কেতিয়াবা মঠ- মন্দিৰ দৰ্শন কৰিব গ'লে মনতো অকমান পাতল লাগে | বহুদিনৰ পৰা ভাবি আছিলো আমাৰ পৰা কিছু নিলগৰ শিৱ বাবাৰ থান খনত এপাক যাম | কালি মোৰ অফিচ বন্ধ | সেয়েহে কালি যোৱা ভাল হব |( Best story )
মোৰ পত্নী লগত কথাটো আলোচনা কৰো বুলি তেওঁৰ ওচৰত গ'লো |
- নিমি ,কালি এপাক শিৱ বাবাৰ থান খনৰ পৰা আহো ব'লা |
মোৰ কথা শুনি তেওঁ একেজাপে কৈ উঠিল |
- বঢ়িয়া | এয়াহে মোৰ হাজবেণ্ড |
মই হাঁহিছিলো |
- হয় নে !
তেওঁ মোৰ জোকাৰি কৈছিল |
- হয় |
আচলতে নিমিয়ে মঠ-মন্দিৰ দৰ্শন কৰি ভালপায় | তাইৰ লগত বহুদিন সময়ৰ অভাৱৰ কাৰনে ক'তো ফুৰিব যোৱা নাই | ভালে হ'ল কালি একেলগে ফুৰা ও হব | আৰু বহুদিনৰ মূৰত নিজানত বহি কথা পাতিম ভাল লাগিব | সেই বিয়াৰ পাছৰ পৰা সেউজীয়াৰ মাজত বহি আমাৰ প্রেমৰ গোপন কথাবোৰ পতা হোৱা নাই | যি নহওঁক কালি মন্দিৰ যোৱা সিদ্ধান্ত ল'লো |
তাই বগা ৰংৰ মেখেলা চাদৰ জোৰ পিন্ধিলে | মাজে মাজে ৰঙা ৰংৰ ধুনীয়া ফুলৰ সৈতে মেখেলা চাদৰ জোৰৰে তেওঁক খুব ধুনীয়া লাগিছে |
- নিমি ব'লা ব'লা |
- ৰবা না |
- হাৰে মই থাকোতে ইমান ধুনীয়া হৈ কাক দেখাৱ যাবা নো ?
মোৰ কথাত নিমিৰ খং উঠিছিল | কেৰাহিকৈ মোৰ ফালে চাইছিল | আৰু বাইকৰ পাছফালে বহিল |
তেওঁ মোৰ কান্ধত হাত খন থোৱা নাছিলে | খং উঠক বুলি মই ক'লো |
- বাহঃ বেলেগ হ'লে চাগে কান্ধত হাত খন থলা হৈ | মোৰে দুৰ্ভাগ্য মই কাৰনে কান্ধত হাত খন থৱ ও লাজ কৰিলা |
তেওঁ একদম কান্ধ খনতে খামোছি ধৰিলে | বুজিলো মহাৰানীৰ খং উঠিছে |
কিছু সময় পাছত আমি মন্দিৰ পালো | মন্দিৰ পায় হাত মুখ ধুই মন্দিৰৰ ভিতৰত আশীৰ্বাদ লবলৈ প্রবেশ কৰিলো |
নিমিয়ে একান্ত মনে ভগবানক প্রাৰ্থনা কৰিছিল | তাই যেতিয়া চকুমেলি চালে মই তাইক প্রশ্ন কৰিছিলো |
- নিমি ভগবানৰ পৰা কি বৰ বিচাৰিলা !
- আমাক সকলোকে কুশলে ৰাখক | লগতে
- লগতে কি নিমি ?
- আমাৰ জীৱনত এজনী ধুনীয়া মাইনা আহক | তুমি কি বিচাৰিলা ?
তেওঁ মোক সুধিছিল |
- মই বিচাৰিলো যে মোৰ মানুহজনী সদায় ধুনীয়া হৈ থাকে যেন ,মুখত শালমইনাৰ খেতি যেন আকৌ নহয় |
তাইৰ মুখৰ পৰা হাঁহি ওলাই আহিছিল |
- বদমাছ
তেওঁ হাঁহিলে মুখত দিম্পল পৰে | যি দিম্পলৰ প্রেমত বলিয়া হৈছিলো মই এদিন |
আমি মন্দিৰৰ পৰা বাহিৰত ওলাই আহিলো | গছৰ তলত অলপ বহো বুলি আগবাঢ়িলো |
- দাদা কিবা দিয়ক না, বাইদেউ দিয়ক না ভোক লাগিছে |
ঘূৰি চোৱাৰ লগে লগে দেখিছিলো | এজন চফল ডেকা ল'ৰা | চূলি দীঘল | আমাৰ পৰা অন্যমনস্ক হৈ আকাশৰ ফালে চাই কিবা কৈ আছিল |
বুজি পাইছিলো | মানসিক বিকাৰ গ্রস্ত এজন চফল ডেকা |
মই ল'ৰা জনৰ কাষত বহি লৈছিলো |
" এইখন সুবিধা বাদীৰ সমাজ,এইখন সমাজত মানৱৰ মৃত্যু হ'ল,দানৱ ৰাজত্ব হ'ল "
তাৰ কথাখিনি মোৰ মূৰত পাক ঘূৰনি খালে | হাৰে সিটো সঁচা কথা কৈছে | তেনেহ'লে ,,,,,,তাৰ মনৰ কথা জানিৱলৈ মোৰ বহুত মন গ'ল |
- তোমাৰ ঘৰ !
সি মোৰ প্রশ্ন শুনি হাঁহিছিল | কিন্তু মুখেৰে একো নক'লে |
- তোমাৰ নাম ?
মই আকৌ সুধিছিলো |
নাই এবাৰ সি মোৰ ওচৰৰ পৰা আতৰি এডাল বেলেগ গছৰ গুৰিত বহিছিল | আঙুলি জোকাৰি জোকাৰি কিবা কৈ আছিল |
আমাক দুৰৰ পৰা মন্দিৰৰ পূজাৰি জনে লক্ষ্য কৰি আছিল | তেওঁ আমাৰ ওচৰ চাপি আহিছিল |
- আপোনালোকে তাৰ কথা জানিৱ বিচাৰিছে নহয় জানো ?
পূজাৰি জনে আমাক সুধিছিল | মই আগ্রহ প্রকাশ কৰি কৈছিলো |
- হয় হয় |
- শুনক তেন্তে |
সি এখন আভিজাত্য ঘৰৰ সন্তান আছিল | তাৰ নাম ৰক্তিম শৰ্মা | পঢ়াত যথেষ্ট ভাল আছিল সি | সেই অঞ্চলৰ ভিতৰত নাম কৰি প্রবেশিকা পৰীক্ষা পাছ কৰিছিল | তাৰ ফলাফলত সেই অঞ্চলে বাহঃ বাহঃ দিছিল | এটাৰ পাছত এটা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল সি |
শেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত অনাৰ্চ সহ প্রথম শ্রেণীৰ প্রথম বিভাগত স্নাকোত্তৰ ডিগ্রী লাভ কৰিছিল | পঢ়া শুনা শেষ কৰাৰ পাছত এদিন দেউতাকে তাক কৈছিল |
- ৰক্তিম , তোৰ চাকৰিৰ ব্যৱস্থা মই কৰিছো |
সি আচৰিত হৈছিল | ক'তো সি ইন্টাৰভিউ নিদিয়াকৈ দেউতাকে তাৰ চাকৰিৰ ব্যৱস্থা কেনেকে কৰিলে |
- কিন্তু দেউতা কেনেকে ?
- শুন তই চিন্তা কৰিব নালাগে | এখন নামজ্বলা কলেজৰ অধ্যাপকৰ চাকৰি | যিমান পইচাঁ লাগে মই দিম বুলি কৈছো |
দেউতাকৰ কথা শুনাৰ লগে লগে ৰক্তিমৰ নাক দেউতাকলৈ ঘৃনাত কোচ খাইছিল | কেনেকে দেউতাক ইমান সুবিধাবাদী স্বাৰ্থপৰ হব পাৰে |
- দেউতা ছিঃ তোমাক আজি মোৰ নিজৰ দেউতা বুলি কব লাজ লাগিছে | তুমি নিজৰ পুত্রৰ শিক্ষাক ইমান দুৰ্বল বুলি ভাৱিলা নে ?থিক আছে দেউতা আজি তোমাৰ টকা-পইচাঁ উভয় নদী কাৰনে তুমি পইচাঁৰে এটা চাকৰি কিনিব বিচাৰিছা | কিন্তু দুখীয়া ঘৰৰ ল'ৰা বা ছোৱালী এজনীয়ে নিজৰ শিক্ষা,জ্ঞান খিনিক অস্ত্ৰ হিচাপে লৈ আগবাঢ়িব | সিহতৰ সেই সপোন বোৰ তোমালোকৰ দৰে মানুহবোৰে নিজৰ স্বাৰ্থৰ বাবে শেষ কৰি দিব পাৰা |
তাৰ কথা শুনি দেউতাকৰ বহুত খং উঠিছিল |( Best story )
- হব ৰক্তিম হব | মই মোৰ সন্তানৰ ভৱিষ্যত ৰ কথা চিন্তা কৰিছিলো | কিন্তু তই আজি শিক্ষা লৈ মোক কথা শুনাৱ পৰা হ'লি নহয় |
- নহয় দেউতা তোমাক মই এজন ভাল দেউতা হিচাপে বিচাৰো ,দানৱ সমাজত প্রকৃতাৰ্থত এজন ভাল মানুহ হিচাপে বিচাৰো | মই টকাৰে কিনা চাকৰি কৰিব নোৱাৰিম দেউতা মোক ক্ষমা কৰিবা |
সেই কথা খিনি কৈ সি দেউতাকৰ ওচৰৰ পৰা আতৰি গৈছিল | সি বুজি পাইছিল সমাজ খনত কি চলি আছে |
সি নিজৰ যোগ্যতা অনুসৰি চাকৰি বিচৰাত লাগিল | বহু ইন্টাৰভিউ ত সি বহিল | কিন্তু শেষত গৈ এটাই প্রশ্ন |
" টকা কিমান দিব পাৰিবা ? "
এইবোৰ মানুহৰ মুখাবোৰ খুলিব মন গৈছিল তাৰ | সি যুদ্ধ কৰিব দুৰ্নিতিৰ বিৰুদ্ধে |
ফৰেষ্ট ডিপাৰ্টমেন্টৰ এজন অফিচাৰে আজি তাক মাতি পঠিয়াছে | আৰু সি আহি তেখেতৰ অফিচ পাইছিল | অফিচাৰ জনে তাক দেখি চকী খনত বহিব দিছিল |
- মিষ্টাৰ শৰ্মা , আপুনি আমাৰ এটা প'ষ্টৰ বাবে নিৰ্বাচিত হৈছে |
অফিচাৰ জনৰ কথাত সি প্রশ্ন কৰিছিল |
- এতিয়া কি কৰিব লাগিব ?
- এতিয়া আপুনি যদি চাকৰিৰ নামত পইচাঁ দিয়ে সেই চাকৰি আপোনাৰ | কাৰন বাহিৰ পইচাঁ বহুত উপাৰ্জন কৰিব পাৰিব | মনত ৰাখিব সময় কিন্তু সিমীত |
অফিচাৰ জনৰ কথাত ৰক্তিম ৰ তেজৰ উত্তাপ বাঢ়ি আহিছিল | সি অফিচাৰ জনৰ চাৰ্টত খামোছি ধৰিছিল |
- শুনক,আপোনাৰ সকলো কথা মই ৰেকৰ্ডিং কৰিলো,এতিয়া সন্ধিয়া নিউজত চাৱ , মই আহো ,,,,,,
ৰক্তিমৰ কথাত বুকু কপি গৈছিল সেই অফিচাৰ জনৰ | আৰু ৰক্তিমে সিহতৰ অফিচৰ পৰা ওলাই আহিছিল |
ৰক্তিম এতিয়া মেডিকেলত | কালি সন্ধিয়া কোনোবা দুৰ্বত্তই ৰক্তিম ৰ মূৰত চোকা অস্রৰে আঘাত কৰিছিল | ডাক্তৰৰ আপ্রান চেষ্টাত ৰক্তিম বাছিল যদিওঁ সি এতিয়া বহুত ভুল বকি থাকে | সি নিজে পাহৰিলে সি আচলতে কোন ? কিয় জীয়াই আছে |
বহু বিচাৰ খোছাৰৰ অন্তত ৰক্তিমক মাৰিবলৈ অপৰাধী ধৰা পৰিল | খলনায়ক সেই অফিচাৰ জন এতিয়া জেলত |
ৰক্তিমৰ নামত দেউতাকে বহু টকাই খৰছ কৰিছিল | কিন্তু তাক সুস্থ কৰিব নোৱাৰিলে | এতিয়া সি ঘৰ মাটি সকলো এৰি এই মন্দিৰতে বহি থাকে,শুই থাকে |
অন্যায়ৰ প্রতিবাদ কৰিব গৈ এজন শিক্ষীত ল'ৰাৰ জীৱনত নামি আহিল ঘোৰ অন্ধকাৰ |
সঁচাই ৰক্তিমৰ জীৱনৰ কথাই মোক বৰ আঘাত কৰিলে |
এই খন সমাজত দয়া,মমতাৰ মৃত্যু হৈছে | জীয়াই আছে মাত্র মানুহৰ নামত নৰপিশাচৰ কংকাল |
নিমিয়ে ল'ৰা জনক খাৱলৈ হাতত পইচাঁ দিলে | আৰু সি নিমিৰ মুখৰ ফালে চাই কৈছিল |
- বাইদেউ ,মানুহৰ পৰা সাৱধানে থাকিব |
নিমিয়ে মোৰ চকুলৈ চাইছিল | মই ৰক্তমিক কৈছিলো |
- ৰক্তিম আমি আহো দিয়া |
সি হাঁহি হাঁহি কৈছিল |
- দাদা ইয়াত আহিব,বৰ পবিত্র ঠাই শান্তি বিচাৰি পাই | ভগবানৰ সান্নিধ্য পাই |
তাৰ কথাত আমি নিশ্চুপ হৈ পৰিছিলো | আৰু বিদায় লৈছিলো |
সঁচাই সপোনৰ বিষাক্ত ৰং ৰ বলি ৰক্তিম শৰ্মা |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Smj stock )।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।( Best story )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment