৮০ ৰ উৰ্দ্ধৰ এই অঘৰী বৃদ্ধৰ হাতত এইখন কাৰ ফটো ? Best story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, May 26, 2021

৮০ ৰ উৰ্দ্ধৰ এই অঘৰী বৃদ্ধৰ হাতত এইখন কাৰ ফটো ? Best story

Best story

আবেলি হ'ল। আনদিনাৰ দৰে আজিও সেই গমাৰি কাঠৰ নালভঙা চকীখনত ৰমাকান্ত ককা বহি পৰিল। তেওঁৰ হাতত আজিও সেই বিশেষ ফটোখন আছে। তেওঁ ফটোখন বৰ তন্ময়ভাৱে চাই নিজকে পাহৰি পেলাইছে।( Best story )


ককা এইখন গাৱত থকা নাই  বুলিলেও পাঁচবছৰ মান হ'ল।

গঞাঁ ৰাইজে তেওঁক অচেতন অৱস্থাত গাঁওখনৰ নিচেই কাষতে থকা "সোনতলী" পথাৰখনৰ পৰা উদ্ধাৰ কৰিছিল। জ্ঞান উভতাই পোৱাত তেওঁ ক'ৰ পৰা আহিছে বুলি সোধাত তেখেতে একো কোৱা নাছিল। সৰল গঞাঁ ৰাইজে বহুত ভাবি-গুণি আনুমানিক চাৰিকুৰি বৰ্ষ গৰকা অচিনাকি ককাক বিশেষ সোধ-পোচ নকৰাকৈয়ে মানৱীয়তাৰ খাতিৰত এটা জুপুৰী সজাই ককাক এইখন গাৱতে থাকিবলৈ দিছিল। নিধিৰাম মৌজাদাৰে ককাৰ ভৰণ-পোষণৰ দ্বায়িত্ব লৈছিল আৰু গঞাঁ ৰাইজেও বিপদে-আপদে সহায় কৰাৰ আশ্বাস দিছিল আৰু সেইদিনাৰ পৰাই ককা হৈ পৰিছিল গাঁওখনৰ এজন নতুন বাসিন্দা।


ককা গাঁওখনত থকা দিন হ'ল যদিও গঞাঁই তেওঁৰ বিষয়ে আজিলৈকে একোকে নাজানে। ককাই ক'বলৈও ইচ্ছা কৰা নাই আৰু বুঢ়ামানুহ বুলি গঞাঁই জোৰ কৰি সোধাও নাই কিন্তু ককা গাঁওখনলৈ আহিবৰ দিনৰে পৰা এটা বিশেষ কাৰণত তেওঁ গঞাঁৰ বাবে কৌতূহলৰ  উৎস হৈ পৰিছে। ককাক ৰাইজে উদ্ধাৰ কৰাৰ দিনা ৰাইজে তেওঁৰ লগত এখন ফটো পাইছিল। ফটোখন এজনী ষোল্ল-সোতৰবছৰীয়া (আনুমানিক) ছোৱালীৰ। এই  ফটোখনৰ বাবেই ককা সকলোৰে কৌতূহলৰ কাৰণ।

আহিবৰ দিন ধৰি তেওঁ সদায় আবেলি পৰত বুধেশ্বৰ গাঁওবুঢ়াই দিয়া গমাৰি কাঠৰ নালভঙা চকীখনত বহি সেই বিশেষ ফটোখন তন্ময়ভাৱে চাই ৰয়। ফটোখন চাই-চাই মাজে-মাজে তেওঁৰ চকুৰে চকুলো নিগৰি অহাও দুই-একে দেখিছে।

কিছুমানে ফটোখন ককাৰ নাতিনীয়েকৰ বুলিও ধাৰণা কৰে কিন্তু ককাই বোলে বিয়া কৰোৱা নাই তেন্তে নাতিনী পাব ক'ৰ পৰা! ফটোখনৰ বিষয়ে কোনোবাই সুধিলেই তেওঁ ভিতৰ সোমাইগৈ।

গঞাঁ ৰাইজে বৃদ্ধ ককাক বৰ শ্ৰদ্ধা কৰে সেয়ে কোনেও বেছি তেওঁক জোৰ নকৰে কিন্তু গাৱৰ উদঙীয়া চেঙেলীয়াবোৰে ককাক ঠাট্টা-মস্কৰা কৰিবলৈ নেৰে।

আবেলি ককাক দেখিলেই সিহঁতে চিঞৰি কৈ যায়-"বুঢ়াকালত ভালকৈয়ে প্ৰেম জমিছে বে, অ ককা, হৰিনাম লোৱাৰ বয়সত এইবোৰ নাপায় দেই!" তাতকৈও চৰা কেইটামানে হিন্দি চিনেমাৰ সংলাপেৰে ইতিকিং কৰি কৈ যায়-" আৰে ভাই ক্যা জামানা হে,বুঢ়াপে মে ভী জৱানী কা জোচ!" ককাই পিছে কাণসাৰেই নিদিয়ে। এই ফটোখন চাই তেওঁ মাজে-মাজে আৱেগিক হয়, কেতিয়াবা আকৌ হাঁহে। আনে নোপোৱা এক প্ৰশান্তি যেন তেওঁ বিচাৰি পায় এই ফটোখনৰ মাজত।( Best story )


অতদিন ধৰি ককা গাঁওখনতে আছে যদিও মানুহবোৰৰ লগত ককাই বেছি কথা নাপাতে, প্ৰয়োজনত এষাৰ-দুষাৰহে। পিছে ৰমেনৰ লগত ককাৰ এক আত্মিক সম্পৰ্ক আছে। তাৰ বয়স পচিশবছৰ মান হ'ব। গাঁওখনৰ ভিতৰতে সি অতি নম্ৰ ও শান্ত। সাধু শুনাৰ বয়স যদিও তাৰ নাই তথাপি সি সাধু শুনি ভাল পায় আৰু সাধু শুনিবৰ বাবেই সি সদায় সন্ধিয়া ককাৰ ওচৰলৈ যায়। ককাই তাক বৰ মৰম কৰে সিও ককাক বৰ ভাল পায়। ৰমেনৰ আগত ককাই মুক্তমনে কথা পাতে সেয়ে সি এদিন সোধো-নুসোধোকৈ ফটোখনৰ বিষয়ে সুধিলে। ককা অলপ গহীন হ'ল পিছে তেওঁ প্ৰথমবাৰলৈ ৰমেনৰ আগত কৈ গ'ল তেওঁৰ জীৱনৰ অব্যক্ত কথাবোৰ। "মোৰ ঘৰ ৰহাত আছিল। আই-পিতাই সৰুতেই ঢুকাল। তেওঁলোক দেখাত কেনে আছিল সেয়া মই নাপওঁ। মোৰ নিচেই কেচুৱা অৱস্থাতেই বুলে তেওঁলোক কি হয় ঢুকাইছিল সেয়া কোনেও নাজানে। তেওঁলোকৰ চিন বুলিবলৈও মোৰ ওচৰত একো নাই। মই বৰদেউতাৰ ঘৰত থাকি ডাঙৰ হৈছিলো পিছে তেওঁলোকে মোক ভাল ব্যৱহাৰ কৰা নাছিল। সোতৰবছৰ বয়সতে তেওঁলোকৰ ঘৰৰ পৰা পলাই আহি এঘৰ মানুহৰ ঘৰত গৰখীয়া হৈ আছিলো মানুহঘৰেও খুজে প্ৰতি মোৰ ভুল ধৰিছিল। কেতিয়াবা খাবলৈও নিদিছিল কিন্তু মানুহঘৰৰ এজনী ছোৱালী আছিল তাই মোক বৰ মৰম কৰিছিল। কেতিয়াবা তাই মনে মনে মোলৈ খোৱাবস্তু লৈ আহিছিল। মই জীৱনত তাইৰ বাদে কাৰো পৰা ইমান মৰম পোৱা নাছিলোঁ।


তাই আৰু মই দুয়ো দিনে দিনে যৌৱন হৈ আহিছিলো সেয়ে কিজানি সেই মৰমে পিছলৈ প্ৰেমৰ ৰূপ পায়। আই-পিতাই নথকা ঘাত-মাউৰা মই জীৱনতো নতুন সজোৱাৰ সপোন দেখিলো পিছে মানুহঘৰে কথাষাৰ গম পোৱাত মোক মাৰ-ধৰ কৰি ঘৰৰ পৰা খেদি পঠিয়ালে। আহিবৰ সময়ত ছোৱালীজনীয়ে কান্দি-কান্দি তাইৰ এখন ফটো মনে মনে মোক দি পঠিয়াইছিল। তাৰ পিছত মই পাগলৰ দৰে অনাই-বনাই ঘূৰি-ফুৰিছিলো। ক'তো মোৰ বাবে অলপ ঠাই নাছিল। মানুহৰ ঘৰত থাকি কাম কৰাৰ কথা ভাবিবলৈও মই ভয় কৰিলোঁ। মই অনাই-বনাই বহু ঠাই ঘূৰি ফুৰিলো। এনেতে এবাৰ এহাল নিঃসন্তান দম্পতীয়ে মোক এডাল গছৰ তলত আমন-জিমনকৈ বহি থকা দেখি মোৰ বিষয়ে জানি মোক তেওঁলোকৰ ঘৰলৈ নি নিজৰ ল'ৰা কৰি ৰাখিম বুলি ক'লে। মই অমান্তি হ'লো পিছে বৰকৈ জোৰ কৰাত মই যাবলৈ বাধ্য হ'লো।

প্ৰথমতে সকলো ঠিকেই আছিল। মোৰ প্ৰতি তেওঁলোকৰ মৰমৰ সীমা নাছিল কিন্তু পিছলৈ তেওঁলোকৰ এটি পুত্ৰসন্তান জন্ম হ'ল আৰু তেতিয়াৰ পৰাই মই তেওঁলোকৰ বাবে গুৰুত্বহীন হৈ পৰিলো তেওঁলোকে মোক দেখিব নোৱাৰা হ'ল। তেওঁলোকৰ বাবে মই হৈ পৰিলো চকুৰ কুটা দাঁতৰ শূলৰ লেখীয়া। তেওঁলোকে খাই এৰা ভাতবোৰ হে মোক দিছিল। তেওঁলোকৰ কাঁহীত ভাত নৰ'লে মই লঘোনে থাকিবলগীয়া হৈছিল।


এদিন মনৰ বেজাৰতে পুনৰ তেওঁলোকৰ ঘৰো এৰি ওলাই আহিলো। আগৰ অঘৰী জীৱন পুনৰ ঘূৰি আহিল। এনেদৰে পুনৰ অনাই-বনাই এদিন এটা ৰেল ষ্টেচনৰ কাষ পালো আৰু আনক দেখি ময়ো কুলিৰ কাম কৰিবলৈ ল'লো দুই-এপইচা ঘটিলোও আৰু ষ্টেচনৰ প্লেটফৰ্মতেই থাকিবলৈ ল'লো। এনেদৰেই দিনবোৰ পাৰ হ'ল। মই যোৱাবছৰলৈকে কুলিৰ কামেই কৰিলো বুঢ়া হৈ অহাৰ বাবে কুলিৰ কাম কৰিব নোৱাৰা হ'লো। মাগি খাবলৈ আৰম্ভ কৰিলোঁ কিন্তু মানুহবোৰে দিবলৈ নিবিচাৰে। উপায়হীন হৈ ষ্টেচনটো এৰি আকৌ আগৰ দৰে উদ্দেশ্যহীনভাৱে বাট বুলিলো। হাতত অৱশ্যে দুপইচামান আছিল পিছে আহি থাকোতে কোনোবাই মোৰ মুখত সোপামাৰি ধৰিলে তাৰ পিছত কি হ'ল জ্ঞান নাছিল। চকু মেলি তহঁতৰ এই ঠাই পালোহি আৰু ফটোখনৰ কথা যে সুধিছ এইখন মই তাহানিতে ভালপোৱা ছোৱালীজনীৰ। তাইৰ সতে আৰু দেখা-দেখি নহ'ল। আছে নে নাই ক'ব নোৱাৰো। এতিয়া এই ফটোখনৰ বাহিৰে মোৰ আপোন বুলিবলৈ আৰু কোনো নাই!"

ৰমেনৰ মুখৰ মাত নোহোৱা হ'ল। মানুহৰ সমাজখনলৈ তাৰ বৰ ঘিণ লাগিল। ককালৈ তাৰ বৰ দুখ লাগিল। "চিন্তা নকৰিব ককা আমিবোৰ আছো নহয়" বুলি কৈ ৰমেন খৰ খোজেৰে ওলাই গ'ল।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Storyboard

বিঃদ্ৰঃ অংকুৰ জ্যোতি বৰা ডাঙৰীয়াই এই বিশেষ গল্পটি আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Best story )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages