জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ১৫) : Assamese love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 13, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ১৫) : Assamese love story

       

Assamese love story


সময় ৯ বাজিল । হিল্লোলে অফিচলৈ যাবলৈ ওলাই আহি ব্ৰেকফাষ্ট কৰিব ডাইনিংত বহিল  ( Assamese love story )। পিছে পিছে জোনাকো আহি বহিল । নিশাই ব্ৰেকফাষ্ট সাজু কৰি দি গল । 
-বাহ, বোৱাৰী বঢ়িয়া বনাইছা । লুচি এখনত কামোৰ মাৰি হিল্লোলে কলে যদিও জোনাকে একো নকলে । কিছু সময় পিছত সি উঠি গল । নিশাও তাৰ পিছে পিছে গল যদিও সি তাইক একো এটা নোকোৱাকৈ গৈ গাড়ীত বহিল । তাই আকৌ উভতি আহিল প্ৰভাৰ বুজিব বাকী নাথাকিল জোনাকৰ অগ্ৰাহ্যৰ কথা ।
   হিল্লোল আৰু জোনাক যোৱাৰ পাছত অইনদিনাৰ দৰে আজি ঘৰখন নিমাওমাও হৈ থকা নাই । প্ৰভাৰ দিনটো আজি নিশাৰ লগতে ভালদৰে পাৰ হল । গধূলি সময় । জোনাক অফিচৰ পৰা আহি তাৰ ৰুমত সোমাল । নিশাই এগিলাচ পানী আনি তাক আগবঢ়াই দিলে সি ৰূমৰ পৰা ওলাই আহিল । নিশাৰ হাতৰ পৰা গিলাচটো সৰি পৰিল । 
-মা মা?? 
-কি হল বাবা?? 
-পানী দিয়া ।
-নিশিতা নিশিতা 

-পানী মই তোমাক খুজিছো মা ।
কিছু সময় পিছত চকু মুখ মোহাৰি নিশা ওলাই আহিল ।
-কি হল মা? 
-জোনাকক পানী এগিলাছ আনি দিয়া ।
জোনাক উচাট মাৰি নিজেই ৰান্ধনী শাললৈ গল ।
ক্ৰমশ ৰাতি গভীৰ হৈ আহিল । অইন দিনাৰ দৰে আজিও জোনাক ড্ৰয়িং ৰুমত শুলে । আৰু নিশা বিচনাত পৰি চটফটাই আছে । হয়তো মাক দেউতাকে ভাবিছে তাইক এখন উচ্চ ঘৰত বিয়া দিছে আৰু তাই তাত ৰাণীৰ দৰে আছে । হয়তো এয়া তাইৰ ভাগ্য। তাই মাক দেউতাক, শাহু শহুৰেকক তাই কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে । যাৰ বাবে তাই হাঁহিৰ আঁৰত অন্তৰখন লুকাই অভিনয় কৰি যাব ।
     ঘৰুৱা কাম কাজ সামৰি জোনাক আৰু হিল্লোল অফিচলৈ যোৱাৰ পাছত প্ৰভা ও আজি ন বোৱাৰীক ঘৰত থৈ অলপ ওলাই গল । নিশাই জোনাকৰ চাৰ্ট কেইটামান ধুই আনি চোতালত তৰি দি থাকোতে জোনাক আহি সোমাল  ( Assamese love story )।
-আপুনি কিয় ইমান কষ্ট কৰিব লাগে মাক ধুব দিলেই হলহেঁতেন ।
-মা নাই ওলাই গৈছে ।

-তেন্তে আজি ধুই নিদিলেই হলহেঁতেন ।
জোনাক ঘৰৰ ভিতৰলৈ সোমাই গল । নিশাৰ বুকুখন বিষাই গল।কোনোমতে তাই কাপোৰ কেইটা তৰি দি ভিতৰলৈ গল । 
জোনাকৰ কোঠা । বিচনাত বহি সি মবাইলটো টিপি আছে । নিশা সোমাই আহিল । আৰু সি বহাৰ পৰা উঠি গল । নিশা বজ্ৰপাত পৰা মানুহৰ দৰে হল । হে ভগৱান এয়া কি হবলৈ গৈ আছে? কিহৰ বাবে মোৰ জীৱনত এনে হল? কত ভুল হয় গল মোৰ?? 
ক্ৰমশ দিনবোৰ যাবলৈ ধৰিলে । প্ৰতিটো দিনেই জোনাকে কিবা নহয় কিবা কথাত আঘাত কৰি গল । আজি সিহঁতৰ বিয়া যোৱাৰ ২০ দিন হল । তাই ঘৰলৈ এবাৰো যোৱা নাই । জোনাক আৰু তাইক মাক মাতি পঠিয়ালে । হিল্লোল আৰু প্ৰভাই দুদিনৰ বাবে যাবলৈ অনুমতি দিছে। তাই  ৰাতি গাৰু নিব আহোতে জোনাকক কলে 
-শুনকচোন ।
-কওক ।
-কাইলৈ আপোনাক আৰু মোক আমাৰ ঘৰলৈ মাতি পঠিয়াইছে ।
-মই যাব নোৱাৰিম 
---আপুনি নগলে মইনো অকলে কত যাম ।
-আপুনি যায় নাযায় সেয়া আপোনাৰ ।জোনাক ওলাই গল নিশা কান্দোনত ভাগি পৰিল ।
   অইন দিনাৰ দৰে আজিও জোনাকে শোৱাৰ পৰা উঠি গৈ দুৱাৰত টোকৰ মাৰিলে আৰু কিছু সময় পিছত দুৱাৰ খোল খালে । জোনাক সোমাই গল । এই সকলোবোৰ দূৰৰ পৰা হিল্লোলে চাই আছে । তাৰ বুজিব বাকী নাথাকিল যে জোনাকে এতিয়াও যে নিশাক পত্নীৰ মৰ্যদা দিয়া নাই সেই কথা ।
ক্ৰমশঃ

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages