মাজনী, এতিয়া শহুৰৰ ঘৰখনেই তোমাৰ ঘৰ, ভালদৰে থাকিবা আৰু কাকোৱে অভিযোগ দিবলৈ সুযোগ নিদিবা। সকলো চাই চিতি কাম কৰিবা আৰু কোনোবাই কিবা কলে একো উত্তৰ নিদিবা, হাঁহি মাৰি মনে মনে থাকিবা। পুৱা সোনকালে উঠিবা, নিজৰ সকলো দায়িত্ব ভালদৰে পালন কৰিবা, ঘৰৰ সকলো মহিলাই তুলিকাক আৱৰি আছিল আৰু তাইক ভাল বোৱাৰী হোৱাৰ শিক্ষা দি আছিল। তুলিকাই মনতে ভাৱি আছিল যে, যদি প্ৰথমে গম পোৱা হলে,বিয়াৰ বাবে মান্তি হোৱাৰ বাবে ইমানবোৰ কথা শুনিবলগীয়া হল হয়, তেতিয়া কেতিয়াও বিয়াৰ বাবে মান্তি নহলো হয়।( Storyboard )
তুলিকাৰ বিয়া হোৱা মাত্র দুদিন হৈছিল হে , তাইৰ নতুন ঘৰখনত সকলোৰে দৃষ্টি তাইৰ ওপৰতে আছিল৷ তাইৰ শাহুৱেকে, খুড়ী শাহুৱেকে বা নন্দেকে এইবোৰ মন কৰাত ব্যস্ত আছিল যে, নতুন বোৱাৰীয়ে কি কৰিছে, কেনেকৈ কৰিছে, নতুন বোৱাৰীয়ে কি কি কৰিবলৈ জানে! কি নাজানে! তুলিকাৰ শাহুৱেকে তুলিকাৰ ওপৰত "মোৰ বোৱাৰী" বুলি এটা আছুতীয়া উপাধিয়ে দি দিছিল। তেওঁ এই চেষ্টাতে আছিল যে, তুলিকাই শাহুৱেকৰ মতেই আগবাঢ়ি যায়। তুলিকাই কিদৰে আত্মীয় কুটুমক গুৰুত্ব দিব, কাক কেনেকৈ ব্যৱহাৰ কৰিব। সকলোবোৰ তুলিকাৰ শাহুৱেকে নিৰ্ধাৰিত কৰে। তুলিকাই বুজিছিল যে, এয়াই এতিয়া তাইৰ পৰিয়াল। সেয়দ তাই সকলোকে যিমান পাৰে আপোন কৰিবলৈ চেষ্টা কৰিছিল।
তুলিকা এজনী পঢ়া শুনা কৰা, বুজিপোৱা, মুকলি মনৰ ছোৱালী আছিল। তাই বন্দিত্ব জীৱন আৰু অলাগতিয়াল কথা একেবাৰে পচন্দ নকৰিছিল, তথাপিটো তাই নিজৰ নতুন ঘৰখনত মিলিবলৈ চেষ্টা কৰিছিল। এদিন ভাত ৰান্ধি থাকোতে তুলিকাৰ হাতখন জ্বলিল। তেতিয়া তাই নিজৰ হাতত মলম লগালে, আৰু অলপ লাহেকৈ কাম কৰাৰ কথা ভাৱিলে। তাতে তুলিকাৰ শাহুমাকে তাইক কথা শুনাই লৈ কলে, আজিকালি বোৱাৰীয়ে কেৱল কাম নকৰাৰ সুবিধা বিচাৰি ফুৰে। তুলিকাৰ শাহুমাকৰ এনে কথা শুনি বৰ দুখ লাগিল, কিন্তু তাই মনে মনে শুনি থাকিল।
তুলিকাৰ নন্দেকক লৰা এঘৰে চাবলৈ আহিছিল। সেই সময়ত তুলিকাইও নন্দেকক সহায় কৰিছিল। তুলিকাৰ নন্দেকে এডাল গহনা, তুলিকাক দেখুৱাই সুধিছিল, এইডাল কেনেকুৱা লাগিব বৌ! তুলিকাই কলে, গহনাডাল ধুনীয়া, কিন্তু মেডাম এইডাল তোমাৰ এই কাপোৰযোৰৰ লগত নিমিলিব।এই কথা শুনিয়ে নন্দেকে কলে, মই আপোনাৰ নন্দেক হওঁ, বান্ধৱী নহয়। আপুনি মোৰ লগত এনেকৈ কথা নাপাতিব। তুলিকাই ভাৱিলে, মই নো এনে কি কলো! এবাৰ পাকঘৰত কাম কৰি থকা সময়ত তুলিকাই আৰু আগলৈ পঢ়া কথা আৰু চাকৰি কৰাৰ কথা শাহুমাকক কলে। তেতিয়া শাহুমাকে কলে যে, তুমি আগলৈ পঢ়ি আৰু কি কৰিবা, আৰু পঢ়িলেও তুমি এয়াকে কৰিব লাগিব পাকঘৰৰ কাম। আৰু আমাৰ বংশত বোৱাৰীয়ে এয়াই কৰে, বেছি পঢ়া শুনা কৰা বোৱাৰীয়ে কথা নুশুনা হয়। এই সকলোবোৰ কথা শুনি তাই যেন আৰু আগলৈ পঢ়া কথা পাকঘৰৰ জুইতে পুৰি পেলালে।
সময় বাগৰি গৈ থাকিল। আৰু সোনকালে সেই সময়ো আহি পালে যে, যেতিয়া তুলিকাই গম পালে তাই মাক হবলৈ ওলাইছে। ঘৰখন আনন্দৰে ভৰি পৰিল। আৰু লগতে নতুন জীৱনৰ আৰম্ভণি হল। তুলিকাৰ শাহুমাক এগৰাকী অন্ধবিশ্বাস কৰা পুৰণি মহিলা আছিল। তেওঁ যেন তুলিকা'ক বাহিৰলৈ অহা যোৱা একেবাৰে বন্ধ কৰি দিলে।আনকি তুলিকাৰ নিজৰ মাকৰ ঘৰলৈ যোৱাটো বাধা আহি পৰিল। ( Storyboard )
সুধিলত, শাহুমাকে কৈছিল,ঘৰখনলৈ বহু সময়ৰ পাছত কেচুঁৱা আহিব, সেইবাবে তেওঁ কোনো অমংগলীয় ঘটনা হোৱাটো নিবিচাৰে। আৰু শাহুমাকৰ দৃষ্টিত তুলিকা বুজিব পৰা হোৱা নাছিল, দায়িত্বশীল নাছিল। তুলিকাৰ শহুৱেকৰ ঘৰখনত সকলোৱে বিচাৰিছিল, তুলিকাৰ লৰা এটা হওক। তুলিকাৰ শাহুৱেকে পূজা পাঠ, যজ্ঞ, আনকি জ্যোতিষিক সুধা মেলা সকলোবোৰ কৰিলে। তুলিকাই এইবোৰ ভাল নাপাইছিল, কিন্তু তাইৰ কথা শুনিবলৈ তাত কোনো নাছিল। সময়ত তুলিকাই এজনী মৰম লগা কন্যা সন্তান জন্ম দিলে। কন্যা সন্তান জন্ম দিয়াত সকলোৱে কলে, যদি এটা পুত্র সন্তান জন্ম দিয়া হলে, ঠিক হল হয়। তুলিকা সুখী হৈছিল কাৰণ তাই এজনী কণমানি তুলিকাক জন্ম দিছিল। আৰু দুখো লাগিছিল, তাইৰ শাহুৱেক বেছি সুখী নহৈছিল। যেনেধৰণে তেওঁ কৈছিল, লৰা হলে এনে কৰিম, তেনে কৰিম। কিন্তু তেওঁ হাঁহি এটিও নামাৰিলে।
তুলিকাই নিজৰ কণমানি জনীক সকলো ধৰণৰ জ্ঞান দিব বিচাৰিছিল। তাই বহু ভালধৰণে কণমানিজনীৰ লালন পালন কৰিছিল।এদিনাখন তুলিকাৰ শাহুৱেকে কণমানি জনীক মিঠা খুৱাই দিলে, খোৱালেও সেই সময়ত যেতিয়া কণমানিজনীৰ গা বেয়া হৈ আছিল। আৰু ডক্টৰে মিঠা নুখুৱাবলৈ কৈছিল। তুলিকাই বহুবাৰ কোৱাটো যে, ডক্টৰে মিঠা মনা কৰি থৈছে, আপুনি মিঠা নুখুৱাব। তেতিয়া তুলিকাৰ শাহুমাকৰ খং উঠিল আৰু কলে, মিঠা হে খুৱালো, তোৰ ছোৱালীক বিষ দিয়া নাই নহয়!আজিৰ পৰা মই এইক একো নুখোৱাও। তই নিজে খুৱাবি। এনেকুৱাকৈ কয় যেন আমি কেতিয়াও লৰা ছোৱালী ডাঙৰে কৰি পোৱা নাই! তুলিকা ভাগৰি পৰিছিল। শেষত তাই শাহুৱেকৰ পৰা বেলেগ হোৱাৰ সিদ্ধান্ত কৰিলে। এই সিদ্ধান্ত শুদ্ধ নাছিল, এই কথা তুলিকাও বুজিছিল। কিন্তু এতিয়া আৰু তাই শাহুৱেকৰ অন্ধবিশ্বাসৰ কথা সহি থাকিবলৈ আৰু নোঁৱাৰে। এতিয়া তাইৰ সন্মুখত তাইৰ কণমানিজনীৰ ভৱিষ্যতৰ কথা আছিল। শেষত ঘৰৰ ভাগ হল। তুলিকাই বুজিছিল, শেষত অন্ত ভাল নহল কিন্তু সহি থকাৰো এটা সীমা থাকে। আৰু এতিয়া সকলোবোৰ দুখ তুলিকাৰ ওপৰত দিয়া ভাল নহব।
ভাৱিবলগীয়া আমাৰ সমাজত প্ৰতি দিনে কিমান ঘৰ ধ্বংস হয়। এয়া অকল বোৱাৰীজনীৰ বাবে নহয়। শাহু শহুৰ বা অন্য লোকৰো ভুল থাকে। কোনো এজনী ছোৱালী এই ভাৱি শহুৰেকৰ ঘৰখনলৈ নাহে, যে, তাই সেই ঘৰখনক ধ্বংস কৰি দিব বা লৰাটোক মাক দেউতাকৰ পৰা আতঁৰাই আনিব। তাইও সকলোৰে পৰা মৰম বিচাৰে। সুখ শান্তিৰে নিজৰ মতে নিজৰ জীৱনটো অতিবাহিত কৰিবলৈ বিচাৰে। আৰু কাৰো ঘৰ যেন ভাগ নহয়। আৰু যেন আন এজনী তুলিকাই এনে কৰিবলগীয়া নহয়। যদি সম্বন্ধত ফাট মেলা যেন দেখে, তেন্তে ইজনে আনজনে ভাৱনাক বুজি উঠক, আনজনে ইজনক বুজিবলৈ চেষ্টা কৰক,আৰু পুৰণি যোগৰ বিচাৰ ধাৰৰ লোক সকলে আজি যুগৰ বিচাৰ ধাৰাৰ সকলক খং নকৰি তেওঁলোকৰ সৈতে বন্ধুত্ব গঢ়িবলৈ যত্ন কৰক।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment