ঘৰৰ গৃহিণী জনীৰ খাতিৰত সকলোৱে নিশ্চয় এবাৰ পঢ়ি চাব : Best story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 25, 2021

ঘৰৰ গৃহিণী জনীৰ খাতিৰত সকলোৱে নিশ্চয় এবাৰ পঢ়ি চাব : Best story

 

Best story

চালিনীৰ ঘৰৰ কাম কৰোঁতে কৰোঁতে তিনি বাজি গল। এতিয়াও বাচন বৰ্তন ধোবলৈকে আছে। চালিনীয়ে ভাবিলে, যেতিয়াৰপৰা এই লকডাউন আৰম্ভ হল, তেতিয়া ৰপৰা তাইৰ কাম বেছিকে বাঢ়ি হে গল। কিন্তু বাকী সকলোৰে আনন্দ ফূৰ্টি। ( Best story )

তাই বাচন বৰ্তন ধুই লৈ ভাৱিলে অলপ বিচনাতে বাগৰ এটা মাৰি লওঁ, কিন্তু চালিনীৰ ভাগ্যত আৰামে বা কত ? বাথৰূমলৈ গৈ দেখা পালে স্বামী দেৱতাৰ কাপোৰ ধোবলৈ বাকী আছে। আজি দেওবাৰ বাবে প্ৰকাশে দেৰি কে শুই উঠে আৰু পলম কে গা ধুৱে। 


চালিনীয়ে কাপোৰ ধুই, নিজৰ কোঠালৈ গল, তেতিয়া আবেলি চাৰি বাজি গৈছিল। আনফালে শাহু মাকে আবেলিৰ চাহৰ বাবে বাট চাই ৰৈছিল।পোন্ধৰ মিনিটমান হৈছিল হে, চালিনীয়ে বিচনাত বাগৰ দিয়া, ইফালে শাহু মাকে মাত দিলে, চালিনী, চাহ একাপ দিয়া। ক্ষন্তেকৰ বাবে, চালিনীৰ মনে কলে যে, এতিয়া তাই চাহ বনাব নোৱাৰে বুলি, কিন্তু এজনী আৰ্দশ বোৱাৰীয়ে তেনেকৈ কেনেকৈ কব? মন নথকাটো চালিনী বিচনাৰ পৰা উঠি আহিল আৰু সকলোৰে বাবে চাহ বনালেহি। তেতিয়া লৰা ছোৱালী দুটা আৰু প্ৰকাশে লুডু খেলি আছিল। মাকক দেখা পায়, লৰা ছোৱালী দুটাই কলে যে, মা তুমিও আমাৰ লগত লুডু খেলা না! চালিনীয়ে লৰা ছোৱালী দুটাৰ কথাত, তাহাঁতৰ ওচৰত বহুতেই, শাহু দেউতাকে মাত লগালে, চালিনী, পানী এগিলাচ লৈ আনাচোন। 


চালিনীয়ে দেউতাকক পানী দি ঘূৰি আহোঁতে প্ৰকাশে কলে, আজি আবেলি কি বনাবা! চালিনীয়ে ভাৱি থাকোতেই লৰা ছোৱালী দুটাই কলে, আজিটো আমি মেগি খাম, প্ৰকাশেও কলে, আজি মেগিকে বনাবা। তেতিয়া শাহু মাকে কলে, মোৰ আৰু দেউতাৰ বাবে ৰুটিকে বনাবা, আমি সেইবোৰ নাখাঁও। চালিনীয়ে মনতে ভাৱিলে, যেতিয়াৰ পৰা লকডাউন হৈছে, তেতিয়াৰ পৰা সকলোৰে পচন্দৰে আহাৰ তৈয়াৰ কৰিছো। আৰু ঘৰখনৰ চাফ চিকুনৰ কাম, ঘৰৰ সকলোৰে স্বাস্থ্যৰ চিন্তাও বাঢ়ি গৈছিল। চালিনীৰ সময়ে নোহোৱা হৈছিল। সকলোৱে লুডু, ক্ৰেম, ফোন কেতিয়াবা লগতে বহি কথা পাতি নিজৰ চিন্তা দূৰ কৰিছে। মই অকলেই যি এই কামৰপৰা আৰু সকলোৰে চিন্তা কৰাৰ পৰা সময়ে পোৱা নাই। 


আজিও ৰাতি ১১বাজি গল। 

চালিনীৰ শাহুৱেক দীপাই আজি ফেচবুকত নিজৰ প্ৰিয় বান্ধৱী বিনাৰ নিজৰ বোৱাৰীয়েকৰ লগত ফটো দেখা পালে। যত শাহু বোৱাৰী লগ হৈ, আহাৰ বনাইছে, কোনোবা এখন ফটোত এজনীয়ে আনজনীক চুলিত তেল লগাই দিছে, আকৌ আন এখনত নিজৰ পৰিয়ালৰ সৈতে খেলাত , চালিনীৰ শাহুৱেকে ভাৱিলে, বিনাই কিমান আনন্দ কৰিছে। ( Best story )

পাচদিনা, বিনাই চালিনীৰ শাহুৱেকলৈ ফোন কৰিলে, তেতিয়া চালিনীৰ শাহুৱেকে বিনাক কলে, তুমি তোমাৰ বোৱাৰী লগত বহুত ফুৰ্তি কৰিছা। চালিনীৰ শাহুৱেকৰ কথাত বিনাই কলে, ফুৰ্তি কৰা নাই দীপা, এই সময় সকলোৰে লগত থকাটো প্ৰয়োজনীয়। সকলো মানসিক ভাৱে বহুত চিন্তিত। লৰা ছোৱালীও আমনি পাইছে, বোৱাৰী কামো বাঢ়ি গল। আমি সকলোৱেটো আৰাম বহি কথা পাতো, লৰা ছোৱালী লগত সময় অতিবাহিত কৰোঁ, কিন্তু বোৱাৰীয়ে প্ৰতি পল ঘৰৰ কামত ব্যস্ত থাকে। সকলোৰে বাবে চিন্তা কৰে। বোৱাৰীয়েও এয়া কৰিব লাগে, যি আমিবোৰে কৰো। যাৰ বাবে বোৱাৰীও হাঁহি ফুৰ্তি কৰি থাকিব পাৰে। সেইবাবে মই বোৱাৰী কামত সহায় কৰো, আৰু সকলোৰে লগত এই সংকটৰ সময়ত এগৰাকী ভাল বন্ধু দৰে থাকো। যাৰ বাবে ঘৰৰ পৰিৱেশ সুন্দৰ হৈ থাকে। 


কথা শেষ হোৱা পাছত, ফোন থৈ চালিনীৰ শাহুৱেকে ভাৱিলে, চালিনীও গোটেই দিন ঘৰৰ কাম কৰি আৰু আমাৰ আলপেচান ধৰি থাকে। চালিনীয়ে নিজৰ স্বামী আৰু লৰা ছোৱালী দুটাক সময় দিব পাৰিছে, না আমাৰ লগত বহি ভালকে কথাকে পাতিব পাৰিছে! সেই সময়তে প্ৰকাশ আহিল আৰু চালিনীক কলে, আজি ৰাতিৰ বাবে কণী ডম বনোৱা। প্ৰকাশৰ কথাত, চালিনীয়ে কিবা কোৱাৰ আগতে মাকে কলে, প্ৰকাশ, চালিনীয়ে কণী ডম বনাব, কিন্তু আজিৰ পৰা সকলোৱে চালিনীৰ কামত আমি সহায় কৰি দিম। তাই অকলে কিমান কাম কৰে, আমিটো সকলোৱে বহি অকল অৰ্ডাৰ দি থাকো। তাইকোতো আমাৰ লগত কিছু সময় অতিবাহিত কৰিব লাগে। প্ৰকাশে কলে, হয়, মা কথাটো সচাঁ। সেইবাবে আমি সকলোৱে চালিনীৰ সহায়তা কৰিম। 


যেনেদৰে, এই সময়ত ডাক্টৰ, নাৰ্চ, চফাই কৰ্মীক সন্মান দিয়া হৈছে, সেই সন্মান তেনেদৰে এগৰাকী গৃহিণীকো দিব লাগে, কাৰণ গৃহিণীও ঘৰখনৰ সকলো কাম, পাকঘৰৰ কাম, আৰু সকলোৰে আলপেচান ধৰা, সুন্দৰ ভাৱে কৰি গৈছে। সেই সময়ত লৰা ছোৱালী দুটাইও কলে, অ মা, আমিও তোমাৰ সহায় কৰিম। আৰু আমি সকলোৱে লুডু খেলিম। চালিনীয়ে আৰ্শ্বয্য জনক ভাৱে শাহু মাকৰ ফালে চালে, আৰু বহুত আনন্দ অনুভৱ কৰিলে। চালিনীয়ে এই সংকটৰ সময়ত সকলোৰে লগত হাঁহি ফুৰ্তিৰে অতিবাহিত কৰি গল।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Smj stock

বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Best story )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages