অভিভাৱকৰ অমান্তিত বিবাহ হোৱাৰ পৰিণতি : Assamese story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 15, 2021

অভিভাৱকৰ অমান্তিত বিবাহ হোৱাৰ পৰিণতি : Assamese story

Assamese story

আজি ৰিয়া আনন্দত আত্মাহাৰা ! কিয়নো আজি সিহতৰ ঘৰত বিভাস আৰু মাক,দেউতাক আহিব | তাইৰ সপোন তাইৰ মৰমৰ বিভাস ! মন প্রান ভৰি ভালপায় বিভাসক ( Assamese story )| উৰি ফুৰে তাৰ লগত সপোনৰ দেশত ! তাইৰ সমানে বিভাসেও ভালপায় ৰিয়াক | সিহতৰ প্রেম ইমানে আগুৱাই গৈছে হয়টো  ইজনে সিজনক নাপালে আত্মাজাহ দিবলৈও সাজু !


তৰাৰ আজি মনটো যিমান ভাল লাগিছে তাতকে বেছি ভয় লাগিছে ! ছোৱালীৰ বিয়াৰ বয়স হ'ল | আজি ল'ৰা ঘৰৰ মানুহ আহিব| কিন্তু যদি তাইৰ নিচিনাকে ৰিয়াৰ অৱস্থা ও তেনেকুৱাই হয়! তাইৰ মনটো ভয়ংকৰ অতীতলৈ গুছি গ'ল |


এজন অধ্যাপকৰ ছোৱালী আছিল তৰা ! তাইৰ দেউতাকৰ সেই অঞ্চলত সুনাম আছিলে ! তৰাৰ প্রেমত পৰিছিলে একে গাওঁৰ ৰাজু | ৰাজু আৰু তৰাৰ প্রেম বহুত দুৰলৈ আগবাঢ়ি গৈছে | কেতিয়াবা নৈৰ ঘাটত কেতিয়াবা আকৌ চহৰৰ হ'লত |তেনেকে দুয়োৰে দিনবোৰ গৈ আছিলে |


- ৰাজু, মোৰ বিয়াৰ উপযুক্ত বয়স হ'ল |

- গম পাইছো তৰা |

- গম পাইছা মানে, মোৰ ঘৰত বিয়াৰ আলোচনা চলিছে ,,,,

- কি ! তুমি এতিয়া কি কৰিবা তৰা ?

- মই কি কৰিম আৰু ! তোমাক ভালপাওঁ তুমি যি বিছৰা তাকে কৰিম |

ৰাজুয়ে তৰাৰ ভৰিখনত খামুছি ধৰিলে |

- হেই, কি কৰিছা নাপায়,,,

- তৰা , তুমি মোক এৰি নাযাবা মই মৰি যাম

- নাযাওঁ বাবা, মই তোমাক এৰি কাৰো হব নোৱাৰো |

ৰাজু সৰু ল'ৰাৰ দৰে কান্দি তাইৰ কোচত সোমালে |


আজি তৰাহতৰ ঘৰখনত ৰাতিপুৱাৰ পৰাই সকলো ব্যস্ত | কিন্তু কিয় তৰাই যেন একো উমঘামে পোৱা নাই !


- মাজনী

- দেউতা

-আজি তোক চাবলৈ গুৱাহাটীৰ পৰা ল'ৰা এজন আহিব ! গতিকে তই সাজু হ'

তৰাৰ বকুখন কপি উঠিল ! সকলো গোপনে যে কিয় ?

- কিন্তু দেউতা !

- মই যানো মাজনী তই আচৰিত হৈছ ! মই ভাবিছিলো তোক এটা চাৰপ্রাইজ দিম ! ভাল ল'ৰা | সাংবাদিকতা কৰে ! মোৰ বন্ধুৰ ল'ৰা !

তাই ৰাজুৰ কথা কব খুজিওঁ থমকি গ'ল !

সময়ত বিশ্বজিত বৰা আহি পালে ! মানে তৰাক চাব অহা ল'ৰাজন ! ছোৱালী চালে তাৰও পচন্দ হ'ল ! এতিয়া বিয়াৰ প্রস্তুতি কৰাৰ হে কথা |

তৰাই তাইৰ বান্ধৱী মিতুৰ হাতত ৰাজুলৈ এখন পত্র দি পঠালে | নাই নাই তাই ৰাজুক কেতিয়াওঁ প্রতাৰনা কৰিব নোৱাৰে | কাৰন ৰাজু তাইৰ অবিহনে জীয়াই থাকিব নোবাৰে|

ৰাতি সকলো তোপনিত | খিৰিকীৰে তাই দেখিলে ৰাজু বাহিৰতে ৰৈ আছে |

তাই আৰু দেৰি নকৰিলে ! তাই যিমান পাৰি খৰকৈ কাপুৰ বোৰ বেগত ভৰাই ৰাজুৰ লগত পলাই গ'ল |

তৰাৰ ঘৰত হুলস্থুল | তৰা আৰু ৰাজু পলাই যোৱা কথাটো গাওঁত বিয়পি পৰিল | কথাটো শুনি তৰাৰ মাক কান্দোনত ভাগি পৰিল | 

- হেৰা, দুখ নকৰিবা, তাই আমাৰ একমাত্র সন্তান আছিলে | কি অভাৱ দিছিলো তাইক যি লাগে তাকে দিছিলো | কিন্তু তাই মোৰ মান-সন্মান সকলো শেষ কৰি পেলালে | তাইৰ কাৰনে নাকান্দিবা তুমি | মই তাইক ত্যাগ কৰি পেলালো | মই পাহৰি গলো যে মোৰ এজনী সন্তান আছিল |


যেতিয়া আপোন মানুহে

অচিনাকী হয়

তেতিয়া জীৱনৰ 

গতিপথ ৰুদ্ধ হয় ,,,,


কিছুদিন তৰা আৰু ৰাজু বাহিৰত থকাৰ পাছত নিজৰ আপোন ঘৰ খনলৈ উভতি আহিল | সময়বোৰ থিকে গৈ আছিল |ৰাজুৰ ঘৰখনেওঁ তৰাক অত্যাধিক মৰম কৰিছিল |মৰমৰ মাজত তাইওঁ পাহৰি আছিল তাইৰ মাক দেউতাকক |

তৰাই পদুলি মূৰত ৰৈ থাকোতে দেখিলে দেউতাক সিতো মূৰৰ পৰা আহি আছে | বহুদিনৰ মূৰত তাই দেউতাকৰ মুখ খন দেখিছে ! দেউতাকৰ মুখখন দেখোন শুকাই গ'ল !পাহুৱাল মানুহজন শুকাই লেৰেলা হ'ল| তাই দেউতাকক মাতিবলৈ আগ্রহৰে ৰৈ থাকিল !কিন্তু দেউতাকে তৰা ফালে নোচোৱাকে গুছি গ'ল !তৰাৰ বুকুখন খুন্দা মাৰি ধৰিলে !দেউতাকৰ তাইৰ প্রতি অভিমান দেখি |শৈশৱত দেউতাকে তাইক কিমান মৰম কৰিছিল !

সময়ৰ গতিত ৰাজু আৰু তৰাৰ জীৱনলৈ এজনী মৰম লগা কনমানি আহিল | নাম ৰাখিলে ৰিয়া ! 

গাওঁত মানুহৰ মাজত গুনাগথা আৰম্ভ হ'ল| তৰাৰ মাক-দেউতাকে হেনো গাওঁৰ ঘৰ-মাটি বিক্ৰী কৰি চহৰলৈ যাব ! কথা খিনি ৰাজুৰ কানত পৰিল ! সি ঘৰলৈ আহি তৰাক ক'লে,,

- তৰা

-কোৱা,,,

- তুমিটো মোৰ কাৰনে যৌতুক একো অনা নাই!

- ৰাজু তুমি এয়া কি কৈছা ?

- তুমি ঘৰত যোৱা ! আৰু মা-দেউতাৰ ওচৰত পৈতৃক সম্পওি দাবী কৰা ,,,

- এয়া অসম্ভৱ ৰাজু ! যি মা-দেউতাক এদিন মই মনোকষ্ট দি গুছি আহিছো মই এতিয়া তেওঁলোকৰ ওচৰত কেনেকে যাম ?

- তুমি যাবই লাগিব ! মোক যৌতুক লাগিবই

আচৰিত ! সময়ৰ কোবাল সোততহে মানুহৰ মুখাবোৰ খোল খাই ! তৰা ঘৰলৈ গ'ল !

-দেউতা,,,,

- হেৰা আমাৰ ঘৰত কোনোবা ভিক্ষাৰী আহিছে,ভিক্ষা অকমান দি পঠাই দিয়া !

তৰাৰ দেউতাকৰ কানত সিহতৰ ঘৰৰ কাজিয়াৰ সকলো কথাই পৰিছিলে !

- মোৰ ভুল হৈছিল দেউতা !

তৰাৰ দেউতাক বহাৰ পৰা উঠি ঘৰৰ দৰ্জাবোৰ বন্ধ কৰি দিছিলে !

তাই আকৌ দুখমনৰে ৰাজুৰ ঘৰলৈ আহিছিলে ! আৰম্ভ হৈছিলে যৌতুক বিছাৰি তৰাৰ ওপৰত অমানৱীয় অত্যাচাৰ ( Assamese story )|

- মই তোৰ পৈতৃক সম্পওিৰ হে প্রেমত পৰিছিলো তোৰ নহয় |

কথা খিনি শুনি ৰাজুলৈ তৰাৰ ঘৃনা উপজিল ! তাই আৰু কোনো কাৰনত ৰাজুৰ লগত থাকিব নোৱাৰে | প্রয়োজনত তাই ব্রহ্মাপুত্রত জাপ দিব |

- শুন ৰাজু ! তই কাপুৰুষ ! মোৰ লগত অভিনয় কৰি আছিলি ন ? আজিৰ পৰা তোৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই |

তৰাই ৰিয়াক বুকুত সাবতি গুছি আহিলে ৰাজুৰ ঘৰৰ পৰা |


টুকুৰা টুকুৰে

ভাগে সপোন

কিয়নো নামে

জীৱনত এন্ধাৰ


তাই শেষ বাৰৰ বাবে দেউতাকৰ ওচৰলৈ আহিলে | ন'হলে তাইৰ উপায় ও নাই |

তাইক দেখি মাকে কান্দি ভিতৰলৈ দৌৰ মাৰিলে !


- দেউতা,,,,

- ইয়াত কাৰো দেউতাক নাথাকে ! থাকে দুজন নি:সন্তান দম্পওি,,,,

- মোৰ ভুল হৈছে দেউতা,,,মই তোমাৰ মাজনী

- এই চিনাকী শব্দবোৰ মনত পেলাই মোৰ বকুত আঘাট হনাটো মই নিবিচাৰো,,,,

- মই মৃত্যুৰ দুৱাৰডলীত দেউতা,,,

- মৃত্যু হ'লে শ্মষানত নি জ্বলাই দিম !

- থিক আছে আহো দিয়া দেউতা,,,মই নিসংগ হৈ পৰিলো ! মোৰ কোনো নাই,,,,

তৰাই দেউতাকৰ কাষৰ পৰা এখোজ এখোজকৈ আতৰি আহিল ! শেষ হ'ল জীয়াই থকা হেপাহ ! তেনেতে কনমানি ৰিয়াই চিঞৰি চিঞৰি কান্দিব ধৰিলে !

- মাজনী

দেউতাকৰ মৰম লগা শব্দটোত তাই থমকি ৰ'ল ! এয়া কি দেউতাকে,,,,

- মই কোনোবা কেচুৱাৰ কান্দোন শুনিলো যে

- দেউতা, এয়া তোমাৰ নাতিনী,,,

- নাতিনী,,,মাজনী অ' এবাৰ তাইৰ মুখ খন দুৰ্ভগীয়া ককাক চাব দিবিনে ?

- দেউতা !

তৰাই দৌৰি আহি ৰিয়াৰ সৈতে বহুদিনৰ মুৰত দেউতাকৰ বুকুৰ মাজত সোমাল ! দেউতাকে তাইৰ হাতৰ পৰা ৰিয়াক কোচত ললে |

- হেই মাজনী, তাই দেখোন একেবাৰে তোৰ নিচিনা ! হেৰা শুনাছোন আমাৰ নাতিনী আহিছে,,,,

তৰাক দেউতাকে আগৰ দৰে মৰমৰে গ্রহন কৰিলে | তৰাহতে গাওঁৰ ঘৰমাটি বিক্রী কৰি আজিকালি চহৰতে থাকে | তৰাৰ মাক-দেউতাকৰ মৃত্যু হ'ল | তাই ৰিয়াৰ লগতে সকলো স্মৃতি বুকুত বান্ধি জীয়াই থাকিল |

- মা , মা

ৰিয়াৰ মাতত তৰাই স্বাভাবিক অৱস্থালে ঘূৰি আহিল |

- উম কোৱা,,,

- মা তেওঁলোক আহিপালে,,,

- এহ, কি কোৱা ৰবা মই ওলাই আহো,তুমি তেওঁলোকক বহিবলৈ দিয়া,,,,

তৰা ভিতৰত গ'ল ! তৰাই বিভাস আৰু তাৰ দেউতাকক বহিবলৈ দিলে !

- মাজনী তোমাৰ মা ?

বিভাসৰ দেউতাকে ৰিয়াক শুধিলে

- ৰব ! মা আহিব আপোনালোকক বহিবলৈ কৈছে |

- আৰু তোমাৰ দেউতা !

- মোৰ দেউতা নাই নহয় ! মা কোৱা মতে মই সৰু থাকোতে দেউতাৰ মৃত্যু হৈছে |

- অহ !

আপোনালোক বহক !মই চাহ কৰোগৈ |

- বিভাস বৰ সম্ভন্ত ঘৰ !

- হয় দেউতা !

তৰা ৰুমত সোমাই আহিল |

- আপোনালোক আহিলে,,,,,,

কিন্তু ভিতৰত বহি থকা মানুহজনক দেখি তৰাৰ চকু ডাঙৰ হ'ল |

- তুমি ! তুমি মোৰ ঘৰত কিয় আহিছা/p>

তৰাই চিঞৰি উঠিল |

ৰিয়া কোঠাত দৌৰ মাৰি সোমাই আহিল | 

- এয়া মোৰ দেউতা আন্টি |

বিভাসে তৰাক ক'লে,,,,

- মাজনী, এই বিয়া হব নোৱাৰে, এয়া অসম্ভৱ|

- বিভাস , ব'লা এই বিয়া কেতিয়াওঁ হব নোৱাৰে ! বিভাসৰ দেউতাকে বিভাসক একপ্রকাৰ টানি লৈ গ'ল |

সকলোবোৰ দৃশ্য দেখি ৰিয়া কান্দোনত ভাগি পৰিল | তৰাই ৰিয়াৰ মুৰত হাতবোলাই ক'লে|

- মাজনী, বিভাসৰ লগত অহা মানুহজনে তোৰ দেউতা !

তাৰমানে বিভাস ৰিয়াৰ ভাতৃ ! ছি:ছি: 

তৰাই ৰিয়াক সকলো কথাই ভাঙি কলে,তাইৰ ৰাজু নামৰ মানুহজনলৈ ঘৃনা উপজিল|তাৰমানে বিভাস ৰাজুৰ দ্বিতীয় পত্নীৰ সন্তান,,,,


প্রেম যদি অভিনয় হয়

হৃদয় মানেনো কি,,,

জীৱন যদি চলনা হয়

মৰম মানেনো কি,,,,


আজি ৰিয়া আৰু বিভাস শেষ বাৰৰ বাবে লগ হ'ল | দুয়োজনে দুয়োজনৰ মুখলৈ চাব পৰা নাই | ডাঙৰৰ কিছুমান ভুল সৰুৱে ভুগিব লগা হয় |

- তুমি মোক ক্ষমা কৰিবা,,,

ৰিয়াই বিভাসক কলে,,,

- তুমিও মোক ক্ষমা কৰিবা !

- জীৱন তৃষ্ণা আৰু নাই,, মই সিদ্ধান্ত লৈছো |মই বাহিৰত যাম ! যত মই অকলে থাকিম |নাই কোনো আশা আকাংক্ষা |

- তোমাৰ অবিহনে মোৰ জীয়াই থকাত বৰ কষ্ট হব |

- চেষ্টা কৰা মোৰ দৰে,,,, আহো দিয়া ভালকে থাকিবা,নিজৰ অকমান যত্ন ল'বা |

- যোৱা পাহৰি থাকিবা সকলো,,,

- বিদায়,,,,,,


আজি ৰিয়া দিল্লীলৈ যাবলৈ ওলাল ! এইবোৰ পাহৰি তাই তাতে কিবা কৰাৰ সিদ্ধান্ত ললে | ইয়াত থাকিলে তাইক সদায় স্মৃতিয়ে কন্দুৱাই থাকিব ! জীৱনৰ তৃষ্ণা আৰু তাইৰ নাই |

তৰাই জীয়েকক বিমান বন্দৰলৈ থব আহিলে|

ৰিয়াই মাকক মৰমৰে আলিংগন কৰিলে,,

- মা ভালকৈ থাকিবা,,

চকুপানীৰে বাত নেদেখা হ'ল তাই ! মাকৰ চকুৰ পচাৰতে উৰা মাৰিলে সুদূৰ দিল্লীলৈ |

তৰাই আজি বৰ নিসংগ অনুভৱ কৰিলে ! ৰিয়াক পঠাই তাইওঁ ভাগি পৰিলে | তাইওঁ যে হেৰাই পেলালে জীৱন তৃষ্ণা |


এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


- মাজনী, মোক ক্ষমা কৰিবা ! তুমি যতে নাথাকা মাত্র সদায় সুখী হবা ! মই তোমাক কেতিয়াওঁ কষ্ট দিব খোজা নাছিলো কিন্তু এয়া অজানিতে হৈ গল ! যিটো কেতিয়াওঁ মানি লব নোৱাঞঢ়ৰো |

চকুপানী মছি মছি তৰা শুই পৰিল |||


Assames love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages