিয়াল,বন্ধু তথা আন অচিনাকী লোক সকলৰ মাজটো সম্পৰ্ক গঢ়ি ৰাখিব পাৰিম ইয়াত নিজৰ পৰিচয় লোকোৱাই ৰাখিও একাউণ্ট খোলিব পাৰো। ইয়াৰ মেচেঞ্জাৰৰ যোগেদি আমি বিভিন্ন জনৰ সৈতে নিজৰ মনৰ ভাৱ বিনিময় কৰিব পাৰিম। মই আজি অলপ দিন আগত আমাৰ কলেজৰ লৰা এজনক ফ্ৰেণ্ড ৰিকোৱেষ্ট পথাইছিলো।তেওঁ একচেপ্ত কৰিছিল আৰু লাহে লাহে আমাৰ মাজত বহু ভাব বিনিময় হব ধৰিছিল। আজি তেওঁ মোক কফিৰ কাৰণে মাতিছে। মই যাৰ কাৰণে ইমান দিন অপেক্ষা কৰি আছিলোঁ।" মৌএ কথাবোৰ কৈ অনামিকাক সাৱটি ধৰিলে।


অনামিকাৰ এণ্ড্ৰ'ইদ মোবাইল আছিল যদিও তাই ফেচবুকৰ ব্যৱহাৰ নকৰিছিল, কাৰন পল্লবে তাইক এইবোৰ অদৰকাৰী বুলি কৈ থৈছিল।সেয়ে তাই ফেচবুকৰ বিষয়ে জনাত বিশেষ গুৰুত্ব দিয়া নাছিল।কিন্ত মৌৰ কথাবোৰ অনামিকাই অলপ গভীৰভাবে ললে।আৰু তাইৰ পৰা অনামিকাই ফেচবুক ব্যৱহাৰ কৰিবলৈ শিকিলে নিজৰ এটা একাউণ্ট খোলিলে।কিন্তু একাউণ্টটোত নিজৰ প্ৰকৃত পৰিচয় নিদিয়াৰ সিদ্ধান্ত কৰিকে।সেয়ে তাই নিজৰ বা পল্লব আৰু লৰা ছোৱালীকেইটাৰ ফটো নিদি নিজৰ হাতখনৰ ফটো দিলে । তাইৰ হাতত ৰঙা খাৰু আৰু ৰঙা নেইলপলিছ আছিল যিটো যিকোনো মানুহকে আকৰ্ষণ কৰাৰ বাবে যথেষ্ট আছিল।


অনামিকা যেন লাহে লাহে বেলেগ এখন পৃথিৱীত হেৰাই গৈছিল।এতিয়া তাইৰ দেইলি ৰুটিনখনত ঘৰৰ কাম , নাচৰ ক্লাছৰ লগতে আৰু এটা কাম বাঢ়িছিল সেইটো হল তাইৰ মোবাইলটো, নহয় আচলতে সেই ফেচবুকটো।

 দুদিনমান পাছত ডান্স ক্লাছ চলি থাকোতেই তাইৰ মোবাইলত অহা এপ্লিকেচনতোৰ নটিফিকেচন পাই তাই আনন্দিত হৈ গল। ছোৱালীকেইজনীক ক্লাছ শেষ কৰি পঠিয়াই লৈ তাই মোবাইলত ব্যস্ত হৈ পৰিল । ইফালৰ পৰা যদি এটা মেছেজ আহে অনামিকাই দুটা পঠিয়াই। অনামিকাই অকলে হাঁহিবলৈ ললে। কিছু মিনিটৰ বাবে আৰম্ভ হোৱা এই কথা বতৰা বাঢ়িবলৈ ধৰিলে।


কেতিয়াবা টেবুলৰ ওপৰত, কেতিয়াবা পাকঘৰত থকা মোবাইলটো এতিয়া অনবৰতে অনামিকাৰ লগত থকা হল। তাই কেতিয়াবা নাচ শিকাই থাকোতে ভৰিখনৰ ফটু আৰু কেতিয়াবা পাকঘৰত বনুৱা বিভিন্ন খাদ্যৰ ফটো আপল'ড  কৰিব ললে। তাই এনেকুৱা কাৰোবাক বিচাৰি পাইছিল যিয়ে তাইৰ এই সৰু সৰু সফলতাবোৰক গুৰুত্ব সহকাৰে লৈছিল। তাইও সেইজনক দেখুৱাবলৈ বহুত কিবা কৰিছিল।যদি কেতিয়াবা চুলিত সুগন্ধি তেল সানি সজাই দেখাইছিল আকৌ কেতিয়াবা ভৰিৰ নেইলপলিছৰ ৰঙ সলনি কৰি দেখুৱাইছিল। কিন্তু অনামিকাৰ মাজত যেনেদৰে পৰিৱৰ্তন আহিল তেনেকৈ তাইৰ স্বামী আৰু লৰা ছোৱালীকেইটাৰ মাজত কোনো পৰিৱৰ্তন নাহিল।তাই আজিও সৰু সৰু কথাৰ কাৰণে ঠাট্টা শুনে। কিন্তু তাইৰ আজিকালি অলপো বেয়া নালাগে কিয়নো কোনোবা এজন আছিল যিয়ে তাইৰ সকলো কাম  ভাল পাইছিল। কিছু মিনীতিৰ বাবে মেচেজত কথা পতা এতিয়া ঘণ্টালৈ পৰিৱৰ্তন হৈছিল। এতিয়া তাইৰ মেছেজত কথা পতাতো লৰা ছোৱালীকেইটাৰ চকুত পৰিছিল। সিহঁতে সৰু সৰু বস্তু কিছুমান বিচাৰি মাকক মোবাইলত ব্যস্ত থকা লৈ ঠাট্টা কৰিব ললে। পল্লবেও কব ধৰিলে,'কি তুমি অনবৰতে ফোনটোত ব্যস্ত থাকা?'

 কিন্তু অনামিকা সূৰ্যৰ পোহৰৰ দৰে জিলিকি উঠিছিল। লৰা ছোৱালী আৰু  স্বামীৰ পৰা লুকাই তাই কেতিয়াবা পাকঘৰত আৰু কেতিয়াবা বাথৰূমত গৈ মেছেজ কৰি কথা পাতি ফুৰ্তিত থাকে। তাইৰ যেন একো গাত কথা লগা নাছিল বাকীবোৰে তাইৰ কথা কি ভাবে । হয়তো তাইৰ আকৌ এবাৰ প্ৰেম হৈছিল।


অনামিকাৰ মাজত হোৱা পৰিৱৰ্তনে এতিয়া পল্লবক আমনি কৰিব ধৰিছে। তাইৰ ওপৰত সন্দেহ হৈছিল, তাৰ নিজৰ অনামিকাৰ ওপৰত। বহুত সময়ৰ পাছত অনামিকা তাৰ পৰা আঁতৰি যোৱাৰ ভয়ত সি আতংকিত হৈছিল।  তাৰ সেই অধিকাৰলৈ মনত পৰিছিল যে অনামিকা কেৱল পল্লবৰ। 

 এদিন ৰাতি তাই ভাত ৰান্ধি থাকোতে লৰাটোৱে  বহুত সময় তাইক দৰ্জা মুখত ৰৈ মোবাইলত ব্যস্ত হৈ থকা চাই আছিল আৰু দেউতাকক গৈ মাকৰ এই সলনি হোৱা ব্যৱহাৰৰ কথা কলেগৈ। পল্লবৰ এতিয়া বেছি চিন্তা হব ধৰিছে। ঘটনাটো গম্ভীৰ হৈ গৈ আছে , সি বুজি পাইছিল যে তাইৰ জীৱনত নতুন কোনোবা আহিছে কিন্তু সি কব কেনেকৈ? তেতিয়াই সি পাকঘৰলৈ আহি অনামিকাৰ হাতৰ পৰা মোবাইলটু কাঢ়ি লোৱা দি ললে । ' মোৰ ফোন এটা কৰিব লগীয়া আছে ১ মিনিট ৰবা।'

অনামিকাই তাক ৰখাব নোৱাৰিলে। মাত্ৰ তাৰ পিছে পিছে ৰ'বা ৰ'বা বুলি কৈ গৈ থাকিল।পল্লবো খঙত কি কৰো কি নকৰোৰ দৰে হৈ পৰিছিল।

 অনামিকাই অলপ লাজ পাওক বুলিয়েই পল্লবে মোবাইলটো পোনে পোনে নি জীয়েকৰ হাতত দিছিল।আৰু অনামিকা আৰু সেই মানুহজনৰ মাজত হোৱা কথাবোৰ জীয়েকক চিঞৰি চিঞৰি পঢ়ি শুনাবলৈ কৈছিল।জীয়েকে পূৰ্বৰ মেচেজৰ কেইটামান লাইন পঢ়োতেই তেওঁলোকৰ মাজত প্ৰেম আলাপ ধৰা পৰিছিল।পত্নীয়ে পৰপুৰুষৰ সৈতে কৰা এই প্ৰেমআলাপ পল্লবৰ যেন আৰু অধিক শুনিবলৈ ধৈয্য নাছিল। সি খঙত অগ্নিশৰ্মা হৈ কব ধৰিলে,"এই বয়সত তুমি এইবোৰ... অহা বছৰ তোমাৰ ছোৱালী কলেজ যাব আৰু তুমি এইবোৰ কৰি আছা.. চিঃ অনামিকা। আৰু এইটো হয় কোন ? চাওঁচোন মইও বুলি কৈ জীয়েকৰ হাতৰ পৰা মোবাইলটো থাপ মাৰি লয়। 

"এইজন তো....।" তেওঁৰ পত্নীয়ে কথা পাতি থকা পৰপুৰুষ জনৰ প্ৰফাইল দেখি পল্লব হতবাক হৈ পৰিল।


অনামিকাই স্বস্তিৰ নিশ্বাস টানি পল্লবৰ হাতৰ পৰা মোবাইলটো লৈ কলে, " বহুত মনত পৰে মোৰ পললৈ । যিয়ে মোৰ সুখত সুখী হৈছিল আৰু মোৰ লগত ঘণ্টা ঘণ্টা ধৰি কথা পাতিলেও কথা শেষ নহৈছিল। বহুত চেষ্টা কৰিলোঁ কিন্তু ইয়াৰ বাহিৰে আৰু একো উপায় পোৱা নাছিলোঁ পল। অচিনাকিৰ  ভাও ধৰি হলেও মই মোৰ পলক ঘূৰাই পাইছিলোঁ। মই তোমাৰ কথাৰ মাজত হেৰাই যাব খুজিছিলোঁ। আকৌ সেই জীৱনটো জীয়াই থাকিব খুজিছিলো।" 

 কথাখিনি কৈ অনামিকাই মোবাইলটো টেবুলৰ ওপৰত থৈ পাকঘৰলৈ গুচি গল। ছোৱালীজনীয়ে এতিয়া মাকৰ সলনি দেউতাকক প্ৰশ্নবোধক চাৱনিৰে চাই ৰৈছিল।

যিহেতু সেই ফেচবুক একাউণ্টটো পল্লবেই পল নামেৰে খোলি চলাই আছিল।আৰু অনামিকাইও ফেচবুকত প্ৰকৃত পৰিচয় নিদিয়াৰ বাবে জনা নাছিল যে সি নিজৰ পত্নীৰ সৈতেই ইমান দিনে ভাব বিনিমক্ষ কৰি আছিল

এতিয়া পল্লব ওৰফে পলে আইনাত বাৰে বাৰে নিজক চাই ৰৈছিল।


সমাপ্ত


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages