এজনী ধুনীয়া ছোৱালী মানৱিকা, তাই কলেজৰ পঢ়া শেষ কৰি, গৌৰৱৰ প্ৰেমত পৰিল। গৌৰৱ আছিল মাক দেউতাকৰ একমাত্র আজ্ঞাকাৰী সন্তান।গৌৰৱ বহুত বুদ্ধিয়ক লৰা আছিল। মানৱিকা আৰু গৌৰৱে, এজনে আনজনক পচন্দ কৰিছিল। দুয়োয়ে গ্ৰেজোৱেচন সম্পূর্ণ কৰাৰ পিছত, গৌৰৱে চহৰতে এটা কোম্পানিত চাকৰি কৰে আৰু মানৱিকাও চহৰতে ভাল চাকৰি কৰে। কিছু দিনৰ পিছত দুয়োয়ে সিদ্ধান্ত কৰিলে যে, এতিয়া ঘৰত বিয়াৰ কথা কবলৈ। কিন্তু সমস্যা এয়া আছিল যে দুয়ো বেলেগ বেলেগ সম্প্ৰদায়ৰ আছিল।
গৌৰৱৰ সমাজত প্ৰায়ে যৌতুক লৈছিল। যি নগদ হিচাপেও লৈছিল আৰু গহণা গাঁঠী, ভাল ভাল উপহাৰ আদি দিব লগা হৈছিল। গৌৰৱে, এই কথা মানৱিকাক ভালদৰে বুজালে যে, মানৱিকা, তুমি ঘৰৰ লোকক বুজোৱা। তোমালোকে যদি আমাৰ সমাজৰ কথা মানা, তেতিয়া তোমাক মোৰ মা দেউতাই বহু মৰমেৰে ৰাখিব। মানৱিকাই এই বিষয়ে নিজৰ মাক দেউতাকৰ কলে, কিন্তু তেওঁলোকৰ এই কথা পচন্দ হোৱা নাছিল। মানৱিকাৰ কিন্তু এই জিদ আছিল যে, গৌৰৱৰ ঘৰখনে বিচৰাবোৰ মানৱিকাৰ লগত দিলেহে গৌৰৱৰ ঘৰত মানৱিকাৰ সন্মান থাকিব। মানৱিকাৰ মাক দেউতাক সক্ষম আছিল যে, একো নিবিচাৰকৈয়ে, মানৱিকাক সকলো দিব পাৰিছিল। কিন্তু মানৱিকাৰ মাক দেউতাকক, এনে ধৰণে বস্তু বিচৰা লোকক পচন্দ নকৰিছিল। কিন্তু, তেওঁলোকে মানৱিকাৰ সুখী জীৱন বিচাৰিছিল। তেওঁলোকৰ এই ভয় আছিল যে, মানৱিকাই যাতে, নাভাৱে, মাক দেউতাকে তাইক একো দিব নিবিছাৰে। সেইবাবে তেওঁলোকে গৌৰৱৰ ঘৰৰ সকলো চৰ্ত মানিলে। বিয়াত গৌৰৱক টকা পইচা, সোণ, গাড়ী পৰ্যন্ত দিলে। লগতে মানৱিকাকো বহু বস্তু দিলে, লগতে গৌৰৱৰ পৰিয়ালৰ সকলোকে ভাল ভাল উপহাৰে উপচাই দিলে।
গৌৰৱ আৰু মানৱিকাৰ বিয়া বহু ধুম ধামেৰে হৈ গল। কিন্তু মানৱিকাৰ মনত দুখ হল যে, সম্প্ৰদায় বেলেগ হলেও মাক দেউতাকে তাইৰ বিয়া গৌৰৱৰ ঘৰৰ মতে সম্পন্ন কৰিলে। মানৱিকাই বিশ্বাস কৰিছিল যে, তাইক শহুৰেকৰ ঘৰত ছোৱালী কৰি ৰাখিব। তাইক সেয়াই মৰম দিব, যি তাইক মাক দেউতাকে দিয়ে। কাৰণ তাই শহুৰেকৰ ঘৰখনৰ সন্মান ৰাখিলে। মানৱিকাই নিজৰ ঘৰখনৰ পৰা বিদায় লৈ গৌৰৱৰ ঘৰলৈ আহিল। গৌৰৱৰ ঘৰখনত বহু নিয়ম আছিল। বোৱাৰীয়েকে নিজৰ মন পচন্দৰ মতে খোৱাৰ স্বতন্ত্ৰতা নাছিল। যিমানেই ভোক নালাগক কিয়, ঘৰৰ বোৱাৰী জনীয়ে, সকলোৱে খোৱাৰ পাছতহে খাব পাৰিব। আৰু ঘৰখনৰ পুৰুষৰ সন্মুখটো তাইৰ বহাৰ অনুমতি নাছিল। মানৱিকাই এই কথাত আপত্তি কৰিলে। কিন্তু ঘৰৰ কোনেও তাইৰ কথা নুশুনিলে আৰু গৌৰৱেও এনে কয় আঁতৰি গল যে, এয়া ঘৰৰ পৰম্পৰা হয়।
মানৱিকাৰ যি অলপ অহংকাৰ আছিল, সেয়া ভাঙি পৰিল। তেতিয়া তাইৰ নিজৰ মাক দেউতাকৰ কথা মনত পৰিল, যেতিয়া তেওঁলোকে তাইক বুজাইছিল, তেতিয়া তাই তেওঁলোকৰ লগত বহুত কাজিয়া কৰিছিল। মানৱিকাই ঘৰৰ সকলোৰে লগত কথা পাতিবলৈ সিদ্ধান্ত কৰিলে। মানৱিকাই, শহুৰ, শাহু আৰু গৌৰৱৰ লগত কথা পাতিলে, কিন্তু তেওঁলোকে কোনেও তাইৰ কথা নুশুনিলে আৰু তাইক বহুত মাৰ পিট কৰিলে। মানৱিকাই এনে ব্যৱহাৰ কেতিয়াও পোৱা নাছিল।মানৱিকাৰ ওপৰত ক্ৰমান্নয়ে শহুৰৰ ঘৰৰ শাৰিৰীক আৰু মানসিক অত্যাচাৰ বাঢ়ি গল। তেতিয়া তাই অনা যৌতুকৰ বাবে অহংকাৰ সকলো ভাঙি শেষ হৈ গল। মানৱিকাৰ, মাক দেউতাকৰ লগতো কথা পাতিবলৈ লাজ কৰিছিল। আৰু এনে দুবিধাৰ মাজতে, মানৱিকাই এদিন নিজকে শেষ কৰি পেলোৱাৰ সিদ্ধান্ত ললে,আৰু নিজৰ শুৱা কঠালীতে চিপ লৈ আত্মহত্যা কৰিলে।। মাক দেউতাকে যেতিয়া তেওঁলোকে কৰা ভুলৰ অনুভৱ কৰিলে, সময় থাকোতেই বুজা হলে, মানৱিকা আজি লগত থাকিল হয়।
যি লোকে যৌতুকৰ আশাত লৰাৰ বিয়া কৰোৱাই, তেওঁলোকৰ চিন্তা ধাৰা সকলো ফালৰপৰা সৰু হয়। যিয়ে নিজৰ পুতেকক নিলাম কৰিব পাৰে, তেওঁলোকে কত আনৰ ঘৰৰ ছোৱালীক নিজৰ ঘৰৰ ছোৱালী কৰি ৰাখিব পাৰিব। যৌতুক কেতিয়াও সুখৰ চাবি কাঠি হব নোৱাৰে। এই কথা সকলোৱে বুজিব লাগিব। এই যৌতুক প্ৰথাৰ গল্পত, মাক দেউতাকে নহয়, ছোৱালীজনীও যৌতুক দিয়া, লোৱাটো হয়ভৰ দিছিল। বহু বাৰ ছোৱালীজনীয়ে লগত অনা যৌতুকক লৈ অহংকাৰ হৈছিল। কিন্তু যি লোক লোভনীয় হয়, তেওঁলোক কেতিয়াও ভাল হব নোৱাঁৰে। এই কথা সকলোৱে বুজি উঠিব লাগে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment