কংক্ৰিতৰ ওখ ওখ মহলা সমূৰ দৰ্জা-খিৰিকী বোৰ সেই বদনাম গলিটো ফালেই খুল খাইছিল, যত সন্ধিয়া হলেই ৰঙীন ৰঙীন সকলোবোৰ যৌৱনেৰে ভৰা হৈ পৰিছিল। প্ৰতিখন খিৰিকীৰ পৰা এটা উদাসীন মন, ৰঙীন উঠত কিছু অশ্লীল শব্দ আৰু যৌৱন ভৰা দুচকুৱে গ্ৰাহকক নিমন্ত্রণ জনোৱাত ব্যস্ত হৈ পৰিছিল। এই দৰ্জন মুখ মণ্ডলৰ ভিতৰত, এখন মুখ তাইৰো আছিল। কিয় জানো, আজিও তাইৰ মুখ মণ্ডলত কোমলতা ভৰি আছিল। সকলো বান্ধৱীয়ে তাইক আঁকৰি, পুৱালী বুলি জোকাৰিছিল। তাই প্ৰকৃততে আছিলো তেনেকুৱাই। ( Smj stock )
আৰু তাই থৰ লাগি ৰৈছিল। যেনে, এয়া প্ৰথমবাৰলৈ হৈছিল। পলিথীনৰ পেকেটত সোমাই থকা কমদামী মাদ আৰু আধা জ্বলা চিগাৰেটৰ গোন্ধই তাইক সৰু কোঠালিটোত দিনত বৰ অশান্তি পাইছিল। কিন্তু সন্ধ্যা হোৱাৰ লগে লগে তাই অধীৰ হৈ উঠিছিল। নিজৰ কোনো প্ৰেমীৰ বুকুত নিজৰ মূৰ গুজি দুষাৰ মিঠা কথা কবলৈ আৰু শুনিবলৈ। এই অন্তৰংগ সময়কনৰ বাস্তবিকতাৰ ৰূপক তাই ভালদৰে বুজিছিল। আৰু এয়াও জানিছিল যে,পুৱা হোৱাৰ লগে লগেই সেই একেটায়ে হব যত নিকি তাইৰ সকলো আবেগ অনুভূতি মষিমূৰ হৈ পৰিব।তথাপিটো তাইৰ প্ৰেমৰ সামৰ্থ আছিল যে নতুন নতুন গ্ৰাহকক প্ৰেমিক বুজি নিজকে সমৰ্পিত কৰি দিছিল।
এদিন আবেলি যেতিয়া তাই লিপিষ্টিক কাজলৰে নিজৰে ৰূপ সজ্জা কৰাত ব্যস্ত আছিল, সেই সময়তে তাইৰ দৃষ্টি নীলা জিনচ আৰু বগা চাৰ্ট পিন্ধা লৰাটোৰ ওপৰত গৈ পৰিল। যি তাইতকৈ প্ৰায় পাঁচ বছৰ সৰু আছিল। চকুৱে চকুৱে পৰিল। লৰাটো অলপ ৰৈ গল। তাইও বেলেগ গ্ৰাহক বিচাৰিব ধৰিলে, কিন্তু সেই পল দুয়োৰে অন্তৰত সোমাই পৰিছিল। আগলৈ কিছু দিন এনেদৰে দেখা দেখি হল। তাই পুনৰ প্ৰেমত পৰিল। এদিন তাই হাত বাউল দি লৰাটোক ওপৰলৈ মাতিলে। দুৱাৰত মাত দিয়াত তাই দুৱাৰ খুলাত তাইৰ সন্মুখত সেই লৰাটোৱে আছিল। অলপ ভয় খায় আছিল। তাই লৰাটোৰ হাতত ধৰিলে আৰু নিজৰ বিচনালৈ লৈ গল। লৰাটো মনে মনে বহি ৰল। লৰাটোৰ কোমলতাৰে তাইৰ মনটো মোহিত কৰিছিল। কিবা খাবা! তাই বৰ আকুলতাৰে সুধিলে! কিন্তু মোৰ ওচৰত বেছি পইচা নাই। লৰাটোৱে লাহে কৰি কলে। কোনো কথা নাই! আজি মোৰো খাবলৈ মন গৈছে। এনে কয়ে তাই কমদামী মদ আলমাৰিৰ পৰা উলিয়াই গিলাচত বাকীলে। গোটেই নিশা কথা চলি থাকিল আৰু লগতে মদ সেৱন কৰা কাৰ্য্য। ( Smj stock )
৩বজাত লৰাটো শুই পৰিল। তাই বহু দেৰি লৈকে শুই থকা লৰাটোকে চাই ৰল। কিছু সময়ৰ পাছতে তাই লৰাটোক জোকাৰি জোকাৰি জগালে। কি হল, শুৱলৈ দিয়া এতিয়া। লৰাটোৰ মাতত অন্য এক আত্মীয়তাৰ ভাৱ আছিল। তাই থৰ লাগিল, নিজৰ উশাহকে বুকুতে খুন্দা মৰাৰ দৰে শুনিলে। বৰ আত্মীয়তাৰে লৰাটোৰ মূৰত হাত বুলাই লৈ তাই কলে, উঠক বাবু। পোহৰ হল, ইয়াৰ পৰা যাব কিদৰে! তাইৰ এতিয়া লৰাটোলৈ চিন্তা হবলৈ ধৰিছিল। এনেদৰে বহু দিন পাৰ হৈ গল। লৰাটো প্ৰায়ে তাইৰ ওচৰলৈ আহিছিল। কেতিয়াবা সৰু উপহাৰ লৈ, কেতিয়াবা মদৰ বটল লৈ, কেতিয়াবা খাৰু, ফুট লৈ। তাই যেন নিজৰ প্ৰেমীকক পাই গৈছিল। এদিন লৰাটো আহিল। সম্পূর্ণ নিচাত। তাইৰ আগত আঠুকাঢ়ি কান্দিবলৈ ধৰিলে। তাই ভয় খালে, আৰু লৰাটোক সাৱটি লৈ কন্দাৰ কাৰণ সুধিলে।
কিছু দিনৰপৰা ঘৰত মোৰ বিয়াৰ কথা চিলিছে। এতিয়া ঘৰৰ লোকে নামানিব আৰু! এই কথাক লৈ ইমান চিন্তা কৰিবলগীয়া কি আছে? এয়াটো হবই, কেতিয়াবা নহয় কেতিয়াবা। তাই লৰাটোক বহাই লৈ কলে। লৰাটোৱে তাইৰ হাতত খামুচি ধৰি কলে, মই তোমাক ভালপাওঁ আৰু তোমাকে বিয়া কৰাব বিচাৰো! তাই পুতলাৰ দৰে থৰ লাগিল। একো গালি নিদিয়াকৈ, একো নোকোৱাকৈ। তুমি জানানে মই কি হয়! এনে হব নোৱাৰে!
লৰাটোৱে মাথো তাইলৈ চাই ৰল। তাই লৰাটোৰ হাতত ধৰিলে আৰু কোঠাৰ বাহিৰলৈ ওলিয়াই কলে, গ্ৰাহক হয়, অধিকাৰ সাব্যস্ত নকৰিবা। আৰু যিয়ে কেতিয়াও তাইৰ লগত বেয়া ব্যৱহাৰ কৰা গ্ৰাহকক গালি দিয়া নাছিল, সেইদিনা তাই সেই লৰাটোক সকলোবোৰ কলে, যি তাইৰ মনলৈ আহিল। লৰাটোৱে মনে মনে সকলোবোৰ শুনি থাকিল আৰু একো নোকোৱাকৈ নিজৰ খোজ চিৰিৰ ফালে আগবঢ়াই মুখৰ ভিতৰতে ভুৰভুৰালে। কাজল ভৰা দুচকু প্ৰথমৰপৰাই সেমেকি আছিল। কিন্তু সেয়াও বদনামী ৰঙীন মাটিৰ তলত পোট খাইছিল। লৰাটোৰ ওঁঠ কপিঁছিল। তাই চিঞঁৰি কব বিচাৰিছিল, ৰৈ যোৱা, মইও তোমাক ভালপাওঁ। কিন্তু তাইৰ প্ৰেম জহৰ আছিল। আৰু তাই বিচৰা নাছিল, এই জহৰে তাইৰ প্ৰেমিককো স্পৰ্শ কৰক।/p>
পাচদিনা পুৱা লৰাটোৱে বাতৰি কাকতত এজনী ছোৱালীৰ মৃতদেহ দেখা পালে। যি নদীৰ বুকুৰ পৰা ওলিওৱা হৈছিল। আৰু সেই মৃতদেহেৰ আঁচলত এখন চিঠি বান্ধি থোৱা পাইছিল। যত লিখা আছিল, "মোৰ প্ৰিয়, কেতিয়াবা তুমি নিশ্চয় বুজিবা যে, মই এনে কিয় কৰিলো। তোমাৰ মৰম মোৰ জীৱনৰ অতিকৈ সুন্দৰ অনুভৱ। আৰু আজি মই তোমাক মোৰ এই জীৱন অৰ্পন কৰিলো। পাৰিলে, নিজৰ কলংকিনী ৰাধাক ক্ষমা কৰি দিবা মোৰ শ্যাম।"
পাঁচ বছৰৰ পাছত লৰাটোৰ চুতালত এজনী সৰু ছোৱালীয়ে ঘৰ ঘৰ উমলি আছিল। সেই সময়তে ছোৱালীজনী তাৰফালে আহিলে আৰু কলে, মোক বিয়া কৰাবানে পাপা! লৰাটোৱে ছোৱালীজনীক কোলাত ললে আৰু বৰ আকুলতাৰে কলে, মোৰ ৰাধা ৰাণী, মই সদায়ে তোমাৰেই হয়।
ভালপোৱা সদায়ে জীৱিত থাকে,কেতিয়াবা প্ৰমিকাৰ ৰূপত নতুবা কেতিয়াবা নিজৰ কইনাৰ ৰূপত।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Smj stock )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment