দীঘলীয়া বাট টোত ৰৈ থকা ট্ৰাকখনৰপৰা বস্তু নমাই থকা দেখি ওচৰৰ সকলোৱে, নিজৰ চতৰপৰা, খিৰিকিৰপৰা, দুৱাৰৰপৰা, জুমি জুমি চাই ৰৈছে। সেই জুমি চোৱা দুজানৰ দৃষ্টি মানসৰ চকুত পৰিল। যেতিয়া সি ট্ৰাকৰ পৰা বস্তু নমাই আছিল। আৰু একো দেখা পোৱা নাছিল। কেৱল এখন বগা দুপাত্তাই দুৱাৰৰ পিছফালে লুকাই থকা, দুটা চকুৰ ঠিকনা দিলে। ( Best story )
মানস, পেচাত এজন ইঞ্জিনিয়াৰ আছিল। নতুন ঘৰ লৈ, মানসে মাকৰ সৈতে থাকিবলৈ আহিছিল।
মানসৰ সন্মুখৰে ঘৰটো, যৰপৰা দুপাত্তা উৰা দেখা পাইছিল, তাৰপৰাই ৫২ মান বছৰীয়া এগৰাকী মহিলাই মানস আৰু মাকক স্বাগতম জনাই মানসৰ মাকক কলে, নমষ্কাৰ বাইদেউ, মোৰ নাম প্ৰভা হয়। মই আপোনালোকৰ সন্মুখৰ ঘৰটোতে থাকো। কিবা প্ৰয়োজন হলে কব। এতিয়াটো আমি প্ৰতিবেশী হলো। হয়, বাইদেউ, নিশ্চয়। আপোনালৈ বহুত বহুত ধন্যবাদ। মোৰ নাম বন্তি ফুকন আৰু এয়া মোৰ লৰা মানস। উত্তৰত মানসৰ মাকে কলে। ট্ৰাকৰ পৰা বস্তু নমোৱাৰ পাছত, মাক আৰু মানসে ভাৱি আছিল যে, এতিয়া কাম কৰ পৰা আৰম্ভ কৰা যায়, তেনেতে, প্ৰভাই চাহ আৰু পিঠা লৈ আহিল। মানস আৰু মাকে মনা কৰা পাচটো বৰ আগ্ৰহেৰে প্ৰভাই চাহ দিলে। কথায় কথায় গম পোৱা গল যে, প্ৰভা, তেওঁৰ স্বামী আৰু তিনিটা সন্তানৰ সৈতে তাত থাকে। প্ৰভাৰ স্বামীয়ে পোষ্ট অফিচত চাকৰি কৰে। ডাঙৰ ছোৱালী মিনাক্ষীৰ বিয়া হল। সৰু ছোৱালী সুপ্ৰিয়া, এইবাৰ কলেজৰ শেষ বৰ্ষ। আৰু লৰা সুশান্ত ১২ত পঢ়ি আছে।
পাচদিনা পুৱা যেতিয়া মানস অফিচলৈ যাবলৈ ওলাইছিল, তেতিয়া সেই সময়তে সুশান্ত আহিল। সি স্কুললৈ যাবলৈ ওলাইছিল। তাহাঁতৰ দুটাৰ মাজত হাই, হেল্ল আৰম্ভ হৈছিল, সেই সময়তে বগা দুপত্তা লৈ সুপ্ৰিয়া আহিল। সুপ্ৰিয়াৰো, সুশান্ত লগত কলেজ যাবলগীয়া আছিল।
মানসক, সুপ্ৰিয়াই সন্মুখত দেখা পায়, তাই থতমত খায় ৰৈছিল। কাৰণ সেইদিনা সুপ্ৰিয়াই জুমি থকা মানসে যদি দেখা পাইছিল! তেতিয়া মানসে কলে, মই তোমালোক দুয়োকে মোৰ গাড়ীত কলেজলৈ এৰি দিম। প্ৰথমে তাহাঁতি দুটাই মানসক মনা কৰিলে, কিন্তু মানসে বাৰে বাৰে কোৱাত সুশান্ত আৰু সুপ্ৰিয়া মানসৰ গাড়ীত বহিল।
গোটেই বাতটো মানসে গাড়ীৰ আইনাত, পাছফালে বহি থকা সুপ্ৰিয়াৰ চকুহাল চাই গল। যেনে তাইৰ উঠা নমা কৰা চকুহালে কিবা কৈছে।
তেতিয়া পৰা কিবা কামত বা কিবা কথাত, মানস আৰু সুপ্ৰিয়াৰ দেখা দেখি হৈছিল।
মানস আৰু সুপ্ৰিয়াৰ পৰিয়ালৰ মাজতো মিলা প্ৰীতি আছিল। সুপ্ৰিয়া আৰু মানসৰ এই লগ পোৱা কেতিয়া ভালপোৱা লৈ সলনি হল, তাহাঁটি দুটাই গমকে নাপালে। এতিয়া মাথো কেৱল এজনে সিজনক কবলৈ হে বাকী আছিল। কিন্তু এনে নহল। মানসে অফিচৰ কামৰ বাবে কেইদিনমান সেই ঠাই পৰা বাহিৰলৈ যাবলগীয়া হৈছিল। আৰু উভটি আহি মানসে গম পালে যে সুপ্ৰিয়াৰ বিয়া হৈ গল। দুখন হৃদয় বেলেগ হৈ পৰিছিল।
মানসে, সুপ্ৰিয়াক পাহৰি যোৱাটোৱে ভাল বুলি ভাৱিলে। আৰু নিজকে কামত ব্যস্ত ৰাখিলে। কিন্তু ভাগ্যত আন কিবা হে লিখা আছিল। এবছৰৰ পাছত যেতিয়া মানস অফিচলৈ যাবলৈ ওলাইছিল, তেতিয়া সন্মুখত মানসে সুপ্ৰিয়াক দেখা পালে। কিন্তু এয়া কি, সুপ্ৰিয়াই বগা সাঁজ পৰিধান কৰি আছিল। মানসৰ নিজৰ চকুতে বিশ্বাস হোৱা নাছিল। মানসে সুপ্ৰিয়াৰ পাচে পাচে গৈছিল কিন্তু তাই কোনো মাত নিদিয়াকৈ ঘৰৰ ভিতৰলৈ সোমাই গল।
মানসে, নিজৰ ঘৰলৈ মাকক আহি সুধিলেহি, মায়ে কিবা গম পায় নি! তেতিয়া মাকে কলে, কিছু দিনৰ আগতে সুপ্ৰিয়াৰ স্বামী এটা বাইক একচিডেন্টত মৃত্যুক সাৱটি ললে। সেইবাবে সুপ্ৰিয়াৰ মাকে তাইক ঘৰলৈ লৈ আহিল। কাৰণ তাইৰ মনটো যাতে অলপ ভাল হয়।
তেনেদৰে বহু মাহ পাৰ হৈছিল।
কিন্তু মানসৰ মনটো কামত লগাব পৰা নাছিল। মানসৰ সন্মুখত কেৱল সুপ্ৰিয়াৰ চকুযুৰি ঘূৰি ফুৰিছিল। মানসে, সুপ্ৰিয়াৰ এই ৰূপ গ্ৰহণ কৰিব পৰা নাছিল। মানসে কিছু ভাৱি, ফোন লগালে আৰু নিজৰ শপত দি সুপ্ৰিয়াক লগ কৰিবলৈ মাতি পথিয়ালে। ( Best story )
আবেলি যেতিয়া দুৱাৰৰ বেল বাজিল, তেতিয়া বন্তিয়ে দুৱাৰ খুলিলে। সন্মুখত মানস আৰু সুপ্ৰিয়া আছিল। দুয়োয়ে মন্দিৰত বিয়া পাতি আহিছিল। বন্তিয়ে একো নোকোৱাকৈ ভিতৰলৈ গুচি গল। মানসে, ভাৱিলে, মাকে বেয়া পালে। কিন্তু সেই সময়তে মাকে হাতত চাকি বন্তি থালি লৈ আহিল আৰু সুপ্ৰিয়াৰ স্বাগতম কৰিলে। তুমি মোৰ মনৰ আশা পূৰ্ণ কৰি দিলা মানস। মই যেতিয়া সুপ্ৰিয়াক প্ৰথম দেখা পাইছিলো, তেতিয়া পৰাই মই তাইক মোৰ বোৱাৰী কৰিব বিচাৰিছিলো। মোৰ তোমাৰ ওপৰত গৰ্ব আছে।
মানসক সাৱটি ধৰি, মাকে কলে। সেই সময়তে সুপ্ৰিয়াৰ মাক দেউতাক আৰু ওচৰ চুবুৰীয়া লোক আহিল। সকলোৱে মানস আৰু সুপ্ৰিয়াক ভালে বেয়াই কথা শুনাবলৈ ধৰিলে। তেতিয়া মানসৰ মাকে হাতযুৰি কলে, আপোনালোকে চাগে পাহৰি গৈছে, আপোনালোকে মোৰ পুত্র আৰু বোৱাৰী কথা কৈছে। এনে কি ভুল কৰিলে, মোৰ লৰাই? সি সুপ্ৰিয়াৰ জীৱনলৈ সুখ আনিবলৈ বিচাৰিলে। তাতে কি ভুল কাম কৰিলে? কেতিয়ালৈ নিতী নিয়ম সমাজৰ ভয়ত নিজৰ লৰা ছোৱালীৰ সুখক ধ্বংস কৰিব! বন্তিৰ কথা শুনি সকলো মনে মনে ৰল। মানসে, সুপ্ৰিয়াৰ হাতত ধৰি গৃহপ্ৰৱেশ কৰিলে। সুপ্ৰিয়াৰ মাক দেউতাকৰ চকুটো সুখৰ চকুলো নিগৰিল। মানসৰ মাক আজি বৰ সুখী আছিল। কাৰণ মানসৰ মাকৰো আজি তেওঁৰ পুৰণি দিন মনত পৰি গল, যেতিয়া মানসৰ দেউতাকৰ মৃত্যু হৈছিল তেতিয়া সমাজেও তেওঁক বহু কথ শুনাইছিল। সেইবাবে তেওঁ আজি বৰ সুখী হৈছিল। বিধৱাৰ গৃহ প্ৰৱেশ কৰোৱাই।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Best story )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment