নিৰ্মালিয়ে ঘৰৰ ইটো সিটো কামত ব্যস্ত হৈ আছে | ঘৰ খনৰ সকলো কাম তাইয়ে কৰিব লাগে | নকৰিলে তাইৰ ওপৰত মাহীমাকে কৰে নিৰ্মম অত্যাচাৰ ( Assamese story )| আজিলৈকে তাই সকলো সহ্য কৰি গৈ আছে | তাইৰ চাৰিবছৰ নহওঁতে হেনো তাইৰ মাকৰ মৃত্যু হৈছিল | তাইক মাতৃৰ অভাব কেতিয়াও আইতাকে অনুভব কৰিব দিয়া নাছিলে | সদায় তাই আইতাকৰ বুকুৰ উম লৈ তোপনি গৈছিল | এদিনা খন তাইৰ দেউতাকে বিয়া পতাৰ সিদ্ধান্ত ল'লে |
কথামতে কাম | এদিনাখন নিৰ্মালি মাহীমাক আহি ঘৰ সোমালেহি ! সময়বোৰ থিকে গৈ আছিল | কেইদিন মান কনমানি নিৰ্মালিক মাহীমাকে থিকে মৰম কৰিছিলে | কিন্তু সময়ৰ ব্যৱধানত মাহীমাকৰ এটি ছোৱালী সন্তান জন্ম পালে | সেয়াই যেন নিৰ্মালীৰ জীৱনৰ সংঘাটৰ আগজাননী | এজনী ফুলকুমলীয়া ছোৱালীক কাম কৰাৰ বাবে মাহীমাকৰ কঠোৰ নিৰ্দেশ | কাম নকৰিলে তাইৰ দেহত পৰে এচাৰিৰ কোব | সকলো সহ্য কৰাৰ বাহিৰে যেন তাইৰ একো উপায় নাছিল | বয়সৰ লগে লগে এদিনা খন তাইৰ মৰমৰ আইতাকেও বিদায় মাগিলে পৃথিৱীৰ পৰা |তাই এতিয়া অকলসৰীয়া | জয়াল হাবি এখনৰ হিংস্র জন্তুবোৰৰ মাজত তাই অসহায় |
- আপোনাক কথা এটা কব লাগিছিলে,,,
মাহীমাকে তাইৰ দেউতাকক কিবা কব খুজিছে | কথা খিনি তাইৰ কানত পৰিলে |
- কি কোৱা,,,,
- আপুনি নিৰ্মালিক কিন্তু আৰু মৰম কৰিব নোৱাৰিব | কাৰন ছায়া হে আপোনাৰ সন্তান
ছায়া নিৰ্মালিৰ মাহীমাকৰ ছোৱালীজনী | মানে তাইৰ ভন্টী |
- হব | মই আমাৰ ছায়াকে মৰম কৰিম | তুমি চিন্তা নকৰিবা |
নিৰ্মালিৰ বুকুখন কপি উঠিল | কেনেকে এজন মানুহে নিজৰ সন্তানৰ মাজত স্বাৰ্থ কৰিব পাৰে ! কি তাৰমানে ? এয়া তেওঁৰ পত্নীৰ প্রতি থকা সিমাহীন দুৰ্বলতা |
চাওঁতে চাওঁতে নিৰ্মালি আৰু ছায়া গাভৰু হ'ল | ছায়াই নিৰ্মালিক বহুত ভালপায় | কিন্তু মাকৰ বাবেহে তাই নিৰ্মালিৰ লগত ঘনিষ্ঠ হব নোৱাৰে |
নিৰ্মালিৰ আজি গা বেয়া | তাইৰ বহুত জ্বৰ |সেয়েহে তাই দিন দুপৰলৈ শুই আছে |
- ঐ নিৰ্মালি তই শুই থাকিবি নে ঘৰৰ কামবোৰ কৰিবি ? আমি আটায়ে মাৰ ঘৰত যাম | ঘৰ খন চাবি আজি |
- মা মোৰ গাটো বহুত বেয়া,,, মই উঠিবই পৰা নাই অ মা,,,,
- উঠিব পৰা নাই ! নে ঘৰৰ কাম কৰিব লাগিব বুলি নাটক কৰিছ…ৰহ !
মাহীমাকে পানী এবাল্টি আনি তাইৰ বিছনাতে ঢালি দিলে,,,,
তাই উঠিবলৈ বাধ্য হ'ল | অসুস্থ দেহাৰে ঘৰৰ কামবোৰ কৰি কৰি ভাগৰি পৰিল |
মাহীমাক হত গ'লগৈ | তাইৰ শুবলৈ বৰ মন গৈছিল | কিন্তু কি কৰিব ঘৰৰ বাকিবোৰ কোঠালিৰ তলা বন্ধ | তাইৰ বিছনা খন তিতি আছে | তাই বাহিৰতে বহি আছিলে | কিন্তু তাইৰ মূৰটো আছান্দ্রাই কৰিব ধৰিলে | তাই মূৰ ঘূৰাই পৰি গল |
একে গাওঁৰে ৰিদীপ সেইপিনে আহি আছিলে| সি দেখিলে নিৰ্মালি চোতালত পৰি আছে |
- নিৰ্মালি বা,,, নিৰ্মালি বা তুমি নামাতা কিয় কি হৈছে তোমাৰ !
তেনেতে গাওঁৰ হৰিৰ ঘৈনীয়েকে দেখিলে ৰীদিপে নিৰ্মালিৰ মূৰটো তাৰ উৰুৰ ওপৰত তুলি কিবা কৈ আছে |
দেখা মাত্রকে তাই চিঞৰিব ধৰিলে |
- ৰাইজ সকল ওলাই আহকচোন ! ছ : ছি : কি দিনকাল আহিল ঔ ! ঐ তোৰ মৰম কৰিব মন আছে ভিতৰত কৰ | এই বাহিৰতে ছি:ছি:,,,,,
তেনেতে গাওঁৰ মানুহৰে নিৰ্মালিৰ ঘৰ ভৰি পৰিল |
- ৰাইজ আপোনালোকে ভুল নুবুজিব | নিৰ্মালি বা বাহিৰত পৰি থকা বাবেহে মই,,,,
- মিছা কথাঁ | অ বোপাই তই কি কৰিছ মই সকলোবোৰ দেখিছো | তাই বেতি এতিয়া ভাওঁ জুৰিছে |
হৰিৰ ঘনীয়েকে এইবাৰ তেনেকে কলে |
গাওঁত ডাঙৰ বিছাৰ বহিল | বিছাৰত নিৰ্মালিৰ মাক দেউতাক সকলো আহিল | কিন্তু আজিনো তাইৰ আৰু ৰিদীপৰ কথা কোনে শুনিব | ৰিদীপ তাইৰ ভাতৃৰ দৰে আছিল | কিন্তু সমাজে যি বদনাম দিলে কেনেকে হজম কৰিব সিহতে |
বিছাৰৰ শেষত গাওঁৰ গাওঁবুঢ়াই ৰায়দান পাঠ কৰিলে |
- শ্রদ্ধেয় ৰাইজ, আমি বিচাৰ খোচাৰ কৰি গম পালো সকলো ভুল নিৰ্মালিৰ | ৰিদীপ সৰু ল'ৰা | তাই তাক প্রেমৰ জালত পেলাইছিল |সেয়েহে আমি তাইক গাওঁৰ পৰা বহিস্কাৰ কৰিলো |
কি নিষ্ঠুৰ সমাজ | এজনী অসহায় মহিলাৰ ওপৰত কি কঠোৰ নিৰ্দেশ |
- ৰাইজ, মই নিৰ্দোষী আপোনালোকে মোক ভুল বুজিছে | মোৰ কথা খিনি আপোনালোকে কিয় বিশ্বাস নকৰিলে,,,,
- ৰাইজ এই অপবিত্র নাৰীজনীক নামঘৰৰ পৰা বাহিৰ কৰি দিয়ক |
গাওঁবুঢ়াৰ নিৰ্দেশৰ লগে লগে গাওঁৰ ডেকা-বুঢ়াই নিৰ্মালিক ছুলিত ধৰি ছোচৰাই বাহিৰ কৰি দিলে |
আচৰিত নিৰ্মালিৰ দেউতাক আৰু মাকে কোনোধৰনৰ তাইৰ সপক্ষে মাত নামাতিলে |
নিৰ্মালি কান্দি কান্দি মাক দেউতাকক অনুৰোধ কৰিলে,,,
- মা মা মোক এৰি নিদিবা মা,,, মই মৰি থাকিম অ' মা
- ঐ কুলক্ষনী আতৰি যা,,আৰু আমাৰ ঘৰত সুমাব চেষ্টা নকৰিবি |
তাই দেউতাকৰ ভৰিত ধৰি ল'লে |
- দেউতা তুমিওঁ বিশ্বাস নকৰানে ?মই ভুল কৰা নাই |তুমিটো মোক জন্ম দিছিলা তুমি কিয় বিশ্বাস নকৰা !
তাইৰ দেউতাকে জোৰকৈ ভৰিখন আতৰাই নি কলে,,,
- তোক ত্যাজ্যপুত্রী কৰিলো,,,,
সকলো ঘৰাঘৰী গ'লগৈ ! কত যাব তাই! নাই নাই তাই আজি আত্মাহত্যা কৰিব ( Assamese story )|
বিষাদৰ ধুমুহা বলিছে আজি
চৌদিশে উৰিছে
বিষাক্ত আৱীৰ,,,
হেৰাই গল মোৰ
জীৱন তৃষ্ণা,,,,,
- নিৰ্মালী বা,,,
ৰিদীপৰ মাতত তাই থমকি ৰল|
- মোক ক্ষমা কৰিবা নে ?
- ক্ষমা, তোমাক কিয় ক্ষমা কৰিব লাগে ৰিদীপ ?
- মোৰ কাৰনে আজি তোমাৰ এনে হব পালে,,,,,,
- এয়াই মোৰ ভাগ্য ৰিদীপ |
- কথা এটা কওঁ,,,
- উম , কব পাৰা,,,,
- গাওঁ খনেটো আমাক বদনাম দিলেই,,,
তুমি আৰু মই মিছাঁতে বদনামী হ'লোৱে ! আৰু এই দাগ চিৰদিনৰ বাবে থাকিব | গতিকে মিছাবোৰক সচাঁ কৰিব নোবাৰি নেকি ?
- কিন্তু ৰিদীপ,,,,
- কোনো কিন্তু নাই ব'লা আমি কৰবালৈ গুছি যাওঁ ! যত তুমি আৰু মই অকলে থাকিম,,
ৰিদীপ এজন ভাৰতীয় বাহিনীৰ জোৱান,সি চুটিত আছিলে | সি নিৰ্মালিৰ হাত খনত খামুছি ধৰিলে আৰু যাত্রা কৰিলে,,,
চকু যায় তোৰে চকুলৈ
মৰমতে ডুবি থাকিবলৈ
মন যায় মোৰ
ভালপাওঁ তোকে চিধাচিধি
কৈ দিবলৈ,,,,,
নিৰ্মালি আৰু ৰিদিপে মহানগৰীত আৰম্ভ কৰিলে সাংসাৰিক জীৱন | বয়সৰ ফালৰ পৰা নিৰ্মালি অকমান ডাঙৰ আছিল যদিওঁ ৰিদীপৰ এটা কথাত তাই ঘূৰি গ'ল | বদনাম যেতিয়া পোৱাই যায় তাক সত্য প্রমানিত কৰিয়ে দিব লাগে |
এখন সুখৰ সংসাৰ,,, ইজনে সিজনক কৰা মৰম, ভালপোৱা বোৰৰে আৰম্ভ হ'ল সিহতৰ এক নতুন প্রেম ! সিহতৰ জীৱনলৈ আহিল সপোন ! সিহতৰ মৰমৰ পুত্র | ৰিদীপ এতিয়া চাকৰিসূত্রে বাহিৰত, ঘৰত সপোন আৰু নিৰ্মালি |
- হেল্ল'
- উম কি কৰিছা,,,,
- সপোনৰ লগত শুই আছো
- তুমি ?
-মোৰটো জানাই,,দিন ৰাতি একোৱে নাই যেতিয়া তেতিয়াই যাব লাগে,,,,
- উম নিজৰ দেহটোৰ অকমান যত্ন ল'বা,,,
- উম হ'ব বাৰু ! আমাৰ সপোনে মোক পাপা বুলি মাতিব পৰা হ'ল নে ?
- তুমি আহাচোন ঘৰত গম পাবা নহয় !
- কিবা এটা দিয়া না ?
- ধেত, মোৰ লাজ লাগে,,,,
- দিয়া না,,,,
ঐ শুনাছোন মই দিউতিত যাব লাগে ফোনটো ৰাখিছো অৰ্ডাৰ আহিলে | যানাই নহয় ! বায়,,, তুমি শুবা,,,
নিৰ্মালিৰ বুকুখন হেচা মাৰি ধৰিলে | সি কিবা এটা বিছাৰিছিল কিয় ! নিদিলে বাৰু তাই,,, এতিয়া তাইৰ আপোনটো সি আৰু সপোনে ন ? আৰু এতিয়া তাইৰ জীৱনটো অকমান সুখ হৈছে ৰিদীপৰ বাবেহে ! তাই কথাবোৰ ভাবি ভাবি সপোনক সাৱতি শুই গ'ল |
ৰাতিপুৱাই তাইৰ ফোনটো বাজি উঠিল,,,
-হেল্ল'
- ফোনটোৰ সিফালৰ পৰা কোৱা কথা কেইটা তাই আৰু ধৰ্য্য ধৰি শুনি থাকিব নোবাৰিলে ,,,,
তাই সপোনক সাৱতি চিঞৰি চিঞৰি কান্দিব ধৰিলে | নিশা সন্ত্রাসবাদীৰ আক্রমনত ৰিদীপৰ মৃত্যু হ'ল | তাৰ মৃতদেহ লৈ আহিছে |
অভিমান কিয় কৰিলা
কিয় মৃত্যুৰ দলিছাত
শুলা,,,
কিয় দিলা বিষাদৰ যন্ত্রনা |
কফিনত ভৰাই ৰিদীপৰ মৃতদেহ লৈ অনা হ'ল | তাই বাউলি হৈ হেপাহ পলাই কান্দিব ধৰিলে| সপোনক সাৱতি তাই কান্দি কান্দি ভাগৰি পৰিল | ৰাজ্যিক মৰ্য্যদাৰে শেষ বিদায় জনোৱা হল |
নিৰ্মালি এতিয়া সপোনক লৈয়ে দিন কতাইছে
পিতৃহীন হ'ল সপোন | তাই ভাবিবলৈ বাধ্য হ'ল তাই চাগে কুলক্ষনী ! তাইৰ কাৰনে মাতৃৰ মৃত্যু হ'ল | আজি ৰিদীপ ও গুছি গ'ল |
এইবোৰ ভাবি তাই তোপনিত পৰিল |
- কি কৰিছা ?
- আছো দিয়া,,,
- মোক চাগে বেয়া পাইছা ন ? তোমাক অকলে এৰি থৈ আহিলো,,,,
- অকলে নহয় ৰিদীপ ! " হিয়াত দেখোন এপাহি গোলাপ " আছে,,,,,
- কাৰ কথা কৈছা,,,
- কিয় ! আমাৰ সপোন
- অ' আমাৰ গোলাপ পাহি মৰমত ৰাখিবা
সেইবুলি ৰিদীপে তাইক সাবতি ধৰিলে |
- ৰিদীপ বহু দিনৰ মুৰত তোমাৰ বুকুৰ মাজত শুৱ পৰা নাছিলো,,,,
- মইওঁ তোমাক সাৱতি ধৰিব পৰা নাছিলো,,,
- উম প্রান ভৰি ধৰা না,,,,
তাই সাৰ পাই হে গম পালে যে সেয়া সপোন আছিলে,,,তাইৰ হিয়া খন ভাগি গ'ল | তাইৰ চিঞৰি চিঞৰি কান্দিবৰ মন গ'ল |
তাই বিছনাৰ পৰা উঠি ৰিদীপৰ ফটো খন বুকুত সাবতি শুই থাকিল | তাক বকুৰ মাজত লৈ !
এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
- ৰিদীপ তুমি এবাৰ সপোন ক নোচোৱা নেকি ! আহা তোমাক সপোনে বিছাৰি থাকে নহয় | তাক এবাৰ মৰম কৰাহি,,, তুমি তাক এবাৰ ও কাষৰ পৰা নেদেখিলা ! আহা না এবাৰ,,,
তোমাৰ গোলাপ কলি চাবলৈ,,,,,
তাই জোৰকৈ সপোন ক সাৱতি শুই থাকিল |||
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment