ট্ৰেইনখন ডিব্ৰুগড় ষ্টেচন এৰাৰ আগমুহূৰ্তত নীল গৈ ট্ৰেইনখনৰ নিৰ্দিষ্ট কম্পাৰ্টমেন্টটোত সোমালগৈ । চিটৰ নম্বৰটো মিলাই চাই তাৰ লগত অনা এয়াৰ বেগটো সি চিটৰ তলত সুমুৱাই দিলে । বেগটো ঠিকমতে সুমুৱাই লৈ সি তাৰ চিটত বহিল ।( Smj stock )
সি বহাৰ বিপৰীত দিশত কম্পাৰ্টমেন্টটোৰ সিটো কোণত খিৰিকীৰ কাষত এগৰাকী চানগ্লাচ পৰিহিতা মহিলাই খিৰিকীখনৰ বাহিৰলৈ কিবা ভাবি ভাবি একান্তমনে চাই থকা নীলে মনোযোগেৰে লক্ষ্য নকৰিলেও মানুহগৰাকী তাৰ চকুত নপৰাকৈ নাথাকিল । পিন্ধনত পাতল বেঙুনীয়া ৰঙৰ চিফনৰ শাৰী এখনৰ সৈতে মানুহগৰাকীক দেখিলে সামান্য বয়স হোৱা যেন লাগিলেও মানুহগৰাকী যথেষ্ট ধুনীয়া । মানুহগৰাকীয়ে খিৰিকীখনৰ বাহিৰলৈ মুখ কৰি চাই থকাৰ বাবে নীলে তেওঁৰ মুখখনৰ একাংশহে কোনোমতে দেখিছে । মানুহগৰাকীৰ কাষত এজনী বৰ মৰমলগা পাঁচ-ছয় বছৰীয়া সৰু ছোৱালী । বোধহয় তেওঁৰেই ছোৱালী--নীলে ভাবিলে । তাই কম্পাৰ্টমেন্টটোত উঠা মানুহখিনিলৈ মাজে মাজে চাইছে । তাইৰ হাতত এখন কমিক ।
এটা সময়ত ট্ৰেইনখন লাহে লাহে চলিবলৈ আৰম্ভ কৰিলে । নীলে প্লেটফৰ্মত কিনি অনা মেগাজিনখন মেলি ল'লে । কিছুসময় পিছত মানুহগৰাকীৰ ওচৰত বহি থকা ছোৱালীজনীয়ে খিৰিকীৰ ওচৰলৈ আহি খিৰিকীৰ বাহিৰলৈ ভুমুকিয়াই চালে ।
"নিকি, হাতখন বাহিৰলৈ নুলিয়াবা । বহি থাকা আহা .."--মানুহগৰাকীয়ে ছোৱালীজনীক খিৰিকীখনৰ কাষৰ পৰা আঁতৰাই আনিলে ।
ইমানপৰে মেগাজিনখনত একান্তমনে চকু ফুৰাই থকা নীলে নিকি নামটো শুনি মেগাজিনখনৰ পৰা মূৰ তুলি অকণমানিজনীৰ পিনে চালে । তাইৰ নামটোও তাৰ দৰে ন আখৰেৰে আৰম্ভ। নীলৰ মনটো কিবা এটা ভাল লাগি গ'ল। তাতে মানুহগৰাকীৰ মুখত নিকি শব্দটো শুনি তাৰ এক মুহূর্তৰ বাবে এনেকুৱা লাগিল যেন তাকেই কোনোবাই নাম কাঢ়ি মাতিছে !
অকণমানিজনীৰ পিনে চাওঁতে হঠাৎ তাৰ চকু মানুহগৰাকীৰ পিনে গ'ল । এয়া সুনন্দা নহয়নে ! নে তাৰ কিবা ভুল হৈছে ! কেনেকৈ হ'ব পাৰে এয়া সুনন্দা ! সি যে কি কথাবোৰ ভাবিছে ! নাই ,নহয় এয়া সুনন্দা । কিন্তু মানুহগৰাকী দেখিবলৈ একেবাৰে সুনন্দাৰ নিচিনা । কিছুমান মানুহ দেখাত একেই হয় কেতিয়াবা । সি নিজকে সান্ত্বনা দিয়ে ।( Smj stock )
অকণমানিজনী আহি আগৰ ঠাইত বহিলহি ।
"মা ,মোক খিৰিকীৰ কাষত বহিবলৈ দিয়ানা । "
"নালাগে নিকি,বাহিৰত বতাহ । ঠাণ্ডা লাগিব তোমাৰ । "
এইবাৰ নীল নিশ্চিত হ'ল--অকণমানিজনী তেওঁৰেই ছোৱালী । কিবা এটা ভাবি ভাবি সি মেগাজিনখনত আকৌ চকু ফুৰালে । মানুহগৰাকীৰ মাতটো তাৰ খুব চিনাকি চিনাকি লাগিল । ক'ৰবাত যেন এই মাতটো সি শুনিছিল কেতিয়াবা । ক'ত শুনিছিল বাৰু? হয় ,হয় । তাৰ মনত পৰিছে । এই মাতটো সুনন্দাৰ দৰে ! আজি কি হৈছে তাৰ ? ইমান বছৰৰ পিছত তাৰ বাৰু সুনন্দাৰ কথা মনত পেলাবলৈ হ'ল কি?আচলতে মানুহগৰাকীৰ চেহেৰা আৰু মাতটোৱেহে তাক ভাবিবলৈ বাধ্য কৰাইছে সুনন্দাৰ কথা । তেনেকৈ ভাবিবলৈ একো নাই । সি আকৌ মেগাজিনখন পঢ়াত মন দিলে ।
মানুহগৰাকীয়ে পিন্ধি থকা চানগ্লাচযোৰ খুলি তেওঁৰ হেণ্ডবেগটোত ভৰালে । বেগৰ পৰা পানী বটলটো উলিয়াই পানী অলপ খাই, বটলটো আকৌ বেগটোত সুমুৱাই থ'লে । অকণমানিজনী লাহে লাহে মাকৰ গাত হাউলি টোপনি গ'ল । মানুহগৰাকীয়ে তেওঁৰ কোলাত তাইৰ মূৰটো লৈ শুবলৈ সুবিধা কৰি দিলে তাইক ।
মেগাজিনখনৰ পাত এটা লুটিয়াবলৈ লৈ নীলৰ চকু মানুহগৰাকীৰ মুখলৈ গ'ল --আৰে ! এয়াচোন সু-ন-ন্দা ! তাৰ সমুখত তাৰ একালৰ সহপাঠী তথা প্ৰেমিকা সুনন্দা ... !
(আগলৈ )
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা অঞ্জনা দত্ত ডাঙৰীয়াণীৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Smj stock )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment