নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৪৮) : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 15, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৪৮) : Assames story

       

Assamese Story

ভাতকেইটা খাই বাচন বৰ্তনকেইটা ধুই উৰ্মি বিচনাত উঠিল , পাহৰিবলৈ চেষ্টা কৰিয়ো মাকৰ কথাবোৰ পাহৰিব পৰা নাই উৰ্মিয়ে , বিচনাখনতে ইকাটি সিকাটি কৰি উৰ্মি কিছুসময় জুইত পুৰা মাছজনীৰ দৰেই ধৰফৰাই থাকিল ( Assamese Story )। ৰূমটোতে সোমাই থাকি উশাহ নিশাহ বন্ধ হৈ যোৱা যেন অনুভৱ হৈছিল উৰ্মিৰ । লাহেকৈ বিচনাখনৰ পৰা নামি গ'ল উৰ্মি..., বাহিৰৰ মুকলি বতাহজাক ভিতৰলৈ সোমাই আহিবলৈ ৰূমটোৰ খিৰিকীকেইখন খুলি দিলে উৰ্মিয়ে....। ফিৰফিৰীয়া বতাহজাক খিৰিকীৰে সোমাই আহিল ভিতৰলৈ...., বাহিৰৰ আকাশখনলৈ চাই পঠিয়ালে উৰ্মিয়ে...., নিশাৰ জোনটিয়ে তৰাৰ সৈতে ধেমালি কৰি পৃথিৱীখন পোহৰাই ৰাখিছে....., নিঃস্বাৰ্থ ভাৱে জোন তৰাই নিশাৰ আকাশখন পোহৰাই ৰাখিছে...., কিন্তু মানুহবোৰ কিয় ইমান স্বাৰ্থপৰ...? নাই নাই এইবোৰ ভাবি থাকি একো লাভ নাই.......! ৰাতিও বহুত হ'ল...., কথাবোৰ ভাবি একো সমাধান বিচাৰি নাপাই উৰ্মিয়ে ৰূমৰ খিৰিকীকেইখন জপাই লাহেকৈ বিচনাত উঠিল...,  বাগৰ সলাই থাকোঁতেই কেতিয়া যে ৰাতিপুৱাল উৰ্মিয়ে গমকে নাপালে..... চোতালত পৰি থকা গছপাতবোৰ বাঢ়নীডাল লৈ এফালৰ পৰা শাৰী নি পদূলিৰ একাষত দৌম কৰি দিলে...। নিৰায়ো লাহেকৈ উঠি আহিল..., হাতত ব্ৰাছডাল লৈ ৰাস্তাই ৰাস্তাই খোজ কাঢ়িলে নিৰাই.... , মাক খোজ কাঢ়ি আহে মানে উৰ্মিয়ে গাটো তিয়াই চাহ কৰিবলৈ পাকঘৰত সোমাল..., উৰ্মিৰ চাহ হয় মানে নিৰাও মুখখন ধুই  পাকঘৰলৈ সোমাই আহিল আৰু ফিল্টাৰটো খুলি পানী এগিলাচ উলিয়াই কেৰাহীকৈ চালে উৰ্মিলৈ..., একো মাত-বোল নকৰি ওলাই আহিল নিৰা , উৰ্মিয়েও কথাটো গুৰুত্ব নিদিলে...., চাহৰ কাপ দুটা হাতত লৈ উৰ্মি মাকৰ কাষলৈ গ'ল , শোৱনী কোঠাত মাকক নেদেখি উৰ্মি আগফালৰ বাৰাণ্ডালৈকে ওলাই গ'ল...., বাৰাণ্ডাৰ চকীখনতে বহি মুখৰ ভিতৰতে কিবা ভুৰভোৰাই আছিল নিৰাই , 

: মা , চাহ লোৱা...,  উৰ্মিয়ে চাহৰ কাপটো আগবঢ়াই দিলে নিৰালৈ । 

: উম...., দে.., 

: মা , মুখখন কিয় ইমান ফুলাই আছা...! নে মই ইয়াত থকাটো তুমি ভাল পোৱা নাই....? 

: মোৰ ভাল বেয়া বুলিবলৈ নো কি আছে...! তহঁতৰ  ভাল হলেই হ'ল....! মাজনী তোক কথা এটা সুধিবলৈ আছে....? 

: কি কথা মা..., কোৱাচোন....

: তোৰ আৰু মৃণালিনীৰ মাজৰ সম্পৰ্কটো বৰ ভাল নহয় নেকি....? 

: ভালেইটো..., কিয় সুধিলা মা...?

: আমি তহঁতৰ ঘৰলৈ যাবৰ দিনা তই মৃণালিনীক আমি যোৱাৰ কথা কোৱা নাছিলি নেকি...? 

: কৈছিলোঁ..., কিয় নক'ম মা...!

: কিন্তু মৃণালিনীয়ে দেখুন মোক কথাবোৰ অলপ বেলেগকৈ কৈছিল....?

: বৌ , তেনেকুৱাই ...., আৰু কিবা কৈছিল নেকি.....? 

: আৰু একো কোৱা নাই...., কিন্তু এইকেইদিন মৃণাৰ ব্যৱহাৰ দেখি মোৰ এনে অনুভৱ হৈছে... মৃণা ঠিকেই আছে..., তইহে......? 

: মা..., তুমি ভুল ভাবিছা , তুমি বৌক ভালকৈ লগ পোৱা নাই সেয়ে তেনেকৈ কৈছা ..., তুমি কিছুদিন আমাৰ লগত থাকিলে বুজি পাবা, কোন ভাল কোন বেয়া....,

: মোৰ আৰু বেলেগ কাম নাই..., কথা পাতি থাকোঁতেই হাতত কিবা টোপোলা এটা লৈ দীপু আহিল..., নিৰাই হাঁহি এটা মাৰি দীপুক মাত লগালে......  দীপু , কি পালি নো এইটো...? 

: প্ৰসাদ কেইটামান আনিছোঁ বৰমা.., 

: ক'ত পালিনো...? 

: দেউতাৰ সকাম এটা আছিল যোৱা ৰাতি..., বা পায়স অকণমানো আছে..., যা ভালকৈ চাহ অকণ বনাগৈ...., 

: মোৰ আৰু কাম নাই..., যা তয়ে চাহকন বনাগৈ । মই ৰূমকেইটা ঝাৰু দি লওঁ.... । ভেকাহি মাৰিলে উৰ্মিয়ে..., 

: কিয়নো তেনেকৈ কৈছ..., নিজৰ বুলিহে ৰাতিপুৱাই প্ৰসাদ কেইটা দিবলৈ আহিছে । তই নিদিয় যদি ময়ে চাহ কৰোগৈ....!

: মইনো কেতিয়া দীপুক পৰ বুলি কলো....! 

: বৰমা , মই বাক ধেমালি কৰিছোঁ । ৰ'ব , ময়ে চাহ কৰোগৈ... 

         টোপোলাটো হাতত লৈ দীপু পাকঘৰলৈ সোমাই গ'ল..., কাপটোৰে পানী তিনিকাপ হিচাপ কৰি চাহৰ চচটো তুলি , প্লেটত পাইসকণ উলিয়াই তিনিভাগ কৰিলে । চাহকন বাকি দীপু ওলাই আহিল বাৰাণ্ডালৈ..., বা..., চাহ ৰেডী । ভূজিয়া আছে যদি লৈ আন..., 

: পাকঘৰতে আছে চা-চোন..., ডাঙৰ টেমা এটাত সোমাই আছে... 

            খুচৰি খুচৰি দীপুৱে ভূজিয়া পেকেটটো বিচাৰি আনিলে আৰু পায়সৰ ওপৰত চটিয়াই দিলে..... খোৱাৰ যুতিবোৰ বৰ যান...! ভিনিহিয়েৰৰ নিচিনাই হ'লি...( Assamese Story )., 

: তইহে শিকাইছিলি..., ময়টো এইবোৰ নাজানিছিলোৱেই .....!

: হ'ব তহঁতে চুপতি মাৰি থাকিব নালাগে...., চাহকন খাই তই বায়েৰক ঘৰত থৈ আহগৈ....।

: বৰমা , বা দেখুন দুদিনমান থাকিম বুলি কৈছিল । 

: তাই ক'লেই হ'ব নে...! মানুহজনীহে ইয়াত মনটো ঘৰতে আছে....। গতিকে ইয়াত কন্দা কটা কৰি থকাতকৈ ঘৰতে হাঁহি মাতি থাককগৈ..., তই ৰেডী হগৈ...

: নালাগে দীপু , মায়ে যদি ইমানেই বেয়া পাইছে মই নিজেই গুচি যাম..., তই যাব নালাগে দীপু...  খঙেৰে কলে উৰ্মিয়ে

: কিন্তু বা...., 

: কোনো কিন্তু নাই , মই এতিয়াই ঘৰলৈ যামগৈ দীপু..... , মাৰ অসুবিধা হ'ব বুলিয়েই ভিনিহিয়েৰাই মোক ইয়াত থৈ গৈছিল..., মায়ে যেতিয়া মোক আৱৰ্জনা বুলি ভাবিছে মইনো ইয়াত থাকি কি লাভ....,  চকুৰপানী টুকি টুকি উৰ্মি ভিতৰলৈ সোমাই গ'ল....., কাপোৰ কানিবোৰ সামৰি বেগত ভৰাই খৰখেদা কৈ কাপোৰযোৰ সলাই মাকক মাত এষাৰ দি উৰ্মি ঘৰৰপৰা ওলাই আহিল...., উৰ্মিৰ পাছে পাছে আহিল দীপু ..... 

: .... বা , বৰমায়ে কোৱা কথাবোৰ তই নধৰিবিচোন......! তই যদি গুচি যাওঁ ভিনদেউৱে কি বুলি ভাবিব....? 

: চা... দীপু , মই এতিয়া সৰু হৈ থকা নাই..., অনি যোৱাৰে পৰা মায়ে মোক কথা শুনাই আছে..., মায়ে চাগৈ ভাবিছে সম্পত্তিৰ আশাত অনিয়ে মোক ইয়াত এৰি থৈ গৈছে ...., জান দীপু..., ভিনিহিয়েৰৰ সা-সম্পত্তি , গাড়ী মটৰ নাথাকিব পাৰে কিন্তু মৰম - স্নেহ , দয়া - মানৱীয়তা এইবোৰ একোৱেই অভাৱ নাই... , মোক এইখন ঘৰৰ ফুটাকৰি এটাও নালাগে..., মাক কৈ দিবি..., আৰু শুন...., মাক ভালকৈ চোৱাচিতা কৰিবি..., মাৰ কিবা অসুখ হ'লে মোক খবৰ দিবি...., আৰু তই যে কৈছিলোঁ বাগানৰ কথাটো , সেইটো মই সোনকালে কৰি দিম তই চিন্তা নকৰিবি , তই কাগজ পত্ৰবোৰ ৰেডী কৰি ৰাখিবি ...., কোনোবা এদিন আহি মই কামবোৰ কৰি থৈ যাম..., এতিয়া আহিছোঁ..... 

           পাছলৈ এবাৰো ঘূৰি নোচোঁৱাকৈ চকুলো টুকি টুকি উৰ্মি কো-কোৱাই গুচি গ'ল....., দীপুয়ো উভতি আহিল ঘৰলৈ । সি ভাবি থকা কথাবোৰ যেন বৰমাকে সহজ কৰি দিলে....., বিচনাখনতে পৰি দীপুৱে কথাবোৰ ভাবিবলৈ ধৰিলে...., মই যিটো ভাবি আছিলোঁ সেইটোৱেই হ'ল ..., বৰমায়ে ভালেই কৰিলে বাক পঠিয়াই দি...., এতিয়া বায়ে নিজ মুখেৰেই বাগানৰ কাগজ পত্ৰবোৰ মোৰ নামত তুলি দিম বুলি কৈছে..., এতিয়া মই কাগজ পত্ৰবোৰ সোনকালে ৰেডী কৰাহে কথা...., বায়েটো সম্পত্তিৰ ভাগ নিবিচাৰেই...., গতিকে কিবা এটা বুদ্ধি কৰি বৰমাৰ পৰা ঘৰৰ মাটিখিনি মোৰ নামত লিখাই ল'ব লাগিব..., তেতিয়া মই ঘৰ সজা টকাখিনিও চেভ হৈ যাব...., কথাবোৰ দেখুন মোৰ সপোন সপোন লাগিছে.....! সকলো সা-সম্পত্তি মোৰ হাতলৈ অহাৰ পাছত মই জীৱনটো নতুনকৈ সজাম...., আৰু বুঢ়া হ'লে বৰমায়ে যদি কিবা খেলিমেলি কৰে তেতিয়া বৃদ্ধাশ্ৰম নাইবা বাৰ ওচৰত থৈ আহিমগৈ...., বৰমায়ে আমাৰ লগত যিমান অন্যায় কৰিছিল মই সেই প্ৰতিটো অন্যায়ৰ হিচাপ ল'ম ......, তেনেতে তাৰ ফোনটো বাজি উঠিল..., উৰ্মিয়ে ফোন কৰিছে......, বায়ে আকৌ কিয় ফোন কৰিলে...., বা উভতি নাহে টো....! হে ভগৱান বা উভতি নাহিলেই হ'ল...., যদি বা উভতি আহে মোৰ সকলো সপোন শেষ হৈ যাব । দীপুৰ বুকুখন ধপধপাবলৈ ধৰিলে ভয়ে ভয়ে সি ফোনটো ৰিচিভ কৰিলে....

: হেল্ল'... বা , 

: দীপু , মই তোক কোৱা কথাবোৰ ভিনিহিয়েৰক কৈ নিদিবি , কথাটো ক'বলৈ পাহৰি গৈছিলো , সেয়ে ফোন কৰিলোঁ আৰু মাক কষ্ট নিদিবি....., কিবা কথাত যদি মাক কষ্ট দিয় ভগৱানে তোক কেতিয়াও ক্ষমা নকৰিব....., 

: ঠিক আছে বা , তই ঘৰ পাই ফোন কৰিবি....,

       ফোনটো কাটি দিলে দীপুৱে....... ভগৱান....! হা:...., হা:...., প্ৰাণখুলি হাঁহিলে দীপুৱে...., ঘৰৰ বেৰত ঠেকা খাই হাঁহিবোৰ বহু সময় প্ৰতিধ্বনিত হৈ থাকিল......,

    ক্ৰমশঃ.....
Assamese Story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages