ৰাতি বিছনাত পৰি পৰি সুনন্দাৰ সৈতে কটাই অহা আজিৰ দিনটোৰ কথাকে ভাবি থাকিল নীলে । মানুহৰ জীৱনলৈ এনেকৈয়ে আহে নেকি প্ৰেম , ভালপোৱাবোৰ ! তাৰচোন হঠাৎ ভাল লাগিবলৈ লৈছে তাৰ আশে-পাশে থকা পৃথিৱীখন ! কোনোদিনে কোনো ছোৱালীৰ প্ৰতি দুৰ্ব্বলতা নথকা নীল নামৰ ল'ৰাটো আজি দুৰন্ত প্ৰেমিক হৈ পৰিছে ... ।( Best story )
সুনন্দাৰ সান্নিধ্য তাৰ সঁচাকৈয়ে ভাল লাগে ! বোধকৰো সুনন্দাৰো ! বোধকৰো নহয় , হয়েই । সি ধৰিব পাৰিছে সুনন্দাৰ দুচকুত তাৰ বাবে থকা সেই আকুলতাখিনি । কাহানিও নভবা -নিচিন্তা কথাবোৰ এতিয়া তাৰ জীৱনত ঘটিবলৈ
ধৰিছে .. ।
সুনন্দাৰ লগত থাকিলে কোনো নিৰাশাই তাৰ মনলৈ নাহে । ইমান জীৱন্ত হৈ পৰে তাৰ চৌপাশৰ আকাশ , বতাহ ... !
" কি হ'ল অ' তোৰ ? এনেকৈ থাক যে
আজি-কালি ? কিবা প্ৰেম-চেমত পৰিছ নেকি ?"
--ৰূমলৈ সোমাই আহি মানসে নীলৰ পিনে চালে ।
মানসৰ মাতত নীলে বিছনাখনত একাতি হৈ লৈ তালৈ ঘূৰি চালে ।
" বোলোঁ মামলা কি ?"--মানসে তাৰ পিনে চাই হাঁহিলে ।
" মানে ?"-- গহীন হ'বলৈ চেষ্টা কৰিলে নীলে ।
" এনেকৈ থাকিলেই আমি হ'বলা একো নুসুধিম বুলি ভাবিছ নহয় ! ছব জানোঁ বুইছ ,ছব !"--মানসে আকৌ হাঁহিলে ।
" কি জান হাঁ?"--নীলে তাৰ পিনে নোচোৱাকৈ সুধিলে ।
" জানোঁ আৰু যি জানিব লাগে !"
" ক'চোন কি জান?"
" প্ৰেমত পৰিছ তই সুনন্দাৰ !"
" অ', খবৰ গোটাই ফুৰিছ তলে তলে !"
" তলে তলে নহয় । তহঁত দুটাক দেখিছোঁও আমি একেলগে !"
" ক'ত দেখিলি ?"
" কিয় ? তই যে সদায় গায়ব হৱ মানুহটো , আমি কি খবৰ নাৰাখিম ?"
" তহঁতৰ আৰু কাম নাই নহয় ?"
" কাম নাই নহয় । আছে কাম , ক!"
" কি?"
" কি কি?ভালপাৱ নহয় সুনন্দাক ?"
"ওঁ ,পাওঁ!"
" ধেৎ তেৰি!তইনো আমাৰ পৰা এই কথা লুকুৱাব লাগেনে ? ক'বি কিবা সহায় লাগিলে । আমি আছোঁ বুইছ দোস্ত !"
নীলে মানসৰ পিনে চাই হাঁহিলে ।
" আজি সন্ধিয়া সাগৰে তহঁত দুটাক হাতত ধৰাধৰিকৈ গৈ থকা দেখি আহিছে ! সেয়েহে সুধিলোঁ । "
" অ' , ইও কম নহয় ! তোক ইনফৰ্ম কৰিলেই !"
" অঁতো ! কৰ, কৰ দোস্ত । প্ৰেম বেয়া বস্তু নহয় । কিন্তু চাবি , যাতে ঢোকা নিদিয়ে ! তেতিয়া বহুত আঘাত পোৱা যায় বুইছ ! বহুত কঠিন হৈ পৰে নিজক চম্ভালিবলৈ !"
মানসৰ কথাবোৰ নীলৰ বাবে কিবা এটা সহজ নাছিল । সি এনেকৈ কথাকেইটা কোৱাৰ আঁৰত তাৰ মনৰ ভিতৰত কিবা এটা দুখ থকা যেন লাগে । কি হ'ব পাৰে বাৰু ? সিও প্ৰেমত পৰিছিল এদিন হয়তো ! কিন্তু প্ৰতাৰণাৰ দুখে তাক খুলি খুলি খাইছে এতিয়া !--নীলে ভাবিবলৈ ধৰিলে ।
মানসে কাপোৰ-কানি সলাই নীলৰ ওচৰলৈ আহি তাৰ বিছনাখনত বহিল ।
" কিবা দুখ আছে তোৰ মনত ?"--নীলে তাৰ
পিনে চালে ।
" ধেৎ !একো নাই । "
" মিছা কথা ! ক, কিহে তোৰ ভিতৰত ইমান আমনি কৰি আছে ।!"
" আৰে, কৈছোঁ নহয় নাই বুলি! তোৰ কথা কচোন ।"( Best story )
নীলে ধৰিব পাৰিছে ,মানসে নিজক চম্ভালিবলৈ চেষ্টা কৰিছে । তাৰ কথাবোৰ জানিবলৈ নীলৰ বৰ মন গ'ল । হয়তো কথাবোৰ তাৰ আগত কৈ পেলালে মানসৰ বুকুৰ ভিতৰৰ পোৰণিবোৰ কমেই! কোনোবাই কোৱা কথাষাৰ তাৰ মনত পৰিল --দুখৰ কথাবোৰ শ্বেয়াৰ কৰিলে দুখবোৰ পাতলে । হয়তো মানসে তেনে এটা পৰিস্থিতিৰ পৰা নিজকে উলিয়াই আনিব পৰা নাই । সি ভিতৰি ভিতৰি এখন পুৰণি বেৰৰ দৰেজহি -খহি যাবলৈ আৰম্ভ কৰিছে ... !
প্ৰেমত পৰাটো যিমান সুন্দৰ , প্ৰেমত প্ৰতাৰিত হোৱাটো তাতোকৈ শতগুণে কষ্টকৰ । নীলে তাৰ প্ৰেমক যিমান সুন্দৰ সপোনেৰে সজাবলৈ আৰম্ভ কৰিছে , মানসৰ বুকুৰ ভিতৰৰ প্ৰতাৰণাৰ ঘাঁ টুকুৰা সিমানেই তাৰ বুকুৰ ভিতৰলৈ কুৰুকি কুৰুকি সোমাই গৈ আছে ! --নীলে অনুভৱ কৰিব পাৰিছে এই মুহূর্তত । মানসক এই ৰূপত দেখি তাৰ বেয়া লাগিল ।
" কি হৈছিল মানস তোৰ, ক'বিনে ?"
" হুঁ ! নাই নাই ,একো নাই । তোৰ কথা ক । "
" নহ'ব , আজি মই তোৰ কথা শুনিম । "--নীলে তাৰ পিনে চালে ।
" ভগা আইনা জোৰা নালাগে অ' ! আইনা ভাগিলে নতুন আইনা কিনিব পাৰি । হৃদয় ভাঙিলে কি কৰিব লাগে অ' ! মই কেনেকৈ জোৰা লগাওঁ মোৰ এই ভঙা হৃদয়খন !"--মানসৰ চকুদুটা সেমেকি উঠিল ।
নীল মৌন হৈ ৰ'ল । প্ৰেমৰ প্ৰতাৰণাৰ আঘাত কিমান গভীৰলৈ পোখা মেলি শিপায়,মানসক দেখি সি বুজিব পাৰিছে ।
" কলেজত থাকোঁতেই প্ৰেম হৈছিল আমাৰ । সকলো ভাল লগা হৈ পৰিছিল । খুব ধুনীয়া ছোৱালী অমৃতা । কিন্তু মই তাইৰ সৌন্দৰ্য্যৰ বাবে প্ৰেমত পৰা নাছিলোঁ । অন্তৰেৰে ভাল পাইছিলোঁ তাইক । তায়ো । এনেদৰেই আমাৰ প্ৰেম চলিল । কলেজৰ তিনিটা বছৰ কেনেকৈ পাৰ হৈ গ'ল , গমেই নাপালোঁ । বহুতৰে হিংসা হৈছিল তাইক মোৰ লগত দেখি । কিন্তু তাই মোকেই বিচাৰিছিল সদায় । মই গম পাইছিলোঁ । অকল ধুনীয়াই নহয়, কলেজৰ বেষ্ট ছিঙ্গাৰো আছিল । মোতকৈ এবছৰ জুনিয়ৰ আছিল । মই পাছ কৰি ওলাই আহিলোঁ । সিদিনা তাই খুব কান্দিছিল ।"
" কিয় ?" --নীলে তাৰ মুখলৈ চালে ।
" মোক কলেজত আৰু নেদেখিব যে !"
" ওঁ, তাৰ পিছত ?"
" মই বুজাইছিলোঁ । কলেজৰ পৰাহে ওলালোঁ, তাইৰ জীৱনৰ পৰাতো নহয় ! তাই বুজিছিল । তথাপিও খুব দুখ পাইছিল --
"বৰ অকলশৰীয়া লাগিব এতিয়া মোৰ মানস!"--তাই মোৰ মুখলৈ চাই ৰৈছিল ।
" ধেৎ পাগলী! ভালহে হ'ল! সোনকালে এম ,এটো কৰি চাকৰি এটা যোগাৰ কৰিব নালাগিল জানো ? তোমাৰ মা -দেউতাই তোমাক মোলৈ এনেয়ে বিয়া দিবনে ?"
" অহ ! হয়তো কথাটো ! ভবাই নাছিলোঁ । তুমি সোনকালে এম,এটো কমপ্লিট কৰা ।"
" অহ ! নিশ্চয় !"
" মই ৰৈ থাকিম তোমালৈ মানস !"--মোৰ হাত খন তাইৰ হাতত লৈ খুব আশ্বাসৰ সুৰত কৈছিল
তাই ।
মই কলেজ এৰাৰ পিছতো তাইৰ লগত মোৰ প্ৰায়েই দেখা -দেখি হৈ থাকিল ।তেতিয়াও তাইৰ এবছৰ বাকী আছে কলেজত । দিনবোৰ আগবাঢ়িল । অমৃতাৰ মনৰ কোনোবাখিনিত হয়তো ঘূণে ধৰিলে ! তাই আগৰ দৰে মোৰ লগত মাত-বোল কৰিবলৈ এৰিলে । প্ৰায়ে অজুহাত দেখুৱাই আঁতৰি ফুৰি থকা হ'ল মোৰ পৰা । মই গমেই পোৱা নাছিলোঁ , কি হৈছে তাইৰ । হয়তো পঢ়াৰ বাবেই তাই অলপ চিৰিয়াছ হৈছে --এনেদৰেই ভাবিছিলোঁ মই । "
" তেনেহ'লে ?"-- আচৰিত হৈ নীলে মানসৰ মুখলৈ চাই ৰ'ল ।
" তাইৰ জীৱনলৈ কোনোবা এজনৰ প্ৰৱেশ
ঘটিল । । ল'ৰাজনৰ নাম নিশান্ত । সেয়ে তাই মোক এৰাই চলিব বিচাৰিছিল । "
" তই সুধিছিলি তাইক এই বিষয়ে ?"
" সুধিছিলোঁ । "
" কি ক'লে তাই ?"--নীলে মানসৰ মুখলৈ উৎসুকতাৰে চাই ৰ'ল ।
" একো ক'ব পৰা নাছিল তাই সিদিনা মোক । "
" মানে ? তাই স্বীকাৰ কৰিছিল এই কথা ?"
" ওঁ । নতুন প্ৰেমিকৰ প্ৰতি থকা ভালপোৱাৰ
ভাষা মই তাইৰ চকুত পঢ়িব পাৰিছিলোঁ । "
" ওঁ ,আৰু তই তাইক এৰি গুচি আহিলি !"
" আৰু কি কৰিম ? ভালপোৱা জোৰ কৰি আদায় কৰা বস্তু নহয় নীল ! "
" বুজিলোঁ । কিন্তু তহঁতৰ ভালপোৱাতো মিছা নাছিল !"
" মই তাইৰ ওচৰৰ পৰা আঁতৰি অহাটোকে সিদ্ধান্ত লৈ পেলালোঁ । "
" বুইছ মানস, তাইৰ প্ৰেম সঁচা নাছিল ! "
" নাজানোঁ ক'ত ভুল হ'ল মোৰ নীল ! মই তাইক বহুত ভাল পাইছিলোঁ ! এইবোৰ মোৰ বাবে এতিয়া অসহনীয় হৈ পৰিছে !"
" আৰে তই মিছাতে দুখ কৰিছ ! কিজানি তোৰ ভালৰ কাৰণেই হৈছে এইবোৰ!জীৱনটো এনেয়ে নাযায় । বহুত ভাল ছোৱালী আহিব তোৰ জীৱনলৈ চাবি । তাই তোৰ বাবে কোনোদিনে নাছিল বুলি ধৰচোন !"
" এনেদৰে ভবাটোৱেইতো মোৰ বাবে অসম্ভৱ হৈ পৰিছে!"
" হ'ব, সকলো সম্ভৱ হ'ব চাবি । নিজেই বুজিবি । সময় । সময়েই সকলো মানস । "
" বুজিছোঁ । কিন্তু হৃদয়খন এবাৰ টুকুৰা হৈ যোৱাৰ পিছত জোৰা নালাগে ! মই আজিও পৰা নাই .. !"
" ছব ঠিক হৈ যাব । বি পজিটিভ !"
" তই বহুত সুখী নহয় নীল ?"
" ওঁ । বহুত সুখী মই । তোৰ জীৱনলৈয়ো এদিন সুখ আহিব । অপেক্ষা কৰ । "
" বাৰু, তোৰ কথা ক এতিয়া । "--মানসে নীলৰ পিনে চালে ।
" দেখিছইচোন চকুৰ আগত সকলো !"--নীলে তালৈ চাই হাঁহে ।
" ওঁ । সুনন্দা ভাল ছোৱালী । কিন্তু এটাই কথা কওঁ,মোৰ দৰে নহওক তহঁতৰ !"
" ওঁ । তাই মোক বহুত ভাল পায়! আৰু ময়ো !"
" ওঁ । "
ৰাতি শুবৰ সময়ত মানসৰ কথাবোৰ ভাবি ভাবি বহুত দেৰিলৈকে টোপনি নাহিল নীলৰ । সুনন্দাই তাক কেতিয়াও এনে নকৰে --তাইৰ ওপৰত তাৰ বিশ্বাস আছে .... ।
(আগলৈ)
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা অঞ্জনা দত্ত ডাঙৰীয়াণীৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Best story )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment