বৰদেউতা নাই যেতিয়া বাগানৰ সমস্ত দায়িত্ব এতিয়া মোৰ হাতত থাকিব..., মোৰ যি ইচ্ছা তাকেই কৰিব পাৰিম...,( Assamese Story ) বৰমা জীয়াই থকালৈকে বা আৰু বৰমাক ভালদৰে চোৱাচিতা কৰিব লাগিব , বাৰ কাৰণেই মই এই সুবিধাকণ পালোঁ , কিন্তু সময় আৰু সুযোগ কাৰো বাবে ৰৈ নাথাকে , গতিকে মই ইয়াৰ সৎ ব্যৱহাৰ কৰিব লাগিব । মুখৰ ভিতৰতে ভুৰভোৰাই আছিল দীপুৱে । হাতত চাহৰ কাপটো লৈ উৰ্মি ওলাই আহিল চোতাললৈ...,
: .....কি ভাবিছ দীপু , অনি দুয়োটা দেখুন শিল পৰা কপৌতোৰ দৰে বহি আছা..? দীপু চাহ ল...
: ভিনদেউক চাহ নিদিয় নেকি....?
: তই অহাৰ অকণমান আগতে আমি চাহ খাই উঠিছোঁ ।
: বা , মই কথা এটা ভাবিছোঁ ...! তই আকৌ ভুল নুবুজিবি....!
: কি কথা ভাবিছ ....,
: মানে... বা বাগানৰ সকলো কাগজ পত্ৰ বৰদেউতাৰ নামতেই আছে , এতিয়া যিহেতু বৰদেউতা নাই গতিকে কিছুমান কাম কৰিবলৈ অসুবিধা হ'ব , সেয়ে তোৰ নামত বাগান দুখন তুলি ল....,
: মোৰ নামত তুলিলেও অসুবিধা নহ'ব জানো...! কেতিয়াবা মোৰ চহী প্ৰয়োজন হলে তোৰেই সমস্যা হ'ব..., গতিকে সকলো কাগজ পত্ৰ তোৰ নামতেই কৰি লবি...,
: উৰ্মিয়ে ঠিকেই কৈছে দীপু , সাধাৰণ চহী এটাৰ বাবেই উৰ্মিটো আহিবলগীয়া হ'লে বৰ ডাঙৰ কথা হ'ব....,
...... মইতো তাকেই বিচাৰিছোঁ ভিনদেউ , সকলো মোৰ হাতলৈ আহি যোৱাৰ পাছত ময়ো বৰদেউতাৰ দৰে ঘৰ গাড়ী সকলো গোটাব পাৰিম .... দীপুৱে মনৰ ভিতৰতে এখন কল্পনাৰ ৰাজ্যত বিচৰণ কৰিবলৈ ধৰিলে....
: তুমি একো নকলা যে দীপু...? অনিমেষে লাহেকৈ ক'লে..., দীপুৰ কথাবোৰত যেন অনিমেষৰ সন্দেহ উপজিল....,
: মইনো কি কম ...! আপোনালোকে যি ভাল দেখে...,
: উৰ্মি কিছুদিন বাগানখন দেউতাৰ নামতেই থাকক , বছেৰেকীয়াটো পাৰ হৈ নোযোৱালৈকে এইবোৰ কামত হাত নিদিওঁ..., বাগান দুখন দেউতাৰ বৰ মৰমৰ আছিল , গতিকে এতিয়াই এইবোৰ কৰিলে দেউতাৰ আত্মাই কষ্ট পাব...।
: বাগান দুখন সচাঁকৈ দেউতাৰ বৰ মৰমৰ আছিল । বৰ কষ্ট কৰি নিজৰ ল'ৰাৰ দৰে বাগান দুখনৰ যত্ন লৈছিল । দীপু তই বেয়া নাপাবি..., ভিনিহিয়েৰাই ঠিকেই কৈছে ....,
: মই বুজি পাইছোঁ বা ..., কিন্তু সময়ৰ কামবোৰ সময়ত কৰাটো ভাল ...। মই এতিয়া আহিছোঁ বা..., ভিনদেউ আপুনি বহক... কো কোৱাই ওলাই গ'ল দীপু..., উৰ্মিয়ে বেকাকৈ এবাৰ অনিৰ মুখলৈ চালে , জোনৰ পোহৰতো অনিৰ মুখত চিন্তাৰ ৰেখা স্পষ্টকৈ জিলিকি আছিল....
: ... অনি , তুমি হঠাৎ কিয় তেনেকৈ ক'লা...?
: আমি গাঁওলিয়া হলেও কিছুমান কথা মুখ খুলি নকলেও ভালকৈয়ে বুজি পাওঁ..., দীপুৰ কথাবোৰত মই কিবা এটা ৰহস্যৰ গোন্ধ পাইছিলোঁ ।
:...... কি...?
: তুমি লক্ষ্য কৰিছিলা নাই মই নাজানো..., মই কিন্তু তাক ভালদৰেই লক্ষ্য কৰিছিলোঁ । মাজে মাজে সি ভাবুক হৈ পৰিছিল...., সেয়ে মোৰ তাৰ কথাবোৰত সন্দেহ হৈছিল.....।
: তুমি ভবাৰ দৰে দীপু ইমান বেয়া ল'ৰা নহয় অনি.., মই তাক ভালদৰে বুজি পাওঁ...
: উৰ্মি..., তুমি হয়টো এটা কথা নাজানা সময় সলনি হোৱাৰ লগে লগেই মানুহৰ মন আৰু মানসিকতা সলনি হয়..., গতিকে দীপু সলনি হোৱাটো স্বাভাৱিক....। তুমিয়ে ভাবি চোৱাচোন...! হঠাৎ যেতিয়া মানুহৰ হাতলৈ বহুত টকা - সা সম্পত্তি আহি যায় তেতিয়া মানুহ বৰ বেয়াকৈ সলনি হয় । আপোন পৰ সকলো পাহৰি যায়...।
: মই একো ধৰিব পৰা নাই অনি.....,
: হ'ব এতিয়া সেইবোৰ বাদ দিয়া , তুমি ভাত ৰান্ধা গৈ যোৱা....
উৰ্মি ভিতৰলৈ সোমাই গ'ল...., অনি চোতালতে বহি দীপুৱে কোৱা কথাবোৰ ভাবি আছিল । তেনেতে আকৌ তাৰ ফোনটো বাজি উঠিল....., অনিৰ্বাণে ফোন কৰিছে.... হেল্ল' , দাদা
: তহঁত কেতিয়া আহিবি...,
: মই কালিলৈকে যাম , উৰ্মি দুদিনমান থাকিব..., কিয় সুধিলি ...? কিবা গণ্ডগোল হ'ল নেকি...?
: নাজানো আৰু দেই মাতাৰাণীৰ কি হৈছে..., আজি দিনৰ দিনটো বিচনাত পৰি কান্দি আছে..., ভাতো খোৱা নাই...,
: কিয়...? আকৌ কিবা নতুন নাটক ৰচনা কৰিছে নেকি.......!
: মই সেইবোৰ একো নাজানো , মাথোঁ উৰ্মি কেতিয়া আহিব মোক সুধি আছে ..., কিবা জৰুৰী কথা আছে বোলে...,
: কি জৰুৰী কথা ওলাল আকৌ উৰ্মিৰ লগত...., ইয়াত হাঁহি ফুৰ্টি কৰি কাম বন কৰি গৈছে , সেইবোৰ বদনাম নাগায় টো....!
: সেইটো কথা চিন্তা কৰিহে মোৰ ভয় লাগিছে , সেইবোৰ বদনাম গাবলৈ হ'লে উৰ্মিয়ে মনত বৰ কষ্ট পাব...,
: উৰ্মিয়েটো বৌক কাম কৰিবলৈ মানাই কৰিছিল , কিন্তু বৌয়ে স্বইচ্ছাই কামবোৰ কৰি আছিল ।
: বলিয়া মন নহয় জানো...., মানুহক দেখুৱাবলৈ কামবোৰ কৰিলে আৰু এতিয়া সেইবোৰ ভাবি চিন্তি উৰ্মিৰ লগত কাজিয়া কৰিবও পাৰে ।
: উম..., ঠিক আছে , মই উৰ্মিক ক'ম ফোন কৰিবলৈ...,
: শুন..., উৰ্মিক কথাবোৰ নকবি , নজনাৰ দৰেই তাইক কবি । এতিয়া ৰাখিছোঁ দে.. ধুনুৱে কান্দি আছে( Assamese Story ) ।
: হ'ব দে..., বৌয়ে কিবা বকি থাকিলেও মুখেৰে মাত নামাতিবি...,
ফোনটো কাটি দিলে অনিমেষে , অনিৰ্বাণৰ কথাবোৰে আকৌ চিন্তাত পেলালে অনিক , দুখৰ অৰণ্যত সুখৰ মৰিচিকা খেদি খেদি অনি যেন ভাগৰুৱা হৈ পৰিছে । ক্ষণিকৰ বাবে সুখৰ সপোন দেখুৱাই নিমিষতে যেন কাল ধুমুহাই থানবান কৰি পেলাইছে সকলো । জীৱন তেনেকুৱাই , সুখবোৰ ক্ষন্তেকীয়া আৰু দুখবোৰ জীৱনৰ লগৰীয়া । সুখৰ জানো কিবা সংজ্ঞা আছে....! বিশ্বৰ প্ৰতিজন মানুহেই সুখ বিচাৰি হাঁহাকাৰ কৰি ফুৰে...., কিন্তু দুখৰ মাজতো সুখ বিচাৰি জীৱনটো সুন্দৰকৈ আগবঢ়াই নিয়াজনেই জীৱন যুঁজৰ প্ৰকৃত যুঁজাৰু ....., কথাবোৰ ভাবি ভাবি অনিৰ মনটো খেলিমেলি লাগি গ'ল , চকীকেইখন বাৰাণ্ডালৈ ভৰাই , ভিতৰৰ পৰা তলাটো নি গেটখন বন্ধ কৰি থৈ অনি পাকঘৰ পালেগৈ....,
: উৰ্মি..., ভাত হ'লেই নেকি...?
: নাই হোৱা , তোমাৰ ভোক লাগিছে নেকি...?
: ভোক লগা নাই , এনেয়ে সুধিছো..., কিবা সহায় কৰিব লাগে যদি দিয়া...,
: পাচলি কেইটা কাটিবলৈ আছে , মই কাটি লম । তুমি মাৰ ওচৰলৈকে যোৱা....,
: নালাগে দিয়া উৰ্মি , দিনটো তুমি কাম কৰিয়েই আছে , পাচলি কেইটা ময়ে কাটি দিওঁ দিয়া ।
: ঠিক আছে লোৱা , উৰ্মিয়ে পাচলি কেইটা আগবঢ়াই দিলে অনিলৈ...,
: উৰ্মি..., বৌলৈ ফোন কৰিছিলা নেকি....!
: নাই কৰা.., কিয় অনি...?
: এনেই সুধিলোঁ আৰু..., তুমি বৌলৈ ফোন কৰি কথা পাতা , মই পাচলিখিনি কাটি বঢ়াই দিম ।
: ঠিক আছে..., মই এতিয়াই বৌলৈ ফোন কৰিম...,
হাতখন মোহাৰি উৰ্মি লাহেকৈ ভিতৰলৈ সোমাই গ'ল আৰু ফোনটো হাতত লৈ আগফালৰ বাৰাণ্ডালৈ ওলাই গ'ল...., দুই তিনিবাৰ ফোন কৰাৰ পাছতো মৃণালিনীয়ে ফোনটো ৰিচিভ নকৰিলে .....,হাতত ফোনটো লৈ উৰ্মি কিছুসময় বাৰাণ্ডাতে বহিলে..., তেনেতে উৰ্মিৰ ফোনটো বাজি উঠিল..... হেল্ল'.....! উৰ্মি , ফোন কৰিছিলা..., মই ধুনুক শোৱাই আছিলোঁ...., তুমি ফোন কৰা গমেই নাপালো....,
: মই ভাবিছিলোঁৱেই ধুনুক শুৱাই আছে বুলি...., ভাত ৰান্ধিলে নে নাই....?
: নাই , পাচলি কেইটা কাটি থৈ আহিছোঁ । ৰান্ধিম আৰু লাহে লাহে..., তুমি ৰান্ধিলা নে নাই....?
: মোৰ ভাত ডাইল হ'ল , পাচলিখনি বঢ়ায় থৈ আহিছোঁ ।
: .... তুমি ঘৰলৈ কেতিয়াকৈ আহিবা উৰ্মি..?
: মই কেইদিনমান থাকিম বৌ , অনি কালিলৈ ৰাতিপুৱাই যাব...,
: অ'...., তুমি পাৰিলে মাজতে এদিন আহিবা । তোমাক মোৰ কথা অলপ ক'বলৈ আছে...!
: কি কথা বৌ...., কওকচোন...
: এইবোৰ কথা ফোনত ক'ব নোৱাৰিম উৰ্মি , তুমি ঘৰলৈ আহিলে কম..., কথাবোৰ মই বহু আগতেই ক'ব লাগিছিল কিন্তু....... উচুপি উঠিল মৃণালিনী ।
: ... বৌ..., হেল্ল'...! বৌ...., কান্দিছে কিয়...?
: নিজকে বৰ দোষী দোষী লাগিছে উৰ্মি...., মোক তোমালোকে হয়টো কেতিয়াও ক্ষমা নকৰিবা..., গোটেই ঘৰখন মই থানবান কৰি পেলালোঁ....
: দুখ নকৰিব বৌ , মানুহ মাত্ৰেই ভুল হয় । আপুনি যে নিজৰ ভুলবোৰ উপলদ্ধি কৰিব পাৰিছে সেইটোহে ডাঙৰ কথা । আপুনি একো চিন্তা নকৰিব সকলো ঠিক হৈ যাব..., মই আছো নহয় ।
সময় সুবিধা মিলাই মই এদিন যাম । হৈ যোৱা কথাবোৰ চিন্তা কৰি আপুনি এতিয়া মন বেয়া কৰি নাথাকিব....,
: ঠিক আছে উৰ্মি..., মোৰ মনটো এতিয়াহে অলপ পাতল পাতল লাগিছে । ৰাখিছোঁ দিয়া ....,
ফোনটো কাটি দিলে মৃণালিনীয়ে , মৃণাৰ কথাবোৰ শুনি উৰ্মি বৰ আচৰিত হৈছিল..., কি কথা কবলৈ আছে....! যিবোৰ কথা মই নহলে ক'ব নোৱাৰে...? নিজকে দোষী দোষী লাগি আছে বুলি বৌয়ে কিয় ক'লে....? জয়শ্ৰী বৌয়ে কোৱা কথাবোৰকে মৃণা বৌয়ে সকলোৰে আগত ক'ব বিচাৰিছে নেকি....? যদি মৃণা বৌয়ে সঁচা কথাবোৰ কৈ দিয়ে... দাদাই বৌক আঁকোৱালি ল'ব নে....? দাদা বৌৰ সংসাৰখন আকৌ আঁউল নালাগিব নে....? কথাবোৰ ভাবি ভাবি উৰ্মিৰ দুচকুৰে বিষাদৰ চকুলো নিগৰি আহিল.........
ক্ৰমশঃ...
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment