প্ৰকৃত মৰম-চেনেহ থাকিলে বোৱাৰীও শাহুৰ নিজ কন্যাৰ দৰে হব পাৰে নে ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, May 28, 2021

প্ৰকৃত মৰম-চেনেহ থাকিলে বোৱাৰীও শাহুৰ নিজ কন্যাৰ দৰে হব পাৰে নে ? Storyboard

Storyboard

আজি উৰ্মিলাৰ ভৰি মাটিতেই পৰা নাই।পুতেকে বোৱাৰীয়েকক আনিব বিয়া কৰাই।তাইৰ বোৱাৰীয়েকক আদৰিবলৈ যা-যোগাৰ কৰিয়েই আমনি লগা নাছিল।বোৱাৰীয়েকক ক'ত বহোঁৱাব ,কি খুৱাব,কেনেকুৱা লাগিব তাইক চোতালত খোজ কাঢ়িলে!এইবোৰ ভাৱনাতেই ভাবুক হৈ আছিল উৰ্মিলা। যতীন,উৰ্মিলা আৰু অজিতৰ একমাত্ৰ সন্তান আছিল।"অ' বৌ !আৰতীৰ থালখন ক'ত আছে সেইটোতো কোৱা?"অকস্মাৎ তাইৰ জাকৰ মাতত তাইৰ ধ্যান ভংগ হ'ল। Storyboard )

"হ'ব হ'ব মোৰ সকলো মনত আছে ,এতিয়াই নিছো,"কৈয়েই উৰ্মিলাই ভিতৰৰ পৰা থালখন আনিলেগৈ।"অ' বোৱাৰী!ফোনটো ৰিং কৰি আছে তোমাৰ ।চোৱাচোন,সম্ভৱত নতুন বোৱাৰী পাবহি হ'ল।"উৰ্মিলাৰ শাহুৱেকে তাইক চিঞৰি ক'লে।দৌৰি আহি তাই দেখিলে যে অজিতৰ ফোন।মাত্ৰ ১০ মিনিটতে তেওঁলোক পাবহি নতুন বোৱাৰীক লৈ।তাইৰ হাত-ভৰি কঁপিবলৈ ধৰিলে।তাই বুজিব পৰা নাছিল তাই কি কৰিব।ভয়তে কলিজাটো ওলাই আহোঁ আহোঁ কৰিলে ।খৰ খেদাকৈ দুৱাৰ মুখ সজোৱাৰ ব্যৱস্থা কৰিলে।ধোল-খোল বজোৱালে ।ঘৰত আনন্দ আহিবলৈ লৈছে।উৰ্মিলা আনন্দত আত্মহাৰা হৈ পৰিছিল।ৰাস্তাৰ তিনিআলিটোৰ পৰা গাড়ীবোৰ অহা দেখি তাইৰ আনন্দত চকুৰ পানী ওলাই আহিল।গাড়ী ঘৰৰ ওচৰত আহি ৰ'লত ঘৰৰ ছোৱালীবোৰে নবৌৱেকক চাবৰ বাবে দৌৰি গ'ল আৰু গাড়ীৰ পৰা উৰ্মিলাৰ বোৱাৰীয়েকক নমাই ঘৰৰ ফালে লৈ আহিলে।


নীতি -নিয়মেৰে সৈতে বোৱাৰীৰ গৃহ প্ৰৱেশ হ'ল।নিজৰ জোনৰ দৰে ধুনীয়া বোৱাৰীজনীক দেখি উৰ্মিলাই চায়েই থাকিলে ।খৰ খেদাকৈ কাজলৰ ফুত এটা লগাই দিলে বোৱাৰীয়েকৰ চকু লাগিব বুলি আৰু মৰমতে তাইক সাৱতি ধৰিলে।তাইক ভিতৰৰ ৰূমত বহোওৱা হ'ল।উৰ্মিলাই বহোতেই বোৱাৰীয়েকক ক'লে "মাজনী তুমি এইখন ঘৰৰ বোৱাৰী নহয়, জীয়ৰিহে। মোক সদাই নিজৰ মাৰ দৰে ভাবিবা আৰু কিবা সমস্যা বা অসুবিধা হ'লে সকলোতকৈ প্ৰথমে নিজৰ মাক অৰ্থাৎ মোক ক'বা।"এইদৰে কৈ তাই বোৱাৰীয়েকৰ অন্তৰ সদাইৰ কাৰণে জয় কৰি ল'লে । তাই ভাবুক হৈ চাপৰি শাহুৱেকৰ ভৰি চুব খুজিছিলে কিন্তু উৰ্মিলাই বোৱাৰীয়েকক সাৱতি ধৰিলে।"ব'লা মাজনী এতিয়া তুমি বিচৰা যদি কাপোৰ সলাই লোৱা আৰু মই কিবা খাবৰ বাবে আনো ,তাৰ পাছত অলপ জিৰণি লৈ ল'বা।অলপ সময়ৰ পাছতেই বিয়াৰ নীতি -নিয়মসমূহ আৰম্ভ হৈ যাব। আৰু মাত্ৰ দুদিনৰ কথা তাৰ পাছত আমি মুক্ত।"এই কথা শুনি বোৱাৰীয়েকে বৰ ভাল পালে আৰু তাই হাঁহিলে ।


দুদিনৰ পাছত সকলো আলহি গ'লগৈ।এতিয়া উৰ্মিলাই ৰাশিক নিজৰ কাষত বহুৱাই ক'লে,"ৰাশি মাজনী মোৰ কোনো ছোৱালী নাই,তুমিটো জানাই।সেইকাৰণে মই যে কেতিয়াৰ পৰা বোৱাৰীৰ ৰূপত এগৰাকী ছোৱালীৰ আশা কৰি আছিলো।এতিয়া তুমি আহি গ'লা যেতিয়া মই মোৰ সকলো আশা পূৰ কৰিম।"

নতুন পৰিৱেশত ৰাশিয়ে খুব বেছি ক'ব নোৱাৰিলে মাত্ৰ ইমানেই ক'লে,"অহ মাঁ কিয় নহয়,মইয়ো আপোনাৰ ছোৱালীয়েই হৈ থাকিম,বোৱাৰী নহয়"

সেইদিনাৰ পৰা উৰ্মিলা আৰু ৰাশিৰ একেলগে ফুৰা-চকা,চিনেমা চোৱা ,বজাৰ কৰা আৰু নতুন নতুন  খাদ্যৰ প্ৰণালী তৈয়াৰ কৰাৰ কাম আৰম্ভ হৈ গ'ল।কেতিয়াবা কেতিয়াবা উৰ্মিলাই ৰাশিৰ মাককো মাতি লয় বজাৰ কৰিবলৈ আৰু চিনেমা চাবলৈ। ৰাশি আৰু উৰ্মিলাৰ সম্বন্ধ মাক জীয়েকৰ সম্বন্ধতকৈ বহুত বেছি ওপৰত আছিল।ৰাশিয়েও কোনো ধৰণৰ খুঁত নাৰাখিলে তেওঁলোকৰ সম্পৰ্কত,সকলো পৰীৰ কাহিনীৰ দৰে চলি থাকিল। 


অকস্মাৎ এদিন সেইটো হৈ গ'‍ল যাৰ কল্পনায়ে কোনোৱে কৰা নাছিলে ,যতীনৰ এটা দুৰ্ঘটনাত অকস্মাৎ মৃত্যু হ'ল আৰু পৰিয়ালটো ভাগি পৰিল,ৰাশিয়ে নিজৰ দুভাৰ্গ্যৰ ওপৰত বিশ্বাসেই কৰিব পৰা নাছিল।তাই পাগলৰ দৰে হৈ গ'ল।উৰ্মিলা আৰু অজিতে বুজা নাছিলে যে কোনে কাক কেনেকৈ চম্ভালিব!

উৰ্মিলাই ৰাশিৰ দুখৰ আগত যেন নিজৰ দুখৰ কথা পাহৰিয়েই গৈছিলে ।ৰাশিয়ে নিজকে  চম্ভালিব পৰা নাছিল। " মাঁ মইয়ো যাঁও যতীনৰ লগত, যতীনৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম।" ৰাশিৰ অৱস্থা চাই থাকিব পৰা নাছিল তাই । শাহুৱেক আৰু বোৱাৰীয়েকৰ চকুৰ পানী এটা ক্ষণৰ বাবেও ৰোৱা নাছিল । বেচেৰা ‍অজীতৰ অ‍ৱস্থা এনেকুৱ‍া  হৈছিল যে দেখি এনেকুৱা লাগিছিল যে তেওঁৰ সমস্তয়েই শেষ হৈ গ'ল ।

যোৱাৰ লগতনো কোন গৈছে আজিলৈকে!

যেনেতেনে দিনবোৰ পাৰ হৈছিল আৰু খবৰ লোৱা মানুহৰ সংখ্যাও কমিছিল।ৰাশিয়েও নিজকে অলপ চম্ভালিলে।তাই ভাবিলে যদি তাই নিজকে নচম্ভালে তেতিয়া মাক-দেউতাকক কোনে চম্ভালিব।


যতীন ঢুকোৱাৰ এমাহ হৈছিলে।সময়ৰ এইটোৱে ভাল কথা,যেনেকুৱাই নহওঁক পাৰ হৈ যায় ।যতীনৰ শূণ্যতা কেতিয়াও কোনেও পূৰাব নোৱাৰে এইটো সকলোৱে জানিছিলে কিন্তু চাওঁক কিমান মৰম কৰা পৰিয়াল আছিলে এইটো য'ত প্ৰত্যেকেই এজনে আনজনৰ চিন্তা কৰিছিলে।উৰ্মিলা আৰু অজিতে নিশ্চয় কৰি লৈছিলে যে, যতীনৰ কথা তেওঁলোকে প্ৰায় কমকৈ পাতিব আৰু ৰাশিৰ ওচৰত সচেতন হৈ থকাৰ প্ৰয়াস কৰিব ।

কেইদিনমানৰ পাছত উৰ্মিলাই ৰাশিক ক'লে,"মাজনী কেইদিনমানৰ কাৰণে তুমি ঘৰলৈকে যোৱাগৈ,তোমাৰ মনটো অলপ সলনি হ'ব।"

"নাই মাঁ,মই আপোনালোকক এৰি থৈ ক'তো নাযাওঁ।"

"মাজনী নিয়ম হিচাপেতো যাব লাগিব,তেতিয়া মই ফোন কৰি দিওঁ ঘৰলৈ,অমিতে আহি লৈ যাব তোমাক।"

"মই নাজানো কোনো নিয়ম,মই নাযাওঁ মাঁ।"

"ঠিক আছে গৈ আজিয়েই আহি যাবা,মোৰ মৰমৰ মাজনী"উৰ্মিলাই মৰমত তাইক সাৱতি ধৰিলে,দুয়োগৰাকীৰ চকু সেমেকি আছিলে যদিও দুয়োগৰাকীয়ে লুকুৱাৰ চেষ্টা কৰিলে।

উৰ্মিলাই অমিতক তাইক লৈ যাবলৈ ক'লে।ৰাশি গ'লো আৰু আবেলি হোৱাৰ আগতে ঘূৰিও আহিলে।


দিনবোৰ পাৰ হ'বলৈ ধৰিলে।এদিন ৰাশিয়ে উৰ্মিলাক ক'লে,"মাঁ আপুনি যদি কয় মই দেউতাৰ লগত অফিচকে চম্ভালো।কামো শিকি ল'ম,দেউতায়ে অকলে সকলো কেনেকৈ চম্ভালিব।"

"ঠিক আছে মাজনী,তোমাৰ মনটোও ভাল লাগিব।" উৰ্মিলায়েও এটা এন.জি.অ.লৈ যোৱা আৰম্ভ কৰি দিলে।তাই তাত এনেকুৱা বহু মহিলা পালে যিবিলাকে উৰ্মিলাক বুজালে যে তাই ৰাশিৰ দ্বিতীয় বিৱাহ কৰি দিয়ক,এতিয়া তাইৰ বয়সনো কিমান!উৰ্মিলায়েও তাকে বিচাৰিছিলে কিন্তু ৰাশিক কয় কেনেকৈ!তাই গম পাইছিলে যে ৰাশিয়ে কেতিয়াও নামানে।যেতিয়া তাই এদিনৰ বাবেও তেওঁলোকক এৰি ঘৰলৈ নাযায় তেতিয়া বিয়াৰ বাবেটো কোনো পধ্যেই নামানে।

যতীন ঢুকুৱাৰ এবছৰ পাৰ হৈ গৈছিল কিন্তু উৰ্মিলাই ৰাশিৰ লগত কথা পতাৰ সাহস গোটাব পৰা নাছিল।তাই অজিতক ক'লে যে তেওঁৱেই কথা পাতক।তেওঁৰ কথা ৰাশিয়ে সহজে নেপেলাই।

সেইদিনা ৰাতি আহাৰ খোৱাৰ সময়ত অজিতে  সাহস গোটাই কৈয়ে পেলালে।

"ৰাশি মাজনী তুমি আমাৰ বাবে এইদৰে কিমানদিন অকলশৰীয়া হৈ থাকিবা।আমি বিচাৰো যে তুমি সংসাৰ কৰি লোৱা।"Storyboard )

"দেউতা"ৰাশিৰ চকুত , চকুৰ পানীৰে ভৰি পৰিল।"আপুনি এইটো কেনেকৈ ভাবিলে যে মই আপোনালোকক এৰি গুচি যাম!!"মাঁ মইটো আপোনাৰ ছোৱালী আছিলো নহয় জানো?এতিয়া কি হ'ল!যতীনৰ  মৃত্যুৰ পাছত কোনো ঠাই নাই নেকি মোৰ এইখন ঘৰত ।"

"মাজনী,এইবোৰ কি কৈছা তুমি,তুমিয়েইটো আমাৰ প্ৰাণ,আমাৰ দুয়োজনৰ কোন আছে তোমাৰ অবিহনে?"

"তেতিয়া দেউতাই এনেকৈ কিয় কৈছে?"

"কাৰণ তুমি আমাৰ ছোৱালী আৰু ছোৱালীটো যাবই লাগিব এদিন মাজনী।"

 " নাই একদম নহয়।উলিয়াই পঠিয়াওক এইবোৰ কথা মগজুৰ পৰা।"আধা খাইয়েই ৰাশি উঠি গুচি গ'ল।তাই যতীনক কিদৰে বুকুৰ মাজৰ পৰা উলিয়াব,মাক-দেউতাকক কিদৰে এইটো বয়সত অকলে এৰিব!ভাবি ভাবি  তাইৰ টোপনি গ'ল।


উৰ্মিলাইতো নিশ্চিত কৰি লৈছিলে যে বিয়াতো তাই  কৰাইহে এৰিব। আজি নহ'লে কোনোবা দিনা হ'লেও তাইক মনাই ল'ব। তাই অজিত  আৰু ৰাশিৰ দেউত‍াকৰ লগত মনে মনে কথা পাতিলে আৰু এনেকুৱা এজন ল'ৰা বিছাৰিলে যি ঘৰত ঘৰ জোঁৱাই হৈ থাকে।

 উৰ্মিলাই "ছাদি দত কম"ত ৰাশিৰ প্ৰফাইল বনালে।ৰাশি দেখাত ধুনীয়া আছিলেই।তেওঁলোক দুয়োগৰাকী মাকৰ প্লেন কামত আহিল আৰু সোনকালেই এনেকুৱা এজন ল'ৰা পায় গ'ল যাৰ এই পৃথিৱীত কোনো নাছিল।দেখিবলে সুন্দৰ আৰু পঢ়া-শুনাটো ভাল আছিল।ভাল চাকৰিও কৰে । সি ক'লে যে চাৰি বচৰ আগতে এটা বিমান দুৰ্ঘটনাত তাৰ মাক-দেউতাক আৰু ভায়েক ঢুকাল।তেতিয়াৰ পৰাই সি অকলশৰে থাকে।

অভিনাশ নাম আছিল তাৰ । উৰ্মিলা আৰু ৰাশিৰ মাকে তাক লগ ধৰাৰ প্লেন বনালে।ঘৰৰ বাহিৰতেই লগ ধৰিলে আৰু তেওঁলোকৰ পচন্দও হ'ল।সকলোতকৈ ভাল কথা এইটোৱেই আছিলে যে সি তেওঁলোকৰ লগত থাকিবলৈ ৰাজিও হৈছিল।কিন্তু তেওঁলোকে খৰখেদা নকৰি তাৰ বিষয়ে সুধ-পোচ কৰি গম পালে যে সি এজন বৰ সহজ-সৰল ল'ৰা।আৰু বচ্, তেওঁলোকে কথা আগবঢ়াই দিলে।অভিনাশৰ এটা চৰ্ত আছিল যে সি তেওঁলোকৰ টকা-পইচা একো নলয় । এইটো শুনি সকলোৱে তবধ মানিলে।ল'ৰাটো সচাঁই বৰ ভাল আছিল। আচল সমস্যাটো এতিয়াও বাকীয়েই আছিল ।ৰাশিক কিদৰে বুজোৱা হয়।দুবাৰমান অভিনাশক লগ কৰি সমস্যাটোৰ বিষয়ে কোৱাত সিয়েই সমাধান  দিলে।

"আন্টি  আপোনাৰ ঘৰত এনে কোনো কোঠা আছে নি,যিটো আপুনি মোক ভাড়াত দিব পাৰে ।"

উৰ্মিলাই ভাবিবলৈ ধৰিলে । তাই ভাবি কম বুলি ক'লে ।তেতিয়া ৰাশিৰ মাকে ক'লে যে "যদি আপুনি গেৰেজটো খালী কৰি দিয়ে ।"

"কিন্তু গেৰেজ...."

" হ'ব হ'ব আন্টি কোনো অসুবিধা নাই ,এতিয়াওটো মই এটা কোঠাটেই থাকো।মই মেনে্জ কৰি লম।


আৰুনো কি বাকী আছিলে ,সমস্যাৰ সমাধান হৈ গ'ল! আনন্দ মনেৰে উৰ্মিলা ঘৰ পালেগৈ ।ৰাতি খোৱা টেবুলত  ক'লে "বেচেৰা  ল'ৰা এটা আছে মোৰ এজনী বান্ধৱীৰ চিনাকি  ,তাক থাকিবৰ বাবে এটা ৰূম লাগে ,ক'তো পোৱা নাই ।ভাবিছো গেৰেজটোকে খালী কৰি দিওঁ নি আমাৰ ,তাৰ কাৰণে ?"

"কি মাঁ এইদৰে কেনেকৈ আমি অন্য লোকক ভৰসা কৰিব পাৰোঁ।"

"অ' মাজনী মোৰ বান্ধৱীৰ চিনাকি  বুলি কোৱা নাই জানো । অচিনাকী লোকক মই ক'ত থাকিব দিম ।"

"তুমিতো হ'ব  বুলিয়েই কৈ আহিছা  ছাগে নহয় জানো?এতিয়া  সুধাৰ ভেকচন নকৰিবা ।অজিতে ক'লে। অজিতেতো সকলো জানিছিলেই। কৰায়েই লোৱা গেৰেজ খালী,আমি মানা কৰিলে মানিবা জানো ।" 

এতিয়া আৰু ৰাশিয়ে কি ক'ব । চাই ল'ওক মাঁ আপুনি যি ভাল দেখে।"

বচ্ সিমানেই কথা ,পিছদিনাই ষ্ট'ৰ ৰূম বনাই হোৱা গেৰেজটো খালী কৰোঁৱা হ'ল।ৰং তেল দি তাক  থকাৰ যোগ্য কৰি তুলিলে।

পাছৰ সপ্তাহতেই অভিনাশে নিজৰ বস্তু-বাহনী লৈ আহি গ'ল।উৰ্মিলাই তাৰ খোৱা-বোৱাৰ যোগাৰ কৰি দিলে।লাহে লাহে সি ঘৰলৈ আহিবলৈ ল'লে আৰু ঘৰৰ সদস্যৰ দৰে হৈ গ'ল।এতিয়া ৰাশিয়েও সি ঘৰলৈ অহা-যোৱা কৰাত বেয়া নোপোৱা হ'ল।একে বয়সৰ আৰু পঢ়া-শুনা হোৱাৰ বাবে দুয়োজনৰে মাজত বন্ধুত্ব হৈ গ'ল আৰু বন্ধুত্ব চাওঁতে চাওঁতে কিদৰে প্ৰেমত পৰিণত হ'ল দুয়োজনেই গমেই নাপালে ।

উৰ্মিলাই যেতিয়া দেখিলে যে দুয়োজন কাষ চাপিছে তেতিয়া এদিন তাই কথাটো উলিয়ালে।

"ৰাশি মাজনী অভিনাশ বৰ ভাল ল'ৰা।"

"অ মাঁ হয়,কিয় ?"

"মাজনী মই এইটো ক'ব খুজিছিলো যে,যদি তোমাৰ..."

"মাঁ মই বুজিছো আপুনি কি ক'ব বিচাৰিছে।"

"তেতিয়া মই কি বেয়া কৈছো?"

"কিন্তু তেওঁ মোৰ লগত কিয় বিয়া পাতিব!ভাবকচোন,তেওঁটো যিকোনো ছোৱালীকে নিজৰ সংগী কৰিব পাৰিব তেতিয়া তেওঁ মোৰ লগত ..."

"সেইটো চিন্তা তুমি নকৰিবা,মই সকলো চম্ভালি ল'ম।"

ৰাশিয়ে একো নক'লে।তেওঁলোকে ৰাশিৰ মাক-দেউতাকৰ লগত লগ হৈ সকলো থিক কৰি ল'লে আৰু মন্দিৰতে বিয়া কৰোৱাৰ নিৰ্ণয় কৰি ল'লে একদম সহজ-সৰলভাৱে।ৰাশিৰ পৰিয়ালৰ লোকসকলৰ লগতে উৰ্মিলাই যতীনৰ ককাক-আইতাক আৰু খুৰাক-খুৰীয়েককো মাতিলে।খুৰাক-খুৰীয়েক নতুন দৃষ্টিভংগীৰ হোৱাৰ বাবে তেওঁলোকে কথাটো সহজে মানি ল'লে ।কিন্তু আইতাকে বিৰোধিতা কৰিলে।বহুত কষ্টৰে পুতেক-বোৱাৰীয়েকে তেওঁক বুজালে।ৰাশিৰ সম্পূৰ্ণ জীৱনৰ কথা কোৱাতহে তেওঁ বহু কষ্টেৰে সন্মতি জনালে। 


বিয়াৰ দিনা গোলপীয়া ৰঙৰ চিফ্নৰ শাৰীখনে ৰাশিক বৰ ধুনীয়া লাগিছিল।অভিনাশেও বগা ৰঙৰ কুৰ্তা আৰু পাইজামা পিন্ধিছিলে । দুয়োজনকে  দেখি যতীনলৈ মনত পৰাটো স্বাভাৱিক আছিল।উৰ্মিলাৰ মনটো গধূৰ হৈ গ'ল।ৰাশিয়েও বহুত কষ্টৰে নিজকে চম্ভালিলে।যিমান হ'লেও যতীনৰ ঠাই অন্য এজনক দিয়াটো তাইৰ কাৰণে সহজ নাছিল।

হোমৰ জুইৰ ওচৰত বামুনে যেতিয়া ক'লে যে কন্যাদানৰ বাবে ছোৱালীৰ মাক-দেউতাক আগবাঢ়ি আহক। উৰ্মিলাই ৰাশিৰ মাক-দেউতাকৰ ফালে চালে।ৰাশিৰ মাক-দেউতাক থিয় হ'ল আৰু উৰ্মিলা , অজিতৰ কাষলৈ আহি ক'লে- "উঠকচোন,কি ভাবি আছে আপোনালোক দুয়োজনে?" 

"আমি"।চকুত চকুপানী লৈ উৰ্মিলাই সুধিলে। ৰাশিৰ চকুৰ পৰাও চকুপানী পৰিবলৈ ধৰিলে আৰু তাই ইংগিতেৰে মাতিলে।উৰ্মিলা  আৰু অজিতে কন্যাদান কৰিলে।সকলো ভাবুক হৈ গৈছিল আৰু বিয়াও সম্পন্ন হৈছিল।খুৰাকে উৰ্মিলাক ক'লে-"বৌ আমাৰ যতীন ঘূৰি আহিলে।"অভিনাশ আৰু ৰাশিয়ে সকলোৰে ভৰিত ধৰি আৰ্শিবাদ ল'লে। আইতাকেও দুয়োজনকে সাৱতি ধৰি আৰ্শিবাদ দিলে। তেওঁৰ চকুত চকুপানী আছিল যদিও তেওঁক আনন্দিত হোৱা দেখা গৈছিল।


মন্দিৰৰ পৰা ওলাই আহিয়েই অজিতে পৰিস্থতি চম্ভালি ক'লে "কন্যাদানহে কৰিছো কিন্তু এইটো কোনেও নাভাবিবা যে বিদায়ো হ'ব ।"

সকলোৱে হাঁহিলে।

অভিনাশে ক'লে -"বিদায় কিয় দেউতা,আপোনাৰ ল'ৰায়ে আপোনাৰ বোৱাৰী ছোৱালীক লৈ ঘৰলৈ গৈ আছে।মাঁ আপুনি ঘৰলৈ গৈ গৃহ প্ৰৱেশৰ বাবে সাজু হওঁকগৈ ।"সকলো ঘৰৰ ফালে আগবাঢ়িলে।

উৰ্মিলা আৰু অজিতৰ আনন্দৰ সীমা নাইকিয়া হ'ল।অৱশেষত তেওঁলোকে তেওঁলোকৰ হেৰুৱা পৃথিৱীখন  অভিনাশৰ ৰূপত ঘূৰাই পালে। তেওঁলোকে যেন তেওঁলোকৰ যতীনকহে ঘূৰাই পালে।

অভিনাশেও কোনো খুঁত নাৰাখিলে তাৰ কৰ্তব্য পালন কৰাত।

"সোনটো এতিয়া তোমালোকেই আমাৰা সংসাৰ । আজিৰ পৰা এই ঘৰৰ সকলো বস্তুতে তোমাৰ অধিকাৰ আছে।"অভিনাশে দুয়োজনকে সাৱতি ধৰিলে আৰু ক'লে,"আপোনালোকৰ আৰ্শিবাদ পাই গ'লো যেতিয়া মোক আৰু একো নালাগে।মই মোৰ হেৰুৱা পৰিয়ালক পাই গ'লো এইটো কম আনন্দৰ কথানে?"সকলোৰে চকুত আনন্দৰ চকুৰ পানীয়ে ভৰি পৰিল।


এবছৰৰ পিছত ৰাশিয়ে এটা পুত্ৰ সন্তান জন্ম দিলে।সকলোৱে ভাবিলে যে,কণমানিটোৰ ৰূপত ঘৰখনত যেন যতিনৰেই পুনৰ জন্ম হল।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages