এই ব্যস্ত মহানগৰীৰ সন্ধিয়াৰ সময়খিনি সঁচাই মোহনীয় । কিবা এটা অদ্ভুত আকৰ্ষণ আছে সন্ধিয়াৰ এই চহৰখনৰ । সুনন্দা আৰু নীল অট'ৰিক্সা এখনত উঠিল ।( Best story )
জালুকবাৰী পাওঁতে প্ৰায় সন্ধিয়া হৈছেই । আন দিনাৰ দৰে আকৌ এটা নিৰিবিলি সন্ধিয়াৰ সৈতে সিহঁত মুখামুখি হ'ল । অট'ৰ পৰা নামি সিহতে হোষ্টেলৰ পিনে খোজ দিলে ।
সন্ধিয়াৰ শব্দহীন জোনাকৰো কিবা এটা খুব কোমল আৰু মিঠা গুমগুমনি আছে । বাটৰ
আশে-পাশে কিছুমান সৰু সৰু কীট -পতঙ্গৰ
চিঁ চিঁ চিঞৰ সিহঁতৰ কাণত পৰিল ।
ফুটপাথৰ কাষৰ জোপোহানিডৰাত এসোপামান জোনাকী পৰুৱা অ'ত ত'ত লাগি ধৰি তৰাৰ দৰে জিলিকি আছে । নীল আৰু সুনন্দাৰ গাৰ আশে-পাশেও কিছুমান জোনাকী পৰুৱা উৰি ফুৰিছে । জোনাকে গৰকা এই সন্ধিয়াটো ৰেচমী ৰূপালী সূতাৰে বুটা বছা ক'লা চাদৰ এখন যেন লাগিছে এই মুহূর্তত ... ।
"চোৱাচোন ,ইমান জোনাক বাহিৰত !"--সুনন্দাৰ মনটো সৰু ছোৱালী এজনীৰ দৰে চঞ্চল হৈ
উঠিল ।
" তাকেই । একেবাৰে ৰোমাণ্টিক সন্ধিয়া !"
" খুব ৰোমাণ্টিক হৈ গৈছা আজি-কালি নহয় ? " --- সুনন্দাই নীলৰ মুখলৈ চালে ।
" ওঁ , তুমিওতো !"
" ক'ত দেখিলা মোক এনেকুৱা হোৱা ?"--তাই সামান্য মিচিকিয়াই হাঁহিলে ।
" দেখিছোঁ । "
" ক'ত ?"
" তোমাৰ চকুত !"--নীলে তাইৰ পিনে চালে ।
সুনন্দাৰ পাতল গুলপীয়া চেলোৱাৰ কামিজযোৰত ,তাইক আজি খুব ধুনীয়া লাগিছে । আজি তাই চুলিখিনি বান্ধি অহা নাই । তাইৰ পাতল গুলপীয়া দোপাট্টাখন বতাহে উৰুৱাই ফুৰিছে ... । সন্ধিয়াৰ জোনাকৰ পোহৰত নীলে মাজে মাজে তাইৰ পিনে চাইছে । তাৰ খুব ভাল লাগিল পৰিৱেশটো ।
"কি চাইছা এনেকৈ ?"--তাই সুধিলে ।
" তোমাক । "
" মোক চাবলৈ কিটো আছে ?"
"আছে কাৰণেতো চাইছোঁ !"
" কি?"
" বহুত কিবা -কিবি !"
" যেনে !"
"যেনে তোমাৰ মৰম , বিশ্বাস ..।"--সি লাহেকৈ সুনন্দাৰ সোঁহাতখন ধৰি ক'লে ।
" কি কৰিছা নীল !"--তাই বাটৰ ইফালে -সিফালে চালে ।
" কোনেও দেখা নাই । ডন্ট ৱৰী !"
" প্লিজ ,এৰি দিয়া নীল ! কোনোবাই দেখিব লাগিলে গোটেইখনতে বিয়পি পৰিব কথাটো ! "
"ওঁহো নিদিওঁ এৰি !"--তাইৰ হাতখন সি আৰু অলপ জোৰেৰে ধৰিলে ।
" প্লিজ নীল ,নুবুজা কিয় ?"
" নুবুজোঁ মই ! তুমিও বুজাব নালাগে !" --দুষ্টামিৰ হাঁহি এটা মাৰি সি তাইলৈ চায় ।
সুনন্দা মনে মনে থাকিল ।
" বেয়া পাইছা ?"-- সি সুনন্দাৰ পিনে চালে ।
সুনন্দা মৌন হৈ গৈ থাকিল ।
" সঁচাই তুমি বেয়া পাইছা !"--সি এইবাৰ হঠাতে ৰৈ দি সুধিলে ।
" ওঁহো !-- তাই লাহেকৈ তাৰ পিনে চালে ।
" জানোঁ তুমি বেয়া নোপোৱা বুলি !"
" কেনেকৈ ?"
" তুমি মোক ভালপোৱা । সেইকাৰণে !"
" ওঁ! "--তাই লাহেকৈ মূৰটো লৰালে ।
" ব'লা , তোমাক হোষ্টেলৰ সমুখত থৈ আহোঁ ।"--নীলে তাইৰ পিনে চালে ।( Best story )
" নালাগে নীল , কোনোবাই দেখিব । তাতে সন্ধিয়াও হ'ল । "
" আৰে ,একো নহয় ব'লা !"
হোষ্টেলৰ সমুখ পাই সিহঁত অলপ পৰ ৰ'ল । সুনন্দাৰ হাতখন তাৰ এৰি দিবলৈ মন নগ'ল । দিনটোৰ ইমানখিনি সময় তাইৰ সৈতে একেলগে কটাই জোনাকে গৰকা নিৰিবিলি সন্ধিয়াটোৰ এই সময়খিনিত তাৰ মনটোক কিবা এক প্ৰচণ্ড আৱেগে খুন্দিয়াই গ'ল । হঠাৎ সি খুব আৱেগিক হৈ পৰিল । সুনন্দাক এই মুহূর্তত হোষ্টেলৰ সমুখত এইদৰে অকলশৰে এৰি থৈ যাবলৈ তাৰ অলপো মন যোৱা নাই । তাইক যেন সি সদায় তাৰ কাষতে ৰাখিব ! --এনেবোৰ ভাৱনাই তাৰ মনত হেন্দোলনি দি থাকিল ।
সি তাইৰ সামান্য কাষ চাপি গ'ল । সুনন্দা সামান্য অপ্ৰস্তুত হৈ পৰিল । সি জানিছে--তাৰ দৰে সুনন্দাৰো মনত এনে এটা আৱেগিক ঢৌৱেই তোলপাৰ লগাইছে ! তাইৰো তাক এনেদৰে অকলশৰে এৰি থৈ যাবলৈ মন যোৱা নাই । তাইৰ মনতো কিবা এটাই হাঁহাকাৰ কৰি ফুৰিছে । সুনন্দাই ঠিকেই কৈছিল--হৃদয়ৰ কথাবোৰ প্ৰকাশ নকৰাকৈয়োচোন বুজিব পাৰি ! সুনন্দাৰ দৰে সিও ভাবে । সি জানে--এই মুহূর্তত সি যদি তাইক তাৰ বুকুৰ মাজতো সুমুৱাই লয় , সুনন্দাই কোনো আপত্তি নকৰে । তায়ো তাৰ দৰে এই একেখিনি মৰমৰ বাবে ভিতৰি ভিতৰি উত্ৰাৱল হৈ পৰিছে । সুনন্দাই তাক বাধা নিদিয়ে । তায়ো এই মুহূর্তত হয়তো ইয়াকেই বিচাৰিছে !
সি সুনন্দাক তাৰ গাৰ কাষলৈ লাহে লাহে চপাই আনি তাইৰ কপালত লাহেকৈ এটা চুমা দিলে । সুনন্দা কিছু আৱেগিক হৈ পৰিল । তাইৰ চকু দুটা সামান্য সেমেকি উঠিল । সি তাইৰ চকুপানীখিনি লাহে লাহে মচি দিলে । হঠাৎ কিবা এটা মনত পৰাৰ দৰে তাই তাৰ গাৰ কাষৰ পৰা সামান্য আঁতৰি আহিল ।
" গৈ থাকোঁ নীল । ইমান দেৰি ইয়াত থকাটো ভাল নহ'ব । তাতে হোষ্টেলৰ সমুখত কোনে ক'ত দেখে ঠিক নাই !"
" হুঁ ! অঁ -- !"--খপজপকৈ সি টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ'ল ।
" যাওঁ নীল । "--থোকাথুকি মাতেৰে কথাটো কৈ তাই তাৰ পিনে চালে ।
" ওঁ !"
সুনন্দাই হোষ্টেলৰ পিনে খোজ দিলে ।
নীলে তাই যোৱাৰ পিনে চাই ৰ'ল ... ।
(আগলৈ )
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা অঞ্জনা দত্ত ডাঙৰীয়াণীৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Best story )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment