শাহু আইৰ চকুত তাই অমংগলীয়া আছিল : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, May 26, 2021

শাহু আইৰ চকুত তাই অমংগলীয়া আছিল : Storyboard

 

Storyboard

কলেজৰ পৰা অহা পাছত ৰিয়াৰ ঘৰখনৰ পৰিৱেশ কিছু অসহনীয় লাগিল। সদায়ে নিলু খুড়ীয়ে দুৱাৰ খোলে। কিন্তু আজি মায়ে দুৱাৰ খুলিলে, খুড়ীৰ কোনো খা খবৰে নাছিল। এই সময়ত খুড়ীয়ে সদায়ে মোলৈ বাট চাই ৰৈছিল। তাৰপাছত আমি দুয়ো একেলগে আহাৰ খাইছিলো। খুড়ী বিয়া হৈ অহাৰ পাছতে ৰিয়াৰ এই ঘৰখন ভাল লাগিছিল। প্ৰথমে ৰিয়াক এই ঘৰখনত লগ দিয়া কোনোৱে নাছিল। না কোনো বাই ভনী, ভাইটি, দাদা, নে পেহী! আইতা ওচৰত বহা মানে, কেৱল উপদেশ, জিনচ নিপিন্ধিবা, চুইজাৰ পিন্ধিবা। ঘৰৰ কাম বন শিকা। নিলু খুড়ী, ৰিয়াৰ সম বয়সৰ নাছিল, ৰিয়াতকৈ ৫,৬বছৰ ডাঙৰ আছিল, কিন্তু বয়সৰ এই ব্যৱধানে একো নামানে। নিলু খুড়ী ৰিয়াৰ কেতিয়াবা, ভগ্নি, বৌ, কেতিয়াবা বান্ধৱী দৰে লাগিছিল। ৰিয়া আৰু খুড়ীয়েকৰ মাজত বহুত মিল আছিল। Storyboard )

যেতিয়াৰ পৰা খুড়াৰ মৃত্যু হল, তেতিয়াৰ পৰা নিলু খুড়ী শিল হৈ পৰিল। প্ৰতি পলতে নিজৰ ভাগ্যকে দুখ দিয়ে। ৰিয়াই, বৰ কষ্টৰে খুড়ীক বুজাইছিল, কিন্তু ঘৰখনত কিবা এটা নহয় কিবা এটা এনে হয় যে, খুড়ীয়েক বহুতদিনলৈ পুনৰ স্বাভাৱিক হবলৈ কঠিন হৈ পৰে। আইতাই খুড়ীক সহজ ভাৱে থাকিবলৈ নিদিয়ে। আইতাই খুড়াৰ মৃত্যুৰ বাবে খুড়ীকে দুখ দিছিল। আইতাৰ মতে, খুড়ীৰ খোজ এই ঘৰখনৰ বাবে শুভ নহয়। 


দেউতা আৰু ৰিয়াৰ সৰু খুড়াকে, আইতাই কৰা এই ব্যৱহাৰৰ বাবে বহুত বুজাইছিল যে মা, এয়া শুভ অশুভ একো নাই। তোমাৰ লৰাই মাথো ইমানেই জীৱনকাল লৈ আহিছিল। ইয়াত নিলুৰ কি দুখ! তোমাৰ দুখতকেও তাইৰ দুখ অধিক বিশাল। তাইক বুজোৱা, তাইক সান্তনা দিয়া। তাইৰ মনৰ শক্তি দিয়া। তাইৰ মনোবলক কম নকৰিবা মা। 

ৰিয়াৰ দেউতাকে এবাৰ এই পৰ্যন্ত কৈছিল যে, প্ৰবালেতো প্ৰেম বিবাহ কৰিবলৈ বিচাৰিছিল, কিন্তু ছোৱালী জনী মাংগলিয়া নহয়। এই বিবাহ হব নোৱাৰে বুলি কৈ তাৰ মন ভাঙি দিছিলা আৰু খোৱা বোৱা এৰি দিছিলা। ছোৱালীজনী ভাল আছিল কিন্তু তোমাৰ জিদৰ বাবে প্ৰবালে পৰজয় বৰণ কৰিছিল। নিলু আৰু প্ৰবালৰ বিয়া তোমাৰ মতে, ভালধৰণে জনম পত্ৰিকা মিলাই, এই বিবাহ হৈছিল। এতিয়া তুমি কাকো দুখ দিব নোৱাৰিবা মা! 

কিন্তু আইতাই কত হাৰ মানিব। ভগৱানে জানে, যি জনম পত্রিকা আমাক দিয়া হৈছিল, সেয়া বাস্তৱিকতে সচাঁ আছিল নে নাই! এতিয়াও এনে লাগে, নিলুৱে এতিয়াও ইয়াত আমাক ঠগি আছে।

ৰিয়াৰ দেউতাকে আইতাকৰ লগত বেছি তৰ্ক কৰিবলৈ নোৱাৰিলে আৰু। টান কে কলে, মা আপোনাৰ লগত তৰ্ক কৰি কোনেও জয়ী হব নোৱাঁৰে আৰু। যি যায় তাকে কৰক আৰু। 


ৰিয়াই এই সকলোবোৰ শুনি ৰৈছিল আৰু মনে মনে উঠলি উঠিছিল, কিন্তু কিবা কবলৈ সাহস কৰিবলৈ পৰা নাছিল। প্ৰৱাল খুড়াই নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৈ এই বিয়াত বহিব লগীয়া হৈছিল। কিন্তু তেওঁৰ আনন্দ কৰবাত হেৰাই গৈছিল, সেইবাবে তেওঁ বিয়া পাছত কটো ফুৰিবলৈ যোৱা নাছিল। নিলু খুড়ী লগত, তেওঁৰ ব্যৱহাৰ কেনে আছিল, এয়া ৰিয়াই নাজানিছিল। 

প্ৰৱাল খুড়াই বেংকত চাকৰি কৰিছিল। তেওঁৰ মৃত্যু পাছত বেংকত যেতিয়া নিলু খুড়ীক চাকৰি দিয়াৰ কথা চলিল, তেতিয়া আইতাই কলে, বেংকত কথা পাতি চোৱা যে এই চাকৰিটো মৃতকৰ পত্নী বাহিৰে মৃতকৰ ককায়েক ভায়েকক দিব পৰা যাব নে! দিগন্তই কেতিয়াৰপৰা চাকৰি বিচাৰি ফুৰিছে, কিন্তু সফলতা পোৱা নাই। 

ইমান দিনে মনে মনে থকা নিলু খুড়ীয়ে প্ৰথম বাৰলৈ কলে, নহয় মা, এই চাকৰিটো মইয়েই কৰিম, এই চাকৰিটো মোৰ জীৱন নিৰ্বাহ কৰিবলৈ হব। ঘৰৰ আন সকলেও খুড়ীৰ কথাত সন্মতি দিলে। তেতিয়া পৰা আইতাকে নিলু খুড়ীক বেছিকৈ বেয়াপোৱা হল। Storyboard )

আজিও নিশ্চিয় ঘৰত কিবা এটা হৈছে, ৰিয়া ঘৰলৈ অহা ইমান দেৰি হল, কিন্তু এতিয়ালৈ খুড়ীক দেখা পোৱা নাই। নিশ্চয়, তেওঁ নিজৰ কোঠাত বহি কান্দি আছে। ৰিয়াৰ অনুমান ঠিক। খুড়ীয়ে নিজৰ কোঠাত বহি কান্দি আছিল। তেওঁ চকুলো শুকাই পৰিছিল। 


ৰিয়াক দেখা পায়ে, নিলু খুড়ীয়ে তাইক সাৱটি লৈ আৰু কান্দিবলে ধৰিলে। আৰু কলে, ৰিয়া, মই কত যাম, কি কৰোঁ! এতিয়া জীয়াই থাকিব আৰু নোৱাঁৰিছো। মা দেউতা নাই, দাদা বৌয়ে মোক দি বিদেশলৈ গলগৈ। আৰু মোৰ এই দুখৰ সময়টো আহিবলৈ নোঁৱাৰিলে। নিশ্চয়, তেওঁলোকৰ কিবা সমস্যা হৈছে, ইয়াৰ অৰ্থ এয়া নহয় যে, তেওঁলোকে মোক ভালনাপাই। এনেও, তেওঁলোকে নো কি কৰিব! নিজৰ দুখ মই নিজে সহিবলৈ লাগিব। বেংকৰ চাকৰিটো মই এইবাবেই মই কৰিবলৈ বিচাৰো যাতে, মই ব্যস্ত হৈ থাকো। আৰু কাৰো বোজা নহওঁ যেন। মই ঘৰত আৰু কিছু দিন থাকিলে, মই পগলা হৈ যাম। নহলে নকৰিবলগীয়া কাম কৰি পাম। কিন্তু মায়েটো কিবা নহয় কিবা কথাত মোক কন্দোৱাবলৈ বিচাৰি ফুৰে। এতিয়া আৰু বেছি অশান্তি কৰিলে, মই এই ঘৰ এৰি দিম। 

ৰিয়াৰ তেতিয়া আইতাকৰ ওপৰত বৰ খং উঠিছিল। আচলতে তেওঁ নিজকে নিজে কি ভাৱিছিল! ঠিক আছে, এই ঘৰ বাৰী তেওঁ নামত আছে, ককাই বহুত সম্পত্তি থৈ গৈছে। সেইবাবে তেওঁ কাৰো ওপৰত বোজা নহয়, সেইবুলি ইয়াৰ অৰ্থ এয়া নহয় যে, তেওঁ কাকো বুজিয়েই নাপাব। কিয় জানো, ঘৰৰ আন সদস্যই তেওঁ সন্মুখত একো মাত মাতিবলৈ নোৱাৰে নে তেওঁ সম্পত্তিৰ লোভত তেওঁলোকৰ মাত বাহিৰ নহৈছিল।


কিন্তু আইতাকৰ কথা, ৰিয়াৰ ওপৰত বেছি প্ৰভাৱ নপৰিছিল। কাৰণ আইতাকৰ পৰা ৰক্ষা পাবলৈ ৰিয়াই এটাই উপায় লৈছিল, তাই বেছিকে আইতাকৰ ওচৰলৈকে নগৈছিল। কিন্তু আজি ৰিয়াৰ মনটো আইতাকৰ লগত কাজিয়া কৰিবলৈ মন গৈছিল। ৰিয়াই ঠিয় হৈছিলেই, কিন্তু খুড়ীয়েকে তাইক বুজি পাই এনে কৰিবলৈ বাধা দিলে। আৰু কলে, ৰিয়া তুমি মোৰ বিষয় লৈ মাক একো নকবা, তোমাক মোৰ শপত দিছো। পিচদিনা পুৱা ৰিয়াই কলেজলৈ যাবলৈ লওঁতে, আইতা সন্মুখলৈ আহিল। তেওঁ গোসাঁই ঘৰৰপৰা ওলাই আহিছিল। তেওঁ ৰিয়াক কলে, ৰবি ৰিয়া, পূজা পাঠটো তোৰ আগ্ৰহ নাই, এয়া প্ৰসাদকে লৈ যা। ৰিয়াই আইতাকৰ পৰা প্ৰসাদ লৈ কলে, আইতা আপুনি ভগৱানক বিশ্বাস কৰে নে! এয়া তই কি মূৰ্খ দৰে প্ৰশ্ন কৰিছ ৰিয়া! কি তই মোক সদায় গোসাঁই ঘৰত বন্তি জ্বলোৱা দেখি নাপাঁৱ নি! অ, সেয়া সকলো দেখিছো, কিন্তু তথাপিটো সুধিছো। শুনিছো, জীৱন-মৃত্যু ভগৱানৰ হাতত আছে। ভগৱানৰ ইচ্ছা অনুসাৰে একোকে নহয়। তুমি ঠিকেই শুনিছা ৰিয়া। ভগৱানৰ অনুমতি অবিহনে পাত এখিলাও লৰচৰ কৰিবলৈ নোৱাঁৰে। কিন্তু আইতা, জীৱন আৰু মৃত্যু এতিয়া সম্পূর্ণ ৰূপে ভগৱানৰ হাতত নাই। সঠিক সময়ত ডক্টৰৰ সহায়তা পালে, তেতিয়া বহু লোকে পুনৰ জীৱন পায়। আৰু যদি নিজে কোনোবাই নিজকে হত্যা কৰিবলৈ বিচাৰে, তেতিয়া তেওঁক কোনে ৰখাবলৈ পাৰে ?


নহয় ৰিয়া, এই সকলোবোৰ মানৱৰ ভ্ৰম হয়। সচাঁ কবলৈ গলে, আমাৰ হাতত একোকে নাই। কিন্তু পৰিস্থিতিয়ে তেনে হৈ পৰে। কাৰোবাক কিমান দিন জীয়াই থাকিব, এই সকলোবোৰ প্ৰথমেই নিশ্চিত হয়। আইতা, আপুনি বহুত জ্ঞানী হয়। মোক এটা কথা কওঁক, যেতিয়া জীৱন আৰু মৃত্যুত মানৱৰ কোনো অধিকাৰ নাই, তেতিয়া হলে সকলোৱে প্ৰৱাল খুড়াৰ মৃত্যুৰ কাৰণ নিলু খুড়ীক কিয় দুখ দিয়ে! যিখন গাড়ীয়ে, খুড়াক খুন্দা মাৰিছিল, সেইখনটো নিলু খুড়ীয়ে চলাই থকা নাছিল! তথাপিটো নিলু খুড়ীক অশুভ বুলি তেওঁক তিৰষ্কাৰ কিয় কৰা হয়! নিলু খুড়ীৰ নাম লওঁতেই আইতাৰ মুখ খন কঠোৰ হৈ পৰিল। অ ইমান দীঘল কথা মানে তই নিজৰ খুড়ীৰ বাবে কলি! ডাঙৰ বোৱাৰী, তোৰ এইজনীয জীয়েৰে পঢ়ি শুনি মোকে জ্ঞান দিবলৈ আহিছে। এইক আঁতৰা ইয়াৰ পৰা। 

আইতা মই কলেজলৈ যাওঁ। খংক বাদ দি আপুনি এবাৰ আপোনাক কথাটোকে বিচাৰ কৰি চাব, যদি আমি সকলোৱে নিজৰ আয়ুস ওপৰৰ পৰাই লিখি আনো, তেতিয়াহলে, স্বামীৰ মৃত্যুৰ বাবে পত্নীক কিয় দুখ দিয়া হয় ?


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages