কিবা এটা বিষাদে তাৰ বুকুখনত খুন্দিয়াই দিলে । এক দুৰ্বাৰ আকৰ্ষণ আছিল এইজনী ছোৱালীৰ প্ৰতি তাৰ এসময়ত । এসময়ত ?--সি নিজকে প্ৰশ্ন কৰে । ওঁহো । এতিয়াওতো সি অনুভৱ কৰিছে । কিন্তু সুনন্দা কেতিয়াবাই অতীত হ'ল তাৰ বাবে । তেনেহ'লে এই মুহূর্তত সি তাইৰ প্ৰতি কিয় এনে আকৰ্ষণ অনুভৱ কৰিছে ! তাৰ মনলৈ সুনন্দাৰ কথাতো সি কেতিয়াও আহিবলৈ দিয়া নাছিল ! কিন্তু এতিয়া ! এতিয়া তাৰ এনে কিয় হৈছে ? তাৰ এই প্ৰশ্নৰ উত্তৰ তাক কোনে দিব এই মুহূর্তত ? তাৰ মনটোৱে মনা নাই । প্ৰচণ্ড এক তাড়নাত সি উটি ভাহি গৈছে এই মুহূর্তত । তাৰ বুকুৰ ভিতৰৰ ক'ৰবাত এটা প্ৰচণ্ড গৰাখহনীয়াৰ সৃষ্টি হৈছে ..!( Best story )
সি সুনন্দাৰ ওচৰলৈ গৈ তাইক মাত এটা দিয়াৰ কথাই ভাবিলে । কিন্তু ই কি ! সি যে পৰা নাই তাইৰ ওচৰলৈ যাবলৈ ! সি তাইক মাতষাৰ দিবলৈ গৈয়ো থমকি ৰ'ল । কোন সতে মাতষাৰ দিবলৈ তাইৰ ওচৰলৈ যাবলৈ ওলাইছে সি ? তাই যদি তাক চিনি নাপাওঁ বুলি কয় ! তাক সুনন্দাই চিনি নাপাওঁ বুলি কোৱাৰ কাৰণ আছে । কি পৰিস্থিতিত পৰি সি তাইৰ ওচৰৰ পৰা আঁতৰি আহিছিল ,সুনন্দাই পাহৰা নাই । সিও ।
গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতেই তাৰ সুনন্দাৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল । আৰু সেই বন্ধুত্বই পিছত প্ৰেমলৈ পৰিণত হ'ল ।
সিহঁতৰ মাজলৈ এই প্ৰেম কেনেকৈ,কেতিয়া আহিল ,সিহঁতে নিজেও নাজানে । প্ৰেম কৰা নাযায়, হৈ যায় । কথাষাৰৰ গুৰুত্ব তেতিয়াহে হয়তো সিহঁতে বুজিব পাৰিছিল । ইউনিভাৰ্চিটিৰ দুটা বছৰতে সিহঁতৰ প্ৰেম গভীৰ হৈ উঠে ।
সুনন্দাক প্ৰথম দিনাই ক্লাছত দেখি নীলৰ কিবা এটা ভাল লাগি গৈছিল । দীঘল ঘন ৰেচমী চুলিকোছাৰে এক অদ্ভুত আকৰ্ষণ আছে ছোৱালীজনীৰ । কম কথা কোৱা, শান্ত অমায়িক সুনন্দা আনবোৰ ছোৱালীৰ দৰে নহয় । কিবা এটা ব্যতিক্ৰম যেন সুনন্দা ! কোনেদিনে কোনো ছোৱালীক সি ইমান মনোযোগেৰে লক্ষ্য কৰা তাৰ মনত নপৰে । অত্যন্ত লাজকুৰীয়া স্বভাৱৰ
সি । পঢ়াৰ বাহিৰে বাহিৰৰ জগতখনৰ কথা সি একোৱে নাজানে ।
কলেজত দুই -এজনী ছোৱালীৰ সৈতে কোনোমতেহে কথা পাতিছিল সি । তাকো খুব কমকৈ । তাৰ এই অৱস্থাটো দেখি লগৰ ৰক্তিম , সৌৰভহঁতে প্ৰায়ে তাক জোকায় ।
"ঐ, এনেকৈ থাকিলে নহ'ব বোপাই ! অলপ ছোৱালী পটাবলৈ শিক । নহ'লে পস্তাবি ।"--গিৰ্জ্জনি মাৰি হাঁহে সিঁহতে ।
"কাম নাই তহঁতৰ ?"--সি মাথোঁ হাহে ।
" আৰে ! কামত অহা কথাই কৈছোঁ আমি । মা-দেউতাহঁতৰ কষ্টবোৰ লাঘৱ হ'ব অলপ বুইছ ! ছোৱালী বিচাৰি বিচাৰি চলাথ কৰিব নালাগে তেওঁলোকে । "--ৰক্তিমে তাৰ ওচৰলৈ আহি বহি লয়হি ।( Best story)
" বাদ দে সেইবোৰ কথা । তহঁতৰ মন গৈছে ,তহঁতে বিচাৰ । "
" আৰু তই কি কৰিবি ?"--সৌৰভে
হাঁহে ।
" দেখা যাব পিছত । "--তাৰ গহীন
উত্তৰ ।
"পিছত নহয় , এতিয়াই ভাব । পিছত একো নাপাবি । আৰু দুটা বছৰহে আছোঁ কলেজত ।"
--ৰক্তিমে তাৰ পিঠিত ঢকিয়ায় ।
কলেজত ৰক্তিম ,সৌৰভহঁতৰ একোজনীকৈ গাৰ্লফ্ৰেন্ড । কেইদিনমান কোনোটোক এজনীৰ লগত দেখিলে , কেইদিনমানৰ পিছত আন এজনীৰ লগত ঘূৰা দেখা যায় । এইবোৰ দেখি দেখি নীলৰ মনে মনে হাঁহি উঠে --গাৰ্লফ্ৰেন্ড !
মাক -দেউতাকহঁতৰ কষ্ট লাঘৱ কৰিছে সিহঁতে ! কিয় জানো ,তাৰচোন কলেজত কোনো ছোৱালীৰ প্ৰতি দূৰ্ব্বলতাই নাহিল ! আচলতে সি ৰক্তিম ,সৌৰভহঁতক দেখি নিজৰ ওপৰতো বিশ্বাস হেৰুৱাই পেলাইছে নেকি ! সি নাজানে । কিন্তু তাৰচোন এনেকুৱাই লাগে । কেইদিনমানৰ মূৰে মূৰে ৰক্তিমহঁতৰ লগত যে বেলেগ একোজনীকৈ গাৰ্লফ্ৰেন্ড দেখা যায় , সেয়া ৰক্তিমহঁতৰ পছন্দৰ সাল -সলনি নে ছোৱালীবোৰে সিহঁতক বিদায় দিয়ে ! সি একো ধৰিব নোৱাৰে ।
পিছত শুনিছিল সি --ঘৰত মাক-দেউতাকে চাই দিয়া ছোৱালীৰ লগতেই ৰক্তিমৰ বিয়া হ'ল হেনো । তেন্তে কলেজত ফুটনি মাৰি কোৱা কথাবোৰৰ কি হ'ল ? সৌৰভৰো একেই অৱস্থা ! এয়াই সিহঁতৰ প্ৰেম! কলেজীয়া প্ৰেম ! --সি ভাবে ।
কলেজত প্ৰেম বোলা বস্তুটো কোনোদিনেই নীলৰ ওচৰলৈকে নাহিল । দুই -এজনীয়ে তাৰ মনৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল । সেই কথা সি জানিছিল । কিন্তু সেইবোৰত সি কোনোদিনেই গুৰুত্ব নিদিলে । এনেকৈয়ে কলেজ পাছ কৰি আহি গুৱাহাটী ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰিলেহি এদিন সি ।
গুৱাহাটী ইউনিভাৰ্চিটিত ইংলিচৰ এম.এট এডমিশ্বন লৈ ইউনিভাৰ্চিটিৰ চৌহদত প্ৰথম ভৰি দিয়েই নীলৰ কিবা এটা ভাল লাগি গৈছিল । ইউনিভাৰ্চিটিৰ পৰিৱেশে তাক আঁকোৱালি লৈছিল । কিবা এটা অদ্ভুত আকৰ্ষণ আছে ইউনিভাৰ্চিটিৰ এই ঠাইডোখৰৰ । ইয়াৰ শান্ত পৰিৱেশ , শাৰী শাৰীকৈ থকা কৃষ্ণচূড়াৰ গছবোৰৰ পৰা সৰি পৰা ফুলেৰে ফুটপাথবোৰ ৰঙা হৈ পৰা দেখিলে তাৰ মনৰ কোনোবা এটা কোণত অনাবিল আনন্দৰ ঢৌ খেলি যায় । কেতিয়াও অকলশৰীয়া অনুভৱ নহয় তাৰ ।
লাজ লাজকৈ থকা ল'ৰাটোৰ এতিয়া কি হ'ল?--সি ভাবি আচৰিত হয় । তাৰ ভাল লাগিবলৈ ধৰিলে সুনন্দাক । দূৰৈৰ পৰাই চাই থকা হ'ল সি তাইক ।
"চিনাকি হ'ব পাৰোঁ নিশ্চয় আমি ! "--নীল সুনন্দাৰ ওচৰলৈ আহি তাইৰ কাষত থিয় হ'লহি এদিন । তাৰ মুখত এটা মিঠা হাঁহি ... ।
(আগলৈ)
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা অঞ্জনা দত্ত ডাঙৰীয়াণীৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Best story)
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment