অনুপমাৰ বিবাহ ১৮বছৰ বয়সতে হৈছিল। তাইৰ স্বামী প্ৰদীপ, চৰকাৰী চাকৰিয়াল আছিল। সেইকাৰণে ঘৰত টকা পইচাৰ অভাৱ নাছিল। অনুপমাৰ জীৱন সুন্দৰ ভাৱে অতিবাহিত হৈছিল। এবছৰৰ পাছত অনুপমাই এটি পুত্র সন্তান জন্ম দিলে, যাৰ নাম ময়ূৰ ৰাখিলে। ময়ূৰৰ জন্ম হোৱাৰ দুবছৰৰ পাছত অনুপমাই এজনী ছোৱালী সন্তান জন্ম দিলে, তাইৰ নাম ময়ূৰী থলে।( Smj stock )
জীৱনটো হাঁহি আনন্দৰে পাৰ হল। ময়ূৰ আৰু ময়ূৰী দুটাই ডাঙৰ হল। ময়ূৰে পঢ়ি শুনি ভাল চাকৰি পালে। ময়ূৰীও কলেজত পঢ়ি আছিল। কিন্তু সেই সময়তে প্ৰদীপে অনুপমাহঁতক এৰি থৈ, কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গৈছিল। অনুপমাই ময়ূৰৰ বিবাহ এখন ভাল ঘৰৰ পঢ়া শুনা থকা ৰাধিকাৰ লগত কৰি দিলে। ৰাধিকা, বহুত ভাল ছোৱালী আছিল। তাই অনুপমাক নিজৰ মাকৰ দৰে মৰম কৰিছিল। ময়ূৰীৰে পঢ়া শেষ হল। মাকে তাইৰ বাবেও ভাল ঘৰৰ সম্বন্ধ বিচাৰিলে। অনিৰুদ্ধ বৰ ভাল লৰা আছিল। চৰকাৰী চাকৰি কৰিছিল। কেৱল অনিৰুদ্ধৰ মাক দেউতাক নাছিল। এজনী বায়েক আছিল, বায়েকৰ বিয়া হৈছিল। আৰু খুড়া খুড়ীয়েক আছিল। তেওঁলোক গাওঁত থাকিছিল। অনুপমাই ময়ূৰী বিবাহ অনিৰুদ্ধৰ লগত কৰালে।
অনুপমা বৰ সুখী আছিল। কিছু দিনৰ পাছত ময়ূৰৰ ঘৰত ৰাধিকাই যমজ লৰা দুটা জন্ম দিলে। আৰু ময়ূৰীৰ ঘৰত এজনী ছোৱালী জন্ম হল। যাৰ নাম পূজা ৰাখিলে। অনুপমাৰ সপোন পূৰ্ণ হৈছিল। তাই এতিয়া মাথো ভগৱানৰ ভক্তি কৰিছিল আৰু ভগৱানক ধন্যবাদ দিছিল, তাইক ইমান সুন্দৰ জীৱন দিয়াৰ বাবে। কিন্তু কোৱা হয়, সময় সকলো সময়তে একে নাথাকে। কেতিয়াবা দুখ কেতিয়াবা সুখ। ময়ূৰী পুনৰ গৰ্ভৱতী হল। তাই এটা পুত্র সন্তান জন্ম দিলে কিন্তু ময়ূৰীৰ জীৱন ডক্টৰে ৰক্ষা কৰিবলৈ নোৱাৰিলে। অনুপমাৰ ওপৰত যেন পাহাৰ ভাঙি পৰিল। তেতিয়া পূজাৰ মাথো ৭বছৰ হৈছিল। আৰু তাতে মাক নোহোৱা গাখীৰ খোৱা কণমানি জিচু। অনুপমাৰ বহু চিন্তাই আমনি কৰিবলৈ ধৰিলে, অনিৰুদ্ধই এই সকলোবোৰ কিদৰে চোৱা চিতা কৰিব। এই বাবে অনুপমাই ভাৱিলে, তাই কিছু দিন অনিৰুদ্ধৰ লগত থাকি সকলো চোৱা চিতা কৰে। কাৰণ অনিৰুদ্ধৰ আৰু কোনো নাই লৰা ছোৱালী দুটাক চাবলেও। অনুপমা ২,৩মাহ নিজৰ জোঁৱাইৱেকৰ ঘৰত থাকিছিল, কিন্তু তেনেকৈ আৰু কেতিয়ালৈ থাকিব! সেইবাবে অনুপমাই অনিৰুদ্ধক কলে, অনি তুমি দ্বিতীয় বিবাহ কৰোৱা, লৰা ছোৱালী দুটাও মাকক পাব। কিন্তু অনিয়ে এবাৰতে মনা কৰি দিলে। আৰু কলে, মা আন এজনী মহিলাই মোৰ লৰা ছোৱালী দুটাক মাকৰ মৰম দিব নোৱাৰে। আৰু তাহাঁতৰ লগত ভাল ব্যৱহাৰ নকৰিবও পাৰে! সেইবাবে মই পুনৰ বিবাহ নকৰাওঁ।
কিছু দিনৰ পাছত, অনুপমাই পূজা আৰু জিচুক নিজৰ লগত লৈ যাব বিচাৰিছিল, কিন্তু অনিৰুদ্ধই মনা কৰি দিলে আৰু কলে, এতিয়া পূজা আৰু জিচু মোৰ দায়িত্ব। অনিৰুদ্ধই, অনুপমাক ৰখাবলৈ বহু চেষ্টা কৰিছিল কিন্তু অনুপমাই নামানিলে। অনুপমাই এয়া বুজিছিল যে, কেতিয়ালৈকে এনেদৰে তাই জোঁৱাৱেকৰ ঘৰত থাকিব। সমাজে কি কব!ময়ূৰে মাকক নিবলৈ আহিল আৰু অনুপমা ঘৰলৈ গুচি আহিল। কিন্তু অনুপমাৰ মনটো পূজা আৰু জিচুৰ ওচৰতে আছিল। অনিৰুদ্ধই এজনী কাম কৰা মানুহ ৰাখিলে, যিয়ে ঘৰখন আৰু লৰা ছোৱালী দুটাক চোৱা চিতা কৰিছিল। অনিৰুদ্ধই চুটি পালেই লৰা ছোৱালী দুটাক লৈ, অনুপমাৰ ঘৰলৈ গৈছিল, যাৰ বাবে পূজা আৰু জিচু সুখী হৈছিল।
এনেদৰে ৩বছৰ পাৰ হৈ গৈছিল। কিন্তু এতিয়া অনিৰুদ্ধই অনুভৱ কৰিছিল যে, পূজা উদাশ হৈ পৰিছিল। তাই বয়সৰ সেই সময়ত আছিল যে, এতিয়া পূজাৰ কোনোবা মহিলাৰ লগৰ প্ৰয়োজন হৈছিল। কাৰণ কিছু মান কথা এনে হয় যে, এজনী ছোৱালীয়ে কেৱল সেই কথা এগৰাকী মহিলাক হে কব পাৰে। পূজা এতিয়া মনে মনে ৰৈছিল। তাইৰ মনত বহু প্ৰশ্ন আছিল, কিন্তু এতিয়া তাই কয় কাক! অনিৰুদ্ধই এই কথা ভালদৰে বুজিছিল। এজন দেউতাকৰ দায়িত্ব অনিৰুদ্ধই ধুনীয়াকে পালন কৰিছিল। এইবাবে এই বিষয়ে শাহু মাক অনুপমাৰ আগত কবলৈ সিদ্ধান্ত কৰিলে। এদিন অনিৰুদ্ধই, দুটা লৰা ছোৱালীকে লৈ অনুপমাৰ ঘৰলৈ ৪,৫দিনৰ বাবে গল। তেতিয়া অনিয়ে দেখা পালে, তাত পূজা বৰ সুখী হৈ পৰিছিল আইতাক অনুপমাৰ লগত।
অনিয়ে, অনুপমাক কলে, মা, পূজাৰ আপোনাৰ প্ৰয়োজন হৈছে! সেইবাবে আপুনি আমাৰ লগত বলক আৰু তাতে থাকিব। এই বিষয়ে অনুপমাই একো বুজি পোৱা নাছিল, সেইবাবে,এই কথা লৈ ময়ূৰৰ লগত কথা পাতিলে। কিন্তু ময়ূৰে মাকক তালৈ যাবলৈ বাধা দি কলে, মা এনেদৰে জোঁৱাই ঘৰত থাকিলেগৈ ভাল নেদেখি। সমাজে কি কব! কব যে পুতেকে খেদি দিলে। মই তোমাক যাবলৈ নিদো। আৰু এতিয়া জোঁৱাইৰ তোমাৰ প্ৰয়োজন হৈছে। আৰু চাবা যেতিয়া কাম সম্পূর্ণ হব, তেতিয়া তোমাক জোঁৱায়ে খেদি পথিয়াব। তোমালৈ ঘূৰিও নাচাব। অনুপমাই বহুত ভাৱিলে,আৰু তাইৰ এনে লাগিল এতিয়া পূজা আৰু জিচুৰ অনুপমাৰ প্ৰয়োজন হৈছে। সেইবাবে অনুপমাই সমাজ আৰু ময়ূৰৰ কথা নাভাৱিলে আৰু অনিৰুদ্ধৰ লগত গুচি গল। এই কথা বাবে ময়ূৰে মাকক বহুত বেয়া পালে। অনুপমাই বেছি সময় লৰা ছোৱালী দুটাৰ লগতে অতিবাহিত কৰিছিল। পূজাক সকলো শিক্ষা দিছিল। অনুপমা অহাত অনিৰুদ্ধৰ ঘৰখনৰ পৰিৱেশ সলনি হৈ গৈছিল। কিন্তু যেতিয়া অনুপমা কলনিৰ মহিলাসকলৰ ওচৰলৈ গৈছিল, তেতিয়া তেওঁলোকে গম পাইছিল যে, অনুপমা অনিৰুদ্ধৰ মাক নহয় শাহুৱেক হয়, তেতিয়া কলনিৰ মহিলাসকলৰ বহু উত্তৰে দিব লগাত পৰিছিল অনুপমাই। ( Smj stock )
বহুবাৰ ময়ূৰে মাকক লৈ যাবলৈ আহিছিল কিন্তু মাক নগৈছিল। সেইবাবে ময়ূৰেও মাকৰ লগত কথা পতা আৰু নিবলৈ অহা বন্ধ কৰি দিছিল। এদিনাখন গাওঁৰপৰা অনিৰুদ্ধৰ খুড়াক আৰু খুড়ীয়েক আহিল। অনিৰুদ্ধৰ খুড়ীয়েকে অনুপমাক ভাল বেয়াই বহুত কথা শুনালে। আৰু কলে যে, এনেদৰে নিজৰ পুত্র লগত নাথাকি জোৱাঁই লগত আপুনি থকাটো ভাল নেদেখি। এই কথাটোৱে অনুপমাৰ অন্তৰত আঘাত কৰিলে আৰু অনুপমাৰ স্বাস্থ্য বেয়া হৈ পৰিল। যাৰ বাবে অনুপমাক হস্পিতালত ভৰ্তি কৰাব লগীয়া হল। হস্পিতালৰ পৰাই অনুপমাই নিজৰ ঘৰলৈ যাবলৈ জিদ ধৰিলে। অনিৰুদ্ধই বুজি পোৱা নাছিল যে, অনুপমাৰ হৈছিল কি! যি নিজৰ ঘৰলৈ যাবলৈ জিদ কৰিছে। জিচুৱে কলে, পাপা, খুড়া আৰু খুড়ীয়ে আইতাক বহু ভাল বেয়া কথা কলে। সেইবাবে আইতাৰ এই অৱস্থা। তেতিয়া অনিৰুদ্ধই নিজৰ খুড়াক আৰু খুড়ীয়েকক কলে যেতিয়া লৰা ছোৱালী দুটাৰ আপোনালোকৰ প্ৰয়োজন হৈছিল তেতিয়া আপোনালোকে বাহানা কৰি গাওঁলৈ গুচি গল। আৰু এতিয়া ইয়ালৈ আহি এইবোৰ কৰিছে। আপোনালোকৰ এইবোৰ কবলৈ কোনো অধিকাৰ নাই। আপোনালোক গাওঁলৈ যাব পাৰে।
অনিৰুদ্ধই মাকক বুজালে যে, মা, কি জোৱাঁই পুত্র নহয়! অনুপমাই কলে, হয় কিয় নহয়। অনিৰুদ্ধই কলে, আপুনি আনৰ কথাত মন বেয়া নকৰিব। আপুনি ঘৰলৈ বলক, অনিয়ে মাকক বুজাই পৰাই নিজৰ ঘৰলৈ আনিলে। কিন্তু অনুপমা অলপ উদাশ মনেৰে থাকিবলৈ ধৰিলে। অনিৰুদ্ধ আৰু লৰা ছোৱালী দুটাই অনুপমাৰ ভালদৰে চোৱা চিতা কৰিছিল অনুপমাক আৰু সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। পূজায়ে বেছিভাগ অনুপমাক কৈছিল, আপুনি নহা হলে মই সচাঁকৈয়ে মানসিক ৰোগী হলো হয় আইতা। সময় বাগৰি গৈছিল, পূজা আৰু জিচু ডাঙৰ হৈ গৈছিল। পূজাই ইঞ্জিনিয়াৰিং পাচ কৰিছিল আৰু তাই এটা কোম্পানিত চাকৰি কৰিছিল। আৰু জিচুৱে বেংকত।
এদিন পূজাই অনুপমাক কলে, পূজাই নিজৰ অফিচতে কাম কৰা মৃন্ময়ক ভালপাই। পূজাৰ কথা শুনি অনুপমা বৰ সুখী হল। অনুপমাই এই কথা অনিৰুদ্ধৰ কলে। অনিৰুদ্ধ আৰু সকলোৱে মৃন্ময়ক লগ কৰিলে। আৰু মৃন্ময়ক সকলোৱে ভাল পালে।।ধুমধামেৰে পূজাৰ বিবাহ মৃন্ময়ৰ লগত হৈ গল।।যেতিয়াৰ পৰা পূজাৰ বিয়া ঠিক হৈছিল, তেতিয়াৰপৰাই অনুপমাৰ মনত এটা কথায় ঘূৰি ফুৰিছল, যে, এতিয়া তাইৰ কাম শেষ হল। এতিয়া মই মোৰ ঘৰলৈ ঘূৰি যাব পাৰিম। ময়ূৰ আৰু তাৰ পৰিয়াল বিয়ালৈ আহিল কিন্তু ময়ূৰে মাকক নামাতিছিল। এইবাবেই অনুপমা নিৰাশ হৈ পৰিছিল। বিদায় সময়ত পূজাই অনুপমাক সাৱটি লৈ কলে, ধন্যবাদ আইতা, আপুনি নথকা হলে মই ইমান ভাল সংস্কাৰ নাপালো হয়। আৰু মই মোৰ ভৰিত ঠিয় হব নোৱাৰিলো হয়। আপুনি আমাক বহুত মৰম দিলে। আমি আপোনাৰ অবিহনে একো নহয় আইতা, আই লাভ ইউ।
বিদায় পাছত অনুপমাই নিজৰ বস্তু পেকিং কৰে। তাকে দেখা পায় অনিৰুদ্ধই সোধে, মা এয়া আপুনি কি কৰিছে! অনুপমাই কয়, অনি এতিয়া মোৰ ইয়াত থকাৰ আৰু কোনো প্ৰয়োজন নাই। মই এতিয়া আৰু ইয়াৰ পৰা গুচি যাব লাগে। অনিৰুদ্ধ অনুপমাৰ কাষলৈ আহে আৰু মাকৰ কোলাত নিজৰ মূৰ থৈ কয়, কিন্তু মোক মোৰ মাৰ কোলাৰ প্ৰয়োজন আছে। কি মই আপোনাৰ পুত্র নহয়। কি এই সম্বন্ধ পূজা যোৱাত শেষ হৈ গল। আপুনি মোৰ মা হয় আৰু আপুনি সদায়ে ইয়াতে থাকিব। এই কথা শুনি অনুপমাৰ চকুলো চকুৰপানীৰে ভৰি পৰে। অনুপমাই ভাৱে, তাই ভাৱিছিল, জোৱাঁৱেকে অনুপমাক মাথো লৰা ছোৱালী দুটাৰ বাবে ইয়ালৈ আনিছিল অনিৰুদ্ধৰ দায়িত্ব সম্পূর্ণ হলত, অনিৰুদ্ধই, অনুপমাক আৰু ইয়াত নৰখাব। কিন্তু মোৰ কথা, অনিৰুদ্ধই ভুল কৰি দিলে।অনিৰুদ্ধ স্বাৰ্থ পৰ নহয়। সেই সময়তে জিচু আহে আৰু অনুপমাক সাৱটি ধৰি কয়, আপুনি কতোৱে যাব নোৱাৰে।
দূৰৰপৰাই ময়ূৰ আৰু তাৰ পৰিয়ালে সকলো চাই ৰৈ। ৰাধিকাই কয়, দেখিলানে, মই কৈছিলো নহয়, অনিৰুদ্ধ বহুত ভাল। চফা অন্তৰৰ বুলি। আৰু মাক তেওঁ কেতিয়াও আহিবলৈ নিদিব বুলি। তুমি অনিৰুদ্ধক স্বাৰ্থ পৰ কৈছিলা আৰু কৈছিলা, এতিয়া মাক তাৰ প্ৰয়োজন হৈছে, নহলে মাৰ খবৰে, নাৰাখিলে হয়। এই সকলবোৰ দেখি শুনি ময়ূৰৰ দুচকু সেমেকি উঠিল আৰু ময়ূৰেও গৈ মাকক সাৱটি ধৰেগৈ। অনুপমা বহুত সুখী হৈ পৰে। জিচুৱে, অনুপমাৰ বস্তু পুনৰ আগৰ ঠাইত ৰাখেগৈ। আৰু পুনৰ সকলোৱে আগৰ দৰে থাকিবলৈ লয়। সকলোৱে কয়, শাহু হলে, অনুপমাৰ দৰে হব লাগে। যি শাহু নহয়, এতিয়া অনিৰুদ্ধৰ মাক হয়, এই কথা শুনা পায় অনুপমা অধিক উৎফুলিত হৈ পৰে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Smj stock )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।( Smj stock )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment