ছিপাঝাৰ আৰু মংগলদৈ সমষ্টিৰ সীমান্তৱৰ্তী জলজলী গাও পঞ্চায়তৰ অন্তৰ্গত জলজলী গাৱৰ এগৰাকী বৃদ্ধাৰ কৰুন কাহিনীয়ে আপোনাৰো মন সেমেকাই তুলিব। ( News update )
বৃদ্ধাগৰাকীৰ নাম তপেশ্বৰী ডেকা । বৃদ্ধাগৰাকী শাৰিৰীকভাৱে সক্ষম। আজিৰ পৰা সাত আঠ বছৰ আগতেই অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত দুয়োখন ভৰি বিকল হয় বৃদ্ধাগৰাকীৰ। যাৰ ফলত মাটিত চুচৰি বাগৰি সকলো কাম কৰিব লগীয়া হয় দুৰ্ভগীয়া বৃদ্ধাগৰাকীয়ে ।
ইফালে তেওঁৰ একমাত্ৰ পুত্ৰগৰাকীও আকস্মিক দুৰ্ঘটনাৰ ফলত হৈ পৰিল মানসিকভাৱে বিকাৰগ্ৰস্থ। বৃদ্ধাগৰাকী থাকিবলৈ এটি পুৰনি চৰকাৰী আৱাসগৃহ আছে যদিও তাৰো জৰাজীৰ্ন অৱস্থা।নাই কোনো খোৱা পানীৰ সুব্যৱস্থা।
এই মহামাৰীৰ সময়ত পৰিয়ালটোক ওচৰ চুবুৰিয়াই কিছু সহায় কৰি দিছে যদিও সেইয়াও পৰ্যাপ্ত নহয়।
উল্ল্যেখযোগ্য যে,চৰকাৰৰ কেইখনমান আচনিয়ে বৃদ্ধাগৰাকীক ঢুকি পাইছে যদিও খোৱা পানীৰ লগতে এখন হুইল চেয়াৰৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা স্থানীয় বিধায়কগৰাকীক অনুৰোধ জনাইছে বৃদ্ধাগৰাকীয়ে। লগতে আমাৰ তৰফৰ পৰাও অসম চৰকাৰলৈ বিনম্ৰ আহ্বান যে,এই অসহায় বৃদ্ধাগৰাকীক যথোপযুক্ত সহায়ত হাত আগ বঢ়াই যেন।
ছিপাঝাৰৰ পৰা জিতু আহমেদ ( News update )
No comments:
Post a Comment