এই সময়চোৱা লৈকে লগ দিয়া বাবে ধন্যবাদ অঞ্জন। জনা নাছিলো, তুমি এনেদৰে মাজ বাটতে লগ এৰি দিবা বুলি।( Storyboard ) পল্লৱীয়ে নিজৰ স্বামী অঞ্জনক কলে। সদায় কৰা কাজিয়া দ্বাৰা অশান্তি হৈছিল আৰু মই বিচৰা নাই এই সকলোবোৰৰ প্ৰভাৱ আমাৰ ছোৱালী পাল্কি ওপৰত পৰক। সেইবাবে মই যি কৰিলো, মোৰ ছোৱালী বাবে কৰিলো। ১৫দিনৰ পাছত পুনৰ লগ পাম ক'ৰ্টত। পাল্কি কাৰ লগত থাকিব, এই বিষয়ক লৈ সমাধা হব।পাল্কি কোনো সৰু ছোৱালী নহয়। অঞ্জন, তাই এজনী জ্ঞান থকা ছোৱালী। পাল্কিয়ে ভালদৰে জানে, কি সচাঁ, কি মিছা। আৰু তাই এয়াও বুজি পায় যে, প্ৰথমে কাজিয়া কোনে আৰম্ভ কৰে। অঞ্জন, এতিয়াও সময় আছে, তোমাৰ এই কথা সলনি কৰি দিয়া। নিজৰ কাৰণে নহলেও, নিজৰ ছোৱালী বাবে। পল্লৱীয়ে, অঞ্জনক কয়।
এটা কথা তুমি শুনিলোৱা, মই যি কৰিছো, নিজৰ ছোৱালী বাবে কৰিছো বুলি কয়, অঞ্জন তাৰপৰা গুচি যায়। পল্লৱী উদাশ হৈ পৰিলে, আৰু নিজকে নিজে দুখ দিবলৈ ধৰিলে। হে প্ৰভূ, মই এনে কি কৰিলো, যাৰ বাবে অঞ্জনে মোক ডিভোর্স দিছে। আৰু সেই সময়তে পাল্কি আহে আৰু মাকক কয়, মা ঘৰলৈ বলা, আইতাই তোমাৰ লগত কথা পাতিবলৈ বিচাৰে। পল্লৱী ঘৰলৈ আহে, তেতিয়া পল্লৱীৰ শাহুৱেকে পল্লৱীক কয়, এতিয়া তোমাৰ মনটো ঠাণ্ডা হল নে! এতিয়াটো তুমি বহুত সুখী। যোৱা পাৰ্টি কৰাগৈ। যদি তুমি নিজৰ মতে নকৰিলা হয়, তেন্তে আজি এয়া নহল হয়।
মা, আপুনি দেখুন যানেই, ভুলটো অঞ্জনৰ হয়। অঞ্জনে, দুদিনৰ আগতে প্ৰথমে মোৰ লগত কাজিয়া কৰিছিল। এই কথা লৈ যে, মই তাৰ ভালপোৱা পনীৰ বনোৱা নাছিলো বাবে! আৰু সেয়াটো একো নাই। অঞ্জনে মোৰ লগত সদায়ে কাজিয়া কৰে। আৰু মই কেৱল তাক বুজাইছিলো যে, তুমি এই যে সদায়ে সদায়ে কাজিয়া কৰা, এয়া ভাল নহয়। পল্লৱীয়ে শাহু মাকক কথাখিনি কয় শান্ত হল। তেতিয়া পাল্কিয়ে কয়, মা আমি সকলোৱে জানো, যে, প্ৰথমে কাজিয়া কোনে আৰম্ভ কৰে। যদি পাপায়ে প্রথমে কাজিয়া আৰম্ভ কৰে, তেন্তে তুমি নুশুনিবাই। আৰু এনেটো নহয়, পাপায়ে গোটেই দিন কাজিয়া কৰি থাকে। তুমিওটো কাজিয়া কৰা পাপা লগত। হব পাল্কি, আজি ডিভোর্সৰ কথা পাচত তুমি পাপা পক্ষ লৈছা। এয়া কথা গম পায়ো যে, তোমাৰ মায়ে সচাঁ কৈছে। আৰু নিজৰ মা লগত এনেদৰে কথা কৈছা! যোৱা, তোমাৰ নিজৰ কোঠালৈ। মোৰ তোমাৰ আইতা লগত অকলে কথা পাতিবলগীয়া আছে।
পল্লৱীয়ে, পাল্কিক খংত কয় আৰু পাল্কি দৌৰ মাৰি নিজৰ কোঠালৈ গুচি যায়। তেতিয়া পল্লৱীৰ শাহুৱেকে পল্লৱীক কয়, যেতিয়া তুমি অঞ্জনৰ ওপৰত খং কৰিব নোৱাৰিলা যেতিয়া মোৰ ছোৱালী জনীৰ ওপৰত খং কৰিছা। নহয় মা, এনে নহয়। এয়াই হয়। এনে কয়, পল্লৱীৰ পাল্কিৰ ওচৰলৈ গুচি যায়।
পল্লৱীয়ে আজি দিনৰ পৰা বুজিছিল যে, আজিৰ পৰা ১৫দিনৰ পাছত কি হব। কাইলৈ ক'ৰ্টৰ দ্বিতীয় আৰু অন্তিম তাৰিখ হয়। অঞ্জন, মই বিচাৰিছো যে, এতিয়া যি কথা আছে, তুমি মোক কোৱা। পাল্কিক, মাক দেউতাক দুয়োৰে প্ৰয়োজন। প্লিজ, কিবাটো কোৱা, বুলি পল্লৱীয়ে অঞ্জনৰ আগত হাতযুৰে। অঞ্জনে, কয়, কি কওঁ। তুমি কিবা কোৱাৰ বাট ৰাখিছানে! সকলো ভুল তোমাৰে। আৰু সচাঁ এয়া যে তুমি তোমাৰ বাহিৰে আৰু আনৰ কথা চিন্তা নকৰা। পাল্কিৰ বাবে তোমাৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। বুজিলা, যোৱা এতিয়া ইয়াৰপৰা। কালিৰপৰা তোমাৰ পৰা মুক্তি পাম। পল্লৱীয়ে আৰু মাত নিদি তাৰপৰা আঁতৰি আহিলে।
এতিয়া পল্লৱীয়ে ভালদৰে বুজি উঠিছিল যে, অঞ্জনে আৰু এতিয়া তাইৰ কথা নুশুনে। আৰু পাল্কিয়ে নিজৰ পাপাৰ কথাকে শুনিব। পল্লৱী, ভিতৰৰ পৰা ভাঙি পৰিছিল। কিমান দুখ লাগে ন, যি ভুল আমি নকৰো, তাৰে শাস্তি আমি ভুগিব লগীয়া হয়। পল্লৱীয়ে এই সকলো কথা ভাৱি থাকোতেই, তাইৰ পাল্কি লগত কথা পাতিবলৈ মন গল। পল্লৱীয়ে, পাল্কিৰ কোঠালৈ গল আৰু পাল্কিক সুধে, পাল্কি বেটা, কাইলৈপৰা তুমি কাৰ লগত থাকিবলৈ বিচাৰা! মা নে পাপা! আপুনি এনে সময় কিয় আনিলে!যে, মই আপোনালোকৰ দুয়োৰে মাজত এজনক বাচিবলীয়া হৈছে! পাল্কিয়ে দুখ কৰি কয়। তেতিয়া পল্লৱীয়ে কয়, তোমাৰ কথায় মোক উত্তৰ দি দিলে। পাল্কি, কিন্তু মোৰ এটা কথা সদায়ে মনত ৰাখিবা কেতিয়াও সত্যৰ লগ নেৰিবা। যাতে যেনে সময় আহিলেও। আৰু যেতিয়াও তুমি অকলশৰীয়া অনুভৱ কৰিলে, তেতিয়া মনত ৰাখিবা, যাৰ কোনো নাই, তেওঁ লগত সদায়ে কৃষ্ণ গোঁসাই থাকে। আৰু যদি কথা পাতিবলৈ মন যায়, তেতিয়া মোৰ নাম্বাৰত ফোন কৰিবা।( Storyboard )
হব পল্লৱী, মোৰ ছোৱালীক জ্ঞানৰ দেৱী দৰে আৰু শিক্ষা দিব নেলাগে। বুজিলা, তাই মোৰ ছোৱালী। তাই সকলো বুজিলে। যোৱা, পাল্কিৰ কোঠাৰ পৰা। অঞ্জনে চিঞৰি কলে। পল্লৱীয়ে সকলো বুজিছিল, কি সচাঁ। তাই বুজিছিল যে, আজি তাই যেনেকুৱা, সকলো মাকৰ বাবে। কিন্তু তাই বিচাৰিলেও একো কৰিব পৰা নাছিল। পাল্কিয়ে মাকক কব পৰা নাছিল যে, আইতাই তাক যোৱা কালি পাপাৰ পক্ষ লবলা কৈছিল। পল্লৱীৰ শাহুৱেকে, পাল্কিক এনেদৰে কিয় কলে!
পাচদিনা পল্লৱীয়ে ভয়ে ভয়ে কৰ্টলৈ গৈছিল। অঞ্জনে, পাল্কিক লৈ ক'ৰ্ট পালেগৈ। ক'ৰ্টত যেতিয়া পাল্কিক সুধে, বেটা, তুমি ভয় নকৰাকৈ কোৱা যে, তুমি কাৰ লগত থাকিবলৈ বিচাৰা, মা নে পাপা! পাল্কিয়ে নিজৰ আইতাকৰ ফালে চাই ভয়তে কয়, মই মোৰ পাপা লগত থাকিবলৈ বিচাৰো। তেতিয়া পল্লৱীয়ে, পাল্কিৰ ভয়ক দেখা পালে আৰু জাৰ্জক প্ৰাৰ্থনা কৰি কয় যে, মেম মোৰ ছোৱালীয়ে এই সিদ্ধান্ত ভয় কৰি লৈছে। আপুনি মোক মাত্র ৫ মিনিট সময় দিয়ক। মোৰ তাইৰ লগত কথা পাতিবলগীয়া আছে। পল্লৱীয়ে, পাল্কিক সুধে, তুমি কিয় ভয় কৰিছা পাল্কি, কি কথা আছে! কোৱা মই তোমাৰ লগত আছো। কোৱা বেটি, কি কথা!
মা, আইতাই মোক কৈছিলে, মই পাপা লগত থাকো আৰু কৈছিলে, আইতাই আৰু পাপায়ে মোৰ বাবে নতুন মা আনিব। সেইবাবে আইতাই বিচাৰিছিল, মই তেওঁলোকৰ লগত থাকো। মই সকলো জানো মা, আপুনি সত্য। পাপায়ে সদায়ে জানিবুজি আপোনাৰ লগত কাজিয়া কৰে। যাৰ বাবে আপুনি অশান্তি পায় তেওঁৰ লগত কাজিয়া কৰে আৰু পাপায়ে আপোনাৰ পৰা ডিভোর্স লব পাৰে। আৰু মই তোমাৰ লগত যোৱা কালি যিদৰে কথা পাতিছিলো, সেয়াও মোক আইতাই কৈছিলে যে, মই তোমাৰ লগত তেনেদৰে কথা পাতিম। পাল্কিৰ মুখৰপৰা সকলো সত্য বোৰ শুনি পল্লৱী আৰ্চয়জনক হৈ ৰল। আৰু অঞ্জনক কয়, যদি তোমাৰ এয়াই আশা আছিল, তেতিয়া হলে এইবোৰৰ মাজলৈ মোৰ ছোৱালীক কিয় আনিলা! মোৰ লগত কিয় কাজিয়া কৰিলা! পোনে পোনে কোৱা হলে হয় যে,তোমাৰ পৰা মোক ডিভোর্স লাগে।
আৰু মই কি কৰিম! জানিছিলো,যদি তোমাক সাধাৰণ ভাৱে কৈছিলো,তোমাৰ পৰা মোক ডিভোর্স লাগে, তেতিয়া তুমি ডিভোর্সৰ বাবে মান্তি নহলা হয়। সেইবাবে মই যিটো ভাল দেখা পালো, তাকে কৰিলো। অঞ্জনে চিঞৰি কয়, তেতিয়া জৰ্জে কয়, অৰ্ডাৰ অৰ্ডাৰ।
জৰ্জে কয়, পাল্কি বেটা, তুমি কোৱা, তুমি কাৰ লগত থাকিবলৈ বিচাৰিছা? মই মোৰ মাৰ লগত থাকিবলৈ বিচাৰো। ঠিক আছে। কৰ্টে, নিজৰ সিদ্ধান্ত শুনালে। পাল্কিয়ে, নিজৰ মাকৰ কাষলৈ গৈ মাকক সাৱটি লয়। পল্লৱীয়ে পাল্কিক কয়, যোৱা বেটা গাড়ীত বহাগৈ। মই আহি আছো। তেতিয়া অঞ্জন বাহিৰলৈ আহে আৰু কয়, তুমি পাল্কিক টো পালা, কিন্তু এতিয়া যাবা কলৈ, মাৰ ঘৰটো কোনো নাই। আহিব টো লাগিব তুমি মোৰ ঘৰলৈ। তেতিয়া পল্লৱীয়ে অঞ্জনৰ গালত চৰ সোধাই লৈ কয়, যাৰ কোনো নাথাকে, তেওঁ লগত ভগৱান থাকে। মই প্ৰথমেই বুজিছিলো যে, তুমি যিদৰে মোৰ লগত সদায়ে কাজিয়া কৰিছিলা, সেইবাবে মই প্ৰথমতে ভাড়াত এটা ৰূম আন এখন ঠাইত লৈ ৰাখিছো। আৰু তুমি এয়া কেনেদৰে পাহৰিলা, মই যে এগৰাকী শিক্ষয়ত্ৰী হয়। মোৰ আৰু মোৰ ছোৱালীৰ খৰচ ওলিয়াব পাৰিম। এতিয়া তুমি মুকলি হলা,যোৱা, দ্বিতীয় কিয়, ১০,১২বাৰ বিয়া কৰোৱা। কিন্তু মোৰ আৰু মোৰ ছোৱালীৰ পাচ এৰি দিয়া। এয়া কৈয়ে পল্লৱী গাড়ীত গৈ বহিলেগৈ আৰু পাল্কিক লগত লৈ আন এখন ঠাইলৈ গুচি যায়। আৰু পাল্কিক ভাল পৰিৱেশ দিয়ে, তাইক ভাল সংস্কাৰ দিয়ে। আৰু পল্লৱীক এটা কথা সদায়ে মনত পেলাই যে, যাৰ কোনো নাথাকে, তেওঁৰ লগত ভগৱান থাকে। পাল্কিও মাকৰ লগত বহুত সুখী আছিল আৰু সদায়ে আনৰ সহায়তা কৰিছিল
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment