প্ৰেম বিবাহ কৰিও কিয় বিবাহ বিচ্ছেদ হয় একাংশ দম্পতীৰ ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, May 28, 2021

প্ৰেম বিবাহ কৰিও কিয় বিবাহ বিচ্ছেদ হয় একাংশ দম্পতীৰ ? Storyboard

Storyboard

নিটুৱে বিৰক্ত হৈ নেহাক ক'লে কিমানবাৰ কৈছোঁ মোৰ চাৰ্টটো ইস্ত্ৰি কৰি হেংগাৰট আঁৰি থবা।কিন্তু তুমি নাজানো কি ভাবি থাকা ? বিয়াৰ ১০ বছৰ হ'ব হ'ল আৰু আজিলৈকে তুমি মোৰ ঘৰৰ  অনুসৰি নিজকে সলনি কৰিব পৰা নাই। এতিয়া আৰু কিমান তোমাক বুজাম আৰু ৰখাম। তুমি কেৱল এখন কাণেৰে শুনা আৰু আনখন কাণৰে উলিয়াই দিয়া। সকলো শুনিও নেহাই মনে মনে আছিল।ৰাতিপুৱা ঘৰত কোনো তৰ্ক হোৱাতো বিচৰা নাছিল। অন্যৰ্থা, গোটেই দিনটো বেয়া হ'ব আৰু সন্ধিয়াও  নিটুৱে দিনটো ভিতৰত তাৰ লগত হোৱা বেয়া কামবোৰ বাবে তাইকেই দোষী সাব্যস্ত কৰিব।Storyboard )

নেহাই তাইৰ মনটো শান্ত কৰি নিজৰ মুৰটো ঠাণ্ডা কৰি তাই একো নমতাকৈ পাকঘৰত ৰাতিপুৱাৰ আহাৰ ৰান্ধি আছিল। তাৰ অলপ পিছতে নিটুৱে ডাইনিং টেবুলত আহি বহিল আৰু নেহাক খহটা সুৰেৰে সুধিলে যে আহাৰ প্ৰস্তুত হ'ল যদি দিয়া নহ'লে মই অফিচত খাই ল'ম। নেহাই লগে লগে কোনো উত্তৰ নিদিয়াকৈ ডাইনিং টেবুলত ৰাতিপুৱাৰ আহাৰ ৰাখিলে। নিটুৱে জানিছিল যে নেহা শান্ত হৈ আছিল কিন্তু  ভিতৰত খঙে ভৰি আছে। কিন্তু তাৰ হয়তো নেহাৰ কথা একো চিন্তা নাছিল। সেইকাৰণে ৰাতিপুৱাৰ আহাৰৰ খাই, সি অফিচলৈ গুচি গ'ল। 


নেহাই চকুত চকুপানী লৈ পাকঘৰৰ কাম সামৰি চাহ লৈ বাৰাণ্ডাত আহি বহিল।

বাহিৰত গৰম আছিল তথাপিও তাই নিজৰ মনটো শান্ত কৰিবলৈ বাৰান্দাত বহিছিল।তাত অলপ অলপ বতাহও বলি আছিল। নেহাই এতিয়া নিটুৰ কথাবোৰ মনত পেলাবলৈ ধৰিলে। ক'বলে গ'লে নিটু আৰু নেহাৰ প্ৰেম বিবাহ হৈছিল। কিন্তু সময়ৰ লগে লগে মৰমবোৰ নাইকিয়া হৈ গৈছিল।নামত কেৱল বিয়াৰ বান্ধোনহে বাকী আছিল। এনেকুৱা নহয় যে নেহাই আগতে কেতিয়াও নিজৰ সংসাৰখন ধৰি ৰাখিবলৈ চেষ্টা কৰা নাই। কিন্তু তাই কেতিয়াও সফল হোৱা নাই। নেহাৰ নিটুৰ সেই কথাবোৰো মনত পৰে ।যেতিয়া তাই নিটু লগত বিয়া হোৱা আগত  কৈছিল যে তাই নিজকে কেনেকৈ বিয়াৰ পাছত তাৰ ঘৰৰ অনুসৰি সলাব পাৰিব। তেতিয়া নিটুৱে অকল এইটোৱে কৈছিল যে তুমি মোৰ কাৰণে নিজৰ ঘৰ ,নিজৰ পৰিয়াল এৰি আহিবা । সেইবোৰেই মোৰ কাৰণে বহুত আৰু বাকীবোৰ মই স্বম্ভালী ল'ম। আজি সেইটো নিটুৱে ৰাতিপুৱা কৈ আছিল যে ১০ বছৰ হৈ গ'ল এতিয়াও তুমি নিজক মোৰ অনুসৰি সলাব নোৱাৰিলা। নেহা আৰু নিটুৰ মাজৰ প্ৰেম এই ১০ বছৰত ক'ত নাইকীয়া হৈ গ'ল। নেহাই এই প্ৰশ্নটোত ডুবি গৈছিল। কিন্তু নেহাৰ  ওচৰত তাৰ উত্তৰে নাছিল। কেতিয়াবা নিটুক এৰি যোৱাটোৱে নেহাৰ সহজ যেন লাগিছিল। কিন্তু আকৌ ভাবে সেই নিটুৰ কাৰণে তাই সকলোকে এৰি আহিছে।


নেহাই‌ নিজকে প্ৰশ্ন কৰে আৰু নিজকে নিজেই উত্তৰ দিয়ে। এইটোৱে তাইৰ জীৱন হৈ পৰিছিল। আজিও এইটোৱে হৈছিল বাৰাণ্ডাত বহি মানুহবোৰক অহা যোৱা দেখি আকৌ এবাৰ তাই প্ৰশ্নত ডুবি যায়  আৰু পুৰণি কথাবোৰ মনত পেলাই কান্দে । আকৌ নিজক শান্ত কৰি কামত লাগি যায়।

এই সকলোবোৰ যোৱা কেইবছৰমানৰ পৰা নেহাৰ সৈতে হৈ আছে।Storyboard )

নেহা বিচলিত হৈ আছিল আৰু এইটোও বিচাৰিছিল যে নিটু আৰু নেহাৰ মাজৰ দূৰত্ব শেষ হৈ যায়। নেহাই আকৌ এবাৰ সকলো পাহৰি নিটুৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল। এইবাৰ নেহাই নিটুৰ বহুতো পৰিৱৰ্তন দেখিছিল যিটো ভাবিও নোচোৱাকৈ থাকিব নোৱাৰে? ইয়াৰ মাজতেই নেহাই নিটুৰ বেলেগৰ লগত থকা সম্পৰ্কৰ খবৰ পালে। কিন্তু তাইৰ বিশ্বাস হোৱা নাছিল। কাৰণ নিটু .......আৰু সি বেলেগৰ প্ৰেমত পৰিব নেহাই মানিব নোৱাৰে। তাৰ পিছত নেহাই হঠাতে নিটুৰ মোবাইলত এনে কিছুমান মেচেজ দেখিলে যিটোৱে নেহাক সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল।নেহা আজি সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। এতিয়া তাই নিটুৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈ ল'লে। এই সিদ্ধান্তটো তাইৰ বাবে প্ৰয়োজনীয় আছিল । কাৰণ তেওঁলোকৰ মাজত সকলোবোৰ ইতিমধ্যে শেষ হৈছে।প্ৰচেষ্টা অবিহনে.... নেহাৰ মনত আহিল যে নিটু আৰু তাৰ প্ৰেমিকাই এইটোৱে বিচাৰে মই নিটুৰ লগত বিবাহ বিচ্ছেদ কৰাতো। যেনেকৈ নেহাই মেচেজত পঢ়িছিল। নেহাই সেইটোৱেই কৰিছিল যিটো সিহঁতি বিচাৰি আছিল। নেহাৰ নিটুক  ইমান সহজে এৰাটো উচিৎ নহব যেন লাগিছিল।/p>


নিটুক নেহাই কষ্ট দিব বিচাৰিছিল। নেহাই নিটুৰ অফিচৰ কৰ্মচাৰীবোৰৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। য'ৰ পৰা তাই ছোৱালীজনীৰ সম্পূৰ্ণ কথা জানিব পাৰিছিল আৰু এইটোও গম পালে যে সেই ছোৱালীজনীক নিটুৱে চাকৰিত সোমোৱায় দিছিল। সিহঁতৰ সম্পৰ্ক প্ৰায়ে ডেৰ বছৰৰ পৰা চলি আছিল। নেহাৰ কাৰণে এই সকলোবোৰ সহজ নাছিল । কিন্তু তাৰ পাছতো তাই কৰি আছিল। নেহাই যেতিয়াই বিচাৰে তাক ধৰা পেলায় লাজ দিব পাৰে । কিন্তু তাৰ পৰা একো নহ'ল হয়। দুয়োজনেই নেহাক ৰাস্তাৰ পৰা আঁতৰাই বিয়া পাতিব বিচাৰিছিল।নেহাই সেই ছোৱালীজনীৰ বহুত অনুসন্ধান কৰিছিল। তাৰ পাছত গ'ম পালে যে সেই ছোৱালীজনীৰ নিটুৰ প্ৰতি কোনো প্ৰেম নাই। বহুত ল'ৰা আগতেও তাইৰ জীৱনত আছিল। এতিয়াটো নেহাই এই সত্যটো নিটুৰ আগত অনাৰ চেষ্টা কৰি আছিল। এইটো অলপ কঠিন আছিল কিন্তু অসম্ভৱ নাছিল। নেহাই ছোৱালীজনীৰ প্ৰাক্তন প্ৰেমিকক লগ কৰিলে। তাৰ পাছত ফটো কেইখনমান পাইছিল আৰু তাই কাৰো নাম উল্লেখ নকৰাকৈ নিটুৰ নামত কুৰিয়াৰ পথাই দিলে । কাৰণ নেহাই জানিছিল যে  এই সকলোবোৰ তাই নিটুক নিজেই দিলে সি নামানিব। ইয়াৰ বিপৰীতে, সি তাইৰ ওপৰতহে অভিযোগ দি দিব। সেইকাৰণে নেহাই আন এটা পদ্ধতি গ্ৰহণ কৰিছিল আৰু সফল হৈছিল।নিটু আৰু ছোৱালীজনীৰ মাজত সেই ফটোবোৰ লৈ বহুত গালি পৰা পৰি আৰু কাজিয়া হৈছিল ।


তাৰ পাছত নিটুৱে তাইৰ কথাবোৰ সুধা সুধি কৰিছিল আৰু সকলো পোহৰলৈ আহিছিল। সেইবাবে নিটুৱে ছোৱালীজনীক এৰি দিলে। লাহে লাহে নিটুৰ মনোভাৱ নেহাৰ প্ৰতি সলনি হ'বলৈ ধৰিলে।কিন্তু এতিয়া নেহাই নিটুৰ সৈতে থাকিব নিবিচাৰিছিল। কাৰণ এতিয়া তাইৰ নিটুৰ ওপৰত কোনো বিশ্বাস নাছিল । যিটো নিটুক বিশ্বাস কৰি তাই সকলো এৰি আহিছিল। সি সলনি হৈছিল আৰু নিটুৱেও নেহাক এৰি আগবাঢ়ি কোনোবা বেলেগক বাচি লৈছিল। ইয়াৰ পৰা এইটো স্পষ্ট যে নিটুৰ এতিয়া নেহাৰ প্ৰতি কোনো প্ৰেম নাই। নেহাই চাকৰীৰ বাবে দুঠাইত সাক্ষাৎকাৰ দিছিল আৰু  দুয়ো ঠাইতে তাইৰ চূড়ান্ত বাচনি হৈছিল  আৰু এঠাইত তাই যোগদান কৰিবলৈ মন স্থিৰ কৰিছিল। তাৰ পাছত তাই নিটুক ক'লে যে তাই চাকৰি বাবে সাক্ষাৎকাৰ দিছিল আৰু তাই চাকৰি বাবে তেজপুৰ যাব লাগিব।অহা সপ্তাহত গৈ তাই তাত যোগদান কৰিব। এই কথা শুনি নিটুৰ খং উঠিল। তুমি কাক সুধি এই সকলোবোৰ কৰিলা আৰু কাক সুধি তুমি যোগদান কৰিব যোৱা। নালাগে ক'তো যাব।  তুমি ঘৰত এনেদৰে থাকা যেনকৈ মই ১০ বছৰ ধৰি খুৱাই আছো। তেনেকৈ আগলৈকে ও খাবা। কি অভাৱ আছে যাৰ কাৰণে তোমাক চাকৰি লাগে।  আজি নেহা শান্ত হৈ থাকিব নোৱাৰিল আৰু তাই চিঞৰি ক'লে, নিটু মই সকলোবোৰ এৰি তোমাৰ কাৰণে আহিছিলো। ঘৰত পৰি থাকি নহবা নিজক তোমাৰ কাৰণে সলাবলৈ নহয় আৰু  তোমাক সোধা কথা ইয়াত একো নাই । এতিয়াও মই তোমাক সোধা নাই কৈছোঁহে যে মই অহা সপ্তাহত যামগে  ।


কেৱল এই ঘৰৰ পৰাই নহয়, তোমাৰ জীৱনৰ পৰাও।মোৰ উকীলে তোমাক বিবাহ বিচ্ছেদৰ কাগজ প্ৰেৰণ কৰিব। মই চহী কৰি দিলো। নিটু মই তোমাক এৰি সিদিনা দিলো হয় যিদিনা তোমাৰ বেলেগৰ লগত সম্পৰ্ক কথা জানিছিলো। কিন্তু মই মোৰ মতে তোমাৰ পৰা আঁতৰিব বিচাৰিছিলো। নেহাৰ মুখৰ পৰা নিটুৱে এই কথাটো শুনি চক খাই উঠিল আৰু তাৰ চেহেৰাৰ ৰং সলনি হৈ গ'ল। তাৰ পাছতো সি নেহাক গালি দি কয়, কি বাজে কথা কৈ আছা নেহা ,নে তুমি তেজপুৰত বেলেগক বিচাৰি পালা। নিটুৰ এই কথাবোৰ শুনি নেহাৰ খং উঠিল আৰু জোৰেৰে এচৰ নিটুৰ গালত মৰি দিলে। তাৰ পাছত তাই তাৰ পৰা গুচি গ'ল। আগতে নিটুৱে নেহাৰ এই ৰূপ কেতিয়াও দেখা নাছিল। আজি নেহা নিটুৰ পৰা আঁতৰি বহুত সুখী হৈছিল। নেহাই অহা সপ্তাহত যোৱা কথা ভবাটো  বাদ দি আজিয়ে নিজৰ কাপোৰ ভৰাই ঘৰ এৰি হোটেললৈ গুচি গ'ল । কাৰণ তাই এতিয়া নিটুৰ লগত অকমানো সময় থাকিব নিবিচাৰে।

নেহাই হোটেলৰ ৰুমত গৈ নিজৰ উকীলক ফোন কৰি নিটুক বিবাহ বিচ্ছেদ কাগজখন দিব ক'লে আৰু সোনকালেই বিবাহ বিচ্ছেদ কৰোৱা কথা ক'লে। তাৰ পাছত কফি আনিবলৈ কৈ তাই শান্তিত বিচনাত শুই পৰে। আজি এই সিদ্ধান্ত বাবে নেহা বহুত আনন্দত আছে।হোটেলৰ কোঠাৰ ভিতৰতো তাই এনেকুৱা অনুভৱ কৰিলে যে তাই মুকলি বতাহত উশাহ লৈ আছে ।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

1 comment:

  1. জন্মতে লাভ কৰা গুণ সমূহ কোনো মানুহে জীৱনত পৰিহাৰ কৰিব নোৱাৰে । প্ৰেম বিবাহত এজন যুৱক থাকে আৰু এগৰাকী যুৱতী থাকে । আবেগৰ ফলত যুৱক যুৱতী এহালৰ প্ৰেম বিবাহ সম্পন্ন হ,'ব পাৰে ,এইটো অতি সহজ । বিয়াৰ পিছত যুৱক যুৱতী হালৰ নিজ নিজ গুণ বোৰ ওলাই পাৰিবই । দুজন মানুহৰ গুণ সমূহ বেলেগ বেলেগ । একমাত্ৰ সহ্য গুণ থাকিলেহে এজন লোকে অন্য এজন লোকৰ সৈতে একেলগে থাকিব পাৰে । বিয়াৰ পাছত এৰা ধৰা নকৰিলে বিয়া স্থায়ী নহয়।

    ReplyDelete

Advertisement

Pages