সদায় কৰি যোৱাৰ দৰে ৰাতিপুৱাঁ শুই উঠিয়ে মোৰ সৰু কোঠাটোৰ সৰু বাৰান্দা খনত পেপাৰ খন হাতত মেলি লৈছো | দেশ বিদেশৰ খৱৰ চোৱাটো মোৰ আজিৰ অভ্যাস নহয় সৰুৰে অভ্যাস | বাহঃ সূৰ্য্যটো একেবাৰে সমস্ত তাপ এৰি দিছে আজি | কেনেকে বাহিৰত ওলাম বাৰু আজি |( Smj stock )
ওপৰৰ ফালে সূৰ্য্যটো চাওঁতে মোৰ সন্মুখৰ ঘৰৰ চাদত সেই মৰম লগা ছোৱালীজনী দেখিলো | সূৰ্য্যটোৰ কাৰনে তাইৰ ফালে একে লেঠাৰি চাই থাকিবলৈ ও বৰ দিগদাৰ পাইছো| তাইৰ ককাললৈ বৈ পৰা মেঘালি ছুলি খিনিয়ে মোক বৰকৈ পাগল কৰিছিল | তাইৰ সেই ছুলি তাৰি হাতেৰে মুঠি মাৰি লৈ সুগন্ধিৰ মাজত হেৰাই যোৱাৰ মন আছিলে এদিন |
অ হেল্ল' ৰাগ,কি ভাৱিছ বাৰু তই | তোৰ আৰু তাইৰ মাজত আকাশ পাতল প্রভেদ | তোৰ সেই সাধাৰণ জীৱন প্রনালী | আৰু তাই ,,,,,,,,,,,,
মোৰ বিবেকে কোৱা কথা কেইটাত মই নিজে লাজ পালো | চেহঃ কি যে ভাৱি থাকো ন ! এইবোৰ ভাৱি অযথা দুখ বোৰ নো কিয় চপাই লওঁ |
মই গা ধুই ভাত এমুঠি খাই নিজৰ কৰ্মস্থলীত যাৱ ওলালো | গেটলৈ ওলাই যোৱাৰ লগে লগে সেই ছোৱালী জনীয়ে ও নিজৰ গাড়ী খন লৈ অফিচলৈ ওলাই আহিছিল | এবাৰ তাইৰ দ্রাইভিং চিটলৈ কেৰাহিকৈ চালো | তেনেতে তাই ও মোৰ ফালে চাইছিলে | বুকুখন অজানা পুলকত সিহৰিত হৈছিল | সঁচাই তুমি বৰ ধুনীয়া | মুখেৰে ওলাই আহিছিল মাত্র শব্দ কেইটা |
দিনটোৰ কৰ্ম ব্যস্ততাৰ অন্তত আৱেলি নিজৰ কোঠালৈ উভতি আহিলো | আহি ৰঞ্জু হাজৰিকাৰ " মেঘময়ূৰী" উপন্যাস খন হাতক লৈ বিচনাত পৰিছিলো হে মাত্র |তেনেতে কৰ পৰা জানো নামি আহিল আৱতৰীয়া এচাটি বতাহ | যি নহওঁক দিনটোৰ অত্যাধিক গৰমৰ পাছত তেনে এচাটি বতাহৰ প্রয়োজন হৈছিলে |
অ এইফালে আকাশ খনে ডাৱৰে চানি ধৰিছে | বৰষুণ আহিৱ চাগে | লগে লগে বিচনাৰ পৰা উঠি বাহিৰলৈ দৌৰ দিলো | কাৰন বাহিৰত মোৰ কাপোৰ কেইটা মান ৰ'দ শুকাৱলৈ দিয়া আছিলে | কাপোৰ কেইটা লবলৈ বুলি যাওঁতে মোৰ মূৰৰ ওপৰত কিবা এখন কাপোৰ পৰা যেন অনুভৱ হ'ল |কাপোৰ খন মূৰৰ পৰা নমাই চালো | হাৰে এখনি নীলা চাদৰ | কাৰ হব পাৰে বাৰু ! উম চাদৰ ওপৰত কাপোৰ শুকাৱলৈ মেলি দিয়া সেই মৰম লগা জনীৰে হব | চাদৰ খন মই বুকুৰ মাজত সাৱতি ধৰিছিলো | চাদৰ খনৰ এটা ধুনীয়া সুগন্ধ মোৰ নাকত লাগিছিলে | চকু মুদি অনুভৱ কৰিছিলো যেন তাই এতিয়া মোৰ দুবাহুৰ মাজত | তেনেতে অনুভৱ কৰিলো চাদৰ ওপৰৰ পৰা এটি কাহৰ শব্দ | ওপৰলৈ চালো |
অ মাই গড | সেই ছোৱালীজনী | চেহঃ বৰ লাজ পালো তাই বাৰু কি ভাৱিছে | কি কওঁ বাৰু |
- আপোনাৰ নেকি ! বতাহত সৰি পৰিছে,বেয়া নাপায় যদি তললৈ আহি লৈ যাওঁক |
তাই মাত্র মিচিকিয়া হাঁহি মাৰি আতৰি গৈছিল |
নিজৰ গালতে এটা চৰ মাৰিব মন গ'ল | কি যে কৰো নহয় , তাই বাৰু কি ভাৱিছে এতিয়া | মই একে ঠাইতে থৰ হৈ থাকিলো | তেনেতে দেখিলো তাই আমাৰ গেট খন খুলি ভিতৰলৈ আহিছে |কি কম বাৰু নিজক কেনেকে প্রস্তুত কৰো |
- মানে বতাহ দিলে যে,ডাঙৰ বতাহ ন ! আপোনাৰ চাদৰ খন আহি ইয়াতে পৰিছিলে | মই কিন্তু নিজে অনা নাই |
তাই এটা হাঁহি এৰিছিল !
- কি যে কয়,বতাহত নপৰিলে চাদৰ খন চাদৰ পৰা আনবলৈ আপুনিটো আৰু স্পাইদাৰ মেন নহয় |
অজানিতে মোৰ মুখৰ পৰা হাঁহি এটা ওলাই আহিল |
- আপুনি মোক কিন্তু একেবাৰে ভুল নুবুজিৱ দে |
- নুবুজো নুবুজো কিয় বুজিম বাৰু ,পিছে চাদৰ খন মোক এতিয়া নিদিয়ে নেকি !
- অহ,
চেহঃ মই চাদৰ খন সাৱতি লৈ আছিলো |
- নাই নাই মানে ধূলি বালি লাগিৱ বুলি এনেকে সাৱতি লৈছো ,হয় লওঁক |
- বুজিছো,আপুনি কিন্তু বেছ ৰসিক | আহিছো ,আকৌ লগ পাম |
- নিশ্চয় !
তাই হাঁহি এটি এৰি গ'ল গৈ ! সঁচাই সেই লাহি পাহি খোজ,দীঘল ছুলি,মৰম লগা হাঁহি ,ৰামধেনুৰ দৰে চেলাউৰি কিমান মৰম লগা তাই |
ধন্যবাদ ভগবান,ধন্যবাদ বতাহ তোমাৰ কাৰনে আজি তাইৰ লগত কথা পাতিব পাৰিলো,বতাহ তুমি যেন সদায় আহি নীলা চাদৰ খন এবাৰ মোৰ মূৰত পেলাই দিয়া |
সেইদিনা ৰাতি মাত্র মোক আমনি কৰিলে তাইৰ মৰম লগা মুখনিয়ে,আৰু সেই নীলা চাদৰ খনে |
ৰাতিপুৱাঁ উঠিয়ে হাতত ব্রাছ ডাল লৈ ,চাদ খনৰ ওপৰলৈ চালো | লগে লগে মনটো সেমেকি গ'ল | তাই ইতিমধ্যে কাপোৰ ৰ'দত দি গৈছে | চেহঃ আজি বা আৰু দেখিম নে নাই ভগবানে জানে | শেষত দৈনন্দিন কৰাৰ দৰে কাম খিনি কৰি অফিচলৈ বুলি ওলালো | গেট খন খোলাৰ লগে লগে তাইৰ গাড়ী খন আগুৱাই আহিল | আচৰিত গাড়ী খন আজি মোৰ কাষত ৰৈ গ'ল |
- দিউটিত যাৱ নেকি ?
তাই মোক সুধিছিলে |
- হয়
- কোন ঠাইত ?
- পানবজাৰ !
- যদি বেয়া নাপায় মোৰ লগত যাৱ পাৰিব,উঠক |
মনটো যে বহুত ভাল লাগিলে | গাড়ী খনৰ পাছৰ দৰ্জা খন খুলিছিলো |
- বেয়া নাপালে আগতে বহিব পাৰিব |
হাৰে মইটো ভালে পালো | কিয় নবহিম সেয়াই বিচাৰিছিলো | লাহে লাহে আমাৰ গাড়ী আগবাঢ়িলে | মই তাইলৈ ভালকৈ চাইছিলো | পাতল গোলপীয়া চুৰিদাৰ জোৰৰ সৈতে তাইৰ গাগৰ্ছ পিন্ধা মুখ খনি সঁচাই মোক পাগল কৰিছিলে |
- আপোনাৰ ঘৰ ?
তাই মোক সুধিছিলে ,,,,,,
- ৰঙিয়া
- ঘৰত কোন কোন আছে ?
- মা,দেউতা আৰু ভাইটি |
- ইয়াত বৰ্তমান কি কৰি আছে ?
- সাধাৰণ কাম এটা ,ক'ম্পেনী এটাৰ ষ্ট'ৰ মেনেজাৰ |
তাই মোৰ ফালে চাই কৈছিল |
-কামৰ সৰু বৰ নাই সাধাৰণ বুলি নকব |
মই সুধিছিলো
- আপোনাৰ ঘৰ চাগে সেইটো ?
- হয় ঠিকে কৈছে |
- আপোনাৰ ঘৰৰ পৰিয়াল ?
- মই অকলে |
- অ,,,,,,, !
- আপুনি আচৰিত হৈছে চাগে ন ? এইবোৰ বহুত কথা,ফোন নাম্বাৰটো দিয়ক ফোনত কথা পাতিম |
তাই দ্রাইভিং কৰি আছিলে,সেয়েহে মই ক'লো |
- আপোনাৰটো কওঁক ! মই মিচড কল্ দি দিম |
তাই মোক তাইৰ নম্বৰটো দিছিলে,এটা সময়ত মই মোৰ কৰ্মস্থলী পাইছিলো |
- ৰখাৱ ইয়াতে ,মই পাই গ'লো |
- অহ, ঠিক আছে মই ফোন কৰিম ৰিচিভ কৰিব,আহিছো |
তাই নিজৰ দিউটিলৈ গ'ল | আজি দিউটিত মই মন বহাব পৰা নাই | বাৰে বাৰে আমনি কৰিছে তাইৰ মুখ খনিয়ে | যি নহওঁক হয়টো এটা মধুৰ সম্পৰ্কই হব | হয় বান্ধৱী |
আজি দিউটিৰ পৰা আহিয়ে তাইলৈ ফোন লগালো |
- হেল্ল'
- মই হে,,,,,,
- আপুনি এটা কথা পাহৰি থাকিলে নেকি ?
- কি কথা !
- বহু কথাই হ'লো,পিছে নাম কেইটা জানিৱ হে বাকি থাকিলো |
- তাকে মই ও পাহৰি আছিলো,মোক ৰাগ বুলিয়ে কব |
- আৰু মোক লিজা বুলি ক'লে হ'ল |
- হব বাৰু,পিছে আপোনাৰ জীৱনৰ কাহিনী জানিৱলৈ মই ৰৈ আছো,বেয়া নাপায় যদি কবনে ?
- কম ,এতিয়া আপোনাৰ বিশেষ কাম আছে নেকি ?
- নাই ! কিয় সুধিলে ?
- তেনেহ'লে বলক | আজি অকমান নিজানত ফুৰি আহো তাতে সকলো আপোনাক কম |
মোৰো মনটো ভাল লাগিলে,বহুদিন কাৰো সৈতে নিজানত বহি কথা পতা হোৱা নাই |
- আপুনি ওলাই আহক |
- উম ঠিক আছে |
সঁচাই সম্ভৱ নোহোৱা কথাবোৰ আজি দেখোন সম্ভৱ হৈ উঠিল | যি বাটলৈ বহুদূৰ আছিল সেই বাট দেখোন বহু ওচৰ | ভাললগা কাৰোবাৰ সৈতে যাম | কি পিন্ধিম বাৰু !
মোৰ প্রিয় কলা লংপেন্ট,বগা টি চাৰ্ট,আৰু বগা জোটা জোৰ পিন্ধী ল'লো , কলা ফ্রেমৰ বগা চছমাজোৰ |
আইনা খনত বাৰে বাৰে মুখনি চালো,ধুনীয়া নহ'লেওঁ ধুনীয়া হোৱাৰ হাবিয়াস মনত সদায় থাকি গ'ল | গেটত গাড়ীৰ হৰ্ণ শুনি দৰ্জা খন বন্ধ কৰি ওলাই গ'লো |
তাই গাড়ীৰ আইনা খন নমাই মোৰ ফালে হাঁহি হাঁহি চাই আছিলে | বাহঃ তাই আজি বগা ৰঙৰ মাজে মাজে নীলা ফুল থকা চুৰিদাৰ জোৰ পিন্ধিছে | লগত সেই নীলা দোপাট্রা খন |
- বহক |
মই গাড়ী খনত বহিলো |
- লিজা কলৈ যাম আমি ?
- চাৰপ্রাইজ |
মই এটা হাঁহি এৰি ক'লো ঠিক আছে বাৰু |
এটা দুটা কথা পাতি পাতি আমি দীঘলী পাৰ্কত সোমালো গৈ !
- তাৰমানে ?
- হয় ,এয়া চাৰপ্রাইজ | বহক
পাৰ্কৰ বেঞ্চ খনত বহিলো | পুখুৰীটোৰ পানী বোৰ সেউজীয়া হৈছিল |আশা কৰিছিলো সেউজীয়াৰ মাজেৰে নামি আহক সেউজীয়া প্রেম |( Smj stock )
- ৰাগ ,মোক কিছুমান স্মৃতিয়ে খেদি ফুৰে | সকলো থাকিওঁ মই আজি চটফটাই থাকো |বাৰে বাৰে আমনি কৰে মোক অতীতে,কাৰোবাৰ মিছা প্রতিশ্রুতিয়ে,মিছা ভালপোৱাই |
- মই ঠিক বুজা নাই ,বুজাই দিয়কচোন |
- মই বিবাহিতা
চিৰিং কৈ বুকু খনে কোৱাই গ'ল | লিজা বিবাহিতা ,তাৰমানে তাই কাৰোবাৰ পত্নী |
- কিন্তু এতিয়া মই অকলশৰীয়া !
এইবোৰ কি কৈছে তাই ,অকলশৰীয়া ! তাৰমানে তাইৰ স্বামী ধুকাইছে নেকি !
- বহলাই কওঁক চোন |
শুনক তেন্তে ! কথাবোৰ প্রকাশ কৰিব পাৰিলে মোৰ ও পাতল লাগিব | কলেজীয়া দিনতে মোৰ সহঃপাঠী ৰনিতে এদিন মোক প্রেমৰ প্রস্তাৱ দিছিলে | আৰু মই ও যৌৱনৰ দাবীত সহজতে মানি লৈছিলো | মই তাৰ প্রেমত অন্ধ হৈ পৰিছিলো |বহু সময় আমি কেতিয়াবা বাহিৰত কতাইছিলো | এনেকে আগুৱাইছিল আমাৰ প্রেম | সময় বাগৰিছিল ,আমাৰ কলেজিয়া জীৱন শেষ হৈছিল |মই বিশ্ববিদ্যালয়ত স্নাকোত্তৰ ছাত্রী আৰু সি টুৰিজ্যিমৰ ছাত্র |
তেতিয়া নিজৰ জীৱনত বেছি ব্যস্ত হ'লো | আৰু এদিনা খন মই বিশ্ববিদ্যালয়ৰ পৰা ওলালো আৰু তাৰ ও পঢ়া শেষ হ'ল | পঢ়া শেষ কৰিয়ে সি চাকৰি পালে ,আৰু চাকৰি পোৱাৰ পিছতে আমাৰ ঘৰত আহি মোক বিয়াৰ প্রস্তাৱ দিলে | পেছাত মোৰ দেউতা ইঞ্জিনিয়াৰ আছিলে |ঘৰ খনত মাৰ মৃত্যুৰ পাছত দেউতা আৰু মই আছিলো |
দেউতাই ৰনিতৰ প্রস্তাৱ মানি ল'লে , আৰু বেচ ধুমধামেৰে আমাৰ বিয়া খন হৈ গ'ল | দিন বাগৰিল বছৰ বাগৰিল বিয়াৰ তিনিবছৰ হ'ল কিন্তু আমাৰ জীৱনত সন্তান নহ'ল | ৰনিতৰ মাকে আজিকালি প্রায় মোক কথা শুনোৱা হ'ল | ৰনিতৰ ও ব্যৱহাৰ সলনি হ'ল |
শেষত অধৰ্য্য হৈ এদিনা খন মই ডাক্তৰৰ ওচৰ চাপিলো | আৰু ডাক্তৰৰ ৰিপ'ৰ্টত ওলাল মোৰ সন্তান জন্ম দিয়া শক্তি নাই |
সেই দিনাই মানি ল'লো নিজৰ দু্ৰ্ভাগ্যৰ কথা |সেইদিনাৰ পৰা ৰনিতৰ সম্পূৰ্ণ পৰিবৰ্তন | সি আজিকালি ৰাতিকৈ ঘৰত আহে,হাজাৰ জনী ছোৱালীৰ লগত তাৰ সম্পৰ্ক | মই আৰু ধৰ্য্য ধৰিব নোৱাৰিলো |সেইখন ঘৰত আৰু আৱৰ্জনা হৈ জীয়াই থাকিব নোখোজো | এদিনা ৰাতি ৰনিতক মই ক'লো -
- ৰনিত
- কোৱা
- মই যিহেতু মাতৃ হব নোৱাৰো,তোমাক হাতত সন্তান তুলি দিব নোৱাৰো |
- তাৰপাছত !
- এইখন ঘৰত আৰু কিমান হাঁহিয়াতৰ পাত্র হম কোৱা , প্লীজ মোক আইনী ব্যৱস্থাৰে ডিভ'ৰ্চ কৰি দিয়া |
কথা খিনি কৈ মই ৰুমত দৌৰি আহিছিলো ,বিচনাত পৰি হুকহুকাই কান্দিছিলো | কিন্তু সি এবাৰো মোৰ ওচৰত নাহিলে |
পিছদিনা ৰাতিপুৱাঁ সি মোৰ ওচৰত আহি কৈছিল |
- ওলোৱা
- কলৈ ?
- ক'ৰ্টলৈ ডিভ'ৰ্চৰ বাবে |
এইজনেই পুৰুষ যিয়ে মোৰ জীৱনৰ কথা এবাৰ নাভাৱিলে,দুখ নকৰিলো ওলাই আহিলো |
আৰু আমাৰ ডিভ'ৰ্চ হ'ল | মই ঘৰলৈ গুছি আহিলো | ঘৰত কাম কৰা বাইজনী আৰু দেউতা আছিলে |
- মাজনী
- দেউতা ?
- খৱৰ নিদিয়াকৈ আহিলি যে ?
- মই হাৰি গ'লো দেউতা জীৱনত | মানুহবোৰ ইমান স্বাৰ্থপৰ জনা নাছিলো |
- তোৰ কি হ'ল মাজনী বুজাই ক'
মই,মাত্র কান্দিছিলো
- তই কিয় কান্দিছ মাজনী ?
ডিভ'ৰ্চৰ কাগজ খন কপা কপা হাত খনেৰে দেউতাক দিলো |
- দেউতাই পঢ়ি চাই ,চকীৰ পৰা ধলি পৰি গ'ল |
- দেউতা !
মই নিঠৰুৱা হ'লো,মোৰ ডিভ'ৰ্চৰ কাগজ চাই দেউতা ষ্ট্র'ক হৈ মৃত্যু বৰন কৰিলে | শেষত কলেজ এখনৰ ইংৰাজী বিভাগৰ প্রবক্তাৰ চাকৰি হ'ল মোৰ | এয়াই জীৱন | সকলো আছে,কিন্তু মোৰো কাৰোবাৰ সুঠাম বুকুৰ মাজত জিৰাব মন যায়,কিন্তু নোৱাৰো মই যে সন্তান জন্ম দিব নোৱাৰো | মোক কোনে আপোন কৰি লৱ পাৰিব কওঁক |
তাইৰ দুচকুৰে বৈছিল মাত্র চকুপানী ,মছি দিবলৈ বৰ মন গৈছিল কিন্তু নোৱাৰো যে |
- লিজা আপুনি মোৰ হব পাৰিব,এটা অনাথ সন্তানক নিজৰ সন্তান কৰিব পাৰিম | যদি বিশ্বাস কৰে,,,,,,,,,,,,,,,,,
অ হেল্ল' কি চাই আছা চাদ খনলৈ ?
- এখনি নীলা চাদৰ !
- কি !
- ভয় কৰিব নালাগে,মোৰ লিজাৰ চাদৰ খন চাই আছো |
-বদমাছ !
জোৰকৈ তাইক বুকুৰ মাজত তানি আনিছিলো | তাইৰ ভিজা চুলি খিনি হাতেৰে আলফুলাই দিছিলো |
- কি ভাৱি আছিলা ?
- তোমাৰ চিনাকীৰ দিনটোৰ কাহিনী |
তেওঁ লাহে লাহে মোৰ বুকুৰ মাজত হেৰাই গ'ল |
- মই বহুত সুখী এতিয়া ৰাগ |
মই তেওঁৰ কপালত আকি দিলো দুওঠৰ পৰশ |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Smj stock ) কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment