কিছু দিনৰ পূৰ্ৱে, পূৱালী নতুন ঠাইখনলৈ বদলৈ হৈ আহিছে। তাই স্বামীৰ ট্ৰানচফাৰ হৈছিল। এখন ঠাইৰপৰা নতুন এখন ঠাইলৈ আহোতে পূৱালী বৰ ভাগৰুৱা হৈ পৰিছিল( Storyboard )। সেইবাবে মুখ খনো শুকাই গৈছিল। তাই ভাৱিলে ফেচিয়েল আৰু মচাজৰ বাবে পাৰ্লাৰৰ এপইণ্টমেন্ট এটা কে লওঁ। পূৱালীয়ে অনলাইন এখন পাৰ্লাৰৰ এপইণ্টমেন্ট ললে।
পাচদিনা পোৱা ১১বজাত পূৱালী পাৰ্লাৰ পালেগৈ। তাই মুখত ফেচপেক লগাই বহি থাকোতে, এটা মাত শুনা পালে। চুমি, মই কিবা কামত বাহিৰলৈ গৈছো। তুমি পাৰ্লাৰ বন্ধ কৰি, চাবিটো ওপৰতে দি যাবা। এই মাতটো শুনি, পূৱালী আচৰিত হৈ ৰল। এই মাতষাৰ যেন, চিনাকি চিনাকি লাগিছে। তেতিয়া পূৱালীৰ মন গল যে, তাই চকুত দি ৰখা আলু আঁতৰাই তাইক চাব। কিন্তু তেতিয়ালৈ সেই মাত দিয়া গৰাকী বহু দূৰলৈ গুচি গৈছিল।চেণ্ডেলৰ শব্দত পূৱালীয়ে গম পাইছিল। সেই মাতষাৰ এতিয়াও পূৱালীৰ কাণত বাজি আছিল। সেইবাবে তাই নিজকে ৰখাব নোৱাৰিলে। পূৱালীয়ে, চুমিক সুধিলে, এয়া কোন আছিল! চুমিয়ে কলে, মেডাম, এয়া স্নেহা মেডাম হয়। পাৰ্লাৰৰ মালিকনী। ওপৰতে নিজৰ স্বামী লগত থাকে। টকা পইচাৰ কোনো নাটনি নাই তেওঁৰ। কেৱল অকলশৰীয়া দূৰ কৰিবলৈ এই পাৰ্লাৰৰ খন চলাই। মনৰ পৰা বহুতে ভাল। যিমান পূৱালীয়ে সুধিব বিচাৰিছিল, তাতোতকৈ বেছি কলে চুমিয়ে। নামটো শুনা পায়ে পূৱালীৰ মনটো যেন কপিঁ উঠিল। মুখত ফেচপেক লগোৱা আছিল, নহলে এতিয়া লৈকে মুখ খনে বহু ৰং সলালে হয়।
আশ্চর্য্যজনক কথা এয়া যে, এই পাৰ্লাৰখন তাই সকলোতকৈ প্ৰিয় বান্ধৱী স্নেহাৰ হয়।তাই বিশ্বাস কৰিব পৰা নাছিল। মেডিকেল পঢ়িবলৈ বিচৰা স্নেহাই এখন সাধাৰণ পাৰ্লাৰ চলাই? কিন্তু তাই মোক চিনি কিয় নাপালে! নে চিনি পায়ো ইয়াৰ পৰা আঁতৰি গল? আৰু যে কিমান প্ৰশ্নৰ উত্তৰ পূৱালীয়ে আজি ২০বছৰৰপৰা বিচাৰিয়েই ফুৰিছে! পূৱালী অতীতত বিলিন হল।
সেয়া স্কুল কলেজৰ দিন। যেতিয়া পূৱালী, স্নেহা আৰু পূৱালীৰ ককায়েক পূৰৱ একেখন স্কুলতে একেলগে পঢ়িছিল। পূৱালী আৰু স্নেহাহঁত ওচৰ চুবুৰীয়া আছিল। পূৱালী আৰু পূৰৱ জজা আছিল। দুয়ো পৰিয়ালৰ মাজত সমানতা থকাৰ বাবে, পূৰৱ, পূৱালী আৰু স্নেহাৰ মাজত ভাল বন্ধুত্ব আছিল। পূৱালীৰ দেউতাক অফিচৰ ক্লাৰ্ক আছিল। আৰু মাকে স্কুলত কৰিছিল। পূৱালী আৰু পূৰৱ সৰু হৈ থাকোতে পূৱালীৰ দেউতাক ঢুকাইছিল। স্নেহা আৰু পূৰৱৰ লৰালিৰ বন্ধুত্ব লাহে লাহে প্ৰেমৰ ৰূপ লৈছিল। দুয়োৰে মনত প্ৰেমে ঠাই ললে। পূৱালীৰ আজিও মনত আছে, এদিন ৰবিবাৰৰ আবেলি, যেতিয়া দুয়ো পৰিয়ালৰ সকলো সদস্য লগ হৈ চিনেমা চাবলৈ গৈছিল, তেতিয়া পূৰৱে, পূৱালীক স্নেহাৰ কাষৰ চিটত তাক বহিব দিবলৈ অনুৰোধ কৰিলে। তেতিয়া পূৱালীয়ে নিজৰ চিটতো পূৰৱক দিলে। কাৰণ পূৰৱে নিজৰ হাতত স্নেহাৰ হাত লৈ এই ৰোমান্টিক বাতাবৰনত স্নেহাক নিজৰ প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। চিনেমা শেষ হোৱাত স্নেহাৰ চকুত এক নতুন উজ্জ্বল আৰু মুখত হাঁহি দেখা পায়ে, পূৱালীয়ে বুজিছিল তাইৰ সকলোতকে মৰমৰ বান্ধৱী এতিয়া তাই ঘৰলৈ সদায় বাবে নবৌয়েক হৈ আহিব।
দেউতাকৰ মৃত্যুৰ পাছত, পূৱালীয়ে পূৰৱক এজন দেউতাকৰ দৰে গম্ভীৰ পূৰ্ৱক ঘৰখনৰ দায়িত্ব পালন কৰা দেখা পাইছিল। আজি তাৰ মনত জীৱনৰ প্ৰতি উৎসাহ আৰু আত্মবিশ্বাস দেখা পায়, পূৱালীৰ মন স্নেহাৰ প্ৰতি ভিতৰতে সেৱা কৰি উঠিছিল। স্নেহাৰ মৰমৰ শক্তিৰ বাবেই, প্রথম বাৰতেই পূৰৱে বেংকৰ পৰীক্ষাত উৰ্ত্তীণ হৈছিল। সেই দিনা স্নেহা বহু সুখী হৈছিল। সকলো ঠিকেই আছিল। কিন্তু সেই সময়তে পূৱালীৰ গাওঁত থকা পেহীয়েকৰ গা বহুত বেয়া হল। তেতিয়া মাকে কলে, তোমালোক পূৰৱ আৰু পূৱালী পেহীৰ ওচৰলৈ গাওঁলৈ যোৱা। মই চুটি পোৱা নাই।।
এসপ্তাহৰ পাছত যেতিয়া পূৰৱ আৰু পূৱালী গাওঁৰ পৰা ঘুৰি আহিল, তেতিয়া গম পালে যে স্নেহাই গুৱাহাটীৰ কোনোবা ধনী ব্যৱসায়ি লগত বিয়াত বহিল। স্নেহাৰ মাক দেউতাকেও, পূৱালীহঁতক একো কোৱা নাছিল। তেতিয়া যেন পূৰৱৰ সকলো সপোন ভাঙি চুৰমাৰ হল। যাক সি পাগলৰ দৰে ভালপাইছিল, সেই ভালপোৱাই আজি পূৰৱক দুখৰ সাগৰৰ মেলি থৈ গল। সেই সময়ত বহু কষ্টৰে পূৱালীয়ে নিজকে আৰু পূৰৱক চাইছিল, সেয়া কেৱল পূৱালীয়ে হে বুজি পাইছিল।
৮০০টকা হল মেডাম, চুমিৰ মাতত পূৱালী অতিতৰ পৰা উভতি আহিল। ১ঘন্টাৰ ফেচিয়েল কেতিয়া সম্পূর্ণ হল, পূৱালীয়ে গমকে নাপালে। পূৱালীয়ে পাৰ্চৰপৰা পইচা ওলিয়াই চুমিক দিলে, আৰু বাহিৰলৈ ওলাই আহিল। পূৱালীয়ে দেখা পালে কিনাৰতে ওপৰলৈ যোৱাৰ চিৰি আছিল। পূৱালীৰ খোজ নিজে নিজে ওপৰলৈ আগবাঢ়ি গল। চিৰি শেষ হোৱা পাছতে বাওঁফালে এখন দুৱাৰ আছিল। পূৱালীয়ে দুৱাৰৰ বেল বজালে। সেই সময়ত তাই বাবে প্ৰতি পল অসহনীয় হৈ পৰিছিল। পূৱালীয়ে নিজৰ সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ উত্তাৱল হৈ আছিল। ২০বছৰ পাৰ হৈ গৈছিল। কিন্তু এতিয়া এই ২০চেকেণ্ড নাযায় নোপাৱাই যেন লাগিছিল। এনে কি হৈছিল যে, স্নেহাই পূৰৱক প্ৰতাৰনা কৰিছিল। তেতিয়া লৈ পূৱালীয়ে ৫বাৰ দুৱাৰৰ বেল বজাইছিল। পুনৰ বেল বজাবলৈ লওঁতেই দুৱাৰ খুল খালে। তাইৰ সন্মুখত এজন খোজ কাঢ়িব নোৱাৰা ব্যক্তি অৰ্থাৎ এজন সুন্দৰ ব্যক্তি আছিল। কিন্তু তেওঁ হুইল চেয়াৰত আছিল। সেই ব্যক্তিজনৰ মুখ মণ্ডলত আত্মবিশ্বাসৰ পোহৰ জিলিকি উঠিছিল।
পূৱালীক দেখা পায় তেওঁ এপলক আচৰিত হৈ ৰল। কিন্তু হাঁহি মাৰি তেওঁ পূৱালীক ভিতৰলৈ মাতিলে। পূৱালীৰ এনে লাগিল যেন, কোনোবা পুৰণি বন্ধুৱে তাইক চিনি পালে। কিন্তু তাইৰ চকুৱে বেলেগ কিবা হে বিচাৰি ফুৰিছিল। স্নেহা টো এতিয়া ঘৰত নাই। আপুনি পূৱালী হয় ন! সেই ব্যক্তিজনৰ মুখৰ পৰা নিজৰ নামটো শুনা পায় পূৱালী যেন আকাশৰ পৰাহে সৰি পৰিল, তাইৰ মাতটো ডিঙিতে লাগি ধৰিল। মোৰ নাম পুনিত হয়, মা আৰু পূৰৱ কেনে আছে! আৰু আপুনি এই ঠাইলৈ কেনেকৈ আহিবলগীয়া হল? পূৱালীয়ে তেওঁৰ কথা শুনি আচৰিত ভাৱে ভাৱিবলৈ ধৰিলে, প্ৰশ্নটো মই সুধিবলৈ আহিছিলো কিন্তু মই ভৱা নাছিলো এনে প্ৰশ্ন মোক সুধিব বুলি। কি, স্নেহাই নিজৰ স্বামীক সকলো কথায় কলে! পূৱালীয়ে কলে, আপুনি মোৰ বিষয়ে ইমানবোৰ কেনেদৰে যানে! আৰু তাই একো নোকোৱাকৈ চকিতে বহি পৰিল।( Storyboard )
তেতিয়া সন্মুখত থকা ছৱিখন পূৱালীয়ে দেখা পালে। যি খন ফটো পূৱালীহঁতে ফেয়াৰৱেলৰ দিনা মাৰিছিল। যত, পূৱালী, পূৰৱ আৰু স্নেহা আছিল। সেই সময়তেই পূৱালীয়ে বুজিলে যে, তাই সেই ঘৰখনৰ বাবে অচিনাকি নহয়৷ কিন্তু এই কথা বুজা নাছিল প্ৰেম বন্ধুত্ব হয় আৰু পূৰৱক নিজতকৈও ভালপোৱা স্নেহাই নিজৰ ভালপোৱা আৰু বন্ধুত্ব লগত বিশ্বাসঘাতকতা কিয় কৰিলে! প্ৰতিজ্ঞাবোৰক কিয় ভাঙিলে! পুনিতে কলে, এতিয়া ১ঘন্টাৰ আগতে স্নেহাই আহি মোক কলে, তুমি তাইৰ পাৰ্লাৰৰ লৈ আহিছা। তাই গম পাইছিল তুমি ইয়ালৈ আহিবা সেইবাবে তাই ইয়াৰ পৰা জানি বুজিয়েই ওলাই গল। পূৱালীয়ে কলে, আপুনি ঠিক কৈছে। তাইনো কোনখন মুখ লৈ মোৰ সন্মুখলৈ আহিব
পূৱালীৰ মনত জ্বলি থকা জুইকুৰা শব্দতে ওলাই আহিল। পুনিতে কলে, স্নেহাই আপোনাৰ বিষয়ে যি কৈছিল, ঠিক আপুনি তেনেকুৱাই। ইমান বছৰত আপুনি সলনি হলে না আপোনাৰ বান্ধৱী। পূৱালীয়ে পুনিতৰ ফালে চাই ৰল আৰু ভাৱিলে, এইজনৰ ওপৰত এনে কি আছে, যাৰ বাবে স্নেহাই পূৰৱৰ ভালপোৱাক এৰি থৈ আহিল! স্নেহা, এতিয়াও নিজৰ সেই ২০বছৰীয়া পুৰণি বাটতে ঘূৰি ফুৰিছে। যত পূৰৱৰ কথাবোৰ আছে। প্ৰতি দিন প্ৰতি পল তাই সেয়াকে লৈ জীৱিত থাকে। সমাজৰ বাবে তাই মোৰ স্নেহা কিন্তু সচাঁ অৰ্থত তাই আজিও পূৰৱৰে স্নেহা হয়।
পুনিতে কলে, এক দুৰ্ঘটনাত মোৰ এনে অৱস্থা হল। তেতিয়া মোক চোৱা চিতা কৰিবৰ বাবে দিয়া এটা বিজ্ঞাপনৰ বাতৰি পঢ়ি আপোনাৰ বান্ধৱী স্নেহা মোৰ ওচৰলৈ আহিল। মোৰ লগত বিয়া কৰাবলৈ মোক মিনতি কৰিবলৈ ধৰিলে। হাঁহি মাৰি কলে, এতিয়া এজন অন্ধই কি বিচাৰে, দুটি চকু, মই বিয়া কৰাবলৈ মান্তি হলো। সচাঁ কৈছো, স্নেহাৰ দৰে চোৱা চিতা কৰা এগৰাকী পায় মই ধন্য হৈ গলো। মোৰ জীৱনৰ এই সকলো সুখ, তাইয়ে দিয়া হয়।
পূৱালীয়ে কলে, আমাৰ ঘৰৰ সুখত জুই জ্বলাই তাই আপোনাৰ জীৱন উজ্জ্বলাই তুলিলে। জিলিকিবই টোন! কিয় জানো, পূৱালীয়ে পোনে পোনে স্নেহাক আৰু বেয়াকৈ কব নোৱাৰিলে। পুনিতে কলে, আপুনি স্নেহাক ভুল বুজি আছে। তাই বহুতে ভাল। পূৱালীয়ে কলে, ইমান ভাল আছিল যদি মোক আৰু পূৰৱক কিয় ঠগিলে! আৰু একো নোকোৱাকৈ কিয় অন্তৰ্ধ্যান হল কওক! পুনিতে কলে, অলপ ৰব, মই আপোনাৰ ভুল ধাৰণা দূৰ কৰি আছো। মই এইবোৰ আপোনাক কব বিচৰা নাছিলো কিন্তু, মই স্নেহাৰ বিষয়ে এনে কথা শুনিবলৈ নোৱাঁৰো। পুনিত ভিতৰলৈ গল আৰু এখন ডায়েৰী লৈ আহিল। ডায়েৰীখন দেখা পায় পূৱালীয়ে কলে, এই ডায়ৰীখনটো পূৰৱে স্নেহাক তাইৰ জন্মদিনৰ দিনা উপহাৰ দিছিল। কৈয়ে, ডায়েৰী খুলি পূৱালীয়ে পঢ়ি বলৈ ধৰিলে।
ডায়েৰীখনত বহু ভাল কথা লিখা আছিল, যত পুৱালী, স্নেহাই, পূৰৱে, একেলগে পাৰ কৰিছিল। ডায়েৰীখনত আগলৈ লিখা আছিল, আজি মই মোৰ ভালপোৱাক এৰি থৈ আহিছো। মনটো নাই, ঠগিবলৈ, কিন্তু মই বাধ্য। যেতিয়া পূৰৱ আৰু পূৱালী, পেহীয়েকৰ ঘৰলৈ গৈছিল, তেতিয়া পূৰৱৰ মাক(খুড়ীয়ে) মোক লগ কৰিবলৈ আহিছিল, তেওঁ মোক কলে, মই জানো তুমি পূৰৱক বহুত ভালপোৱা আৰু পূৱালী তোমাৰ প্ৰিয় বান্ধৱী হয়। মোৰ ভন্টিয়ে পূৰৱৰ বাবে এজনী ছোৱালী চাইছে। সেই ছোৱালী জনীৰ মাক দেউতাকে পূৰৱক বহুত ধন সম্পত্তি দিব। তুমিটো জানাই, পূৰৱৰ পঢ়া শুনাত বহু খৰছ হল। আকৌ পূৱালীৰ বিবাহ আৰু পূৰৱৰ ভাল ভৱিষ্যতৰ বাবে, মই সেই ছোৱালী জনীকে আমাৰ ঘৰৰ বোৱাৰী কৰিব লাগিব। পূৰৱেটো মোৰ কথা নুশুনিব। এতিয়া পূৰৱৰ ভৱিষ্যত আৰু তোমাৰ বান্ধৱী পূৱালীৰ জীৱনতো তোমাৰ হাতত আছে। মই গোটেই জীৱন তোমাৰ আগত চিৰ কৃতজ্ঞ হৈ থাকিম। মই বাধ্যত পৰিছো বুলি, মাকে কান্দিবলৈ ধৰিলে। মই বহু কঠিন সময়ত আছো, এফালে দুয়ো , আৰু আনফালে প্ৰেম। সেইবাবে মই দুয়োৰে ভৱিষ্যত ওপৰত ৰাখিলো। আৰু প্ৰেমক ত্যাগ কৰিলো। এয়া মোৰ জীৱনৰ কঠিন সময় আছিল। মই জানিছিলো এয়া কৰি মই পূৰৱ আৰু পূৱালী দৃষ্টিত তল পৰি ৰলো।
ডায়ৰী পঢ়িয়ে পুৱালীয়ে কান্দোনত ভাঙি পৰিল। আজি অতিতৰ ৰহস্যৰ পৰা পৰ্দা উঠিছিল। এয়া তুমি কি কৰিলা স্নেহা! আমাৰ সুখৰ বাবে নিজৰ জীৱনটো শেষ কৰি দিলা। কিয় স্নেহা! আৰু বেলেগ বাট নাছিল নে! আজি তোমাক নুশুধাকৈ মই ইয়াৰ পৰা নাযাও। ইমান বছৰে মই আৰু পূৰৱে তোমাক ভুল বুজি তোমাক ঘৃণা কৰি থাকিলো। আৰু তুমি! পুনিতে কলে, পূৰৱৰ ঘৃণা কৰায়ে স্নেহাৰ বাবে জীয়াই থকাৰ সাধনা হয়, পূৱালী। একে ঠাইতে কেতিয়াবা কিছু কাৰণত পূৰৱৰ লগত দেখা দেখি হৈ বুলিয়েই, সেই বাট এৰি দিলে স্নেহাই। স্নেহাই কেতিয়াও বিচৰা নাছিল তোমালোকে যাতে কেতিয়াও তাইৰ সচাঁটো গম পোৱা। সেইবাবে তুমি যদি সচাঁকৈ স্নেহা সুখী হোৱাটো বিচৰা, তেন্তে তুমি তাইক লগ নকৰাকৈ ইয়াৰ পৰা গুচি যোৱা। নহলে তাই শান্তিত জীয়াই থাকিব নোৱাৰিব। এই কথাক গোপনে থাকিবলৈ দিয়া, প্লিজ।
পূৱালীয়ে, পুনিতৰ কথাবোৰ ঠিক বুজি পালে। পূৱালীয়ে পুনৰ, স্নেহাৰ, পূৰৱৰ প্ৰতি প্ৰেম দেখা পায়, মূৰ তল কৰিলে। স্নেহাই, প্ৰেম আৰ বন্ধুত্বৰ, দুই শব্দক সাৰ্থক কৰিলে। কিন্তু আমিয়েই তাইক বুজি নাপালো।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment