নিশা ৯বাজিছিল। নবীনে তাৰ দোকান বন্ধ কৰিবলৈ সময় হৈছিল। কিন্তু কাৰোবালৈ নবীনে বাট চাই ৰৈছিল। সেয়া এক মহিলা আছিল। কি নাম আছিল জানো! নবীনে সেই মহিলাগৰাকীৰ নামটো কেতিয়াও সুধাই নাছিল। কিছু দিনৰ পূৰ্ৱে নবীন নিজৰ দোকানখন আৰম্ভ কৰিছিল। ( Smj stock )
দোকান খন বৰ বেছি ডাঙৰ নাছিল,দোকানত নবীনে বেকাৰী বস্তু আৰু মিঠাই ৰাখিছিল। সেইদিনা নবীনে দোকানখন আৰম্ভ কৰিলে, আৰু প্ৰথম গ্ৰাহক হিচাপে এগৰাকী মহিলা আহিল। আৰু তাইৰ কোলাত এটা মৰম লগা কণমানি। তাই এটি গাখীৰৰ বটল ললে আৰু নবীনক কলে, দাদা মোৰ ওচৰত এতিয়া মাথো ১০টকাহে আছে। বাকী পইচা কালিলৈ দিলে হবনে! তেতিয়া নবীনে তাই ফালে মনোযোগেৰে চাই ৰল, মানুহগৰাকীৰ কপাঁলত ফুট নাছিল, না শিৰত সেন্দুৰ! নবীনে ভাৱিলে, হব পাৰে বিধৱা হব। আৰু নবীনৰ চকুত পৰিল, তাই পৰিধান কৰা, কাপোৰযোৰো কিছু কিছু অংশত ফাতিছিল। তাইৰ কপাঁলত ঘাম বিৰিঙি পৰিছিল। তেতিয়া নবীনৰ চকু সেই কণমানিটোৰ ওপৰত গৈ পৰিল। এটা মিঠা হাঁহি লৈ কণমানিটোৱে নবীনৰ ফালে চাই আছিল। কণমানিটোৱে হঁহাৰ সময়ত তাৰ নতুনকৈ ওলোৱা আগ দাঁত দুটি জিলিকি ৰৈছিল। সেই কণমানি দাঁত দুটিৰ বাবে কণমানিটোক অলপ বেছিকৈয়ে মৰম লাগিছিল।
কিছু সময়ৰ পাছত নবীনে সেই মহিলাগৰাকীলে চাই কলে, কোনো কথা নাই বাইদেউ, আপুনি কাইলৈ দি দিব। নবীনৰ কথা শুনি, সেই মহিলা গৰাৰীয়ে এটা হুমুনিয়া কাঢ়ি নবীনৰ ফালে চালে। আৰু কলে, কালিলৈ নিশ্চয় বাকী পইচা দি দিম। ওচৰতে থাকো মই। সেই মহলাটোৰ কিনাৰৰ সৰু ঘৰটোতে থাকো। তাইৰ কথা শুনি, নবীনে হাঁহি মাৰি কলে, মোৰ কোনো আপত্তি নাই! আপুনি কালিলৈ দিব। ইয়াৰ পাছত তাই নবীনৰ পৰা বিদায় লৈ গুচি আহিল।
দ্বিতীয় দিনা পুনৰ মহিলা গৰাকী আহিল। আগদিনাৰ বাকী পইচা তাই নবীনক দিলে। কিন্তু নবীনে পইচা তাইক ঘূৰাই দিলে। আৰু কলে, বাইদেউ আপোনাৰ পৰা মই পইচা লব নোৱাৰো। যোৱা কালি আপোনাৰ হাতেৰে মোৰ দোকান আৰম্ভণি হোৱাৰ বাবে, কালিৰ দিনটো মোৰ ভাল লাভ হল। নবীনৰ কথা শুনি, তাই বৰ আনন্দিত হল। বহুতদিনৰ পাছত তাইক কোনোবাই শুভ বুলিলে। তাইৰ স্বামীৰ মৃত্যুৰ পিছত, তাইৰ শাহুৱেকে তাই কুলক্ষিনী বুলি তাইক ঘৰৰ পৰা খেদি দিছিল।।
তাই নবীনক সুধিলে, দাদা, ৰাতি কেইবজালৈ আপোনাৰ দোকান খোলা থাকিব! ৰাতি ৮বজাত দোকান বন্ধ কৰো, নবীনে কলে। নবীনৰ কথা শুনি তাইৰ মুখ মণ্ডল চিন্তাৰে আৱৰি ধৰিল। নবীনে তাইৰ চিন্তিত মুখ দেখা পায় সুধিলে, কি হল বাইদেউ! কিবা চিন্তাৰ কাৰণ আছে নি! নবীনৰ কথা শুনি তাই কলে, দাদা মই মোৰ আৰু এই কণমানিটোৰ বাবে ঘৰে ঘৰে কাম কৰো। মোৰ ঘৰলৈ ঘূৰি আহো মানে, নিশা ৮-৩০মান হয়। তেতিয়া লৈ সকলো দোকান বন্ধ হয়। তেতিয়া মোৰ কণমানিটো ভোকে পিয়াহে কান্দি কান্দি শুৱ লাগে। সি কব নোৱাৰে বাবে তাৰ মই ভাল সুযোগ লওঁ। এয়া কৈ তাইৰ চকুলো ভৰি পৰিল। নবীনৰ তাইৰ কথা শুনি বৰ দুখ পালে। তেতিয়া নবীনে কলে, আপুনি চিন্তা নকৰিব বাইদেউ, কালিৰপৰা মই আপোনাক যেতিয়া লৈকে গাখীৰৰ বটল নিদো, তেতিয়া লৈ মই দোকান বন্ধ নকৰোঁ। কিন্তু মোৰ এটা চৰ্ত আছে। নবীনৰ কথা শুনি, তাই চকুপানী মুহাৰি সুধিল, কেনেকুৱা চৰ্ত! /p>
তেতিয়া নবীনে কলে, আপুনি মোক গাখীৰৰ পইচা দিব নোৱাৰিব। এয়া শুনি তাই চকুত পুনৰ চকুপানীৰে ভৰি পৰিল। কিন্তু এয়া তাইৰ চকুত সুখৰ চকুলো হে আছিল। নবীনৰ ৰূপত যেন তাই আজি ভগৱানক লগ পালে। সেইদিনা পৰা তাই নিশা কামৰ পৰা আহি গাখীৰৰ বটল লৈ গৈছিল। এনেদৰে ৬মাহ পাৰ হৈ গল। সদায়ে অধিক কষ্ট কৰাৰ ফলত তাই দিনক দিনে অসুস্থ হৈ আহিছিল। লগতে বহু দূৰ্বল হৈছিল। সেই দিনা নবীনে তাইলৈ বাট চাই ৰৈছিল। ঘুড়ীটোৱে ৯বাজি যোৱাৰ সংকেত দিলে। কিছু সময়ৰ পাছতে তাই আহি পালেহি। নবীনে লৰালৰিকৈ ফ্ৰীজৰপৰা গাখীৰৰ বটল ওলিয়াই তাইক দিলে। আজি তাই মুখ খন একেবাৰে সেতা পৰি আহিছিল। শৰীৰ দূৰ্বল হোৱাৰ বাবে চকুৰ গুৰি কলা হৈ পৰিছিল। গাখীৰৰ বটলতো তাইক দি নবীনে ফ্ৰীজৰ দুৱাৰ বন্ধ কৰিবলৈ ঘূৰিলে, আৰু তাইক কলে, আজি বহু পলম কৰি দিলে আপুনি! ফ্ৰীজৰ দুৱাৰ বন্ধ কৰি নবীন ঘূৰে মানে, তেতিয়া দেখা পালে নবীনৰ সন্মুখীত কোনো নাছিল। ( Smj stock )
তেতিয়া নবীনে ভাৱিলে, আজি পলম হোৱাৰ বাবে তাই লৰালৰিকৈ গলগৈ। দ্বিতীয় দিনা ঠিক ৮বজাত তাই আহিল। আৰু আহি নবীনৰ দোকানত ৰৈ থাকিলে। সেইদিনাও নবীনে ফ্ৰীজৰ পৰা গাখীৰৰ বটল ওলিয়াই তাইক দিলে। সেই সময়তে তলত কিবা এটা পৰিলত, তাকে উঠাবলৈ নবীনে তললৈ মূৰ কৰিলে। আৰু উঠাই ঠিয় হৈ মানে, তেতিয়া লৈ তাই নবীনৰ দোকান ৰপৰা গলগৈ। নবীনে আজি তাইৰ মুখ চাব পৰা নাছিল। কাৰণ তাইক আজি বহু দূৰ্বল লাগিছিল। পাচদিনাও আহিল, গাখীৰৰ বটল ললে আৰু নবীনক একো নোকোৱাকৈ গলগৈ। আজি নবীনে তাইৰ মুখ খনি পুনৰ মনোযোগেৰে চালে, তাইৰ মুখ খনি একেবাৰে গাখীৰৰ দৰে বগা হৈ পৰিছিল। এনে লাগিছিল যেন, তাইৰ শৰীৰত প্ৰাণ বায়ু নাই। নবীনে বুজিলে, তাই গা বহুতে বেয়া। তাই পইচা নথকাত হস্পিতাললৈ যাব পৰা নাই। নবীনে দোকান বন্ধ কৰিলে আৰু ঘৰলৈ আহি নবীনৰ পত্নী বিনাক তাইৰ বিষয়ে সকলো কথায়ে কলে। বিনাও, নবীনৰ দৰে চফা অন্তৰৰ আছিল। নবীন, কিয়নো আমি তাইৰ ঘৰলৈ যাঁও আৰু তাইক হস্পিতাললৈ লৈ যাওঁ! বিনাই কলে। বিনাৰ কথা শুনি, নবীনৰো এয়াই মন আছিল। বিনাৰ মুখেৰে নিজৰ মনৰ কথা শুনি নবীন বহু সুখী হল। আৰু কিছু সময়ৰ পাছতে, নবীনে বিনাক লগত লৈ সেই মহিলাগৰাকীৰ ঘৰলৈ আগবাঢ়িল।
তাইৰ ঠিকনাটো নবীনৰ ভালদৰে মনত আছিল। নবীন আৰু বিনা তাইৰ ঘৰ পালেগৈ। তাইৰ ঘৰৰ ওচৰে পাজৰে আন কাৰোৱে ঘৰ নাছিল। নবীনে তাইৰ ঘৰৰ দুৱাৰত হাত দিওঁতেই দুৱাৰ খন খুল খালে। দুৱাৰ খুলা লগে, বৰ কিবা দুৰ্গন্ধ এটা আহি নবীন আৰু বিনাক চুলেহি। তেতিয়া দুয়োয়ে নাকত ৰুমাল দিলে আৰু ঘৰৰ ভিতৰলৈ সোমাই গল। ঘৰৰ ভিতৰখন বহুত আন্ধাৰ আছিল। আন্ধাৰৰ মাজতে, দুয়োৰে কাণত সৰু লৰাৰ মাত বাজি উঠিল। নবীনে বেৰত খেলিয়া খেপিয়াই লাইটৰ চুইচটো অন কৰিলে। পোহৰ হলত সন্মুখত যি ছবি দেখিলে, তাকে দেখা পায় দুয়োৰে গাত বিজুলী পৰাৰ দৰে থৰ লাগিল। কাৰণ সন্মুখত সেই মহিলাগৰাকীৰ নিঠৰ দেহ পৰি আছিল। আৰু তাইৰ শৰীৰটো লাহে লাহে গেলিবলৈ আৰম্ভ কৰিছিল। তাইৰ মৃতদেহ দেখা পায় এনে লাগিছিল, তাইৰ মৃত্যু ৪,৫দিনৰ আগতে হৈছিল। কিন্তু তাইৰ চকুহালে এতিয়াও হাঁহি আছিল। আৰু তাই তাইৰ কণমানিটোক চাই ৰৈছিল। তাই চকুহাল শুকাই গৈছিল, যেন কান্দি কান্দি তাইৰ চকুলো নাইকিয়া হৈ পৰিছিল। সেই নিঠৰ চকুহালে এতিয়াও কণমানিটোক চাই আছিল। আৰু সেই কণমানিটোৱে, হাঁহি হাঁহি নিজৰ মাকক চাই আছিল। আৰু মাকৰ লগত উমলি আছিল। কণমানিটোৱে বুজিপোৱা নাছিল যে, কিছু দিনৰ পূৰ্ৱে তাৰ মাকে প্ৰাণ ত্যাগ কৰিলে। মাকৰ কাষতে ৩টা খালী গাখীৰৰ বটল আছিল। সেই অকমাণিটোৰ বিশ্বাস আছিল তাৰ মাকে দেহ ত্যাগ কৰাৰ পাছটো, তাক ভোকে পিয়াহে থাকিবলৈ নিদিয়ে।
এই সকলোবোৰ দেখা পায়, নবীন আৰু বিনা বিজুলী পৰাৰ দৰে থৰ হৈ ৰল। এয়া সকলোৰে বাবে এক দুখ লগা দৃশ্য আছিল। নবীনৰ বিশ্বাস হোৱা নাছিল যে, ৩দিনৰ পূৰ্ৱে মৃত্যু বৰণ কৰা মাকৰ আত্মাই কণমানিটোৰ বাবে, মোৰ দোকানৰ পৰা গাখীৰৰ বটল আনি আছিল। কিছু সময়ৰ পাছত, নবীনে কণমানিটোক কোলাত তুলি ললে আৰু বিনাৰ কোলাত দি দিলে, বিনাও বহু মৰমেৰে কণমানিটোক আকোৱালি ললে। আৰু তাৰ পাছত নবীন আৰু বিনাই কণমানিটোৰ মাকৰ অন্তিম সৎকাৰ কৰিলে। আৰু দুয়োয়ে কণমানিটোক ডাঙৰ কৰাৰ সিদ্ধান্ত কৰিলে। আৰু নবীনে বিশ্বাস কৰিছিল যে, কণমানিটোৰ মাকৰ আত্মা তাৰ লগতে সদায়ে আছে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Smj stock )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment