সময়বোৰ আগবাঢ়িল । সময়ৰ লগে লগে আগবাঢ়িল নীল আৰু সুনন্দাৰ প্ৰেম । দিনবোৰ ভালভাৱেই পাৰ হৈ গৈ থাকিল ।( Storyboard )ফাইনেল পৰীক্ষালৈ কেইটামান দিনহে বাকী আছে । সিহঁতে পঢ়া-শুনাত মন দিলে । ফুৰা-চকাবোৰ কমি আহিল সিহঁতৰ ।
চাওঁতে চাওঁতে এদিন ফাইনেল পৰীক্ষাও শেষ হ'ল সিহঁতৰ । ইউনিভাৰ্চিটিৰ শেষৰ দিনবোৰ বৰ বেদনাদায়ক আছিল নীল আৰু সুনন্দাৰ বাবে । ইউনিভাৰ্চিটিৰ মধুৰ সময়বোৰ , জোনাকে গৰকা সন্ধিয়াৰ নিৰ্জ্জনতাত কৃষ্ণচূড়াকেইজোপাৰ পৰা ফুটপাথৰ ওপৰত সৰি পৰি থকা ৰঙা পাহিবোৰৰ ওপৰেৰে হাতত ধৰি খোজ কাঢ়ি গৈ থাকোঁতে বিভোৰ হৈ পৰা সময়বোৰ হেৰুৱাবলৈ সিহঁতৰ অলপো মন নাছিল ... ।
হোষ্টেল এৰাৰ আগদিনাও সিহঁত ওলাই গৈছিল ব্যস্ত মহানগৰীৰ সন্ধিয়াটোৰ সৈতে ওমলিবলৈ শেষ বাৰৰ বাবে .. ।খবৰ দিবা !"
" কিয় নিদিম ? তোমাক পাহৰি জানো থাকিব পাৰিম ? "
" জানোঁ নোৱাৰা ! ময়ো নোৱাৰোঁ নীল !"
" ওঁ!"-- সন্ধিয়াৰ নিৰ্জ্জন প্ৰহৰত সুনন্দাক বুকুৰ মাজত সুমুৱাই লৈ অত্যন্ত আৱেগিক হৈ পৰিল নীল ... ।
সুনন্দা উচুপি উঠিল। নীলৰো দুচকু সেমেকি উঠিল ।
" দেউতাৰ গা ভাল নহয় । ঘৰলৈ সোনকালে মাতি পঠাইছে । "-- নীলে তাইৰ পিনে চাই ক'লে ।
" ওঁ!"--তাই মূৰ দুপিয়ালে ।
" ঘৰৰ ডাঙৰ ল'ৰা হিচাপে মোৰ দায়িত্ব আছে । দেউতা ৰিটায়াৰ হোৱাৰ পিছত ঘৰখন চলিবলৈ চিন্তা কৰিবলগীয়া হৈছে । ৰিজাল্টটো ওলোৱাৰ আগতে কিবা এটা চাকৰিকে পোৱা হ'লে , দেউতাৰো চিন্তাবোৰ কমিলহেঁতেন !"
" বুজিছোঁ । চেষ্টা কৰাচোন তুমি । নিশ্চয় পাবা ! "
" ওঁ । এম,এটো পাছ কৰি ল'লে , কলেজ এখনতে সোমাই থাকিব পৰা যাব । ৰিজাল্ট ভাল হ'লেই হ'ল আৰু!"
" তাকেই !"
" চাকৰিটো হ'লে মই তোমাৰ কথাটো ঘৰত জনাম বুলি ভাবিছোঁ সুনন্দা !"
" কি জনাবা ?"
" আমাৰ বিয়াৰ কথা আকৌ!"
" অহ!" --সামান্য হাঁহি তাই তাৰ পিনে চালে ।
" তুমি মোলৈ ৰ'বানে সুনন্দা?" --সি তাইৰ চকুৰ পিনে চাই সুধিলে ।
" তোমাৰ বাবে মই মোৰ মৃত্যুৰ শেষ মুহূর্তলৈকে ৰ'ব পাৰিম নীল !"--তাইৰ চকুদুটা সেমেকি উঠিল ।
" ইমান ভালপোৱা মোক ?"
" আৰু প্ৰমাণ লাগে নেকি ?"
" প্ৰমাণ দিছাই মোক ! ময়ো তোমাৰ অবিহনে কাৰো কথা ভাবিব নোৱাৰোঁ সুনন্দা !"
দুয়ো কিছু সময় মৌন হৈ ৰ'ল । সন্ধিয়াৰ নিৰ্জ্জনতাখিনি আনদিনাৰ দৰেই মধুৰ আছিল যদিও, কিবা এটা নামিবিহীন বিষাদে যেন আঁৱৰি ৰাখিছিল সেই সন্ধিয়াটোক সেইদিনা । বিদায়ক্ষণ সঁচাকৈয়ে বৰ দুখৰ !
ঘৰলৈ আহি নীল বহুখিনি ব্যস্ত হৈ পৰিল । দেউতাকক চিকিৎসাৰ বাবেও দুবাৰমান বাহিৰলৈ নিব লগা হ'ল । চাকৰি এটাৰ বাবেও অ'ত ত'ত ঢপলিয়াই ফুৰিল সি ।( Storyboard )
অৱশেষত সি এম ,এটো পাছ কৰিলে । টাউনতে এটা চৰকাৰী চাকৰিও হ'ল তাৰ । কেইবাটাও ঘটনাই তাক জুৰুলা কৰিলে ইতিমধ্যে । দেউতাকৰ মৃত্যু তাৰ বাবে বৰ অসহনীয় আছিল । অৱশেষত মাকে ঠিক কৰি থৈ দিয়া ছোৱালীজনীকে সি বিয়া কৰাবলৈ বাধ্য হ'ল । মাকক সন্তুষ্ট কৰিবলৈ গৈ সি সুনন্দাক পাহৰি যাবলৈ চেষ্টা কৰিলে ...।
কিমান দিন যে পাৰ হৈ গ'ল তাৰ চকুৰ আগত , সি হিচাপ কৰিবলৈকে এৰিলে । সময়, দিন, মাহ, বছৰবোৰ আগবাঢ়ি গৈ থাকিল । পত্নী কাবেৰী, তাৰ বৰ্তমান এতিয়া । সি অন্ততঃ ইয়াকেই ভাবে এতিয়া । কলেজত পঢ়ি থাকোঁতে ৰক্তিমহঁতে কোৱা কথাবোৰ ভাবি সি আকৌ এবাৰ উভতি যায়গৈ সেই দিনবোৰলৈ । কিন্তু পিছ মুহূৰ্ততে সি উভতি আহে বৰ্তমানটোলৈ । ভালপোৱা, প্ৰেম থাকিও সিহঁতে মাক-দেউতাকৰ কথামতেই বিয়া কৰাই এতিয়া সুখীচোন ! তাৰো জানো কিবা ব্যতিক্ৰম হ'ল ! সিহঁতৰ দৰেই হ'ল তাৰ জীৱনটো! সঁচাই ! প্ৰেম ,ভালপোৱাবোৰ স্থায়ী নহয়গৈ চাগৈ ! সিচোন নিজেই দেখিছে এতিয়া চকুৰ আগত ! সি নিজেওতো এটা ভুক্তভোগী এতিয়া ! অতীতৰ কথাবোৰ ভাবিবলৈ এৰিছে এতিয়া সি । যথেষ্ট চেষ্টা কৰিছে পাহৰিবলৈ । কিন্তু তাকো সেই অতীতে থকা-সৰকা কৰি যায় কেতিয়াবা । কিন্তু তাৰ ওচৰত কোনো বিকল্পই নাইচোন এতিয়া ! সকলো লীন হৈ গ'ল সময়ৰ বুকুত ! মাথোঁ বৰ্তমানটোকে লৈ সি জীয়াই থাকিব লাগিব এতিয়া !
কিন্তু এতিয়া তাৰ এই বৰ্তমানো নাই ! সময়ে যেনেকৈ তাক এদিন দিছিল , তেনেকৈয়ে কাঢ়ি লৈ গ'ল তাৰ পৰা ! পত্নী কাবেৰী আৰু কন্যা সন্তানটিৰ মৃত্যু তাৰ বাবে এক ভয়ঙ্কৰ দুঃস্বপ্ন আছিল ! কাবেৰীয়ে এটা মৃত সন্তান জন্ম দিছিল । সন্তানটি জন্ম দিবলৈ গৈ কাবেৰীয়ে মৃত্যুক আঁকোৱালি ল'লে । সকলো প্ৰকাৰে চেষ্টা কৰিও কাবেৰীক বচাব পৰা নগ'ল । ভগৱানৰ ওপৰত আস্থা হেৰাই গ'ল তাৰ সিদিনাৰ পৰা ।/p>
চকুৰ আগত এটি এটিকৈ নিঃশেষ হৈ গৈছে জীৱন ! কি অসহনীয় ! সি ভাগৰি পৰিছে এতিয়া ...।
কিমান দিন পাৰ হৈ গ'ল সুনন্দাক নেদেখা ! কেইবাটাও বছৰ পাৰ হৈ গ'ল । আজি একেখন ট্ৰেইনত সি আৰু সুনন্দা ! তাৰ বিশ্বাস কৰিবলৈ টান হৈ পৰিছে ! কিন্তু এয়াই সঁচা ! সুনন্দাৰ সুখৰ সংসাৰ হ'ল । এজনী ধুনীয়া ছোৱালীৰ মাক তাই এতিয়া । সি সুনন্দাৰ কোলাত শুই থকা অকণমানিজনীলৈ চালে । কিবা এটা বুজাব নোৱাৰা আৱেগে তাৰ বুকুখন খুন্দিয়াই লৈ গ'ল .. !
ইমান পৰে খিৰিকীৰ বাহিৰলৈ চাই চাই চকু জাপ খাই আহিছিল সুনন্দাৰ । ট্ৰেইনখনৰ মানুহবোৰলৈ তাই ভালকৈ মন কৰা নাছিল । কিবা এটা চিন্তাই তাইক যেন ভিৰৰ মাজতো নিঃসংগ কৰি পেলাইছে ! -- সুনন্দাক দেখি এনে লাগিল নীলৰ ।
আজি সিও হেৰাই গৈছে এই ভিৰৰ মাজত, এমুঠি নিঃসংগতা বুকুৰ মাজত লৈ ! তাৰ অতীত ,তাৰ বৰ্তমান --- এতিয়াচোন একোৱেই নাই তাৰ ওচৰত ... !!!
(আগলৈ ))
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা অঞ্জনা দত্ত ডাঙৰীয়াণীৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment