বজাৰখন আজি আন দিনাতকৈ বেছি গৰম। জোনফালেই চোৱা যায় সেইফালেই পোহৰে বেৰি আছে। ৰাজু প্ৰতি বছৰে শিলচৰলৈ আহে যদিও এনেকুৱা দৃশ্য খুব কম দেখিবলৈ পাই। ৰাজুৰ বয়স ৫০বছৰ আৰু তাৰ উচ্চতা ৬ ফুট কিন্তু তাক দেখাত ৩৫ বছৰীয়া যেন লাগে। বজাৰৰ পৰা ওলোৱাৰ পাছতেই শিলচৰ ঠাইখন তাৰ বহুত ডাঙৰ আৰু ভীৰভাৰ যেন লাগে।( Best story )
শিলচৰৰ এই নিষিদ্ধ এলেকাটো ৰাজুএ কোনো কচাইৰ এলেকা বুলি ভাবে , সকলো ফালে কুকুৰাবোৰ দৌৰি আছে। যিবোৰৰ ওজন বেছি সেইবোৰ মানুহে প্ৰথমে কিনিছে।
বেশ্যালয়ৰ মাজৰ ৰাস্তাটোৰে গৈ থাকোঁতে সি এঠাইত থমকি ৰল। ঘৰতোৰ প্ৰথম মহলাত এজনী ১৭ বছৰীয়া ছোৱালী , শৰীৰৰ উপৰ অংশত কাপোৰ নথকাৰ দৰেই খোজ কাঢ়ি আছিল।
সেই ঘৰটোৰ তলতেই বহুত মানুহ ভিৰ কৰি আছিল। কোনোবা এজন ৰিক্সাৱালাই সেই ভিৰৰ পৰা মাত লগালে , " ইমান ডাঙৰতো আজিলৈকে ইহঁতৰ মাজৰ কাৰো নেদেখিলোঁ বে, কি খাইছ হয়?"
প্রত্যুত্তৰ পালে ," এইজনী বাদ দে , এইজনীৰ সপোন দেখিব নালাগে , এবাৰতে ১ হাজাৰ টকা এতিয়া তাইৰ দাম । "
ৰাজুৱে সেই বেশ্যালয়লৈ বুলি যাবলৈ চিৰিৰে ওপৰলৈ উঠোঁটেই দালাল এজনে সুধিলে," ছাঁৰ আর য়ু গ'ইং ফৰ দা গাৰ্ল হো ইজ ষ্টেণ্ডিং অভাৰ বেলকণি?"
হয়, ৰাজুৱে অসমীয়াত উত্তৰ দিলে। " তোমাতকৈ ভাল অসমীয়া কব পাৰো মই যদিও মোৰ ইংৰাজীত কোৱাৰ অভ্যাস আছে।"
" অ'হ চৰি ছাৰ" দালাল জনে লাজ পাই কলে ," কিন্তু এই ছোৱালীজনী এনেকৈ লগ নাপাব। দুই সপ্তাহৰ কাৰণে তাই বুকিং হৈ আছে । মই কিবা এটা যুগাৰ কৰি দিম বাৰু দুই এদিনতে লগ কৰিব পাৰিব কিন্তু মোক ২০০০ টকা লাগিব।"
ৰাজুৱে দালাল জনৰ কথাত গুৰুত্ব নিদিলে আৰু চিৰিৰে ওপৰলৈ উঠিলে ।" যা মৰগৈ ছালা হাৰামী , যদি দুই সপ্তাহৰ আগত পাৱ তেতিয়া কবি।" দালালে খঙত কলে। ৰাজুৱে দালালজনৰ গালি নুশুনিলে যেন পাওঁ।
" তোৰ কাৰণে বিদেশী (ইংৰাজী) বাবু আহিছে পপী" এজনী বগা ,দুষ্ট চাৱনিৰে বয়োজ্যেষ্ঠ তিৰোতাই বেলকণীৰ পৰা চিঞৰি কলে । যিজনী ছোৱালীক পপী বুলি মাতিছিল তাই তৎক্ষণাত আহিল কিন্তু তাই নিজকে ঢাকি ৰাখিছিল। তাইৰ যিখিনি সৌন্দৰ্য ওপৰৰ পৰা দেখুৱাই আছিল সেইখিনি কোঠাৰ ভিতৰত বিনামুলিৱাকৈ পোৱা নাযায়। ৰাজুৱে কিবা কোৱাৰ আগতেই তাই কলে ," জুনু ,যদি তুমি এইজন বিদেশী বাবুৰ কাৰণে মোক মাতি আনিছা তেন্তে মই ৰাজী আছোঁ।
ৰাজুৱে মিচিকিয়া হাঁহি মাৰিলে ।
ৰাজু আৰু পপীৰ চকুৱে চকুৱে মিলন হল। " বাইদেউ চোৱাচোন তেওঁটু আমাৰ কথাবোৰ বুজি পোৱা নাই তথাপিও কেনেকৈ হাঁহি মাৰি আছে।" পপীয়ে কলে।
" আৰে , বিলাতী মানুহৰটো হাঁহি থকাটো অভ্যাস হয় । কিন্তু তই কেনেকৈ তাৰ লগত যাবি ? এতিয়া দুই সপ্তাহলেকে তোৰ ওচৰত সময় নাই। নহলে তই এটা কাম কৰ......" জুনুৱে এবাৰ ৰাজুৰ ফালে চালে সি এতিয়াও পপীক একেথৰে চাই আছিল।
" ৫০০০ খুজিবি এইজনৰ পৰা, আৰু বক্সিছটু বেলেগকৈ আৰু থানাৰ ইনচাৰ্যৰ লৰাটো অহা হলে তোক ৫ টকাও নিদিলে হয়। তাক আজি মানা কৰি দিম।"
পপী," থিক আছে জুনু বা, মই ৰাজী আছোঁ, কিন্তু ইয়াতটো তেওঁ একো নকৰে, তেওঁৰ হোটেলৰ ৰুমলৈ......."
ৰাজুৱে কথাষাৰ সম্পূৰ্ণ হব নিদিলে।
" তুমি কতো যোৱাৰ প্ৰয়োজন নাই ইয়াতে থাকা। তোমাৰ নাম কি ?" ৰাজুৰ ভাষা একেবাৰে শুদ্ধ আছিল।
পপীয়ে মনতে কলে ,' মই কৈছিলোঁ নহয় এইজনে অসমীয়া ভাষা বুজি যায় "মোক ইয়াত সকলোৱে পপী বুলি মাতে।" তাই ৰাজুক কলে ," পপীক ইংৰাজীত কি বুলি কব বাবু চাহাব ?" কথাষাৰ কৈ তাই নিজেই হাঁহিলে ।
ৰাজুৱে আৰু অলপ হাঁহিলে আৰু কলে ," মই তোমাৰ নাম সোধা নাই। এখেতৰহে সুধিছো।" জুনুৰফালে চাই কলে,"তোমাৰ নাম কি?" এক মিনিটৰ বাবে গোটেই বেশ্যালয় মৌন হৈ পৰিল।
জুনুৱে অলপ খঙত কলে," আজি ১০ বছৰ ধৰি মোৰ নাম সুধিবলৈ কোনেও সাহস কৰা নাই চাহাব , নিজৰ কামত লৈ মতলব ৰাখা ইয়াতকৈ আৰু বেছি কথা জানিব নালাগে।"
সাহস শব্দতো ৰাজুৱে বুজি পোৱা নাছিল তথাপিও সি জুনুক সোধাৰ প্ৰয়োজনবোধ নকৰিলে বৰঞ্চ ওচৰলৈ গৈ কলে ," মই নিজৰ কামত লৈ মতলব ৰাখিছোঁ সেইকাৰণে সুধিছো, তোমাৰ নাম কি?"
বিদেশত থাকে যদিও ৰাজুৰ চকুত ইমান মৰম আৰু শব্দত ইমান আপোনভাব আছিল যে জুনু ১ মিনিটৰ কাৰণে আবেগিক হৈ পৰিল আৰু " যিটো নাম আজি ইমান বছৰে কোনেও লোৱা নাই সেইটো....." কবলৈ লওঁতেই পপীয়ে মাত লগালে," ৫০০০ টকা বেছি হল বাবে আমাৰ চাহাবে জুনু বাক ফুচুলাইছে , শিলচৰ অহাৰ পাছতেই ৰং ধং ইয়াৰ দৰেই হৈ গল।"
জুনুৱে নিজকে চম্ভালি কলে," পপীয়ে ঠিকেই কৈছে , আপোনাক দেখাৰ লগে লগে মই পপীৰ সকলো এপইণ্টমেণ্ট কেনচেল কৰিলোঁ। এতিয়া পইচা কম কৰিবৰ কাৰণে তেল মাৰিব নালাগে।"
"মই কৃপনালী কৰা নাই ডিয়েৰ" ৰাজুৱে ২০০০ টকীয়া ২খন নোট উলিয়ালে আৰু জুনুৰ হাতত দিলে। নোট কেইখনৰ লগত এখন কাৰ্ড আছিল যত ৰাজুৰ হোটেলৰ নাম আৰু ঠিকনা আছিল। " মই তোমাক লগ কৰিব বিচাৰো,ইমান খৰখেদাকেও নহয় । যেতিয়া তুমি সময় পাবা মোক এবাৰ ফোন কৰিবা। মই আৰু ১ সপ্তাহ শিলচৰত আছোঁ যদি আৰু পইচা লাগে তেন্তে লগ পালে দিম । যদিও নাহা মই আপত্তি নকৰোঁ।"
ৰাজুৱে পপীৰফালে ঘূৰি কলে," তোমাৰ শৰীৰতো বহুত ধুনীয়া আকৰ্ষিত। নিজৰ কাৰণে এজন সঠিম সংগী বিচাৰি লোৱা। তুমি সচাই বহুত ধুনীয়া ইয়াত কোনো সন্দেহ নাই কিন্তু এই সৌন্দৰ্য দেখুৱাবলৈ তুমি তোমাৰ শৰীৰৰ আধা অংশ প্ৰদৰ্শন কৰিব কোনো দৰকাৰ নাই।"
ৰাজু যাবলৈ ওলাল , জুনুৱে মাত লগালে " অ , বিলাতী চাহাব"ৰাজু থমকি ৰল।
" আমি ইয়াত বেশ্যালয় চলাও ভিক্ষা নুখোজোঁ। পইচা দি আমাৰ ওপৰত উপকাৰ কৰিছো বুলি নাভাবিব। যি কামৰ কাৰণে ইয়ালৈ আহিছিলে সেইটো কৰক নহলে আপোনাৰ পইচা লৈ যাওক আৰু দ্বিতীয়বাৰ ইয়ালৈ অহাৰ কথা নাভাবিব। আমাক কাৰো সহানুভূতিৰ প্ৰয়োজন নাই।" দালাল এজনক জুনুৱে কলে ," এই চাহাবজন যদি দ্বিতীয়বাৰ ইয়ালৈ আহে খেদি দিবি।"
" নিচিঞৰিবা, ঠিক আছে মই তোমাৰ কথা মানিছোঁ আৰু পইছাতো ৰাখি থোৱা তুমি।"
জুনুৱে তাৰ পাছত ৰাজুক ভালকৈ লক্ষ কৰিলে আৰু নিজৰ সিদ্ধান্তক তাই বাহ বাহ দিলে ।
" কেনেকৈ লৈ যাব? গাড়ী আনিছে? "
" নালাগে মই ইয়াতেই ঠিক আছো।" ৰাজুৱে উত্তৰ দিলে।
জুনুৱে পপীক মাতি আনি কলে, "ওপৰৰ ৩ নম্বৰ ৰূমটো থিক কৰ" আৰু অলপ ওচৰলৈ পপীক মাতি কানখনৰ ওচৰত কলে," এই বিলাতী চাহাবক দেখুৱাই দে তই কি হয় , ইমান মজা দে যাতে বিদেশলৈ গৈও অকল তোৰেই নাম লৈ থাকে।" কথাখিনি কৈ দুইজনীয়ে খুব হাঁহিলে।
পপীয়ে অবাক হৈ ৰাজুৰ মুখলৈ চাই ৰল।
ৰাজু : " তাৰমানে এইটো নহয় যে তোমাক মই একো বুলি ভবা নাই। তুমি মোক দেখাৰ লগে লগে মান্তি হলা , সেইয়া পইচাৰ কাৰণে নহয় মই জানো। মই তোমাৰ কথা বুজি পাইছোঁ । তুমি মোৰ প্ৰতি আকৰ্ষিত হলা যাৰ মোহ তুমি এৰিব পৰা নাই।"
পপীয়ে চকু তল কৰি লাহেকৈ সুধিলে, " আপুনি মোক হাত নলগুৱাকৈ যাবনে? মই ইমান বেয়া নেকি?"
ৰাজুৱে উত্তৰ দিয়া সলনি তাইক ওচৰলৈ টানি আনিলে আৰু তাৰ ওঁঠৰ পৰশ পপীৰ গালত সানি দিলে । পপীয়ে চকু মুদি দিলে আৰু তাইৰ ওঁঠত ৰাজুৰ পৰশ অনুভৱ কৰিলে । ১ বছৰ ধৰি তাইৰ ওঁঠত কাকো চুবলৈ দিয়া নাছিল ,হাৰামি বোৰে ওঁঠত কামুৰি দিছিল। ৰাজুৱে তাৰ ওঁঠটু পপীৰ মূৰত ৰাখিলে । এবাৰ তাইক জোৰকৈ সাৱটি ধৰিলে আৰু এৰি দিলে । পপী তাতেই থৰ হৈ ৰৈ থাকিল।
ওপৰৰ ৰূমতো সজাই হোৱাৰ পাছত ৰাজু ভিতৰলৈ গল। কঁকালত হাত দি পপী তাত আগৰ পৰাই ৰৈ আছিল।পপীয়ে তাইৰ এটা দাঁত উঠেৰে কামুৰি আছিল, চকুত দুষ্টমী আৰু বাসনা আছিল। কোনোবাখিনিত হিংসা আৰু জ্বলন লুকাই আছিল, তাই সন্মুখত আহি সকলো বেয়া কৰিব পাৰিলে হয়। ৰাজু বিচনাত শুই পৰিল। পপীয়ে তাইৰ কাম আৰম্ভ কৰিলে। পপীয়ে প্ৰথমে ৰাজুৰ কাপোৰ খোলি দিলে আৰু তাৰ পাছত নিজেই উলংগ হৈ পৰিল। পপীৰ এনেকুৱা লাগিল যে ৰাজুৰ শৰীৰটোৱে একো অনুভৱ কৰা নাই। তাই অকলেই সকলো কৰি থাকিল। শেষত তাই খং উঠি কলে," জীয়াই আছে নে মৰিলে? যি দেখি ইয়ালৈ আহিছিলে অন্তত তাত হাতটো লগাই চাওক।"
ৰাজুৱে হাঁহি মাৰি কলে," নিশ্চয়কৈ মই ইয়ালৈ তোমাৰ বুকুখন দেখি আহিছিলো কিন্তু যেতিয়াই মই তোমাৰ জুনু বাক চকু কেইটা দেখিলোঁ মোৰ এনেকুৱা লাগিল যে এই চকুকেইটাৰ বাহিৰে পৃথিৱীত আৰু একোৱেই নাই। ইয়াত সকলোৰে কিবা এটা পোৱাৰ আশা আছে কিন্তু তোমাৰ জুনুবাৰ চকুত মই সেই আশা দেখা নাপালোঁ। মোৰ এনেকুৱা লাগিল যেন তেওঁৰ জীৱনৰ কোনো লক্ষ্য নাই । কোনো লোভ নাই , তেওঁ যেন নিজৰ কাৰণে একো বিচৰা নাই । সেইকাৰণে মই তেওঁক এবাৰ অকলশৰে লগ পাব বিচাৰো , জানিব বিচাৰো তেওঁৰ মনত কি আশা আছে আচলতে তেওঁ নিজৰ বাবে বিচাৰে কি।"
ৰাজু উঠিলে আৰু কাপোৰ পিন্ধিলে, সি ২০০০ টকাৰ নোট এখন বিচনাৰ ওপৰত থৈ পপীৰ মূৰত হাত ফুৰাই কলে," মই ভুল আছিলোঁ পপী, তোমাৰ অকল শৰীৰটোয়েই নহয় মনটোও বহুত ধুনীয়া ।"
ৰাজু তললৈ নামি আহোঁতে সকলোৱে তাকেই চাই আছিল। ৰাজু জুনুৰ ওচৰলৈ আহি মৰমসনা চাৱনিৰে কলে," মই তোমাৰ কাৰণে অপেক্ষা কৰিম "
ৰাজু গুচি গল। তাত সকলোৰে মুখত এটাই প্ৰশ্ন " জুনু বা যাবনে?"
বহুত দেৰি পপীক ৰুমৰ পৰা ওলাই অহা নেদেখি জুনু নিজেই ওপৰলৈ গল। " এই বদমাছ বিলাতী চাহাবে তাইৰ একো অঘটন নকৰিলেই হয়।" জুনু ৰুমত সোমাই দেখিলে পপীয়ে ভৰি কেইখন কোচাই বিচনাৰ ওপৰত বহি আছিল। ২০০০ টকাৰ নোটখন বতাহে নি খিড়িকীৰ গ্ৰীলত লগাই দিলে আৰু যিকোনো সময়ত তলত পৰিল হয়।
জুনুৱে পইচাটো তলত পৰা আগত তাই লৈ আনিলে আৰু পপীক কলে," পাগল হৈ গলি নিকি তই? তই পোৱা বক্সিছৰ টকাতো মই নধৰা হলে এতিয়া তলত বহি থকা দালাল কেইটাৰ হাতত পৰিলে হয় , পইচাৰ অলপ ধ্যান ......." পপীৰ অৱস্থা দেখি জুনু ৰৈ গল। জুনু পপীৰ ওচৰত গৈ বিচনাত বহীলে আৰু সুধিলে," কি হল? তোক জোৰকৈ মাৰিলে নিকি? কত দুখ পালি চাওঁ?"
পপীয়ে তাইৰ বুকুত হাত থৈ দেখুৱালে। পপীৰ চকুত চকুপানী আছিল । জুনুৱে ভাবিলে তাই বক্ষত দুখ পালে । ভয় খাই জুনুৱে ," কামুৰি দিয়া নাইতো কেনেবাকৈ বদমাছটোৱে ?"
"জুনুবা গালি নিদিবা তেওঁক" পপীয়ে জুনুৰ মুখত হাত ৰাখি কলে।
" কি হল তোৰ?? তই থিকে আছ তো?"
হঠাৎ পপীয়ে জুনুক সাৱটি ধৰি কান্দিলে। জুনুৱে আৰু একো নকলে। জুনুৱে বুজি পালে জীয়াই জীয়াই মৰি থকা এই শৰীৰটোত কোনো আত্মাই ঠাই পালে।
১ সপ্তাহলৈকে বেশ্যালয়ত এই খবৰটোৱে দপদপাই থাকিল যে জুনুও সেই বিলাতী চাহাবৰ লগত ৰংলীলা কৰিব যাব। জুনুৱে আকৌ তাইৰ যৌৱন ঘূৰাই পাব। কথাবোৰ জুনুৰ কাণত পৰিছিল যদিও তাই কোনো গুৰুত্ব দিয়া নাছিল। জুনুৱে নিজকে বহুতবাৰ কৈছে," মই এতিয়া আৰু বেশ্যা হৈ থকা নাই , এইবোৰ কথাৰ লগত মোৰ কোনো সম্পৰ্ক নাই।"
হঠাৎ ছোৱালীবোৰৰ মাজত হুলস্থুল লাগিল, পিছফালৰ দুৱাৰেদি পপী লেঙেৰাই খোজ কাঢ়ি আহিছিল। জুনু দৌৰি পপীৰ ওচৰলৈ আহিল," কি হল তোৰ, কোনে কৰিলে এনেকুৱা অৱস্থা?"( Best story )
পপীয়ে একো নকলে। ওচৰৰ ৰুম এটালৈ গৈ কেকাই গেঠাই বিচনাত শুই পৰিল। জুনুৱে তাইৰ প্ৰিয় দুজনী ছোৱালীক লগত থাকিব দিলে আৰু বাকীবোৰক যাবলৈ কলে ।
"কি হল পপী? তোক আজি থানাৰ অফিছাৰৰ লৰাটোৱে মাতিছিল নহয় জানো? এই অৱস্থা কোনে কৰিলে?"
পপীয়ে এনেকৈ উত্তৰ দিলে যেন তাইৰ জীয়াই থাকিবলৈ শক্তি নাই," সি মোক যি কৰিবলৈ কলে মই সকলো কৰিলোঁ , শেষত মোক কলে মই পৃথিৱীৰ সকলোতকৈ বেয়া বেশ্যা হয়। মোৰ মাজত আৰু আগৰ উত্তেজনা নাই। মই একো নকলো। আনদিনাৰ দৰে মই তাক গালি নাপাৰিলোঁ । তাৰ বুকুত গচকিব মন গৈছিল যদিও নোৱাৰিলোঁ । সি ভাবে মই তাক বহুত পছন্দ কৰোঁ। সিও তো মোক মনৰ পৰা বিচাৰিছিল। ইমানবোৰ ছোৱালীৰ মাজত মোক পছন্দ কৰিছিল। সি যি কলে মই কৰিলোঁ কিন্তু মই তাৰ মুখত হাঁহি আনিব নোৱাৰিলোঁ আৰু সি মোক মাৰিব আৰম্ভ কৰিলে। মোৰ মুখত ঘোচা মাৰিলে তথাপিও মই তাক একো নকলো" কথাবোৰ কৈ পপীয়ে কান্দিব ধৰিলে। "তাৰ পাছত সি মোৰ লগত জোৰ কৰিলে আৰু মোক কামুৰিব ধৰিলে। মই মনে মনে সকলো ধৈয্য ধৰি থাকিলোঁ। ইমানবোৰৰ পাছতো জানা জুনু বা...."
"কি পপী"
"ইনবোৰৰ পাছতো সি মোৰ ওচৰত হাৰ মানিলে আৰু মোক বাহিৰলৈ গতিয়াই ওলাই পঠালে।" পপীয়ে চকু মুদি দিলে।
জুনু অলপ পৰ শান্ত হল । হঠাৎ জুনু খংত কব নোৱাৰা হৈ গল। নিজৰ চকীখনত বহি তাই থানালৈ ফোন লগালে," জন্তুটোক যদি লৰা বুলি ভাব তেন্তে আগতেই কব লাগিছিল। মই ইয়াৰ পৰা কিবা দানা পঠিয়ালোঁ হয় মোৰ ফুলজেন ছোৱালীজনী নপঠালোঁ হয়। হাৰামিটোৱে ইমান বেয়াকৈ মাৰিছে তাই যেন কঁপাহেৰে বনোৱা গাৰো। ১সপ্তাহলেকে তাই বিচনাৰ পৰা উঠিব নোৱাৰিব। আৰু এটা কথা জানি ল যদি ছোৱালীজনী জীয়াই নাথাকে বা কোনো কামৰ হৈ নাথাকে তেন্তে গোটেই বেশ্যাবোৰক লগত লৈ গৈ থানাট এনেকুৱা হুলস্থুল কৰিম জীৱনভৰ পুলিচগিৰী পাহৰি যাবি।"
অফিছাৰ জনে কিবা কোৱাৰ আগতেই জুনুৱে ফোনটো দলিয়াই দিলে।
জুনুৰ খং এতিয়াও কম হোৱা নাছিল। "যেতিয়াৰ পৰা এই বিলাতী চাহাবজন আহিল, পপী বেয়া হৈ গৈছে। নহলেতো পুলিচ অফিচাৰ জনৰ লৰাটোৱে তাইক ভাল টকা দি পঠিয়াই।" ৰাজুৱে দি থৈ যোৱা কাৰ্ডখন জুনুৱে বিচাৰিব ললে। ' তাই চাগে পেলাই দিলে? নাই নাই তাই এনেকৈ কোনো বস্তু নেপেলাই। তাই যদি কাৰ্ডখনৰ পৰা অশান্তি পালে হয় তাই জ্বলাই দিলেহেঁতেন কিন্তু তাই কেতিয়াও পেলাই নিদিয়ে।
জুনুৱে কি ভাবি পপীৰ ৰুমলৈ গল ঠিক নাই।পপী তলৰ ৰুম এটাত মৰি মৰি জীয়াই আছিল। পপীৰ নিজৰ ৰূমটো খালি আছিল। জুনুৱে বেছি কষ্ট কৰিব লগা নহল কাৰ্ডখন ড্ৰেছিং টেবুলৰ দ্ৰাজতে পালে।
তাই খুব কুবেৰে তললৈ নামি আহিল। তাই গম পালে পুলিচ অফিচাৰ জন আহি পইচা অলপ দিছে আৰু লৰাটোৰ হৈ মাফ খুজি গৈছে আৰু অহা শনিবাৰে পপীক আকৌ পঠিয়াবলৈ কৈছে।
জুনুৱে টকাখিনি বাকচত ভালকৈ ভৰাই থলে আৰু পিছফালৰ দুৱাৰেদি ওলাই ৰিতাক কলে," মই ১ ঘণ্টাৰ ভিতৰত আহি আছো।"
"ৰাতি ১১:৩০ বজাত জুনুবা ১ ঘণ্টাৰ কাৰণে গৈছে , ধাণ্ডাৰ আচল সময়খিনিটো এইখিনিএই হয়।" ৰিটাই মুখৰ ভিতৰতে ভোৰভোৰালে।
জুনুৱে উৰণি টানি ললে আৰু অ'টত উঠি ৰাজুৰ হোটেললৈ বুলি গল। ২০ মিনিটত ৰাজুৰ হোটেল আহি পালে। হোতেলখন বহুত ধুনীয়া আছিল তালৈ এনেকৈ যোৱাটো ঠিক নহব
জুনুৱে হোটেলৰ ভিতৰলৈ গৈ কাউণ্টাৰৰ পৰা ফোন লগালে। বহুত দেৰি ফোনটো ৰিচিভ নকৰাত তাই ফোনটো ৰাখিবলৈ লওঁতেই ৰাজুৱে ফোনটো ধৰিলে," মই ৰাজু,কোনে কলে?"
জুনু অলপ পৰ মনে মনে থাকি কলে," মই আহিলোঁ ছাৰ , কত লগ পাম আপোনাক?"
ৰাজুৱে সুধিলে," কত আচা তুমি?মই গৈছোঁ ৰবা।"
"আপুনি আহিব নালাগে মোক ৰুম নম্বৰটো কৈ দিয়ক মই নিজেই যাম আপোনাৰ ওচৰলৈ।"
"৫০১,মই ৰৈ আছো।"
জুনুয়ে ফোনটো ৰাখি লিফ্টৰ ফালে গল। ৫০১ নম্বৰ কোঠাটোৰ দৰ্জাত ধকীওৱাৰ আগতে তাই ৰৈ গল আৰু লগালগ দুৱাৰখন খুল খাই গল। ভিতৰত বহুত আন্ধাৰ তাই বাহীৰতেই ৰৈ থাকিল। " জোতাযোৰ বাহীৰতেই খুলি আহিবা"।
" শুনক মোৰ আপোনাৰ লগত দৰকাৰী কথা আছে এইবোৰ লোকাভাকুৰ খেল খেলিব বাদ দিয়ক।" জুনুৱে চেন্ডেলজোৰ খুলি যেতিয়া ভিতৰত সোমাবলৈ ভৰি দিব খুজোঁতেই কোমল বস্তু এটাই ভৰিকেইখন চুই গল।
লাইটবোৰ জ্বলি উঠিল। পকাত গোলাপৰ পাহি পৰি আছিল। ৰাজু সন্মুখত নাছিল। অলপ সময়ৰ কাৰণে জুনুৰ খং নাইকিয়া হৈ গল। কিন্তু তাই নিজকে চম্ভালিলে আৰু কঠোৰ হৈ পৰিল। ফুলবোৰ বেদৰুমলৈকে পৰি আছিল। যেন ফুলবোৰে এটা ৰাস্তাৰ নিৰ্দেশ দিছে। তাই দৰ্জাখন ঠেলি বেদৰুমত সোমাল। ভিতৰলৈ সোমোৱাৰ লগে লগে আকৌ তাইৰ ওপৰত ফুল বৰখিল। ৰাজু তেতিয়া তাইৰ সন্মুখত মিচিকিয়াই হাঁহি আছিল। ফুলৰ গোন্ধবোৰত তাই বিলীন হৈ বিচনাত বহি দিলে।
ৰাজুৱে তাইক বিচনাত শুৱাই দিলে। জুনুৰ মন তিৰস্কাৰেৰে ভৰি পৰিল। " এইজনো বাকী বুৰৰ দৰে শৰীৰৰ ভোকাতুৰ।" কিন্তু পিছ মুহূৰ্ততেই ৰাজুৱে জুনুৰ মূৰটো তাৰ হাতত থৈ শুই পৰিল। একো বেয়া কাম কৰা নাই, কোনো লাভ উঠাবলৈ চেষ্টা কৰা নাই যেন বৈ থকা নদীখন শান্ত হৈ পৰিল ।
কিছু সময় এনেদৰেই পাৰ হল। জুনু এখন বেলেগ পৃথিৱীত আছিল। ৰাজুৰ দুবাহুত তাই স্বৰ্গীয় সুখ পালে। হঠাত তাই চক খাই উঠিল। সময় পাৰ হৈ গৈ আছে । ১ ঘণ্টাত ঘূৰি অহাৰ কথা দি আহিছিল তাই ৰিতাক , তাই কি ভাবিব বাৰু।
জুনু বিচনাৰ পৰা উঠিল।
ৰাজুৱে তাইক আকৌ শুৱাবলৈ চেষ্টা কৰিলে।
জুনুৱে আকৌ উঠিব বিচাৰিলে।
"আজি ৰাতি ইয়াতেই থাকি যোৱা , প্লিজ।"
"কিয় কৰি আছে আপুনি এইবোৰ? কি প্ৰমাণ কৰিব বিচাৰিছে আপুনি?"
"তোমাৰ নাম কি? " জুনুৱে কৰা প্ৰশ্নটোৰ সম্পূর্ণ এটা বিপৰীত প্ৰশ্ন।
" মই যি সুধিছো তাৰ উত্তৰ দিয়ক। কিয় আপুনি সকলোবোৰ গাভৰু ছোৱালীৰ ওচৰলৈ নগৈ মোৰ দৰে বুঢ়ী এজনীৰ পিছত পৰি আছে?"
ৰাজুৱে পুনৰ হাঁহিলে "তোমাৰ নাম কি?"
"উফফ" জুনুৰ খং উঠিল যদিও তাই হাঁহি দিলে ," আজি ৰাতিৰ মূল্য দিব পাৰিব আপুনি ? আপোনাৰ গোটেই জীৱনটো আজি বাজিত লাগিব পাৰে।"
"তুমি যি বিচৰা " ৰাজুৱে হাত আগবঢ়ালে ," মই বিচাৰোঁ তোমাৰ নিজৰ কাৰণে যাতে তুমি বিচৰা । মোক কোৱা , যেনেকৈ বেলেগৰ কিছুমান আশা , ইচ্ছা ঠাকে তেনেকৈ তোমাৰো আছে । মই তোমাক একেবাৰে ইয়াৰ পৰা লৈ যাব বিচাৰো " জুনুৱে হাঁহি দিলে আৰু তাইৰ ওঁঠ দুখন ৰাজুৰ কাণৰ ওচৰলৈ লৈ গল। ৰাজু ১মিনিটৰ কাৰণে সংযত হল আৰু হাঁহি দিলে । সি শুদ্ধ আছিল। সকলোৰে কিবা নহয় কিবা ইচ্ছা থাকেই।
জুনুৱে হাঁহি দিলে আৰু ৰাজুৰ হাতত আকৌ শুই পৰিল।
" মোৰ মানুহজনে মোক পৰি বোলি মাতিছিল , যিখন ঘৰৰ পৰা আহিছিলোঁ তাত একো নাম পোৱা নাছিলোঁ। মাত্ৰ ১৭ বছৰ বয়সতে মোৰ বিয়া হৈছিল। মানুহজনে বহুত মৰম কৰিছিল কিন্তু যেতিয়া গম পালে মই কেতিয়াও মা হব নোৱাৰো তেতিয়া তেওঁ মোক শিলচৰলৈ আনি ভাল দামত বিক্ৰী কৰি দিলে। মোক কৈছিল ,' যিয়েই হৈ যাওক তই কিন্তু মোৰেই হৈ থাকিবি। ' তেওঁৰ কথা সঁচা প্ৰমানিত হল । মই তেওঁৰেই হৈ থাকিলোঁ।"
"প্ৰথমতে মই বহুত কান্দিলো, চিঞৰিলোঁ তাৰ পাছত মোৰ অভ্যাস হৈ গল। এই বেশ্যালয়টো প্ৰথমে যিগৰাকী বাইদেউৱে চলাইছিল তেওঁৰ লগত বহুত ভাল সম্পৰ্ক আছিল মোৰ। মোৰ বয়স বাঢ়িল আৰু বাইদেউ অসুস্থ হৈ পৰিল। গমেই নাপালো মই কেতিয়া বেশ্যাৰ পৰা ইমানবোৰ বেশ্যাৰ চোৱাচিতা কৰিব ললোঁ।"
বহুত দেৰি মনে মনে থকাৰ পাছত ৰাজুৱে কলে," পৰি, তুমি চিন্তা নকৰিবা সকলো ঠিক হৈ যাব। কাইলৈ ৰাতিপুৱা মোৰ ফ্লাইট আছে, তাৰ পাছত সকলো ঠিক হৈ যাব। তুমি শান্তিত থাকা মোক আৰু একো নালাগে ।"
জুনুৱে কোনো উত্তৰ নিদিলে । ৰাজুৱে তাইৰ পিঠিত পিঠি লগাই শুই আছিল আৰু বাগৰ সলালে । দুইজন মুখামুখী হৈ গল। দুইজনৰ চকুৰ মিলন হল। জুনু আকৌ এবাৰ এটা ৰাতিৰ বাবে আগৰ পৰি জনী হৈ পৰিল।
ৰাতিপুৱা অলপ আন্ধাৰ হৈ থাকোতেই তাই বেলেগ এটা ৰাস্তাইদি বেশ্যালয়ত সোমাল। ৰীতাই দৌৰি আহি জুনুক লাহেকৈ কলে," কত আছিলা তুমি, কি হৈ গল ইয়াত তুমি জানা?"
"কি হল? কত জুই লাগিল?"
"পপীৰ গুপ্তাঙগৰ পৰা বহুত তেজ ওলাইছিল। বহুত কষ্টেৰে আধা ঘন্টা আগত শুইছে তাই।"
" কোনো কথা নাই , ভাল হৈ যাব তাই চিন্তা নকৰিবি।বেছি কিবা হলে হস্পিতাল পঠাই দিম । তই শুগৈ যা ৰাতিটো ভাগৰত আছ চাগৈ।"
" ভাগৰত তোমাক থকাৰ দৰে লাগিছে জুনুবা" ৰিতাই ফুচফুচালে।
জুনুৱে ঘূৰি চাই কলে," কি কলি তই?"
" নাই নাই একো নাই।" ৰীতা দৌৰ মাৰিলে।
জুনু ওপৰৰ ৰুমলৈ গৈ পুৰণা বেগ এটাত সকলো কাপোৰ সোনকালে ভৰাই ললে। ' এই পপীজনীৰো এতিয়াই বেমাৰ হব পালেনে , তাইক হস্পিতাল লৈ যাব লাগিব। সৰ্বনাশ হওক সেই পাখণ্ডতোৰ , মোৰ ফুলকুমলীয়া ছোৱালীজনীক ইমান বেয়া অৱস্থা কৰিলে।'
জুনুৱে বেগ পেক কৰিলে আৰু তললৈ নামিলে। এইটো সময়ত প্ৰায়বোৰ ছোৱালী শুই থাকে।তাই পপীৰ ৰুমলৈ গল । পপীক মাত লগালে , পপীয়ে কেকাই আছিল। পপীৰ মূৰত হাত ফুৰাই দেখিলে জ্বৰ উঠিছে। জুনুৱে জোৰ কৰি পপীক উঠালে।
" জুনু বা তুমি নিকি?" ইমান কৈয়ে পপীযে জুনুৰ বুকুত সাৱটি ধৰিলে। জুনু অলপ সময় মনে মনে থাকি লাহেকৈ কলে,"পপী তুমি এতিয়া মোৰ ঠাই , মোৰ দায়িত্বভাৰ চমজি লোৱাৰ সময় আহি গল।"
" কি কৈছা জুনুবা?"
" বাৰু এতিয়া এইবোৰ বাদ দিয়া , তুমি এতিয়া ডাক্তৰৰ ওচৰলৈ যাব লাগিব। তোমাৰ অৱস্থা বেয়া হৈ গৈ আছে। উঠা সোনকালে।"
পপীয়ে উঠিবলৈ চেষ্টা কৰিলে কিন্তু উঠিব নোৱাৰি বহি দিলে । যেনে তেনে তাই উঠিল আৰু জুনুৱে এজন চিনাকী অ'ট ড্ৰাইভাৰ মাতিলে। পপীক বহুৱাই দি কলে," ভালকৈ লৈ যাবা, ডাক্তৰক ফোন কৰি কলো মই।"
" জুনুবা তুমিও ব'লা"
" তই জাচোন মই পিছে পিছে গৈ আছোঁ।"
ৰিতাৰ লগতে আৰু দুজনী ছোৱালী তালৈ আহিল।
" জুনুবা ,পপীক অকলে নপঠিয়াবা ।মোক নহলে বেলেগ এজনীক লগত পঠিয়াই দিয়া , কৰবাত পৰি যাব নহলে তাই।"
" নপৰে, তই চিন্তা নকৰিবি , মোৰ চিন্তা আছে তাইক লৈ।" অট' চালকজনক কলে ," ইৰফান, ভালকৈ লৈ যাবা তাইক। যদি কিবা হয় তাইৰ তেন্তে তোমাৰ শৰীৰৰ অংগ পিছ পিছ কৰি কাটিম।"
ইৰফানে মোৰ জোকাৰি গুচি গল।
পপীয়ে চল এখন গাত লৈ আছিল। সময় তেতিয়া ঠিক ৰাতিপুৱা ৫ বাজিছিল।তাই টোপনি গুচি গল।
তাই টোপনিৰ পৰা উঠি কোনোবা ওচৰত বহি থকা যেন অনুভৱ কৰিলে তাই আকৌ শুই গল।
পপীয়ে পোনৰ যেতিয়া সাৰ পালে তাই নিজকে ৰুম এটাৰ ভিতৰত পালে। তাই উঠি পুনকৈ বহিলে।ৰাজুৱে তাইৰ সন্মুখত চকী এখনত বহি তাইক চাই আছিল।
জুনু আৰু ৰাজুৱে কটোৱা সেই এক ৰাতিৰ মূল্য ,পপীৰ জীৱনতো আছিল। জুনুৱে পুনৰ ৰাজুক শুদ্ধ প্ৰমাণিত কৰিলে আৰু নিজৰ ঠাইত পপীক দি দিলে।ৰাজুৱে পপীক চিৰ জীৱনৰ বাবে সেই ঠাইৰ উদ্ধাৰ কৰিলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Best story )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment