নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৪৭) : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 14, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৪৭) : Assames story

       

Assamese Story

ছেঃ..., বৰ ডাঙৰ কথা হ'ল দেখুন...! ভবা মতেই যদি কামবোৰ নহয় ....., ভিনদেউৱে কেনেবাকৈ মোৰ কথাবোৰ গম পাইছে নেকি....( Assamese Story )? কথাবোৰটো মই কাৰো আগত প্ৰকাশ কৰা নাই ....! ভিনদেউ নথকা সময়তে বুদ্ধি এটা কৰি বাৰ পৰা কামটো কৰাই ল'ব লাগিব..., কথাবোৰ ভাবি থাকোতেই উৰ্মিয়ে মাত লগালে....

: দীপু , ঘাঁহ বন গজি বাগান দুখন হাবি হৈ পৰিছে , স্প্ৰে কৰিব লাগিছিল..., নহলে গৰু সোমাই চাহ গছবোৰ ভাঙিব....., 

: উম..., অহা সপ্তাহত স্প্ৰে কৰিম ভাবিছোঁ । 

: চাহগছবোৰ অলপ বুঢ়া হৈছে , সেয়ে পাত কমিছে , এইবাৰ এটা কাম কৰিবি দীপু , কোনোবা এটা চাইডত নতুন পুলি অলপ লগাব লাগিব । 

: কথাটো ময়ো তোক কম বুলি ভাবিছিলোঁ...! 

: নতুন বাগানখনৰ চিন্তা এতিয়া নকৰিলেও হ'ব..., কিন্তু এইখন প্ৰথম বাগান সেয়ে গছবোৰ বুঢ়া হৈছে । ব'ল এতিয়া নতুন বাগানলৈ...

: ব'ল বা , তই ৰাস্তালৈ ওলাই দে । মই বাইকখন লৈ গৈছোঁ । 

: ঠিক আছে তই আহ..., মই আগবাঢ়িছো... 

          শাৰী শাৰী সেউজীয়া চাহগছৰ মাজে মাজে উৰ্মিয়ে খোজ দিলে , বহু দিনৰ মূৰত মুকলি আকাশৰ তলত মুক্ত মনেৰে খোজ কাঢ়িছে উৰ্মিয়ে । দুই এটা চিনাকি মাত ভাঁহি আহি তাইৰ কাণত পৰিছে । চম্পা, চামেলি , উৰ্বৰ্শীহঁতৰ প্ৰাণচঞ্চল হাঁহিবোৰে উৰ্মিৰ মনটোক উভতায় নিছে সোণালী অতীতলৈ..., কিমান যে ৰঙীন আছিল সেই দিনবোৰ...., অতীতৰ কথাবোৰ ভাবি ভাবি লুংলুঙীয়া বাটটোৰে উৰ্মি বহুদূৰ আগুৱাই গ'ল , ফিৰফিৰীয়া বতাহজাকে ক'ৰবাৰ পৰা বনৰীয়া ফুলৰ সুবাস উৰুৱাই আনিছে । বাৰে বাৰে নাকত লাগিছে সেই ভেকেটা ভেকেত গোন্ধটো...., উৰ্মিয়ে এবাৰ ওপৰলৈ মূৰ তুলি চালে , গোন্ধটো যেন তাইৰ চিনাকি গোন্ধ, ক'ৰবাত বগৰী ফুলিছে , .... 

: বা ,উঠ .... বাইকখন গাৰ  ওচৰতে ৰখাই দিলে দীপুৱে । 

: তই মানুহ মাৰিবি দেই দীপু..., এইদৰে গাৰ ওচৰত কিয় বাইকখন ৰখাই দিছ....।

: তই ভয় খাই গলি তাৰমানে....! হ'ব উঠ এতিয়া..,

        উৰ্মি লাহেকৈ দীপুৰ বাইকত বহিল , দীপুৱেও বাইকখন লাহে লাহে আগুৱাই নিলে , বাগানখনত ওপৰে ওপৰে চকু ফুৰাই উৰ্মিহঁত ঘৰলৈ উভতি আহিল , সন্ধিয়া লগাৰ আগতেই উৰ্মি ঘৰ সোমালহি , কাপোৰ কেইটা সলাই গাটো তিয়াই উৰ্মি গোসাঁইঘৰত সোমাল , থাপনাৰ সন্মুখত চাকিগছ জ্বলাই মাকক মাত লগালে , উৰ্মিৰ মাতষাৰ শুনি নিৰা বাহিৰলৈ ওলাই আহিল....  

: আহিলি মাজনী....., ঘৰখন সচাঁকৈ বৰ উৰুঙা হৈ গ'ল অ'....! তই ওলাই যোৱাৰ পাছৰে পৰা মনটো বৰ বেয়া লাগি আছে..., দেউতাৰৰ মুখখনেই বাৰে বাৰে মনত পৰি আছে । 

: মা , মোৰো মনত পৰে দেউতালৈ কিন্তু কি কৰিবা , সত্যক স্বীকাৰ কৰাৰ বাহিৰে আমাৰ অন্য উপায় নাই...., তুমি আগফালৰ বাৰাণ্ডাতে বহা মই চাহ কৰি আনো । 

: ৰঙা চাহ এসোপা লৈ নাহিবি আকৌ , দিনটো গাখীৰ চাহ একাপ খোৱা নাই , ইমান আৰু বাছি খাই থাকিব নোৱাৰোঁ মই , গাখীৰ চাহকে আনিবি...

: ঠিক আছে মা , কিন্তু বাছি খালে তোমাৰ নিজৰ কাৰণেই ভাল...। 

          কথাষাৰ কৈ উৰ্মি পাকঘৰলৈ সোমাই গ'ল..., নিৰা বাৰাণ্ডাৰ চকীখনতে বহি দেউতাকৰ সৈতে কটোৱা মধুৰ স্মৃতিবোৰ সুঁৱৰি নীৰৱে উচুপি উঠিল..., হাতত চাহৰ কাপদুটা লৈ উৰ্মি ওলায় আহি মাকৰ কাষতে বহিল , .....মা , চাহ লোৱা । 

: উম..., দে 

: মা , তুমি নহলে মোৰ লগতে ওলোৱা , দুদিনমান আমাৰ ঘৰতে থাকিবা , মনটো ভাল লাগিব তোমাৰ..। 

: কিন্তু ঘৰখন এৰি যাবলৈ মন নাযায় , এই ঘৰখনৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে । 

: মা , কেইদিনমানৰ বাবেহে তুমি মোৰ লগত থাকিবা , তুমিটো সদায়ে ইয়াতেই থাকিবা ..., 

: মাজনী , মোৰ বাবে তহঁতৰ সংসাৰত যাতে আঁউল নালাগে সেইটো মন কৰিবি । অনিক এৰি তই যদি ইয়াত থাকি বেয়া পাইছ তই যাবগৈ পাৰ । মোৰ একো অসুবিধা নহয় , দীপু আছে নহয়...

: মা , মোৰ একো অসুবিধা হোৱা নাই , তুমিহে কথাটো ভুলকৈ বুজিছা । 

: তোক আৰু এটা কথা কওঁ শুন মাজনী...., দেউতাৰৰ বাগান দুখনৰ এখন দীপুৰ নামত উঠাই দিম বুলি ভাবিছোঁ । তেতিয়া জীৱনৰ বাকী দিনকেইটা সিয়ে মোক পতিপাল কৰিব..., 

: মা , তুমি এইবোৰ কি কৈছা , 

: মই বহুত ভাবি চিন্তিহে কথাটো কৈছোঁ । দেউতাই সেই সুবিধাকণ তহঁতকেই দিছিল , তহঁতে সুবিধাকণ গ্ৰহণ কৰিব নোৱাৰিলি যেতিয়া সেইকন সুবিধা দীপুক দিয়াই ভাল হ'ব । তই চিন্তা নকৰিবি এখন বাগান তোৰ নামতেই ঠাকিব , সেইখনৰ ওপৰত তোৰ সম্পূৰ্ণ অধিকাৰ আছে , তোৰ যি ইচ্ছা তই কৰিব পাৰিবি । কথাবোৰ অনিক কৈ দিবি । 

: এখন বাগান মোৰ নামত ৰাখিনো কি লাভ হ'ব মা..., সেইখনো দীপুকেই দি দিবা । ধন সম্পত্তিৰ প্ৰতি মোৰ কোনো মোহ নাই , সেয়ে মই অনিৰ দৰে ল'ৰা এটাৰ লগত বিয়া হ'ব পাৰিছোঁ । তুমি ভবাৰ দৰে সা- সম্পত্তিয়ে সৰ্বস্ব নহয় মা.., মৰম - স্নেহ ভালপোৱা এইবোৰ সা-সম্পত্তিতকৈ বহুত উৰ্দ্ধত । যিবোৰ বস্তু তোমাৰ ওচৰত নাই সেইবোৰ বস্তু অনিৰ ওচৰত আছে । যাৰবাবে মই সুখী হ'ব পাৰিছোঁ । তুমি মনত দুখ পাবা বুলি কথাবোৰ নকওঁ বুলিয়েই ভাবিছিলোঁ ...! কিন্তু তুমি যেতিয়া সকলোবোৰ কথা স্পষ্টকৈ কৈ দিলা , সেয়ে ময়ো মনৰ কথাবোৰ কৈ দিলোঁ বেয়া নাপাবা....।  থোকা থুকিকৈ কথাকেইটা কৈ উৰ্মি ভিতৰলৈ সোমাই গ'ল আৰু হাতত মোবাইল ফোনটো লৈ দেউতাকৰ ৰূমটোতে সোমাই দুৱাৰখন জপাই দিলে আৰু দেউতাকৰ বিচনাখনতে পৰি উচুপি উচুপি কান্দিলে উৰ্মিয়ে....., যি জনী মায়ে দীপুক বাগান দুখন চাবলৈ দিম বুলি কওঁতেই জাঙুৰ খাই উঠিছিল , সেইগৰাকী মানুহে দীপুৰ নামত বাগান লিখি দিব পৰা হ'ল....! অ'..... দীপুৱে মাক চোৱা চিতা কৰিছিল বাবেই মায়ে দীপুৰ হাততেই ভৱিষ্যতটো সুৰক্ষিত হ'ব বুলি ভাবিছে....., ইমান স্বাৰ্থপৰ হ'ব পাৰে নে মানুহবোৰ...., মায়ে যে এনেকুৱা কিবা এটা কৰিব মই সপোনটো ভবা নাছিলোঁ...., মই কথাবোৰ অনিক ক'বই লাগিব...., চকুৰপানীবোৰ মোহাৰি উৰ্মিয়ে অনিলৈ ফোন কৰিলে....., 

: হেল্ল'... অনি ...

: উম...., কোৱা উৰ্মি....( Assamese Story )? 

: মই কালিলৈকে ঘৰলৈ যামগৈ..., 

: কিয় উৰ্মি...? 

: মায়ে কি কৈছে জানা....! বাগান এখন বোলে দীপুৰ নামত কৰি দিব......., 

: কি...? মায়ে তেনেকৈ কৈছে....?

: উম... সেইটো কথাত মই বেয়া পোৱা নাই অনি...,
বেলেগ কথা এটাতহে দুখ লাগিছে ....

: আৰু কি কলে মায়ে....? 

: কথাটো শুনিলে তোমাৰ খং উঠে নে দুখ লাগে মই নাজানো...! মোৰ কিন্তু বৰ দুখ লাগিছে অনি.... মায়ে কৈছে...... " মোৰ বাবে তহঁতৰ সংসাৰত যাতে আঁউল নালাগে সেইটো মন কৰিবি । অনিক এৰি তই যদি ইয়াত থাকি বেয়া পাইছ তই যাবগৈ পাৰ । মোৰ একো অসুবিধা নহয় , দীপু আছে নহয়..."  মায়ে এনেকৈ ক'ব বুলি কেতিয়াও ভবা নাছিলো অনি...., মই বহুত কষ্ট পাইছোঁ ।  কথাবোৰ কৈ আকৌ উচুপি উঠিল উৰ্মি...

: দুখ নকৰিবাচোন উৰ্মি...! মাৰ মনটো খেলিমেলি হৈ আছে সেয়ে তেনেকৈ কৈছে । 

: নহয় অনি..., মায়ে চিৰিয়াছলি কৈছে কথাবোৰ...., দীপুৱেই  মাক কিবা এটা কৰিলে, নহলে মায়ে কেতিয়াও এনেকৈ নকয়...!

: সেইবোৰ তোমাৰ ভুল ধাৰণা উৰ্মি...., মা'টো সৰু ছোৱালী নহয় দীপুৰ কথামতে চলিবলৈ....

: তুমি কি বুজিবা অনি ...? লাভ লোকচানৰ হিচাপ মায়ে বৰ ধুনীয়াকৈ কৰিব জানে । 

: হঠাৎ যিকোনো সিদ্ধান্ত নলবা উৰ্মি..., হাজাৰ হলেও সেয়া তোমাৰ মা..., তুমি যদি কালিলৈকে ঘৰলৈ ঘূৰি আহাঁ মানুহে তোমাকেই মূৰ্খ বুলি ক'ব..., ধৈৰ্য ধৰা উৰ্মি..., মায়ে কথাবোৰ আৱেগত কৈছে..., মই ঘৰলৈ গুচি অহাটো মায়ে হয়টো ভাল পোৱা নাই । 

: হ'বও পাৰে , 

: সেয়ে কৈছোঁ তুমি দুদিনমান মাৰ লগত থাকা , সকলো  ঠিক হ'লে মই নিজেই গৈ মাক কথাবোৰ কৈ লৈ আহিমগৈ । 

: মই সেই দিনটোলৈ অপেক্ষা কৰিম...., তুমি কথাবোৰ দাদাক কৈ নিদিবা । দাদায়ে কথাবোৰ গম পালে বৰ বেয়া কথা হ'ব..., 

: উৰ্মি , তুমি সেইবোৰ চিন্তা নকৰিবা..., তুমি এতিয়া মাক আগতকৈ বেছিকৈ যত্ন ল'বা , তোমাৰ ব্যৱহাৰৰ পৰা মায়ে যাতে অনুভৱ কৰে তুমি মাক বহুত ভাল পোৱা..., 

: মইনো মাক কেতিয়া অৱহেলা কৰিলোঁ অনি...! তুমি যেন তেনেকৈ ক'লা..., 

: তুমিয়ো যে আৰু....! কেতিয়াবা কথাবোৰ সৰু লৰা- ছোৱালীৰ দৰে কোৱা । সেয়ে মোৰ খং উঠে...,  অলপ খঙেৰে কলে অনিয়ে..

: হ'ব দিয়া , তুমিয়ো মোক বুজি নাপালা অনি..., 
তুমি অন্ততঃ মোক বুজি পাবা বুলি ভাবিছিলোঁ । তুমিও সলনি হোৱা যেন লাগিছে অনি...

: উসঃ.... ৰাম .....! এনেয়ে মোৰ মূৰটোৱে কাম কৰা নাই , তাতে আকৌ তুমি এইবোৰ কথা কৈ দিছা...., হ'ব দিয়া এতিয়া মন মাৰি থাকিব নালাগে । মাৰ লগত অলপ কথা পাতাগৈ । কিন্তু মাৰ লগত সহজ হৈয়ে কথা পাতিবা । 

: ঠিক আছে দিয়া , এতিয়া ৰাখিছোঁ । ভালকৈ থাকিবা । 

          ফোনটো কাটি দিলে উৰ্মিয়ে , নিৰায়ো ভিতৰলৈ সোমাই আহিল.... তই যে দুৱাৰখন মাৰি ভিতৰত সোমালি কি হ'ল আকৌ.....

: একো হোৱা নাই মা , দেউতালৈ বৰকৈ মনত পৰিছিল সেয়ে দেউতাৰ বিচনাখনতে শুই শুই সৰুকালৰ কথাবোৰ মনত পেলাই আছিলোঁ । 

: তই সঁচাকৈয়ে কৈছ নে....? 

: তোমাক নো বাৰু মই মিছা কথা কম নে...! 

         শোকটোৱে খুন্দা মাৰি ধৰিছিল উৰ্মিক । কোনোৰকম চকুৰপানীখিনি বাধা দি তাই পাকঘৰলৈ সোমাই গ'ল....., উৰ্মিৰ কথাবোৰ নিৰাই বিশ্বাসত ল'ব পৰা নাছিল । নিৰাই মনে মনে উৰ্মিক নিৰীক্ষণ কৰিবলৈ ধৰিলে । মাকৰ ব্যৱহাৰ দেখি উৰ্মিয়ো আচৰিত হৈছিল...., কিয় মায়ে এনেকুৱা কৰিছে...! কেনেবাকৈ মৃণালিনী বৌয়ে মাক কিবা বুদ্ধি শিকাই থৈ যোৱা নাইটো...? ক'ব নোৱাৰি বৌৰ যিহে স্বভাৱ মোৰ লগত ভাল হৈ থাকি.... মাৰ মূৰত কিবা এটা সুমুৱাই থৈ গ'ল....! কথাবোৰ ভাবি থাকোতেই নিৰা সাউৎকৈ পাকঘৰলৈ সোমাই গ'ল....,   পাচলি কেইটা ময়ে কাটি দিওঁ দে....

: নালাগে মা....., মই পাৰিম । তুমি টিভি চোৱাগৈ...

: মই এতিয়া সুস্থ হৈছোঁ নহয় । পাচলি কেইটা কাটি দিব পাৰিম । এইটো সময়ত তইহে ৰেষ্টত থাকিব লাগে...., যা আজি ভাত কেইটা ময়ে ৰান্ধিম । 

       জোৰ কৰি উৰ্মিক পাকঘৰৰ পৰা উলিয়াই পঠিয়ালে নিৰাই । মাকৰ তেনে ব্যৱহাৰে উৰ্মিক চিন্তিত কৰি তুলিলে । 

      ক্ৰমশঃ
Assamese Story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages